অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ফুড এলাৰ্জি

ফুড এলাৰ্জি

আজিকালি বহু লোকক ফুড এলাৰ্জিত আক্ৰান্ত হোৱা দেখিবলৈ পোৱা যায়। চেন্টাৰ ফৰ ডিজিজ কণ্ট্ৰোল এণ্ড প্রিভেনছনৰ মতে ৪ৰ পৰা ৬ শতাংশ শিশু আৰু ৪ শতাংশ বয়োজ্যেষ্ঠ লোক ফুড এলাৰ্জিত আক্রান্ত হোৱা দেখিবলৈ পোৱা যায়। বিশেষ কেইবিধমান খাদ্যৰ ৰোগ প্রতিৰোধ ক্ষমতা একেবাৰে কম। আৰু এইকেইবিধ খাদ্য খালে আমাৰ শৰীৰৰ বিভিন্ন অংগ খজুৱাবলৈ ধৰে ৰঙা পৰে আৰু কেতিয়াবা আকৌ ফুলি যোৱাৰ দৰে সমস্যাই দেখা দিয়ে আৰু ইয়াকে ফুড এলাৰ্জিত আক্ৰান্ত বুলি কোৱা হয়। ফুড এলাৰ্জিত আক্ৰান্ত হ’লে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। তদুপৰি কিছুমান ঘৰুৱা উপায়েৰেও ফুড এলাৰ্জিৰ পৰা পৰিত্ৰাণ পাব পাৰি। এনে কেইটিমান ঘৰুৱা দিহা আজিৰ আলোচনাৰ বিষয়।

আদাত থকা এন্টি ইনফ্লেমেটৰি, এন্টি অক্সিডেন্ট তথা এন্টি বেক্টেৰিয়েল উপাদানে হজমৰ সমস্যা দূৰ কৰে। লগতে চিটচিটনি, জ্বলা পূৰা আদি সমস্যা ৰোধ কৰে। দিনটোত দুই তিনি কাপ পর্যন্ত আদাৰ চাহ পান কৰিব পাৰিলে ভাল। দুই-তিনি কাপ পানীত কেইটুকুৰামান আদা কাটি দহ মিনিটমান উতলাব লাগে। সেই পানীও এচামুচ মৌ মিহলাই কুহুমীয়া কৰি খালে হজম শক্তি বৃদ্ধি পায়।

এগিলাচ গৰম পানীত এচামুচ আপেল চাইডাৰ ভিনেগাৰ, এচামুচ মৌ আৰু এফাল নেমুৰ ৰস মিহলাই দিনটোত দুই-তিনিবাৰ পান কৰিব লাগে। আপেল চাইডাৰ ভিনেগাৰ এন্টিহিষ্টামিনযুক্ত তথা ইয়াত থকা অন্যান্য উপাদানে বিভিন্ন ফুড এলাৰ্জিৰ পৰা উপশম ঘটায়।

যিবোৰ খাদ্য খালে এলাৰ্জি হোৱাৰ সম্ভাৱনা থাকে তেনে খাদ্য এৰি চলিবলৈ যত্ন কৰিব লাগে। সাধাৰণতে চীনা বাদাম, কণী, গাখীৰ, চয়া, সামুদ্ৰিক খাদ্য, মিছা মাছ, গো মাংস আদি খাদ্যৰ বাবে এলার্জি হোৱা দেখা যায়। কেনেধৰণৰ খাদ্যৰ বাবে এলাৰ্জি হৈছে সেই বিষয়ে জানিবলৈ দুই-তিনিদিনৰ খাদ্যৰ এখন তালিকা প্রস্তুত কৰি ল’ব লাগে। আৰু এই তালিকাৰ পৰা বিচাৰি উলিয়াবলৈ সহজ হ’ব কোনবিধ খাদ্য আপোনাৰ এলাৰ্জিৰ কাৰণ আৰু সেই বিশেষ এৰি চলাই আপোনাৰ মংগল।

গাজৰ আৰু তিয়ঁহৰ ৰস একেলগে মিহলাই পান কৰিব লাগে। গাজৰ আৰু তিয়হত থকা এন্টি এলাৰ্জিক উপাদানে ছালৰ চিটচিটনি ভাব দূৰ কৰাৰ লগতে ৰঙা পৰাৰ পৰাও মুক্তি দিয়ে।

গ্ৰীন টীৰ এন্টি অক্সিডেন্ট তথা এন্টি ইনফ্লেমেটৰী উপাদানে ফুড এলাৰ্জি দূৰ কৰাত সহায় কৰে। গ্ৰীন টীৰ লগত মৌ আৰু নেমু মিহলাই দিনে তিনি-চাৰিবাৰকৈ পান কৰিব পাৰিলে ভাল। নেমুৱে ৰোগ প্ৰতিৰোধ বৃদ্ধি কৰি ফুড এলাৰ্জি প্রতিৰোধ কৰে। একাপ কুহুমীয়া পানীত এটা নেমুৰ ৰস আৰ এচামুচ মৌ মিহলাই পুৱা খালী পেটত নিয়মিত পান কৰিব পাৰিলে ভাল। যদি আপোনাৰ নেমুৰে এলাৰ্জি আছে তেন্তে এনে উপায় আপোনাৰ বাবে বিপজ্জনকহে হ’ব।

প্ৰতিদিনে দুই-তিনি ফোটা নহৰু চোবাই খাব লাগে। নহৰুত থকা কোয়াৰচিটেনে ফুড এলাৰ্জি প্ৰতিৰোধ কৰে। ফুড এলাৰ্জি প্ৰতিৰোধৰ বাবে এনেধৰণৰ সাধাৰণ ঘৰুৱা কিটিপ ব্যৱহাৰ কৰিলেও চিকিৎসকৰ পৰামৰ্শ লোৱাটো নিতান্তই প্রয়োজনীয়।

উৎস: সাদিন।

শেহতীয়া উন্নীতকৰণ: : 2/27/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate