অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বয়সৰ জোখ

বয়স হ’লে ছাল শোটোৰা শোটোৰ হয়। সেইবোৰ আঁতৰাবলৈ আপুনি ব্যয়বহুল ক্ৰীম ব্যৱহাৰ কৰিব পাৰে, প্ৰসাধনী অস্ত্ৰোপচাৰ কৰাব পাৰে, লেজাৰ অপসাৰণ ব্যৱস্থা কৰিব পাৰে অথবা বট’ক্সৰ বেজী ল’ব পাৰে। এই আটাইবোৰ কিন্তু উপৰুৱা। এইবোৰে শৰীৰৰ অন্তৰ্ভাগৰ কোনো পৰিৱৰ্তন আনিব নোৱাৰে। বয়সৰ ছাপ ৰুধিবলৈ নিয়মিত ব্যায়াম কৰক। ফল স্থায়ী হ’ব।

বয়সৰ দুটা দৃষ্টিকোণ আছে। এটা হ’ল সময় সংক্ৰান্তীয়। জন্মৰ দিনাৰপৰাই এই বয়স গণনা কৰা হয়। আপুনি কিমান দিন, মাহ, বছৰ অতিক্ৰম কৰিলে, সেয়া সময় সংক্ৰান্তীয় বয়স। কিন্তু প্ৰকৃত বয়স হ’ল জৈৱিক বয়স। আপোনাৰ শৰীৰ তন্ত্ৰৰ বৰ্তমান অৱস্থা কি, সিয়ে জৈৱিক বয়স সূচায়। এই দুই ধৰণৰ বয়স একে নহ’বও পাৰে। সময়ৰ হিচাপত এজন ব্যক্তিৰ বয়স ৩০ বছৰ হ’ব পাৰে। কিন্তু শৰীৰ আৰু মনৰ অৱস্থা ৪৫ বছৰীয়া ব্যক্তিৰ নিচিনা হ’ব পাৰে। তেওঁৰ ওজন জোখৰ নহৈ অধিক বা কম হ’ব পাৰে। তেওঁৰ চলন মন্থৰ হ’ব পাৰে। শৰীৰৰ ৰোগ প্ৰতিৰোধী প্ৰক্ৰিয়া দুৰ্বল হ’ব পাৰে, যাৰ ফলত সঘনে বিভিন্ন সংক্ৰমণৰ বলি হ’ব পাৰে। তেওঁ ডায়েবেটিছ, উচ্চ ৰক্তচাপ, হৃদৰোগ আদি নানাবিধ ক্ষয়ংকৰী জীৱনশৈলী ৰোগত ভূগিব পাৰে। সম্প্ৰ্তি এনে ধৰণৰ ব্যক্তি যথেষ্ট সংখ্যক দেখা যায়। সময়ৰ জোখত ডেকা, কিন্তু শাৰীৰিকভাৱে বহু বেছি বয়সীমা যেন লাগে।

আনহাতে কিছুমান ব্যক্তি সময়ৰ জোখত ৪৫ বছৰীয়া হ’ব পাৰে, কিন্তু শক্তি, সহনশীলতা, সামৰ্থ্য, মানসিক শক্তি আৰু তজবজীয়া ভাবৰ বাবে তেনে লোকক ২৫ বছৰীয়া যেন লাগিব পাৰে।

জৈৱিক বা প্ৰকৃত বয়স জোখাৰ্ মাপকাঠী কি?

ৰক্তচাপ, তেজত চেনিৰ মাত্ৰা, দৃষ্টিশক্তি, হাওঁফাওঁ, হৃৎপিণ্ড, ছালৰ স্ফীতি আদিৰ অৱস্থা, শক্তিৰ মাত্ৰা, শাৰীৰিক অৱস্থা, মাংসপেশীৰ কাঠিন্য, মানসিক প্ৰখৰতা, শৰীৰত চৰ্বিৰ পৰিমাণ, শৰীৰৰ কৰ্মক্ষম স্তৰ, যেনে- হৃৎপিণ্ড আৰু ৰক্ত সঞ্চালন প্ৰক্ৰিয়াৰ সহনক্ষমতা, নমনীয়তা, ক্ষিপ্ৰতা, সংবেদনত্ব সন্তুলন, সমন্বয় আদিয়েই হৈছে জৈৱিক বয়সৰ মাপকাঠী।

প্ৰকৃত বা জৈৱিক বয়স কেনেকৈ নিৰ্ণয় কৰা হয়?

প্ৰথম কথা হ’ল জিন। জিনৰ স্বাস্থ্য, জিনৰ যদি কোনো ক্ৰ্টি নাথাকে, তেনেহ’লে অধিক বয়সতো শৰীৰ আৰু মনৰ স্বাস্থ্য ভালে থাকিব পাৰে। কিন্তু বাৰ্দ্ধক্যৰ চূড়ান্ত নিৰ্ণায়ক হ’ল পৰিবেশ আৰু জীৱনশৈলী। আপোনাৰ জিন সুস্থ হ’ব পাৰে। কিন্তু যদি আপুনি ধূমপান কৰে, অধিক মদ্যপান কৰে, মাদক দ্ৰৱ্য ব্যৱহাৰ কৰে আৰু অস্বাস্থ্যকৰ জীৱন যাপন কৰে, তেনেহ’লে জৈৱিক বয়সৰ দ্ৰুত বৃদ্ধি কৰাৰ সম্ভাৱনা থাকে। পৰিবেশৰ প্ৰদূষণেও জৈৱিক বয়সৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া কৰিব পাৰে।

তাৰ পিছতে হ’ল খাদ্য। ফল, শাক-পাচলি, বগৰী জাতীয় ফল, সম্পূৰ্ণ পৰিষ্কাৰ নকৰা গোটা দানা শস্য(চাউল, গম আদি), দাইল আদিত যথেষ্ট পৰিমাণে ভোজ্য আঁহ আৰু মুক্ত মূলক ৰোধী দ্ৰব্য থাকে। এনে খাদ্য স্বাস্থ্যসন্মত। স্বাস্থ্যৰক্ষা তথা জৈৱিক বয়স কমাই ৰখাৰ অন্য এক উপাদান হ’ল নিয়মিত ব্যায়াম। দৌৰা, দ্ৰুতগতিত খোজকঢ়া, চাইকেল চলোৱ, সাঁতোৰা, বায়ৱীয় ব্যায়াম আদি ফলপ্ৰসূ ব্যয়াম।

বয়সৰ লগে লগে শৰীৰ অঙ্গসমূহৰ নমনীয়তা হ্ৰাস পায়। নমনীয়তা বৰ্তাই ৰাখিবলৈ ব্যায়ামৰ উপৰি ধ্যান, যোগাভ্যাস, অঙ্গবিস্তাৰ আদি কৰা প্ৰয়োজন। এনে কৰিলে নমনীয়তা বাহাল থকাৰ উপৰি বিষ হোৱাৰ সম্ভাৱনা হ্ৰাস পায় আৰু মাংসপেশী সবল আৰু আটিল হৈ থাকে তথা শৰীৰৰ সন্তুলন ৰক্ষা কৰে।

ষ্ট্ৰেছ আমাৰ দৈনন্দিন জীৱনৰ অংগ। ষ্ট্ৰেছ সম্পূৰ্ণৰুপে নাইকিয়া কৰিব নোৱাৰে। এনে কৰা উচিতো নহয়। অত্যাধিক ষ্ট্ৰেছ নিয়ন্ত্ৰণ কৰা প্ৰয়োজন। তাৰ বাবে ধ্যান, পৰ্যাপ্ত বিশ্ৰাম, জীৱনশৈলীৰ পৰিবৰ্তন, সময়ানুৱৰ্তিতা আদিয়ে ষ্ট্ৰেছ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। নিয়ন্ত্ৰিত ষ্ট্ৰেছে আমাৰ স্বাস্থ্যৰক্ষা তথা জৈৱিক বয়স কমাই ৰখাত সহায় কৰে। চখৰ কাম, পৰিয়াল আৰু বন্ধুৰ সৈতে সময় কটোৱা আদিয়েও ষ্ট্ৰেছ নিয়ন্ত্ৰণত সহায় কৰে। আপুনি ভালপোৱা কিবা কাম কৰক, পৰিয়াল আৰু সন্তানৰ সৈতে সময় কটাওক, জীৱনশৈলীৰ সুস্থ পৰিৱৰ্তন কৰক- সুস্বাস্থ্যৰে দীৰ্ঘ জৈৱিক জীৱন কটাব পাৰিব।

মগজু সতেজ আৰু সক্ৰিয় কৰি ৰাখক। শৰীৰ আৰু মন সক্ৰিয় কৰি ৰাখিলে বাৰ্দ্ধক্যৰ প্ৰক্ৰিয়া মন্থৰ হয় বুলি প্ৰমাণিত হৈছে।

সময় সংক্ৰান্তীয় অভিজ্ঞতা আৰু পৰিপক্কতাৰ লগতে ডেকা বয়সৰ শৰীৰ এটাৰ অধিকাৰী হোৱাটো নিশ্চয় সকলোৰে কাম্য। সময় সংক্ৰান্ত্বৃদ্ধি হোৱাটো অৱশ্যম্ভাৱী। কিন্তু ইচ্ছা আৰু চেষ্টা থাকিলে জৈৱিক বয়স কমাই ৰাখিব পাৰি। বৃদ্ধ বয়সতো আপুনি স্বতন্ত্ৰ আৰু সৃষ্টিশীল জীৱন যাপন কৰিব পাৰে।

লিখকঃ জীৱন দত্ত বৰুৱা

 

 

শেহতীয়া উন্নীতকৰণ: : 5/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate