জীৱনৰ আটাইতকৈ সুন্দৰ সময়কণ হৈছে যুৱাৱস্থা। মানুহে সদায় তৰুণ হৈ থাকিব বিচাৰে। কিন্তু প্ৰকৃতিৰ চিৰাচৰিত নিয়ম মতে মানুহৰ জীৱনলৈ বাৰ্দ্ধক্য নামে। বাৰ্দ্ধক্যই মানুহৰ সৌন্দৰ্য আৰু কৰ্মদক্ষতা হ্ৰাস কৰে। চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিয়েও বাৰ্দ্ধক্য ৰোধ কৰিব পৰা নাই। পুৰুষতকৈ মহিলাসকলে স্বাভাৱিকতে বাৰ্দ্ধক্যক বেছিকৈ ভয় কৰে। চল্লিশৰ পিছত মহিলাসকলৰ বহুতো শাৰীৰিক পৰিৱৰ্তন হয়। ফলস্বৰূপে মহিলাসকলে নিজকে বৃদ্ধা বুলি ভাবিবলৈ ধৰে আৰু মানসিকভাৱে অৱসাদগ্ৰস্ত হৈ পৰে। জন্মিলে এদিন মৰিবই লাগিব-এয়া জগতৰ ৰীতি। তেনেদৰে বৃদ্ধ অৱস্থাত প্ৰত্যেক প্ৰাণীয়ে এদিন উপনীত হ’বই লাগিব। এই চিৰন্তন সত্যটোকে বহুতে সহজভাৱে ল’ব নোৱাৰে আৰু বিভিন্ন মানসিক বিকৃতিৰ চিকাৰ হয়। কিন্তু এইটোও সত্য যে বয়স বঢ়াৰ লগে লগে মানুহৰ আত্মবিশ্বাস আৰু জীৱন সম্বন্ধে অনুভৱো বাঢ়ে। জীৱনৰ ঘাত-প্ৰতিঘাত, তিতা-মিঠাই মানুহক জীৱন সম্বন্ধে দিয়ে অমূল্য জ্ঞান। গতিকে বৃদ্ধ অৱস্থালৈ আগবঢ়াৰ বাবে নিজকে দুখী নকৰি জীৱনে দিয়া অমূল্য জ্ঞান নিজৰ সন্তান, নাতি-নাতিনীক আৰু ওচৰ-চুবুৰীয়াক দিয়া উচিত, যাতে তেওঁলোকে এই জ্ঞানৰ দ্বাৰা উপকৃত হ’ব পাৰে। সংসাৰৰ বাস্তৱিকতা উপলব্ধি কৰি আপুনি এটি সুন্দৰ জীৱনৰ অধিকাৰী হ’ব পাৰে। আপোনাৰ পৰামৰ্শই তেওঁলোকৰ জীৱনলৈ অনা সুখ-প্ৰাৰ্চুৰ্যুই তেওঁলোকক আনন্দিত কৰিব আৰু আপোনাৰ প্ৰশংসাত মুখৰ হৈ পৰিব। আনৰ কাৰণে কিবা এটা কৰিব পৰাটোত এক অনাবিল সুখ পোৱা যায়। চল্লিশ বছৰ পাৰ হোৱাৰ পিছত মহিলাসকলৰ সৌন্দৰ্য্যত ভাটা পৰে। বহুতো মহিলাই ইয়াক সহজভাৱে গ্ৰহণ কৰিব নোৱাৰে। কিন্তু চল্লিশত বিশ বছৰৰ সৌন্দৰ্য্য আৰু চপলতা আশা কৰাটো উচিত নহয়। সেইবুলি সাজ-পোছাক, কেশসজ্জাত উদাসীনতা নেদেখুৱাই এনে ধৰণৰ পোছাক, সাজ-সজ্জা কৰা উচিত য’ত ব্যক্তিত্বই আনক প্ৰভাৱিত কৰিব পাৰে। গতিকে চল্লিশতে নিজকে বুঢ়া নকৰি নিজক আত্মবিশ্বাসী কৰি নিজৰ ব্যক্তিত্বৰে দহজনৰ মাজত জিলিকি উঠক।
লেখিকা: ললিতা শৰ্মা লহকৰ, বিহগুৰি, তেজপুৰ।
শেহতীয়া উন্নীতকৰণ: : 12/31/2018
ডায়েবেটিছ
গাখীৰৰ পৰা হ’ব পৰা ৰোগ
বয়সে ভাটি দিলেও হাৰ নামানিব
বৃদ্ধ বয়সত নিজৰ যত্ন কেনেদৰে ল’ব?