অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ফিজিঅ’থেৰাপীৰ প্ৰয়োজনীয়তা

ফিজিঅ’থেৰাপীৰ এনে এটা শব্দ-যাৰ অৰ্থ হৈছে ‘শাৰীৰিক চিকিৎসা’-

এইটো চিকিৎসা বিজ্ঞানৰ এনে এটা বিভাগ,যিটো প্ৰতিটো বিভাগৰ সৈতে জড়িত,যেনে অৰ্থপেডিকছ,নিউৰ’লজী,শিশু ৰোগ,বয়সস্থসকলৰ ৰোগ,কাৰ্ডিঅ’থৰ’চিক ইত্যাদি।

আজিকালিৰ ব্যস্ত জীৱনত মানুহৰ যি ধৰণৰ জীৱনশৈলী হৈ পৰিছে,সেই জীৱনধাৰাৰ লগত খাপ খাই চলিবলৈ যাওঁতে নিজৰ বাবে সময় নোহোৱা হৈ পৰিছে।যাৰ ফলত শাৰীৰিক ব্যায়াম কমি গৈছে,যিয়ে মানুহৰ শাৰীৰিকভাৱে ক্ষতিসাধন কৰিছে।ফলত বিভিন্ন ধৰণৰ ৰোগ,যেনে-শাৰীৰিক সমস্যা,কঁকালৰ বিষ,গলধনৰ বিষ,আঁঠুৰ বিষ,ওজন বৃদ্ধি আদি দেখা দিয়ে।

ওজন বৃদ্ধিৰ বাবেও কিছু ৰোগ,যেনে-উচ্চ ৰক্তচাপ,মধুমেহ ইত্যাদি দেখা দিয়াৰ ফলত ষ্ট্ৰ’কৰ সংখ্যা বৃদ্ধি হোৱা দেখা গৈছে।এনে ৰোগীৰ শৰীৰৰ আধা অংশ দুৰ্বল হৈ পৰাৰ লগতে খোজ কঢ়া আৰু দৈনন্দিন কাম কৰাত অসুবিধাৰ সৃষ্টি হয়।এই সকলোবিলাক কষ্টৰ সমাধান হৈছে ফিজিঅ’থেৰাপী।লগতে আন বহু ধৰণৰ স্নায়ুৰোগ,যেনে-পাৰকিনচন,মেৰুদণ্ডৰ আঘাত,Cord injury,Multiple sclerosis ইত্যাদি ৰোগত ফিজিঅ’থেৰাপীৰ বিশেষ ভুমিকা আছে।

বয়সজনিত ৰোগ কিছুমানত বা মহিলা সম্বন্ধীয় কিছু ৰোগৰ সমাধান  ফিজিঅ’থেৰাপীত আছে-

ফিজিঅ’থেৰাপীয়ে মানুহক এটা নতুন জীৱন দান কৰাৰ লগতে জীয়াই থকা কালছোৱাত আত্মনিৰ্ভৰশীল হ’বলৈ হাত আগবঢ়াই দিয়ে।

ডি পি আৰ চি এটা এনে অনুষ্ঠান-যি আজি আমাৰ সমাজত ফিজিঅ’থেৰাপী আৰু পুনৰ সংস্থাপক বহুত আগলৈ লৈ গৈছে।ইয়াত দুটা বিভাগ আছে-ডি পি আৰ চি আৰু ডি চি আৰ এছ।

ডি পি আৰ চিয়ে মুখ্য ৰুপত Adult con-ditions or diseases বোৰ চিকিৎসা কৰে আৰু ডি চি আৰ এছত বিশেষভাৱে সক্ষম শিশুসকলৰ চিকিৎসা হয়।

ইয়াত বিশেষ কিছুমান ৰোগ,যেনে-স্নায়ুৰ আঘাত আদি ৰোগৰ সঠিক মুল্যায়ন কৰাৰ লগতে লাগতিয়াল ব্যায়াম আৰু ইলেকট্ৰ’থেৰাপীৰ সহায়েৰে এটা স্বাভাৱিক জীৱন যাপন কৰিবৰ বাবে সহায়ক কৰা যায়।

ডি চি আৰ এছ,চমুকৈ Child rehabilitation Services ত আমাৰ এটা সুন্দৰ কৰ্মদক্ষ আৰু অভিজ্ঞ দল আছে,য’ত অকুপেচনেল থেৰাপী,ফিজিঅ’থেৰাপিষ্ট,স্পেচিয়েল এডুকেটৰ আৰু স্পীচ থেৰাপিষ্টে নিস্বাৰ্থভাৱে বিশেষভাৱে সক্ষম শিশুসকলক এটা আত্মনিৰ্ভৰশীল জীৱন প্ৰদান কৰাত সহায় কৰে।

ডি পি আৰ চিয়ে বছৰৰ বিভিন্ন সময়ত বিভিন্ন অঞ্চলত কেম্পৰ জৰিয়তে মানুহৰ মাজত সচেতনতা অনাৰ লগতে বিভিন্ন পৰামৰ্শ আৰু চিকিৎসা আগবঢ়াই আহিছে,লগতে চেণ্টাৰত ন্যুনতম হাৰত উন্নত মানৰ চিকিৎসা আগবঢ়াই অহা হৈছে।

ডি পি আৰ চিয়ে প্ৰতিমাহত দুজনকৈ ৰোগীক বিনামুলীয়া চিকিৎসা প্ৰদান কৰাৰ লগতে নিৰ্দিষ্ট এটা পৰিসৰৰ ভিতৰত বিনামুলীয়া গাড়ীৰ সেৱা প্ৰদান কৰিছে।

এটি সুস্বাস্থ্যই এটি সুন্দৰ ভৱিষ্যৎ কঢ়িয়ায় আৰু ফিজিঅ’থেৰাপীয়ে এটা সুন্দৰ জীৱন দিয়াৰ লগতে এই জীৱনটোক আৰু কিছু সুন্দৰ মুহৰ্তও উপহাৰ দিয়ে।

সুস্বাস্থ্যই সুন্দৰ মন জন্ম দিয়াৰ লগতে এখন সুন্দৰ সমাজ গঢ়াত সহায় কৰে।

‘Medicines gives life and physiotherapy add years to the life.”

লেখক:ডা: পল্লৱী গোস্বামী (জি এন আৰচি )

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate