অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পৰিৱেশ আৰু বেক্টেৰিয়াৰ এণ্টিবায়টিক প্ৰতিৰোধ :

পৰিৱেশ আৰু বেক্টেৰিয়াৰ এণ্টিবায়টিক প্ৰতিৰোধ :

 

এই পৰ্যন্ত ভাৰতত বেক্টেৰিয়াৰ এণ্টিবায়টিক প্ৰতিৰোধৰ ক্ষেত্ৰত দিয়া পৰামৰ্শ আছিল-জধে-মধে এণ্টিবায়টিক ব্যৱহাৰ নকৰিব, অৰ্থাৎ এণ্টিবায়টিকৰ বেহিচাপী ব্যৱহাৰেই ইয়াৰ প্ৰতি বেক্টেৰিয়াৰ প্ৰতিৰোধ সৃষ্টিৰ একমাত্ৰ কাৰক বুলি ভবা হৈছিল। কিন্তু সম্প্ৰতি গৱেষণাৰ পৰা জানিব পৰা গৈছে যে ঔষধ উৎপাদক কোম্পানীসমুহে কাৰখানাৰ পৰা পৰিৱেশত পেলাই পানীয়েও এণ্টিবায়টিক প্ৰতিৰোধ্যতাৰ সৃষ্টি কৰিব পাৰে। গতিকে কোম্পানীসমুহে এই ব্যৱস্থা নিয়ন্ত্ৰণ কৰিব লাগে। এই ব্যৱস্থাত পানী আৰু মাটি প্ৰদুষিত হয়। কাৰখানাৰ পেলনীয়া পানীত প্ৰচুৰ পৰিমাণে এণ্টিবায়টিক থাকে আৰু এই এণ্টিবায়টিকৰ বিৰুদ্ধে জলজ আৰু স্থলজ বেক্টেৰিয়াসমুহে প্ৰতিৰোধ্যতাৰ সৃষ্টি কৰে। পানী আৰু মাটিত প্ৰাকৃতিকভাৱে অজস্ৰ বেক্টেৰিয়া থাকে। কিন্তু তাৰে কমসংখ্যকেহে মানুহৰ শৰীৰত ৰোগ সৃষ্টি কৰে। তেনেহ’লে এই বেক্টেৰিয়াসমুহৰ এণ্টিবায়টিক প্ৰতিৰোধত ইমান গুৰুত্ব দিয়া হৈছে কিয়? ইয়াৰ কাৰণ হ’ল পৰিৱেশৰ বেক্টেৰিয়া আৰু মানৱ শৰীৰত প্ৰৱেশ কৰি ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ মাজত নিকট সম্পৰ্ক আছে। উদাহৰণস্বৰুপে নিউম’নিয়া সৃষ্টিকাৰী ক্লেবছিয়েলা নিউমনিয়ে (Klebsiella Pneumoniae) দুই ধৰণে এণ্টিবায়টিক প্ৰতিৰোধ্যতা সৃষ্টি কৰিব পাৰে। প্ৰথমটো হ’ল নিজৰ জিনৰ স্বত:স্ফুৰ্ত উৎপৰিৱৰ্তন (mutation)। এইটো দীঘলীয়া প্ৰক্ৰিয়া। কিয়নো উৎপৰিৱৰ্তনৰ দ্বাৰা অন্য বেক্টেৰিয়ালৈ প্ৰতিৰোধ্যতা বিয়পাই দিওঁতে যথেষ্ট সময় লাগে। দ্বিতীয় প্ৰক্ৰিয়াটো হ’ল আনুভুতিক (Horizontal) জিন অদল-বদল। অৰ্থাৎ কোনো এবিধ বেক্টেৰিয়াই অন্য বেক্টেৰিয়াৰ প্ৰতিৰোধী জিন সংগ্ৰহ কৰিব পাৰে। বিজ্ঞানীসকলে বিশ্বাস কৰে যে মানৱ শৰীৰৰ ভালেমান ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াই এণ্টিবায়টিক প্ৰতিৰোধ অৰ্জন কৰে পৰিৱেশত থকা এণ্টিবায়টিক-প্ৰতিৰোধী বেক্টেৰিয়াৰ পৰা । উদাহৰণস্বৰুপে ১৯৮০ দশকত জাৰ্মান কোম্পানী বেয়াৰে (Boyer) উৎপাদন কৰা চিপ্ৰ’ফ্লক্সচিন (Ciprofloxacin) নামৰ এণ্টিবায়টিকবিধৰ কথা ক’ব পাৰি। এই এণ্টিবায়টিক কুইন’ল’ন (Quinolone) শ্ৰেণীৰ আৰু ইহঁতে গ্ৰামৰঞ্জক নঞাত্মক (Gram negative) বেক্টেৰিয়া ধ্বংস কৰিব আপ্ৰে। চিপ্ৰ’ফ্লক্সচিনৰ বিৰুদ্ধে বেক্টেৰিয়াৰ প্ৰতিৰোধ্যতা সৃষ্টি প্ৰক্ৰিয়া দীৰ্ঘম্যাদী। এনে প্ৰতিৰোধ্যতা সৃষ্টি কৰিবলৈ বেক্টেৰিয়াৰ জিনৰ বহুবাৰ উৎপৰিৱৰ্তন হ’ব লাগিব। গতিকে এই ঔষধৰ বিৰুদ্ধে প্ৰতিৰোধ্যতা সৃষ্টি সহজ নহয়। বিজ্ঞানীসকলে সম্ভৱপৰ নহ’ব বুলিয়েই ভাবিছিল। কিন্তু এটা দশকৰ ভিতৰতে বিশ্বব্যাপী চিপ্ৰ’ফ্লক্সচিনৰ বিৰুদ্ধে প্ৰতিৰোধ্যতাৰ সৃষ্টি হয়। বিজ্ঞানীসকলে গৱেষণা কৰি জানিব পাৰিলে যে ক্লেবছিয়েলা নিউমনিৰ লেখীয়া বেক্টেৰিয়াই আনুভুমিক জিন অদল-বদলৰ (Transfer) জৰিয়তে এণ্টিবায়টিক-প্ৰতিৰোধ্যতা সৃষ্টি কৰিব পাৰে। এই বেক্টেৰিয়াই পৰিৱেশৰ বেক্টেৰিয়াৰ পৰা কিউ এন আৰ এ (QNRA) জিন সংগ্ৰহ কৰিব পাৰে চিপ্ৰ’ফ্লক্সচিনৰ বিৰুদ্ধে প্ৰতিৰোধ্যতা সৃষ্টি কৰিব পাৰে। পৰিৱেশত থকা এই বেক্টেৰিয়াবিধ হ’ল সাগৰৰ পানীত থকা শ্বেয়ানেলা এলগী (Shewanella algae)। একেধৰণে একবিংশ শতিকাৰ আগছোৱাতে চেফাল’স্পৰিন (Cephalosporin) ঔষধৰ বিৰুদ্ধে প্ৰতিৰোধ্যতাৰ সৃষ্টি হয় স্থলজ বেক্টেৰিয়া ক্লইভেৰাৰ (Kluyvera) পৰা আনুভুমিক জিন অদল-বদল প্ৰক্ৰিয়াৰ দ্বাৰা।

দেখা গ’ল যে পৰিৱেশ জলজ আৰু স্থলজ এণ্টিবায়টিক প্ৰতিৰোধী জিনৰ ভঁৰাল। এই জিন মানৱ শৰীৰত ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়ালৈ পৰিৱৰ্তন হ’ব পাৰে। বংশবৃত্তীয় অধ্যয়নৰ দ্বাৰা জানিব পৰা গৈছে যে পৰিৱেশত কেইবা নিযুত বছৰ আগৰ পৰাই এণ্টিবায়টিক-প্ৰতিৰোধী জিনৰ অস্তিত্ব আছে। কিন্তু ১৯৬০ ৰ দশকত এণ্টিবায়টিক উৎপাদন আৰম্ভ হোৱাৰ পাছত পৰিৱেশৰ নাটকীয় পৰিৱৰ্তন হয়। পৰিৱেশলৈ ঔষধ কোম্পানীৰ এণ্টিবায়টিকযুক্ত পেলনীয়া পানী চিকিৎসালয়ৰ পেলনীয়া পানী, হাঁহ-কুকুৰা তথা মানৱ বিষ্ঠাৰ জৰিয়তে বিৰাট পৰিমাণৰ এণ্টিবায়টিকত প্ৰৱেশ ঘটে। ইয়াৰ ফলত জলজ আৰু স্থলজ বেক্টেৰিয়াৰ শৰীৰত এণ্টিবায়টিক প্ৰতিৰোধী জিনৰ আকস্মিক বৃদ্ধি হয়। এই বৃদ্ধিয়ে মানৱ শৰীৰৰ ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ এণ্টিবায়তিক প্ৰতিৰোধ্যতা সৃষ্টিত ব্যাপকভাৱে অৰিহণা যোগায়।

লেখক: ডা: জীৱন দত্ত বৰুৱা (দৈনিক জনমভুমি)

শেহতীয়া উন্নীতকৰণ: : 10/12/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate