অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বয়োজ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্য ভালে ৰখাৰ কৌশল

বয়োজ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্য ভালে ৰখাৰ কৌশল

 

এজন ব্যক্তিৰ ৩০ বছৰ অতিক্ৰম কৰাৰ পিছৰ পৰাই পৰিপুষ্টিজনিত প্ৰয়োজনবোৰ সলনি হ’বলৈ ধৰে । ইয়াৰ মুখ্য কাৰণ হ’ল বয়স বৃদ্ধিৰ প্ৰক্ৰিয়া আৰম্ভ হয় । লাহে লাহে বয়স বৃদ্ধিৰ লগে লগে শৰীৰৰ ক্ৰিয়াৰ সৈতে জড়িত কোষবোৰৰ কৰ্মদক্ষতা হ্ৰাস পাবলৈ ধৰে । কোষৰ সংখ্যা কমি অহাৰ প্ৰক্ৰিয়া আৰম্ভ হয় । সেয়ে বয়োজ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্যৰ যতন বেছিকৈ লোৱা উচিত ।

১) বয়োজ্যেষ্ঠ ব্যক্তিয়ে কোনো কাৰণতে উপবাসে থকা অনুচিত । তেওঁলোকৰ আহাৰ সাধাৰণ আৰু পুষ্টিকৰ হোৱা প্ৰয়োজন । আহাৰ এনে হ’ব লাগে যাতে সহজে হজম কৰিব পাৰে ।

২) এবাৰতকৈ সৰহকৈ খোৱা অনুচিত । কম কমকৈ কে’বাবাৰো আহাৰ গ্ৰহণ কৰাটো স্বাস্থ্যসন্মত । বেছিকৈ তেলত ভজা খাদ্য খোৱ অনুচিত । কেতবোৰ খাদ্য সিদ্ধ কৰি খালে উপকাৰ পোৱা যায় ।

৩) বয়োজ্যেষ্ঠ ব্যক্তিৰ আহাৰত নিমখৰ পৰিমাণ কম হোৱা উচিত । একেদৰে চেনিৰ পৰিমাণো কম হোৱা উচিত । তাৰ বিপৰীতে আহাৰত যথেষ্ট পৰিমাণৰ সেউজীয়া শাক-পাচলিৰ লগতে দৈনিক এটা ফল খোৱাটো প্ৰয়োজন । ইয়াৰ বাহিৰেও চিকিৎসকৰ পৰামৰ্শ অনুসৰি প্ৰয়োজনীয় ভিটামিন নিয়মীয়াকৈ গ্ৰহণ কৰা উচিত ।

৪) বয়োজ্যেষ্ঠ ব্যক্তিয়ে যথেষ্ট পৰিমাণৰ পানী খোৱা উচিত । ৰাতিপুৱা , গধূলি ৩০ মিনিটকৈ মধ্যমীয়া বেগত খোজ কঢ়াটো স্বাস্থ্যসন্মত ।

৫) নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিভিন্ন সামাজিক কামত জড়িত হৈ থাকিলে শাৰীৰিক, মানসিক উভয় দিশতে লাভৱান্বিত হ’ব পাৰি ।

উৎস :- জি এনআৰচি স্বাস্থ্য

শেহতীয়া উন্নীতকৰণ: : 6/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate