অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বজাৰৰ শাক-পাচলি, মাছ-মাংস সুস্বাস্থ্যৰ বাবে কিমান নিৰাপদ :

বজাৰৰ শাক-পাচলি, মাছ-মাংস সুস্বাস্থ্যৰ বাবে কিমান নিৰাপদ :

 

আমি বজাৰলৈ গৈ শাক-পাচলি, মাছ-মাংস কিনি ঘৰলৈ আনো, কিন্তু এই সামগ্ৰীবোৰ আমাৰ শৰীৰৰ বাবে উপযোগীনে? গ্ৰাহক হিচাপে কিনাৰ বাহিৰে আমাৰ কোনো উপায় নাই। কাৰণ সকলো বস্তু ঘৰত উৎপাদন কৰা সম্ভৱ নহয়। মাছ, ব্ৰয়লাৰ মুৰ্গী, শাক-পাচলি আদিৰ উৎপাদন প্ৰক্ৰিয়াৰ পৰা বজাৰলৈ অহালৈ বিভিন্ন ৰাসায়নিক আৰু কীটনাশক দ্ৰব্য আৰু সাৰ প্ৰয়োগ কৰা হয়, যিবোৰ মানৱ দেহৰ বাবে ‘শ্লো পইজন’ স্বৰূপ অৰ্থাৎ অল্প বিকল্প বিষ।

আমি গ্ৰাহক হিচাপে জীয়াই থাকিবৰ বাবে এইবোৰ খাদ্য কিনিবলগীয়া হয়, আন বিকল্প নথকাৰ বাবে। চালানী মাছ উৎপাদন কৰোঁতে সোনকালে ডাঙৰ হ’বলৈ বিশেষ ঔষধ, বেজী- ৰোগ নিৰাময়ৰ বাবে এন্টাবায়োটিক আৰু বজাৰলৈ অহালৈকে মাছ ভালে ৰাখিবলৈ ফৰ্মেলিন নামৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হয়।

এখন চালানী মাছৰ ট্ৰাক অন্ধ্ৰপ্ৰদেশৰ পৰা অসমলৈ আহিবৰ বাবে তিনি-চাৰি দিন সময়ৰ প্ৰয়োজন হয় আৰু আমাৰ বজাৰ পাবলৈ পুনৰ এদিন-দুদিনৰ সময় লাগে। আচলতে ফৰ্মেলিন যিসকলে ব্যৱহাৰ কৰে, সেই মাছ ব্যৱসায়ীয়ে নেজানে, ফৰ্মেলিন কিমান পৰিমাণৰ ব্যৱহাৰ কৰিলে শৰীৰৰ বাবে ক্ষতি হ’ব পাৰে।

ফৰ্মেলিন হ’ল এটি তৰল ৰাসায়নিক দ্ৰব্য, ইয়াৰ পূৰা নাম হ’ল ‘ফৰ্মেল-ডিহাইড’। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ‘নেচনেল টেক্সিকোলজী প্ৰ’গ্ৰাম’ বিভাগৰ পৰা জনা গৈছে যে লগাতকৈ বেছি পৰিমাণৰ ফৰ্মেলিন দেহত প্ৰৱেশ কৰিলে কৰ্কট ৰোগ হ’ব পাৰে। ইউৰোপীয় দেশবোৰত খাদ্যবস্তুত ফৰ্মেলিন ব্যৱহাৰ নিষিদ্ধ কৰিছে।

কোনো বস্তুত ৩৭%ৰ বেছি ফৰ্মেলিন থাকিলে মানুহৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে। খাদ্যৰ মাধ্যমেৰে ফৰ্মেলিন শৰীৰত প্ৰৱেশ কৰিলে প্ৰথম পাকস্থলী আৰু পিছত পৌষ্টিকতন্ত্ৰত কগৈ আলচাৰৰ সৃষ্টি কৰিব পাৰে।

ইয়াৰ পিছতেই ব্যাপক হাৰত ব্যৱহাৰ হোৱা ব্ৰয়লাৰ আমিও গ্ৰহণ কৰো। এটি প্ৰাকৃতিকভাৱে প্ৰতিপালিত দেশী মুৰ্গী তিনি মাহত যিমান ওজনৰ হয়, ব্ৰয়লাৰ তিনি-চাৰি গুণ বেছি ওজনৰ হৈ পৰে। ব্ৰয়লাৰৰ এদিনীয়া পোৱালি উৎপাদন কৰোতেই বিশেষ বেজী দিয়া হয়। ইয়াৰ পিছত সোনকালে ডাঙৰ হ’বলৈ বিশেষ ভিটামিন ইনজেকচন দিয়া হয়। ইয়াৰ উপৰি ব্যাপক হাৰত এন্টিবায়োটিক ব্যৱহাৰ কৰা হয়।

Centre for Science & Environment Pollution Monitoring Laboratoryৰ পক্ষৰ পৰা ভাৰতৰ মহানগৰী দিল্লীত এটি সমীক্ষা চলোৱা হৈছিল। সেই সমীক্ষাৰ ফলাফলত ব্ৰয়লাৰ  মুৰ্গীৰ মাংস, লিভাৰ আৰু কিডনি পৰীক্ষা কৰি ৪০ শতাংশ এন্টিবায়োটিকৰ উপস্থিতি পোৱা গৈছে।

এনেদৰে এন্টিবায়োটিক ব্যৱহাৰৰ কাৰণ কি? ভালদৰে ভাবি চালে দেখা যায় যে বৰ্তমান পলট্ৰি উদ্যোগ দ্ৰুত বৃদ্ধিপ্ৰাপ্ত উদ্যোগ- যাৰ ‘গ্ৰোথ ৰেট’ প্ৰত্যেক বছৰে আঠ-দহ শতাংশ। গতিকে এই উদ্যোগৰ লগত জড়িত ব্যক্তিসকলে অধিক মুনাফা লাভৰ বাবে মুৰ্গীক আহাৰ খুওৱাৰ খৰচ কমায়- ভিটামিন ইনজেকচন, এন্টিবায়োটিক ব্যৱহাৰত বেছি জোৰ দিয়ে। এনেদৰে বৃদ্ধি পোৱা ব্ৰয়লাৰ মুৰ্গীৰ মাংসৰ জৰিয়তে আমাৰ শৰীৰলৈ এন্টিবায়োটিক প্ৰৱেশ কৰি শৰীৰটোক এন্টিবায়োটিক ৰেজিষ্টেন্ট কৰি তুলিব।

এইবাৰ আমি শাক-পাচলিৰ বজাৰলৈ গ’লে দেখিম, আমি সদায় ব্যৱহাৰ কৰা শাক-পাচলিত, যেনে- জিকা, তিয়ঁহ, পটল, মটৰগুটি, কেৰেলা, বেঙেনা ইত্যাদিত ব্যাপক হাৰত কৃত্ৰিম ৰং ব্যৱহাৰ কৰা হয়। Food Safety and Standard Authority of India ৰ তথ্যতেই প্ৰকাশ যে এনেবোৰ খাদ্যবস্তু কপাৰ ছালফেট দ্ৰৱণত তিয়াই ৰাখি ৰং কৰা কাম সম্পন্ন কৰে। কপাৰ ছালফেট সাধাৰণভাৱে দেখিবলৈ নীলা ৰঙৰ।

কিন্তু যেতিয়া সেউজীয়া শাক-পাচলি এই দ্ৰৱণত তিয়াই থোৱা হয়, তেতিয়া শাক-পাচলি গাঢ় সেউজীয়া হৈ পৰে। সেইবোৰকে আমি বেছি দাম দি সহজে পাচলি বুলি কিনি আনো। কিন্তু দিনৰ পিছত দিন যদি এনে শাক-পাচলি গ্ৰহণ কৰো, তেনেহ’লে এই কপাৰ ছালফেট বৰ্ধিত মাত্ৰাত আমাৰ শৰীৰত প্ৰৱেশ কৰে। যাৰ ফলত বিপদৰ সীমা নথকা হয়।

এইবাৰ আমি ফল-মূললৈ যদি চকু দিওঁ, দেখিম যে ব্যৱসায়ীসকলে কল পকবলৈ বেছিকৈ কাৰ্বাইড ব্যৱহাৰ কৰে। আচলতে সকলোৱে কাৰ্বাইড বুলি জানে যদিও ই হ’ল ‘কেলচিয়াম কাৰ্বাইড’। যেতিয়া কাৰ্বাইড কলত প্ৰয়োগ কৰা হয়, তেতিয়া কলৰ সংস্পৰ্শলৈ আহি কাৰ্বাইডে এচিটিলিন গেছ উৎপন্ন কৰে, ফলত কৃত্ৰিমভাৱে কল পকি উঠে। কেলচিয়াম কাৰ্বাইড এটি অত্যন্ত ক্ষতিকাৰক আৰু বিপজ্জনক ৰাসায়নিক দ্ৰব্য আৰু আমাৰ শৰীৰৰ বাবেও সমানে ক্ষতিকাৰক। কেলচিয়াম কাৰ্বাইডেৰে পকোৱা কলত আনকি আৰ্ছেনিক আৰু ফচফৰাছ হাইড্ৰাইডৰ উপস্থিতিয়ে লক্ষ্য কৰি গৈছে।

আৰ্ছেনিক আৰু ফছফৰাছৰ বিষক্ৰিয়াৰ লক্ষণবোৰ হ’ল বমি, ডায়েৰিয়া, চকু জ্বলা-পোৰা কৰা ইত্যাদি। কাৰ্বাইডেৰে পকোৱা কলত এলকাইলাইনৰ প্ৰভাৱত পেটৰ পাকস্থলী আৰু ইনটেষ্টাইনৰ মিউকাচৰ টিছুৰ ব্যাপক ক্ষতি হয়। কলৰ উপৰি আম, অমিতা, বিলাহী, তৰমুজ ইত্যাদিও কাৰ্বাইডেৰে পকোৱা হয়।

আনকি লিচুৰ দৰে সুস্বাদু ফলক ৰং কৰি আকৰ্ষণীয় কৰাৰ চেষ্টা কৰা হয়। আপেলক চকচকীয়া কৰিবলৈ বাহিৰৰ পৰা ৰং কৰা হয় মমৰ প্ৰলেপেৰে।

আচলতে এডৰা মাটিত খেতি কৰাৰে পৰা বজাৰলৈ অহালৈ মাটিডৰাত কিমান সাৰ প্ৰয়োগ কৰিব লাগে, শস্যক কীট-পতংগৰ পৰা ৰক্ষা কৰিবলৈ কি পৰিমাণৰ কীটনাশক প্ৰয়োগ কৰিব লাগে, সংৰক্ষণৰ বাবে কেনেদৰে ব্যৱস্থা ল’ব লাগে, এই আটাইবোৰৰ বাবে বিভাগে বিভাগে চোৱাচিতা কৰিবলৈ বিভিন্ন বিষয়া-কৰ্মচাৰী আছে। অথচ বছৰত উভৈনদী হৈছে এনে ভেজাল শাক-পাচলি, মাছ-মাংসৰে।

পাইকাৰী বজাৰত কাৰ্বাইড দিয়া কল জব্দ কৰি হেজাৰ হেজাৰ কলৰ ঠোক নষ্ট কৰা হ’ল। এনে খবৰ সংবাদ পত্ৰত প্ৰকাশ পোৱাৰ পিছত কেইদিনমান চালানী মাছৰ বজাৰত তদাৰক কৰা হ’ল, আনকি ৰাইজক প্ৰতিশ্ৰুতি দিয়া হ’ল, তেনে মাছ বেপাৰীৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ’ব।

কিন্তু সকলো ফুটুকাৰ ফেন- সাগৰৰ ঢৌ সাগৰত মাৰ যোৱাৰ দৰে পকোৱা কল ধ্বংস কৰা আৰু চালানী মাছৰ সন্দৰ্ভত ব্যৱস্থা লোৱাৰ হুংকাৰ শাম কাটিলে। এনে অপৰাধ ৰোধ কৰিবৰ কাৰণে বৰ্তমানৰ প্ৰচলিত আইন যথেষ্ট নহ’লে নতুন আইন প্ৰণয়নৰ ব্যৱস্থা কৰিব লাগে।

এজন সচেতন নাগৰিক হিচাপে মাননীয় মীনমন্ত্ৰী আৰু কৃষিমন্ত্ৰীক অনুৰোধ কৰিব খোজো যাতে ৰাজ্যখনৰ বজাৰত বিষযুক্ত শাক-পাচলি আৰু মাছ-মাংস পৰ্যাপ্ত পৰিমাণে পোৱাৰ ক্ষেত্ৰত যথাবিহিত গুৰুত্ব প্ৰদান কৰে।

লেখক: ড° সনাতন ডেকা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

 

শেহতীয়া উন্নীতকৰণ: : 1/23/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate