অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ফ্লেক্স ছীড

বহুত গছৰ গুটি শৰীৰৰ বাবে উপকাৰী বুলি আমি জানো। পাকঘৰত সদায় ব্যৱহৃত মেথিগুটিৰ কথাই উল্লেখনীয়। কিন্তু ফ্লেক্স ছীডৰ কথা হয়তো বহুজনেই নাজানে। ইয়াৰ প্ৰচলন আমাৰ আহাৰৰ তালিকাত সন্নিৱিষ্ট হোৱা সচৰাচৰ দেখা নাযায়। Linaceae গোত্ৰৰ অন্তৰ্গত Linum usita tissimim উদ্ভিদৰ গুটিক ফ্লেক্স ছীড বুলি জনা যায়। অসমীয়াত এই উদ্ভিদক তিচি উদ্ভিদ বোলে। এই উদ্ভিদৰ পৰা আহৰণ কৰা তেলক তিচি তেল বা Linseed oil বোলে।

ঐতিহাসিক সূত্ৰৰ পৰা জনা যায় যে খ্ৰীষ্টপূৰ্ব ৩০০ বছৰতেই বেবিলনত এই উদ্ভিদৰ খেতি কৰিছিল আৰু এই উদ্ভিদৰ বীজৰ উপকাৰিতাৰ কথাও উপলব্ধ কৰিছিল। পুৰণি কালত প্ৰজাৰ স্বাস্থ্য যাতে ভালে থাকে তাৰ বাবে প্ৰজাই ফ্লেক্স ছীড খোৱাৰ ওপৰত ৰাজ-পৰিয়ালেও গুৰুত্ব আৰোপ কৰিছিল।

এই গুটিৰ গুণাগুণৰ বিৱৰণ দিয়াৰ আগতে ইয়াত পোৱা বিভিন্ন উপাদানসমূহৰ উল্লেখ কৰা হ’ল।

প্ৰতি ১০০ গ্ৰাম ফ্লেক্স ছীডত পোৱা উপাদান-

কেলৰি

৫৩৪

মুঠ ফেটচ

৪২ গ্ৰাম

চেচুৰেটেড ফেট

৩.৭ গ্ৰাম

আনচেচুৰেটেড ফেট

৩৭ গ্ৰাম

কলেষ্টেৰল

ছডিয়াম

৩০ মিলি গ্ৰাম

পটাচিয়াম

৮১৩ মিলি গ্ৰাম

কেলচিয়াম

২৫ মিলি গ্ৰাম

কাৰ্বহাইড্ৰেট

২৯ গ্ৰাম

ভোজ্য আঁহ

২৭ গ্ৰাম

শৰ্কৰা

১.৬ গ্ৰাম

প্ৰটিন

১৮ গ্ৰাম

আইৰন

৩১ মিলি গ্ৰাম

মেগনেচিয়াম

৯৪ মিলি গ্ৰাম

ভিটামিন চি

১%

ভিটামিন বি৬

২৫%

 

ফ্লেক্স ছীডৰ উপকাৰিতা:

 

পৰিপাক তন্ত্ৰ:

এই বীজত যথেষ্ট ভোজ্য আঁহ থকাৰ বাবে ই আমাৰ পেটৰ বাবে উপকাৰী। আনহাতে অতিমাত্ৰা কাৰ্বহাইড্ৰেট শৰীৰৰ বাবে অপকাৰী। সেয়ে যি খাদ্যত বেছি পৰিমাণে আঁহ আৰু কম পৰিমাণে কাৰ্বহাইড্ৰেট পোৱা যায় সি শৰীৰৰ বাবে স্বাভাৱিকতেই উপকাৰী। ফ্লেক্স ছীড তেনে এবিধ খাদ্য। তদুপৰি এই বীজত যথেষ্ট মিউছিলেজ থাকে। এই মিউছিলেজ ভোজ্য আঁহৰ সৈতে পানীত দ্ৰৱণীয় এবিধ মিশ্ৰণ তৈয়াৰ কৰে, যি আমাৰ খাদ্যনলীৰ সুস্থতাৰ বাবে ফলদায়ক। এই মিউছিলেজে পাকস্থলীত খাদ্য বেছি সময়লৈ ধৰি ৰাখিব পাৰে। ফলত স্থূল অন্ত্ৰৰ(Large intestine) পৰা ক্ষুদ্ৰ অন্ত্ৰলৈ(Small intestine) খাদ্যদ্ৰব্যৰ গতি ধীৰ হয়। ফল স্বৰূপে খাদ্যৰ পৰা পোষক দ্ৰব্য(Nutrient) সমূহ শৰীৰে ভালদৰে শোষণ কৰিব পাৰে। মিউছিলেজ আৰু আঁহে ক’লনৰ(Colon) বিশুদ্ধিকৰণত সহায় কৰে। ফ্লেক্স ছীড গ্ৰহণৰ ফলত সোনকালে ভোক নালাগে। পৰোক্ষভাৱে ই শৰীৰৰ ওজন হ্ৰাসত সহায়ক হয়।

ছাল আৰু চুলিৰ সতেজতাৰ বাবে:

ফ্লেক্স ছীড ছাল আৰু চুলিৰ বাবে যথেষ্ট উপকাৰী। পুৱাৰ দৈনিক আহাৰত ডাঙৰ চামুচেৰে ১ বা ২ চামুচ ফ্লেক্স ছীড সন্নিৱিষ্ট কৰা প্ৰয়োজন। এই বীজত যথেষ্ট পৰিমাণৰ উদ্ভিদজাত অ’মেগা-থ্ৰী ফেটী এচিড থাকে। ইয়াক আলফা লিনলেনিক এচিড(ALA) বোলে। ALAয়ে চুলি আৰু ছালৰ বাবে প্ৰয়োজনীয় স্নেহ পদাৰ্থ আৰু ভিটামিন-বি যোগান ধৰি ছাল আৰু চুলিৰ শুষ্কতা আঁতৰ কৰে আৰু মসৃণতা আনি দিয়ে। আন তেল, যেনে- জলফাই তেল বা বাদাম তেলৰ সৈতে ইয়াৰ গুড়ি মিহলি কৰি ছাল আৰু চুলিত ব্যৱহাৰ কৰিব পাৰি। ই চুলিৰ উফিও আঁতৰ কৰে। ই পুৰুষৰ তপা হোৱাও ৰোধ কৰে।

ওজন হ্ৰাসত ফ্লেক্স ছীড:

অধিক ওজন বহু ব্যক্তিৰ চিন্তাৰ কাৰক। ফ্লেক্স ছীডে ওজন হ্ৰাস হোৱাত সহায় কৰে। প্ৰকৃতাৰ্থত এইবিধ বীজ যথেষ্ট উপকাৰী স্নেহ আৰু ভোজ্য আঁহ থকা বাবে ইয়াক গ্ৰহণ কৰাৰ পিছত বহু দেৰিলৈকে ভোক নালাগে। ফলত কম কেলৰি গ্ৰহণ কৰা হয়, যি ওজন হ্ৰাসত সহায় কৰে। দৈনিক গ্ৰহণ কৰা চুপ, চালাড বা জলপানত চাহ চামুচেৰে ২/৩ চামুচমান ফ্লেক্স ছীডৰ গুড়ি মিহলাই খালে ওজন হ্ৰাসত সহায় হয় বুলি জনা যায়।

কলেষ্টেৰল হ্ৰাস কৰাত ফ্লেক্স ছীড:

দৈনিক আহাৰত ফ্লেক্স ছীড যোগ দিলে কলেষ্টেৰলৰ মাত্ৰা কমি থাকে। ফ্লেক্স ছীডত থকা দ্ৰৱণীয় ভোজ্য আঁহে আন খাদ্যবস্তুৰ জৰিয়তে গ্ৰহণ কৰা কলেষ্টেৰল আৰু স্নেহ পদাৰ্থ পৰিপাক তন্ত্ৰৰ পৰা শুহি লয়। ফলত আমাৰ শৰীৰে অথবা তেজে ইয়াক শুহিব নোৱাৰে। আমাৰ গল ব্লাডাৰত(Gall bladder) কলেষ্টেৰলৰ পৰা bile সৃষ্টি হয়। ফ্লেক্স ছীডত থকা আঁহে এই bile ধৰি ৰাখে। ফলত শৰীৰত কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস হয়।

ফ্লেক্স ছীড গ্লুটেনমুক্ত:

আমি খাদ্য হিচাপে গ্ৰহণ কৰা বহুতো শস্যত গ্লুটেন নামৰ এবিধ পদাৰ্থ থাকে। এই গ্লুটেন পেটৰ সমস্যা থকা বহু ব্যক্তিৰ বাবে ক্ষতিকাৰক বা তেনে বহু ব্যক্তিয়ে তাক হজম কৰিব নোৱাৰে। আচলতে গ্লুটেনে পাকস্থলীত জ্বলনৰ সৃষ্টি কৰিব পাৰে। কিন্তু ফ্লেক্স ছীড জ্বলনৰোধী। উল্লেখনীয় যে শৰীৰৰ বাবে প্ৰয়োজনীয় মাছত যথেষ্ট পৰিমাণে থাকে। ফ্লেক্স ছীডত থকা ALA(alpha-linoleic-acid)য়ে omega-3-fatty acid যোগান ধৰে। সেয়ে নিৰামিষভোজীসকলে ফ্লেক্স ছীডৰ ব্যৱহাৰৰ জৰিয়তে শৰীৰত এই এচিডৰ যোগান পাব পাৰে।

ফ্লেক্স ছীড প্ৰচুৰ এন্টি-অক্সিডেন্টযুক্ত:

 

ফ্লেক্স ছীডত লিগনান(Lignans) নামৰ এবিধ দ্ৰব্য থাকে। এই লিগনানে আমাৰ এন্টি-অক্সিডেন্ট যোগান ধৰে, যি বাৰ্ধক্য ৰোধত সহায়ক। তদুপৰি লিগনানে শৰীৰৰ বিভিন্ন হৰম’ন সন্তুলন, কোষ বৃদ্ধিত সহায়ক। বহু সময়ত আমি পেটৰ সমস্যাত ভুগিলে চিকিৎসকে Probioties থকা ঔষধ খাবলৈ দিয়ে। এই Probiotiesএ আমাৰ পৰিপাক তন্ত্ৰৰ বাবে উপকাৰী বা প্ৰয়োজনীয় অনুজীৱৰ বৃদ্ধিত সহায় কৰে। আনহাতে ই পৰিপাক তন্ত্ৰৰ বাবে অপকাৰী অনুজীৱক শৰীৰৰ পৰা নিষ্কাশনত সহায় কৰে। লিগনান ভাইৰাছ আৰু বেক্টেৰিয়া ৰোধত সহায়ক। সেয়ে ফ্লেক্স ছীড নিয়মিতভাৱে খাদ্য তালিকাৰ অন্তৰ্ভুক্ত কৰিব পাৰিলে পানী লগা, ইনফ্লুৱেঞ্জা ইত্যাদিৰ পৰা হাত সাৰি থাকিব পাৰি।

কেন্সাৰৰ বাবে ফ্লেক্স ছীড:

 

স্তন, ডিম্বাশয়, প্ৰষ্টেট আৰু ক’লন কেন্সাৰৰ বাবে ফ্লেক্স ছীড উপকাৰী বুলি জনা যায়। গৱেষণাৰ পৰা জনা যায় যে ফ্লীক্স ছীডত থকা ALA ক আমাৰ পাচনতন্ত্ৰত থকা বেক্টেৰিয়াই এন্টাৰলেক্টন আৰু এন্টাৰডিঅল নামৰ দুবিধ দ্ৰব্যলৈ ৰূপান্তৰ কৰিব পাৰে। এই এন্টাৰলেক্টন আৰু এন্টাৰডিঅলে শৰীৰত হৰম’নৰ সন্তুলন স্বাভাৱিকভাৱে বজাই ৰাখিব পাৰে। পৰোক্ষভাৱে হৰম’ন সন্তুলনে স্তন আৰু ডিম্বাশয় কেন্সাৰ হোৱাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে হ্ৰাস কৰে।

অষ্টিঅ’পৰ’ছিছ, ঋতুস্ৰাৱ ইত্যাদিত ফ্লেক্স ছীডৰ উপকাৰিতা:

 

অষ্টিঅ’পৰ’ছিছ হোৱাৰ মূল কাৰণ হ’ল শৰীৰত হৰ’মনৰ তাৰতম্য অথবা কেলচিয়াম আৰু ভিটামিন-ডিৰ অভাৱ। মহিলাসকল ইয়াৰ দ্বাৰা বেছি আক্ৰান্ত হয়। আমাৰ হাড়বোৰ ঠুনুকা হৈ পৰে। ঠিক তেনেদৰে ঋতুস্ৰাৱ মহিলাসকলৰ এটি স্বাভাৱিক শাৰীৰিক প্ৰক্ৰিয়া। ই হৰম’নৰ সৈতে ওতপ্ৰোতভাৱে জড়িত। ফ্লেক্স ছীডে হৰম’ন সন্তুলনত সহায় কৰে বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। সেয়ে পুৱাৰ জলপানত ১-২ চামুচ ফ্লেক্স ছীডৰ অন্তৰ্ভুক্তিয়ে মহিলাসকলৰ নানা সমস্যা আঁতৰাই ৰাখে।

সাৱধানতা:

 

বহু ব্যক্তিয়ে গোটা ফ্লেক্স ছীড হজম কৰিব নোৱাৰে। তেনে ব্যক্তিয়ে ইয়াৰ গুড়ি ব্যৱহাৰ কৰা ভাল। তদুপৰি ফ্লেক্স ছীডৰ সৈতে যথেষ্ট পানী অথবা আন পনীয়া বস্তু খাব লাগে। এই বীজ ৰাতি অলপ পানীত তিয়াই থৈ পুৱাৰ জলপানৰ সৈতে খাব পাৰি। ফ্লেক্স ছীডৰ তেল যদিও উপকাৰী, ইয়াক ৰন্ধন প্ৰণালীত ব্যৱহাৰ কৰিব নালাগে।

উল্লেখনীয় যে যিসকল ব্যক্তিৰ পেটৰ সমস্যা, ডায়েৰীয়া ইত্যাদি হৈ থাকে তেনে ব্যক্তিয়ে এই বীজ গ্ৰহণ কৰি অসুবিধা পালে নোখোৱাই ভাল। তেনেদৰে যিসকলৰ এই বীজ খালে এলাৰ্জী হয়, যেনে- হাতৰ তলুৱাৰ খজুৱতি, চকুৰ খজুৱতি, চকুৰ পানী ওলোৱা, পেটৰ অসুখ, বমি বমি ভাব, তেনে ব্যক্তিয়ে এই বীজ পৰিত্যাগ কৰিব লাগে।

উৎস: জিএনআৰচি স্বাস্থ্য(ড° মঞ্জুৰাণী দেৱী)

শেহতীয়া উন্নীতকৰণ: : 1/3/2022



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate