ফাগুন মাহত বিভিন্ন ধৰণৰ উৎসৱ-পাৰ্বণ হৈ থাকে। ইয়াৰ ভিতৰত ফাকুৱা বা হোলী এটা। খ্ৰীঃ পূঃ ৩০০০ বছৰৰ আগেয়ে মহেঞ্জোদাৰো আৰু হৰপ্পা যুগতে ৰং-বিৰঙৰ কাপোৰৰ প্ৰচলন আৰম্ভ হৈছিল বুলি ধাৰণা কৰা হয়। আৰু ঠিক সেই সময়ৰ পৰাই ৰং-বিৰঙৰ সামগ্ৰীৰ প্ৰতি মানুহৰ আগ্ৰহ জন্মিছিল বুলি ক’ব পাৰি। ৰঙৰ উৎসৱ ফাকুৱাত ব্যৱহৃত ৰং আছিল প্ৰকৃতিৰ পৰা আহৰণ কৰা ঔষধি গুণসম্পন্ন। পলাশ ফুল, জেতুকা, বেলফুল, হালধি, কুমকুম আদিৰ পৰা ৰং আহৰণ কৰি, তাৰ লগত চূণ জাতীয় খাৰ মিহলাই ৰং প্ৰস্তুত কৰা হৈছিল। ইয়াৰ উপৰি বিবিধ ফুল, ফুলৰ পাহি, গুটি, আলু আদিৰ পৰা ৰং প্ৰস্তুত কৰা হৈছিল – যিবোৰে শৰীৰৰ ক্ষতি সাধন নকৰে, এনেধৰণৰ ৰঙৰ গুৰিকে আবিৰ বোলা হয়। ক্ৰমে ক্ৰমে কেঁচামালৰ নাটনি, সহজে পোৱা ৰঙৰ প্ৰতি আকৰ্ষণ, কম ব্যয় আৰু কৃত্ৰিমতাৰ প্ৰলোভনত পৰি প্ৰাকৃতিক ৰঙৰ ঔষধি গুণৰ কথা আজিৰ মানুহে পাহৰিলে।
লণ্ডনৰ ৰয়েল কলেজৰ ওঠৰ বছৰীয়া ছাত্ৰ উইলিয়াম হেনৰি পাৰকিনে পোনপ্ৰথমবাৰৰ ভল্টাৰৰ পৰা ৰাসায়নিক ৰং প্ৰস্তুত কৰিছিল। ফাকুৱাত ব্যৱহাৰ কৰা কেইবিধমান ৰাসায়নিক ৰং হৈছে – তাৰামাইন, মেলাচাইট গ্ৰীন, ৰডামাইন, মিথিলিন ব্লু, মিথাইল ভায়’লেট ইত্যাদি। তদুপৰি ইয়াৰ লগত বিবিধ ৰং মিহলি কৰা হয়। মূল ৰঙৰ লগত চক, শ্বেতসাৰ, ডলমাইট, মিহি মাটি, মিহি বালি আদি মিশ্ৰণ কৰা হয়। ৰং জিলিকিবলৈ শৰীৰৰ অপকাৰী মাইকা ব্যৱহাৰ কৰা হয়। মূল ৰঙৰ বাবে মাৰকিউৰিক অক্সাইড, মাৰকিউৰিক ছালফাইড, সেউজীয়াৰ বাবে কপাৰ ছালফেট, গুলপীয়াৰ বাবে ৰডামাইন, বেঙুনীয়াৰ বাবে ক্ৰমিয়াম আয়’ডাইড আদি ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়। অসাধু ব্যৱসায়ীৰ দ্বাৰা উৎপাদিত ৰঞ্জক আৰু ৰাসায়নিক বিবিধ ধাতৱ কণিকা মিশ্ৰিত এনে ফাকুৱাই শৰীৰৰ অনিষ্ট সাধন কৰে। শৰীৰৰ বৃহৎ বাহ্যিক অংশ, যেনে – চৰ্ম বা ছাল, নখ, চুলি, চকুত ইয়াৰ বিৰূপ প্ৰভাৱ পৰে।
এনে ৰাসায়নিক মিশ্ৰিত ফাকুৱাৰ পৰা ৬০ শতাংশ লোক খজুৱতিত ভোগে। ইয়াৰ উপৰি ছালৰ ৰুক্ষতা, ৰঙা পৰা, ঘাঁ লগা ইত্যাদি হয়। ছালৰ একজেমাৰ, যেনে – ছাল এৰাই যোৱা, ছালৰ পৰা পনীয়া বা বিজলুৱা দ্ৰব্য নিগৰি ওলোৱা, সৰু সৰু ঘাঁ বা আঘাতৰ সৃষ্টি কৰা আৰু তাত বেক্টেৰিয়া বা ভেঁকুৰৰ সংক্ৰমণ ঘটি ঘাঁ বহল কৰা দেখা যায়। মুখণ্ডলত শালমইনাৰ প্ৰকোপ বৃদ্ধি পায় আৰু এট’পিক ডাৰমাটাইটিছ হোৱা দেখা যায়। আনহাতে মেলান’চাইট কোষ অকামিলা কৰি কেমিকেল লিউক’ডাৰ্মা (বগা দাগ) সৃষ্টি কৰিব পাৰে। সেইদৰে ইয়াৰ বিৰূপ প্ৰতিক্ৰয়াৰ ফলত ফটো কনটেক্ট ডাৰমাটাইটিছৰ বাবে ছাল ক’লা বা মুগা বৰণৰ হ’ব পাৰে। ৰাসায়নিক পদাৰ্থৰ বিৰূপতাৰ বাবে ছালৰ সৰ্বাধিক ক্ষতি হয়।
বহুজনৰ আকৌ চুলিত ফাকুৱা সনাৰ নিয়ম। ফাকুৱাৰ ৰঙে চুলিৰ স্বাভাৱিক ৰং বিনষ্ট কৰি চুলিক দুৰ্বল কৰি তোলে। ফলত অনায়াসে চুলি সৰা, চুলি ফটা আদি ৰোগৰ সৃষ্টি হয়। চুলিৰ গুৰিত ৰং সোমাই থাকিলে চুলিৰ স্বাভাৱিকতা একেবাৰে নষ্ট কৰে।
ফাকুৱাৰ ৰঙৰ এলাৰ্জিৰ বাবে চকু ফুলি উঠা, চকুৰ ওপৰৰ বা তলৰ পতা আৰু দাঁতিকাষৰীয়া ঠাইত ফুলি উঠা আৰু ঘাঁ হোৱা পৰ্যন্ত দেখা যায়। কেতিয়াবা অসাৱধনাতাৰ ফলত চকুত ফাকুৱা সোমালে চকু নষ্ট হোৱা দেখা যায়।
নখৰ গুৰিত ফাকুৱা জমা হৈ থাকিলে নখৰ ভিন ভিন ৰোগ হোৱা দেখা যায়। এই সময়ত পেৰনাইকিয়াৰ লক্ষণ, যেনে – নখৰ গুৰি ফুলি উঠা, ৰঙা পৰা, বিষ হোৱা, পূঁজ ওলোৱা আদি হোৱা দেখা যায়।
শেহতীয়া উন্নীতকৰণ: : 6/26/2020
অসমীয়া সংস্কৃতিত গামোচাৰ প্ৰভাৱ
পৰিৱেশ সংৰক্ষণ
জৈৱিক কৃষিৰ জয়যাত্ৰা
জৰায়ুৰ টিউমাৰ আৰু প্ৰজনন ক্ষমতাত ইয়াৰ প্ৰভাৱ