অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পৰ্যাপ্ত পুষ্টিকৰ আহাৰে দিব পাৰে স্বাস্থ্যোজ্জ্বল চুলি

পৰ্যাপ্ত পুষ্টিকৰ আহাৰে দিব পাৰে স্বাস্থ্যোজ্জ্বল চুলি

একোছা সুন্দৰ আৰু সবল চুলিৰ বাবে প্ৰয়োজন হয় পৰ্যাপ্ত পৰিমাণৰ পুষ্টি আৰু এই পুষ্টি যোগান ধৰে আপোনাৰ খাদ্যভ্যাসে। গতিকে চুলি সুন্দৰ, উজ্জ্ব্ল কৰি তুলিবলৈ দৈনিক খাদ্যৰ তালিকাখনতো অলপ মন দিয়ক। প্ৰাকৃতিক উপাদানেৰে ভৰপূৰ ভিটামিনযুক্ত খাদ্য খোৱাটো চুলিৰ বাবে যথেষ্ট উপকাৰী। এনে ক্ষেত্ৰত প্ৰচুৰ পৰিমাণে পানী সেৱনৰ উপৰি যিমান পাৰে ফল-মূলজাতীয় খাদ্য খোৱা দৰকাৰী। জাংক ফুড, ফাষ্ট ফুড, অধিক তেলজাতীয় খাদ্য এৰাই চলক। খাদ্য তালিকাত গাখীৰ ৰখাৰ অভ্যাস কৰক। পাৰিলে গাখীৰৰ লগত হালধি মিহলাই খাই চাবচোন, যথেষ্ট সুফল পোৱা যাব। চুলি স্বাস্থ্যৱান হৈ উঠিব। অধিক ভজা-পোৰা, মছলাযুক্ত খাদ্য খোৱাৰ ফলত স্বাস্থ্য বিঘ্নিত হোৱাৰ লগতে চুলিৰো যথেষ্ট পৰিমাণে ক্ষতি কৰে। এনেক্ষেত্ৰ্ত এটা সামঞ্জস্য বজাই প্ৰাকৃতিক উপকৰণেৰে তৈয়াৰী খাদ্য খোৱাৰ অভ্যাস কৰক। ইয়াৰ সমান্তৰালকৈ সু-স্বাস্থ্যৰ অধিকাৰী হ’বলৈ আপোনাৰ জীৱনশৈলীলৈও কিছু পৰিৱৰ্তন কঢ়িয়াই আনক। পুৱা-গধূলি নিয়মিত খোজ কঢ়াৰ লগতে দৈনিক পৰ্যাপ্ত টোপনি যোৱাৰ বাবে চেষ্টা কৰক। কাৰণ সুস্বাস্থ্যৰ বাবে পৰ্যাপ্ত টোপনিৰ আৱশ্যক হয়। এনেবোৰ দিশতো চুলিকোছাৰ সুন্দৰতা নিৰ্ভৰ কৰে। হয়, এইটো গুৰুত্বপূৰ্ণ যে চুলিৰ ষ্টাইল কৰাটো প্ৰয়োজন, কিন্ত ইয়াৰ সমান্তৰালকৈ চুলিৰ উপযুক্ত যতন লোৱাটো অতি দৰকাৰী। চুলিত নিয়মিত তেল ঘঁহিলে ভাল। চুলিৰ যত্ন ল’বলৈ হ’লে আপোনাৰ চুলিৰ গঠন, প্ৰকাৰ অনুযায়ীহে চুলিৰ যতন ল’ব। এই বিষয়ত মনত কিবা সন্দেহ থাকিলে চুলি বিশেষজ্ঞৰ সৈতে আলোচনা কৰি ল’ব। ভাৰতীয় লোকসকলৰ চুলিৰ বাবে মিঠাতেল অতি উত্তম। যি কি নহওক, চুলিৰ সুন্দৰতা অটুট থাকিবলৈ সদায় চুলি পৰিষ্কাৰ কৰি ৰখা উচিত। নিয়মিত শ্বেম্পুৰে চুলি ধোৱাৰ লগতে হাৰ্বেল হেয়াৰ  পেক ব্যৱহাৰ কৰিব পাৰিব।

লিখক: জাৱেদ হাবিব

শেহতীয়া উন্নীতকৰণ: : 5/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate