অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বনৌষধিৰে চুলিৰ পৰিচৰ্যা :

বনৌষধি -

অকালতে চুলি পকিলে, চুলি সৰিলে বা চুলি ৰুক্ষ হৈ পৰিলে স্বাভাৱিক সৌন্দৰ্যত ব্যাঘাত জন্মে। সেয়ে চুলিৰ উপযুক্ত পৰিচৰ্যাৰ প্ৰয়োজন। সাধাৰণতে ঘৰতে বিভিন্ন প্ৰাকৃতিক উপাদানেৰে চুলিৰ যত্ন ল’ব পাৰি। কিন্তু বৰ্তমান আধুনিক যুগত বিভিন্ন ৰঙৰ ৰাসায়নিক পদাৰ্থ মিহলি শ্বেম্পু, তেল, জেল, কণ্ডিচনাৰ আদি পোৱা যায়। এইবোৰে চুলিৰ স্বাভাৱিক সৌন্দৰ্য নষ্ট কৰে। অৱশ্যে হাৰ্বেল প্ৰডাক্টবোৰৰ প্ৰতি বৰ্তমান সকলোৰে আকৰ্ষণ বাঢ়িছে। ডাঙৰ ডাঙৰ কোম্পানীবোৰেও হাৰ্বেল প্ৰডাক্ট উৎপাদনত গুৰুত্ব দিছে।

অকালতে চুলি পকা, চুলি সৰা আদি এই সকলো সমস্যা আয়ুৰ্বেদ চিকিৎসাৰে অতি সহজে ভাল কৰিব পাৰি। কোনবোৰ বনৌষধিয়ে চুলিৰ বিভিন্ন ৰোগ নিৰাময় কৰিব পাৰে, সেই বিষয়ে ভালদৰে জানি ল’ব লাগে। আমলখি, তুলসী, মনিচাল, যষ্ঠিমধু, ভৃংগৰাজ, ব্ৰাক্ষ্মীশাক, জেতুকা, নিমপাত, পদিনা আদিৰে চুলিৰ পৰিচৰ্যা কৰিব পাৰি।

আমলখি -

আমলখিত প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ পোৱা যায়। সেয়ে আমলখি চুলিৰ বাবে অতি উত্তম। চুলি অকালতে পকিলে বা সৰিলে আমলখি গুড়ি কৰি বটি চুলিত লগাব লাগে। আমলখি চূৰ্ণৰ লগত জেতুকাৰ পাত মিহলাই একেলগে বটি ৩-৪ ঘন্টা চুলিত লগাব লাগে।

তুলসী -

অকালতে চুলি সৰিলে তুলসী তেল অতি উত্তম। তুলসী তেল লগালে চুলি সৰা বন্ধ হয়। চুলিৰ গুৰি মজবুত হয়। এৰাগুটিৰ তেলৰ সৈতে তুলসী তেল মিহলাই লগালে উফি নোহোৱা হয়।

মণিচাল -

আমলখি, মণিচালৰ বাকলিৰ গুড়ি আৰু শিকাকাই সম পৰিমাণে লৈ পানীত উতলাই ল’ব। সপ্তাহত এই পানীৰে তিনিবাৰ চুলি ধুব। এমাহমানতে দেখিব চুলি ঘন আৰু দীঘল হৈ পৰিছে। উফিও নোহোৱা হৈ গৈছে।

যষ্ঠিমধু -

যষ্ঠিমধুৰে হেয়াৰ হাৰ্বেল টনিকৰ কাম দিয়ে। যষ্ঠিমধু লগালে চুলি সৰা, চুলি পকা আদি সমস্যা আঁতৰ হয় আৰু চুলি স্বাস্থ্যবান হয়।

ভৃংগৰাজ -

চুলিৰ যিকোনো সমস্যাত(যেনে: তপা হোৱা, চুলি সৰা, অকালতে পকা, ৰুক্ষ হৈ পৰা আদি) ভৃংগৰাজ লগালে ভাল ফল পোৱা যায়। ভৃংগৰাজ লগালে ভাল ফল পোৱা যায়। ভৃংগৰাজ তেল লেপন আদি ৰূপত পোৱা যায়।

ব্ৰাহ্মীশাক -

মানসিক স্বাস্থ্য, মগজুৰ শক্তি বৃদ্ধিৰ বাবে ব্ৰাহ্মী তেল, ব্ৰাহ্মী ৰসায়ন আদি বৰ উপকাৰী আৰু সিদ্ধকাৰী। এনেধৰণৰ ব্ৰাহ্মীৰ মিশ্ৰণৰ সেৱন আৰু বাহ্যিক ব্যৱহাৰে চুলি স্বাস্থ্যবান কৰি ৰাখে।

জেতুকা -

জেতুকা হৈছে প্ৰাকৃতিক কণ্ডিচনাৰ আৰু প্ৰাকৃতিক ৰং। জেতুকা লগালে চুলি ঘন আৰু স্বাস্থ্যবান হয়।

নিম -

নিমপাতৰ ৰস বা পাত পিহি চুলিত ১০-১৫ মিনিট সময় লগালেই চুলিৰ বহু উপকাৰ পোৱা যায়। নিমপাত পিহি লেপন দিলে উফি নোহোৱা হয় ঘা-ফোঁহা হ’লে নিম তেল লগালে শীঘ্ৰে আৰোগ্য লাভ কৰা যায়।

পদিনা -

চুলিত পদিনাৰ লেপন দিলে চুলি দীঘল আৰু ঘন হয়। উফি নোহোৱা হয়।

চুলি দীঘল কৰিবলৈ কি কৰিব?

বটগছৰ পুৰণি শিপা বটি নেমুৰ ৰসৰ সৈতে মিহলাই চুলিত লেপন দিব। অলপ শুকালেই ভেষজ শ্বেম্পুৰে মূৰ ধুই পেলাব আৰু ইয়াৰ পিছত নাৰিকলৰ তেল লগাব। এইদৰে তিনিদিন লগালেই চুলি সৰা বন্ধ হ’ব। চুলি দীঘল আৰু মজবুত হ’ব।

চুলি কিদৰে ক’লা কৰিব?

নিমগুটিৰ তেল দুমাহ ধৰি লগালে বা তুলসী পাতৰ সৈতে শুকান আমলখি পিহি নেমুৰ ৰসৰ সৈতে চুলিত লগালে চুলি ক’লা হয়।

চুলি কোমল আৰু ঘন কিদৰে কৰিব?

চাল কুঁৱৰীৰ সৈতে নেমুৰ ৰস মিহলাই চুলিৰ গুৰিত মালিচ কৰিলে চুলিৰ গুৰি শক্তিশালী হয়। লগতে চুলি কোমল আৰু ঘন হয়।

পিয়াঁজৰ ৰস চুলিত লগালেও চুলি সৰা বন্ধ হয়। আনহাতে তপা হোৱা অংশত পিয়াঁজৰ ৰস লগালে চুলি সৰা কমি যায়। উফি নষ্ট হয়। পিয়াঁজৰ ৰস এইদৰে ৪০ দিন লগাব লাগে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 1/19/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate