অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ফল-মূল পকোৱাত কেলচিয়াম কৰ্বাইডৰ ব্যৱহাৰ

ফল-মূল পকোৱাত কেলচিয়াম কৰ্বাইডৰ ব্যৱহাৰ

এক কেজি কাৰ্বাইডৰ মূল্য ৩০-৩৫ টকা। কিন্তু এইবিধ ৰাসায়নিক পদাৰ্থ ইমানেই বিষাক্ত যে এক কেজিৰে প্ৰায় তিনিশ মোন ফল সহজে পকাব পাৰি। অপৈণত কেঁচা ফল সস্তা দৰত কিনি ফল ব্যৱসায়ীসকলে কিমান মুনাফা লুটিছে, আনহাতে সৰ্বসাধাৰণ ৰাইজৰ স্বাস্থ্যৰ কিমান হানি কৰিছে তাৰ ভূ-ৰাখোতা কোনো নাই বুলিলে বঢ়াই কোৱা নহ’ব। এনে বিষাক্ত ৰাসায়নিক পদাৰ্থৰ আওপকীয়াকৈ ব্যৱহাৰ কৰাৰ ফলত নিজে গম নোপোৱাকৈ বৃক্ক, হাওঁফাওঁ, হৃদপিণ্ডত ভীষণ ক্ষতিসাধন কৰে। গ্ৰহণী, তেজগ্ৰহণী, নানাধৰণৰ ছালৰ বেমাৰৰ সূচনা কৰে। সেয়েহে সৰ্বসাধাৰণ ৰাইজে এনে বিষাক্ত ফলসমূহ ব্যৱহাৰৰ ক্ষেত্ৰত সাবধান হোৱাটো একান্ত বাঞ্চনীয়। সুস্বাদু ফলৰ নামত বিহ সেৱন কৰাটোৰ কেতিয়া অন্ত পৰে তাৰ কোনো নিশ্চয়তা নাই। ই নিৰ্ঘাত সত্য যে কেলচিয়াম কাৰ্বাইড এক নীৰৱ ঘাতক। ‘শ্ল’ পইজন’। ইয়াৰ প্ৰতিক্ৰিয়া আৰ্ছেনিকৰ দৰে। ৰাসায়নিক প্ৰক্ৰিয়াৰে—

কেলচিয়াম কাৰ্বাইড+ পানী—এচিটাইলিন+কেলচিয়াম হাইড্ৰ্ক্সইড।

এচিটাইলিন+অক্সিজেন---কাৰ্বনডাই অক্সাইড + পানী।

‘এচিটাইলিনে’ দুই প্ৰকাৰে ‘প্ৰদূষণ’ ঘটাব পাৰে। এচিটাইলিন স্বকীয়ভাৱে প্ৰদূষক। আনহাতে ই অক্সিজেনৰ সৈতে মিলিত হৈ জলবায়ুত সৰহ পৰিমাণে কাৰ্বনডাই অক্সাইড বা এঙাৰ গেছৰ সৃষ্টি কৰে। জনস্ংখ্যাৰ বৃদ্ধিৰ ফলত বসতি অঞ্চল বৃদ্ধি পোৱাত, গছ-গছনি কমি যোৱাৰ বাবে বায়ুত এঙাৰ গেছৰ পৰিমাণ বৃদ্ধি পায়। কিয়নো গছ-গছনিয়ে এঙাৰ গেছ গ্ৰহণ কৰি অক্সিজেন বা অম্লজান নি:সৃত কৰে। সৰহ পৰিমাণৰ এঙাৰ গেছ বায়ুত থকা অক্সিজেন বা অম্লজানৰ সৈতে মিলিত হৈ কাৰ্বন মনোক্সাইডৰ সৃষ্টি হয়। কাৰ্বন মনোক্সাইড শৰীৰৰ বাবে ক্ষতিকাৰক। মাত্ৰাধিক কাৰ্বন মনোক্সাইডে মৃত্যু ঘটাব পাৰে। পাশ্চত্যৰ দেশসমূহত কেলচিয়াম কাৰ্বাইড ফল পকোৱাত ব্যৱহাৰ নহয়। তেনেবোৰ দেশৰ ফল পকোৱা পদ্ধতি সম্পূৰ্ণ বিজ্ঞান সন্মত। ফল পকোৱৰ বাবে কেতবোৰ সহজ পদ্ধতি হ’ল সোণাৰু গছৰ পাত, চজিনাপাত। পিয়াজ পিহি কল থোকৰ ডিলাত ২৫ গ্ৰাম পৰিমাণৰ সুমুৱাই থ’লে পিয়াঁজৰ ঔষধি গুণৰ বাবে কল পকে। আমৰ পাচিত ২৫ গ্ৰামমান পিহা পিয়াঁজ মুকলিকৈ থ’লে সকলো আম পকিব। এক কেজি পি্যাঁজেৰে প্ৰায় ৩০০ মোন ফল সহজে পকাব পাৰি। এনে ক্ষেত্ৰত খৰচ হ’ব মাথোঁ ২৫/৩০ টকা। মনত ৰখা উচিত সুস্বাদু ফল স্বাস্থ্যৰ বাবে বৰ উপকাৰী। কিন্তু ৰাসায়নিক দ্ৰব্যৰে পকোৱা ফল স্বাস্থ্যৰ  বাবে বৰ অপকাৰী। ফল পকোৱাত ব্যৱহাৰ হৈ থকা ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ ৰুধিবলৈ স্বাস্থ্য বিভাগ, প্ৰদুষণ বিভাগ, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য মিছন, স্বাস্থ্য পৰিদৰ্শক, বিভিন্ন বেচৰকাৰী স্বাস্থ্য স্ংস্থা, সাংবাদিক, সমাজ সচেতন ব্যক্তি থকা সত্বেও কেলচিয়াম কাৰ্বাইড ব্যৱহাৰ হৈ থকাটো সচাকৈয়ে উদ্বেগজনক। পি এফ এ অৰ্থাত প্ৰহিবিচন অব ফ্ৰুইট এক্ট ৰুল ৪৪(এ) (PFA Rule 44(A)২০০৫ চনত প্ৰযোয্য হোৱা আইনে দোষণীয়ভাৱে ফল পকোৱা ব্যৱসায়ীক ছমাহ কাৰাবাস আৰু ১০০০ টকা জৰিমনা বিহাৰ আইনী ব্যৱস্থা বাহাল আছে। কিন্তু ‘মেকুৰীৰ ডিঙিত টিলিঙা আঁৰিব কোনে? এনে সন্ধিক্ষণত জনসাধাৰণ সজাগ হোৱাটো বাঞ্চনীয়। পৰাপক্ষত ৰাসায়নিক দ্ৰব্যৰে পকোৱা ফল-মূল নোখোৱাটো উচিত। অসমত বাৰটা মাহতেই কলৰ ব্যৱহাৰ হয়। নাম সবাহ, পূজা, তিথি, শ্ৰাদ্ধ, বিবাহ আদি কাৰ্যত কলৰ ব্যৱহাৰ অপৰিহাৰ্য। এনেবোৰ কামত কেঁচা কল বজাৰৰ পৰা থোক হিচাপে কিনি ঘৰতে পকোৱাৰ সহজ পদ্ধতি ল’লে স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো প্ৰতীয়মান হ’ব। অন্যথা বৰ্তমান অৱস্থা চলি থাকিবলৈ হ’লে সৰ্বসাধাৰণৰ স্বাস্থ্যৰ ক্ষতি হোৱাটো খাটাং।

কৃপাসিন্ধু অধিকাৰী, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 6/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate