অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বানপানী আৰু নিৰাপদ খোৱাপানী:

বানপানী আৰু নিৰাপদ খোৱাপানী:

 

বানপানী হৈছে প্ৰাকৃতিক দুৰ্যোগ। পৃথিৱীৰ প্ৰায় সকলো ঠাইতে বানপানী হোৱা দেখা যায়। আমাৰ অসমতো বাৰিষা কালত বানপানী হয়। গুৱাহাটী মহানগৰীৰ কিছুমান অঞ্চলত মাজে-সময়ে কৃত্ৰিম বানপানী হোৱা দেখা যায়। ইতিমধ্যে অসমৰ কিছুমান ঠাইত বানপানী আৰম্ভ হৈছেই। বাৰিষাৰ লগে লগে অসমৰ গাঁৱে-ভূঞে বানপানীৰ তাণ্ডৱ বাঢ়ি যাব। বানৰ সময়ত অসমৰ প্ৰায়ভাগ অঞ্চল পানীয়ে বুৰাই ৰাখে। নৈ, জান-জুৰি, কুঁৱা আদিৰ সৈতে বানপানীৰ দূষিত পানী মিহলি হয়। দমকলবোৰ পানীত বুৰ যায়। এনে সময়ত ৰাজহুৱা খোৱাপানী যোগান ব্যৱস্থাও বিকল হৈ পৰে। চাৰিওফালে কেৱল পানী আৰু পানী। কিন্তু পিয়াহত খাবলৈ এটুপি বিশুদ্ধ নিৰাপদ পানীৰ অভাৱ। এই সময়ত দূষিত বীজাণুযুক্ত পানী খোৱাৰ ফলত মানুহৰ নানা জলজনিত সোঁচৰা ৰোগ(যেনে- টাইফয়দ, ডায়েৰীয়া, ডিছেন্ট্ৰী, কলেৰা, লেপ্টাস্পাইৰোছিছ, জণ্ডিচ, হেপাটাইটিছ ‘এ’ ইত্যাদি)ৰ সৃষ্টি হয়। বানপানীৰ সময়ত মানুহবোৰৰ যিহেতু পাইখানা কৰা স্থানৰ অভাৱ হয়, সেয়েহে এনে জলজনিত ৰোগৰ পৰা ৰোগীয়ে পানীৰ ওপৰতে পাইখানা কৰাৰ ফলত বীজাণুবোৰ পানীত মিহলি হয় আৰু এনে দূষিত পানীকে যদি খোৱা যায় তেন্তে জলজনিত সোঁচৰা ৰোগবোৰে মহামাৰী ৰূপ ধাৰণ কৰিব পাৰে।

লেপ্টাস্পাইৰোছিছ এন্দুৰৰ প্ৰস্ৰাৱৰদ্বাৰা বিয়পা লেপ্টাস্পাইৰনামৰ বেক্টেৰিয়াৰদ্বাৰা হোৱা এক মহামাৰী সৃষ্টি কৰিব পৰা Zoonotic ৰোগ। এই বেক্টেৰিয়া থকা এন্দুৰৰ প্ৰস্ৰাৱ মিহলি পানী খালে বা ছাল মিউকাছেৰে মানুহৰ শৰীৰত প্ৰৱেশ কৰিলে জ্বৰৰ উপৰি প্ৰাৰম্ভিক অৱস্থাত(Acute or septicemic phase) ছালৰ উপসৰ্গ হিচাপে ক’লা চকলা-চকল দাগ হোৱা আৰু পিছলৈ জ্বৰ এৰি জণ্ডিচ আৰু ৰক্তক্ষৰণৰ বাবে ছালত ক’লা দাগ হ’ব পাৰে। আনহাতে, কেৱল যে বানপানী চলি থকা অৱস্থাতে বিশুদ্ধ খোৱাপানীৰ অভাৱ হয়, তেনে নহয়। বানপানী যোৱাৰ ঠিক পিছে পিছে বানপানীৰ বাবে মৃত্যু হোৱা জীৱ-জন্তুৰপৰা বীজাণু গৈও পানী দূষিত কৰে। এনে দূষিত পানীকে যদি খোৱা যায় তেতিয়াও নানা জলজনিত ৰোগে মহামাৰী ৰূপ ধাৰণ কৰিব পাৰে। সেয়েহে বানপানী হৈ থকা আৰু শেষ হোৱাৰ ঠিক পিছৰ সময়খিনিত এই ৰোগবোৰ নহ’বৰ বাবে ল’বলগীয়া প্ৰধান আৰু প্ৰথম দায়িত্ব হ’ল বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা। এনে সময়ত সম্ভৱ হ’লে বটলত পোৱা বিশুদ্ধ পানী খাব লাগে। চৰকাৰৰ তৰফৰপৰা এই সময়ত বিশুদ্ধ খোৱা পানীৰ বটল যোগান ধৰা উচিত। কিন্তু বাস্তৱ ক্ষেত্ৰত এনেবোৰ ব্যৱস্থা হৈ নুঠে। গুৱাহাটী মহানগৰীৰ কিছ্বুমান অঞ্চলত হোৱা কৃত্ৰিম বানৰ সময়ত চৰকাৰৰ তৰফৰপৰা গুৱাহাটীৰ সৌভাগ্যৱান ব্যক্তিসকলে বিশুদ্ধ খোৱাপানীৰ যোগান পালেও গ্ৰামাঞ্চলৰ লোকসকলৰ ক্ষেত্ৰত এনে হোৱা দেখা নাযায়। সেয়েহে জনসাধাৰণে অলপ সজাগ হৈ নিজে অলপ কষ্ট কৰি কেইটামান সহজ উপায় অৱলম্বন কৰিলে এনে দুৰ্যোগকালত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰি এইবোৰ ৰোগৰপৰা ৰক্ষা পৰিব পাৰে।

যিহেতু বানপানীৰ সময়ত পানী ফিল্টাৰ কৰি খোৱাৰ সুবিধা নাথাকে, সেয়েহে যদি সম্ভৱ হয় এনে দুৰ্যোগ কালত পানী উতলাই চেঁচা কৰি খাব লাগে। পানী উতলালে জলজনিত ৰোগ সৃষ্টি কৰিব পৰা এক শতাংশ বীজাণুৱে ধ্বংস হয়। এনে ব্যৱস্থাৰে কৰা পানী খালে জলজনিত ৰোগবোৰ হোৱাৰ আশংকা নোহোৱা হৈ পৰে। কিন্তু সমস্যাটো হ’ল বাস্তৱত জানো বানপানী হৈ থকা অৱস্থাত পানী গৰম কৰি খোৱা সম্ভৱ? যদি কোনোবাই নদীৰ মথাউৰি, ওখ ৰাজপথ অথবা নাও বা ভূৰত আশ্ৰয় লৈ পানী ফিল্টাৰ কৰি অথবা উতলাই চেঁচা কৰি খাব পাৰে তেন্তে বিশুদ্ধ খোৱাপানী পোৱাৰ ই উৎকৃষ্ট উপায়। কিন্তু বানপানী শেষ হোৱাৰ ঠিক পিছৰ সময়খিনিত ৰাইজে ফিল্টাৰ কৰি অথবা উতলাই চেঁচা কৰিহে পানী খাব লাগে। তেতিয়া ই সম্ভৱো।

যদিহে পানী ফিল্টাৰ কৰা অথবা উতলোৱাৰ ব্যৱস্থা নাথাকে, তেন্তে এনে পৰিৱেশত খোৱাপানী বিশুদ্ধ কৰাৰ ফলদায়ক উপায় হ’ল পানীত ক্ল’ৰিন ব্যৱহাৰ কৰা। ক্ল’ৰিন সুলভ, সহজে উপলব্ধ আৰু ব্যৱহাৰ কৰিবলৈ সহজ। ক্ল’ৰিন পানীত মিহলালে ই মাইকোবেক্টেৰিয়াম আৰু হেপাটাইটিছ ‘এ’ক বাদ দি প্ৰায় ৯৯.৫ শতাংশ জলজনিত ৰোগ সৃষ্টি কৰিব পৰা বীজাণু ধ্বংস কৰিব পাৰে। প্ৰতি লিটাৰ পানীত কিমান পৰিমাণৰ ক্ল’ৰিন মিহলাব লাগে আৰু কিমান ৰেছিডুৱেল ক্ল’ৰিন থাকিব লাগে, সেয়া নিৰ্ভৰ কৰে পানীত থকা বীজাণুৰ পৰিমাণৰ ওপৰত। সেয়েহে চৰকাৰী স্বাস্থ্য কৰ্মীয়ে জনসাধাৰণৰ মাজলৈ গৈ পানীৰ নমুনা সংগ্ৰহ কৰি তাক পৰীক্ষা কৰি কিমান পৰিমাণৰ ক্ল’ৰিন কেনেকৈ মিহলাব লাগে শিকাই দিব লাগে। প্ৰতিদিনে স্বাস্থ্য কৰ্মীয়ে বানপানী হোৱা অঞ্চললৈ গৈ ক’লিফোৰ্ম কাউন্ট কৰাৰ বাবে পানীৰ নমুনা সংগ্ৰহ কৰিব লাগে। বজাৰত ছডিয়াম হাইপোক্লৰাইড, কেলছিয়াম হাইপোক্লৰাইড আৰু ব্লিচিং পাউদাৰ হিচাপে ক্ল’ৰিন পোৱা যায়। কিছুমান জলজনিত ৰোগ(যেনে- টাইফয়ড, ডায়েৰীয়া, ডিছেন্ট্ৰী, কলেৰা, লেপ্টোস্পাইৰোছিছ আদি) নহ’বৰ বাবে আগতীয়াকৈ প্ৰ’ফাইলেক্সিছ এন্টিবায়োটিক আৰু এন্টিডায়েৰেল দৰব খাব পাৰে। টাইফয়দ, হেপাটাইটিছ ‘এ’ আদি নহ’বৰ বাবে আগতীয়াকৈ ভেকচিনো ল’ব পাৰে।

উৎস:দৈনিক অসম

 

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate