বানপানী এক প্ৰাকৃতিক দুৰ্যোগ। পৃথিৱীৰ প্ৰায় সকলো ঠাইতে বানপানী হোৱা দেখা যায়। আমাৰ অসমতো বাৰিষা কালত বানপানী হয়। গুৱাহাটী মহানগৰীৰ কিছুমান অঞ্চলতো মাজে-মাজে কৃত্ৰিম বানপানী হোৱা দেখা যায়। বৰ্তমান অসমৰ গাৱে-ভূঞে বানপানীৰ তাণ্ডৱ আৰম্ভ হৈছে। অসমৰ প্ৰায়ভাগ অঞ্চল বানপানীয়ে ডুবাই ৰাখিছে। নৈ-জান, জুৰি, কুঁৱা আদিৰ পানীৰ সৈতে বানপানীৰ দূষিত পানী মিহলি হৈছে। দমকলবোৰ পানীত বুৰ গৈছে। এনে সময়তে ৰাজহুৱা খোৱাপানী যোগান ব্যৱস্থাও বিকল হৈ পৰে। চাৰিওফালে কেৱল পানী আৰু পানী, কিন্তু পিয়াহত খাবলৈ এটুপি বিশুদ্ধ, নিৰাপদ পানীৰ অভাৱ। এই সময়ত দূষিত বীজাণুমুক্ত পানী খোৱাৰ ফলত মানুহৰ নানা জলজনিত সোঁচৰা ৰোগৰ (যেনে-টাইফয়ড, ডায়েৰিয়া, ডিচেন্ট্ৰী, কলেৰা, লেপ্টোস্পাইৰোছিছ, জণ্ডিচ, হেপাটাইটিছ ‘এ’ ইত্যাদি) সৃষ্টি হয়। বানপানীৰ সময়ত মানুহবোৰৰ যিহেতু পাইখানা কৰাৰ ফলত বীজাণুবোৰ পানীত মিহলি হয় আৰু এনে দূষিত পানীকে যদি খোৱা যায়, তেন্তে জলজনিত সোঁচৰা ৰোগবোৰে মহামাৰীৰ ৰূপ ধাৰণ কৰিব পাৰে। লেপ্টোস্পাইৰোছিছ এন্দুৰৰ প্ৰস্ৰাৱৰ দ্বাৰা বিয়পা লেপ্টোস্পাইৰ নামৰ বেক্টেৰিয়াৰ দ্বাৰা হোৱা এক মহামাৰী সৃষ্টি কৰিব পৰা Zoonotic ৰোগ। এই বেক্টেৰিয়া থকা এন্দুৰৰ প্ৰস্ৰাৱ মিহলি পানী খালে বা ছাল আৰু মিউকোচাৰে মানুহৰ শৰীৰত প্ৰৱেশ কৰিলে জ্বৰৰ উপৰি প্ৰাৰম্ভিক অৱস্থাত ছালৰ উপসৰ্গ হিচাপে ক’লা চকলা চকল দাগ হোৱা আৰু পিচলৈ জ্বৰ এৰি জণ্ডিচ আৰু ৰক্তক্ষৰণৰ বাবে ছালত ক’লা দাগ হ’ব পাৰে। আনহাতে, কেৱল যে বানপানী হৈ থকা অৱস্থাতে বিশুদ্ধ, নিৰাপদ পানীৰ অভাৱ হয়, তেনে নহয়। বানপানী যোৱাৰ ঠিক পিচে পিচে বানপানীৰ বাবে মৃত্যু হোৱা জীৱ-জন্তুৰ পৰা বীজাণু গৈও পানী দূষিত কৰে। এনে দূষিত পানীকে যদি খোৱা হয়, তেতিয়াও নানা জলজনিত ৰোগে মহামাৰীৰ ৰূপ ধাৰণ কৰিব পাৰে। সেয়েহে বানপানী হৈ থকা আৰু শেষ হোৱাৰ ঠিক পিছৰ সময়খিনিত এই ৰোগবোৰ নহবৰ বাবে ল’বলগীয়া প্ৰধান আৰু প্ৰথম দায়িত্ব হ’ল বিশুদ্ধ, নিৰাপদ পানীৰ ব্যৱস্থা কৰা।
এনে সময়ত সম্ভৱ হ’লে মানুহবোৰে বটলত পোৱা বিশুদ্ধ, নিৰাপদ পানী খাব লাগে। সাধাৰণতে চৰকাৰৰ তৰফৰ পৰা এই সময়ত বিশুদ্ধ পানীৰ বটল যোগান ধৰা উচিত। কিন্তু বাস্তৱ ক্ষেত্ৰত এনেবোৰ ব্যৱস্থা হৈ নুঠে। গুৱাহাটী মহানগৰীৰ কিছুমান অঞ্চলত হোৱা কৃত্ৰিম বানপানীৰ সময়ত চৰকাৰৰ তৰফৰ পৰা কোনোবাই নদীৰ মথাউৰি ওখ ৰাজপথ অথবা নাও বা ভূৰত আশ্ৰয় লৈ পানী ফিল্টাৰ কৰি অথবা উতলাই চেঁচা কৰিহে পানী খাব লাগে। তেতিয়া ই সম্ভৱো।
যদিহে পানী ফিল্টাৰ কৰা অথবা উতলোৱাৰ ব্যৱস্থা নাথাকে, তেন্তে এনে পৰিৱেশত পানী বিশুদ্ধ কৰাৰ ফলদায়ক উপায় হ’ল পানীত ক্ল’ৰিন ব্যৱহাৰ কৰা। ক্ল’ৰিন পানীত মিহলালে ই মাইকোবক্টৰিয়াম আৰু হেপাটাইটিছ ‘এ’ ক বাদ দি প্ৰায় ৯৯.৫ শতাংশ জলজনিত ৰোগ সৃষ্টি কৰিব পৰা বীজাণু ধ্বংস কৰিব পাৰে। প্ৰ্তি লিটাৰ পানীত কিমান পৰিমাণৰ ক্ল’ৰিন মিহলাব লাগে আৰু কিমান ৰেচিডুৱেল ক্ল’ৰিন থাকিব লাগে, সেয়া নিৰ্ভৰ কৰে পানীত থকা বীজাণুৰ পৰিমাণৰ ওপৰত। সেয়েহে চৰকাৰী স্বাস্থ্যকৰ্মীয়ে জনসাধাৰণৰ মাজলৈ গৈ পানীৰ নমুনা সংগ্ৰহ কৰি তাক পৰীক্ষা কৰি কিমান পৰিমাণৰ ক্ল’ৰিন কেনেকৈ মিহলাব লাগে শিকাই দিব লাগে। প্ৰতিদিনে স্বাস্থ্যকৰ্মীয়ে বানপানী হোৱা অঞ্চললৈ গৈ ক’লিফোৰ্ম কাউন্ট কৰাৰ বাবে পানীৰ নমুনা সংগ্ৰহ কৰিব লাগে। বজাৰত ছ’ডিয়াম হাইপোক্ল’ৰাইড, কেলছিয়াম হাইপোক্ল’ৰাইড আৰু ব্লিচিং পাউদাৰ হিচাপে ক্ল’ৰিন পোৱা যায়।
তদুপৰি কিছুমান জলজনিত ৰোগ (যেনে-টাইফয়েড, ডায়েৰিয়া, ডিচেন্ট্ৰী, কলেৰা, লেপ্টোস্পাইৰোছিছ আদি) নহবৰ বাবে আগতীয়াকৈ প্ৰোফাইলেক্সিছ এন্টিবায়টিক আৰু এন্টিডায়েৰেল দৰৱ খাব পাৰে। টাইফয়ড, হেপাটাইটিছ ‘এ’ আদি নহবৰ বাবে আগতীয়াকৈ ভেকচিনো ল’ব পাৰে।
লিখক: ডা: ধৰ্মকান্ত কুম্ভকাৰ।
শেহতীয়া উন্নীতকৰণ: : 6/14/2020
অমৰাৰো আছে ভাল গুণ
পেটৰ বিষৰ প্ৰাকৃতিক চিকিৎসা
পৰিৱেশৰ উত্তৰণ
পৰিৱেশ সংৰক্ষণৰ অংশীদাৰ হওঁ আহক