অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিভিন্ন বিষ নিৰাময়ৰ উপায়

বিভিন্ন বিষ নিৰাময়ৰ উপায়

মানুহৰ শৰীৰত বহু কাৰনত বিষ হয়।তাৰে কিছুমান বিষ সাময়িক কিছুমান বিষে দীৰ্ঘদিনৰ কাৰনে শৰীৰত বাহ লয়।সচাঁ কথা বিষে মানুহক বৰ যন্ত্ৰনা দিয়ে।অধিক পৰিশ্ৰম কৰিলেও মানুহৰ গাৰ বিষ হয়।এই বিষ সময়ত নিজে কমি যায়।বহুতে এনে বিষ উপশমৰ কাৰনে মদ ভাং আদি সেৱন কৰে।কিছুমানে চাহকন খায়েই শৰীৰৰ স্নায়ু সতেজ কৰে।সঁচা কথা বহুদিনৰ মূৰত কুঠাৰ মাৰিলে বা কোৰ মাৰিলে বা অন্য নতুন কোনো শাৰীৰিক শ্ৰমযুক্ত কামত ধৰিলে মাংসপেশী লৰি গাৰ বিষ উঠে।এনে ধৰনৰ বিষ সাময়িকহে।সহ্য কৰিব পৰা ধৰনৰ হয়।বহুদূৰ চাইকেল চলোৱা খোজ কঢ়া দৌৰ মৰা আদিৰ বাবেও এনেধৰনৰ বিষ হয়।এনে বিষে বিশেষ যন্ত্ৰনা নিদিয়ে।আঘাত পোৱা বিষ দাতঁৰ বিষ,বিহফোহাঁৰ বিষ,গেছ বৃদ্ধি ফলত হোৱা পেটৰ বিষ গল ব্লাডাৰৰ বিষ বাতবিষ মূৰৰ বিষ বুকুৰ বিষ আদি অতি যন্ত্ৰনাদায়ক বিষ।শৰীৰৰ বহুবিধ বিষ আমি নিজেই নিৰাময় কৰিব পাৰোঁ।

বাত বিষ(আৰ্থাইটিছ)

বাতবিষে মানুহক পংগু কৰি পেলায়।এই বিষে দীৰ্ঘদীন যন্ত্ৰনা দিয়াই নহয়,ই মানুহৰ আয়ুসো চমু চপাই আনে।অভিজ্ঞতাৰ পৰা জনা গৈছে বাতবিষৰ অন্যান্য বহুতো কাৰনত ভিতৰত এটি কাৰন হল অধিক শুক্ৰ ক্ষয় আৰু শৰীৰৰ পৰা অধিক মাত্ৰাত প্ৰোটিন নিৰ্গমন।এনে ৰোগৰ খাদ্যই মানুহৰ বৈৰী হৈ পৰে।কনী চেনী আলু চৰ্বিজাতীয় বস্ত লাউ,হাহৰঁ মাংস গাহৰি মাংস খাহী মাংস ব্ৰ্যয়লাৰ মুৰ্গীৰ মাংস,বৰালী মাছ অধিক তেলত ভজা খাদ্য আদিয়ে বাত বিষ উৎপত্তিৰ মূল কাৰন।এনে ধৰনৰ খাদ্যই ধাতুৰোগ বগাস্ৰাৱ ৰোগ,স্বপ্নদোষ পেচাৱত প্ৰোটিন পৰা আদি ৰোগ বৃদ্ধি কৰে—যাৰ পৰিনতিত বাতবিষ উৎপন্ন হয় লগতে হৃদৰোগ কিডনিৰ সমস্যা ডায়েবেটিছ ৰোগ আদি ৰোগো বৃদ্ধি হয়।

জনা গৈছে ধাতুৰোগ আৰু বগাস্ৰাৱ ৰোগৰ বনৌষধে বাতবিষ হৃদৰোগ ডায়েবেটিছ জণ্ডিছ কিডনীৰ সমস্যা আদি নিৰাময় কৰিব পাৰে।মেদবহুলতাৰ ৰোগী সাধাৰনতে ধাতুৰোগ বগাস্ৰাৱ ৰোগ,প্ৰোটিন পৰা আদি ৰোগত স্বাভাৱিকতে ভোগে।এনেবিলাক উপসৰ্গত ভোগা লোকৰ শৰীৰত তেজৰ হিমগ্লবিন হ্ৰাস পায় আৰু ৰক্তহীনতাত ভোগে।স্নায়ুসমূহ দুৰ্বল হৈ পৰে যাৰ ফলত বাতবিষ হয়।মূৰৰ বিষ হয় লগতে মগজু দুৰ্বল হৈ পৰে বাবে স্মৃতি শক্তি আৰু দৃষ্টি শক্তি হ্ৰাস পায়।দীৰ্ঘদিন বাতবিষৰ ভুগিলে বা দীৰ্ঘদীন ধাতুৰোগ বগাস্ৰাৱ স্বপ্নদোষ আদিত ভুগিলে শৰীৰৰ মাংসপেশী শুকাই যায়।মহিলাৰ স্তন শুকাই যোৱা চকুৰ গুৰি কলা পৰা মাহেকীয়া অনিয়মীয়া বা সাময়িকভাবে কেইবা মাহো বন্ধ হৈ থকা কন্যাকাল হোৱাত পলম হোৱা সন্তানহীন হোৱা মাতৃ দুদ্ধ কমি যোৱা আদি সমস্যাত ভোগে।আচলতে এইবিলাক ৰোগ নহয়,ৰোগৰ উপসৰ্গ বা লক্ষনহে।দীৰ্ঘদীন ধৰি বাত বিষত ভুগি থকা ৰোগীসকলে নিজে বনৌষধ শিকি চিকিৎসা ললে কেইমাহমান ভিতৰতে সম্পূৰ্ন আৰোগ্য হব পাৰে।এটা কথা মনত ৰখা উচিত যে এনে ৰোগীয়ে খাদ্য সলনি কৰাৰ লগতে জীৱন শৈলীও সলনি কৰা উচিত।

বনৌষধ:ধাতুৰোগ বগ্ৰাস্ৰাৱ স্বপ্নদোষ পেচাৱত প্ৰোটিন পতন আদিৰ বাবে হোৱা বাতবিষত(১)বৰকনা শিমলু বনৰ কোমল আগ এমুঠি তালমিচিৰৰ লগত পটাত বাট সৰু নথকা গৰু গাখীৰৰ লগত মি-অপহলাই সিটাৰ সৈতে পুৱা খালী পেটত নিয়মিত কমেও এমাহমান খাব লাগে।ঔষধ খোৱাৰ সময়ত পথ্য অপথ্য বাচি খাব লাগে।ঔষধ খোৱাৰ সময়ত পথ্য-অপথ্য বাচি খাব লাগে।ঔষধ খোৱাৰ সময়ত পথ্য অপথ্য বাচি খাব লাগে।কনী আলু(কাঠ আলু মিঠা আলুও অপথ্য)ৰঙালাও,চৰ্ৱিযুক্ত বস্ত আদি পৰিহাৰ কৰাৰ লগতে মেদবহুলতাত ভোগাসকলে আহাৰ কমকৈ খাব লাগে।অধিক ভোজনে শৰীৰত শৰ্কৰা বৃদ্ধি কৰে।কিডনিৰ সমস্যাও হয়।

পেচাৱ বগা ডাঠ হলে যমলাখুটি গছৰ কোমল আলু চকলিয়াই বৰকনা শিমলু বনৰ লগত মিহিকৈ বটি গৰু গাখীৰৰ লগত তালমিচিৰি মিহলাই সিটাৰ সৈতে পুৱা খালী পেটত কেইবাদিন নিয়মিত খাব।ই পেচাৱ খোলোচা কৰি কিডনি সুৰক্ষিত কৰে।ই জণ্ডিছ ধাতু বগাস্ৰাৱ,স্বপ্নদোষ আদিৰ উত্তম বনৌষধ।

ভাতঘিলা গছৰ বাকলি খুন্দি বৈয়ামৰ পানীত কেইঘন্টামান তিয়াই(ৰাতি নহয় দিনতহে)ৰসৰ লগত মিহলাই সামান্য তালমিচিৰ দি আগবেলা দুৱাৰমান খাব লাগে।পাছবেলা শিমলু গছৰ বাকলি (ৰঙা ফুল ফুলা বিধ)পাতল পাতলকৈ কাটি বৈয়ামৰ পানীত এৰাতি তিয়াই ৰস উলিয়াই  বৰকনা শিমলুবনৰ ৰস মিহলাই সামান্য তালমিচিৰ দি খাব লাগে।দুয়োবিধ ঔষধ নিয়মিত খালে তেজৰ শৰ্কৰা কমে।নিয়মিত ইনচুলিন লোৱা ৰোগীও এই ঔষধ ব্যৱহাৰ কৰি আৰোগ্য হৈছে।অৱশ্যে এনে ৰোগীয়ে অপথ্য বাদ দি পথ্যও নিয়মিত খোৱা উচিত।এনে ৰোগীৰ কাৰনে বনশাক উত্তম পথ্য।বৰকনা শিমলুবন পনৌনুৱা মাটি কাদুৰি কেহঁৰাজবন,নৰসিংহ কলমৌ চেংমেৰা হেলচিশাক আদি উত্তম বন শাক।জনা গৈছে চেংমৰা হেলচি শাক পনৌনুৱা শাক,কলমৌ আদি ধাতু পতনৰ উত্তম পথ্য আৰু ঔষাধ।কেইৰাজবান,নৰসিংহ,মাটিকাদুৰি,মানিমুৰি আদিত প্ৰচুৰ লৌহ পদাৰ্থ পোৱা যায়।ফলত তেজত হিমগ্লবিন তৈয়াৰ হয় আৰু ৰোগ প্ৰতিৰোধ বা ৰোগ নিৰাময় কৰাত সহায় কৰে।কেহৰাজ বনৰ তিনিটা আগ একেলগে খুন্দি ৰস উলিয়াই মাছৰ লগত(মাগুৰ শিঙি শিঙৰা গৰৈ আদি মাছ হলে ভাল)সিজাই জোল কৰি এমাহমান খালে ৰক্তহীনতা দূৰ হয়।নৰসিংহ আৰু কেহৰাঁজবনৰ ৰস দাইলত দিও নিয়মিত খাব পাৰে।২)ধাতু,বগাস্ৰাৱ স্বপ্নদোষ আদিৰ উত্তম বনৌষধ গছ বনজালুক গছৰ পাত সৰু-খাজ কটা-স্বাদ মিঠা বহুতে মিঠা পাতৰ সৈতে কোমল আগ এমুঠি তালমিচিৰিৰ লগত বটি সৰ নথকা গৰু গাখীৰৰ লগত কমেও এমাহ খাব লাগে।

ধাতুৰোগৰ যিকোনো ঔষধ খালী পেটত খাব লাগে।ঔষধৰ পৰিমান কিছু বেছি হলেও অপকাৰ নকৰে।গছ বনজালুক গছৰ ডাল-পাত-শিপা তালমিচিৰিৰ লগত বটি ৰস খালে জণ্ডিচ।ডায়েবেটিছ,হৃদৰোগ নিৰাময় হয়।শিপা গেষ্ট্ৰিক,বমি আদিৰ উত্তম বনৌষধ।তিনি/চাৰিডাল শিপাৰ বাকলি এৰুৱাই (এজোপাৰ পৰা এডাল শিপাহে লব)জালুকৰ লগত বটি পানীৰ লগত ৰস কৰি সিটাৰ সৈতে ঔষধ খাব লাগে।ই বমি গ্ৰহনী,গেষ্ট্ৰীক গেছ বৃদ্ধিৰো উত্ত্ম অব্যৰ্থ ঔষধ।ধাতুৰোগত আৰু অনেক বনৌষধ আছে যদিও বৰকনা শিমলুবন আৰু গছ বনজালুক গছ সহজ লভ্য আৰু সৰ্বোত্ত্ম বুলি জনা গৈছে।কিয়নো বৰকনা শিমলু বনে বহু ৰোগ নিৰাময় কৰাই নহয় ই শৰীৰৰ শক্তিবৰ্ধক ৰোগ প্ৰতিৰোধক হিচাবেও কাম কৰে।শতমূলৰ আলু তকৰিয়া লতাৰ আলু(সোন পৰুৱা পৰা লতা)যমলাখুটি গছৰ আলু শিমলু গছৰ বাকলি ওদাল গছৰ বাকলি কোৱামনি গছৰ শিপা ডালিম গছৰ শিপা অকলবিৰৰ পাত,চালকুৱৰিঁ(ঘৃতকুমাৰী)চেংমৰা,সোনবৰিয়াল শিপা আদি অনেক বনৌষধ ধাতুৰোগত ব্যৱহাৰ হয়।অৱশ্যে ধাতু ৰোগত পেচাৱৰ দোষ ৰক্তহীনতা আদি থাকে।সেই কাৰনে পেচাৱ বৃদ্ধিকাৰক ওডালগছৰ কুমলীয়া পাত,লাহৰী লতা,যমলাখুটিৰ আলু,ভাতঘিলা গছৰ বাকলি,দুপৰ টেঙা,কেহঁৰাজবন,পনৌনুৱা আদি বনৌষধৰ লগত মিশ্ৰ্ন পদ্ধতি হৈছে উত্তম পদ্ধতি যাৰ দ্বাৰা বহু পুৰনা ৰোগো নিৰাময় কৰিব পাৰি।অৱশ্যে বিভিন্ন ঔষধি উদ্ভিদ মিশ্ৰন কৰি ঔষধ প্ৰস্তত কৰোতেঁ অভিজ্ঞতাৰ প্ৰয়োজন।নহলে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা থাকে।অসম্মাতে সিৰা-উপসিৰা উপৰা-উপৰি হৈ স্থানচ্যুত হৈ তেজ চলাচলত বাধা প্ৰাপ্ত হলেও বিষ হয়।এনে বিষেও বেজী লোৱা বা বনৌষধ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে ব্যায়াম বা যোগ অভ্যাসৰ দ্বাৰা বিষ দীৰ্ঘদীনৰ কাৰনে নিৰাময় কৰিব পাৰি।

হাতৰ বাউসীত বিষ হলে বেৰত আঙুলি বুলাই লাহে লাহে ওপৰলৈ নিব লাগে।এনে ব্যায়ম প্ৰতিদিনে কৰাৰ উপৰিও বিষোৱা হাতখনৰে যঁতৰৰ দৰে চকা বান্ধি লৈ দুয়োপাকে প্ৰ্তিদিনে কিছুসময় ঘুৰাব লাগে।এনে কৰিলে সিৰাসমূহ সক্ৰিয় হৈ পৰে।তেজ চলাচল হলে বিষ নাশ হয়।পিঠিৰ সোমাজতঁ বিষ হলে তলমুবাকৈ শুৱাব লাগে।এনে কৰিলে সিৰাসমূহ সক্ৰিয় হৈ পৰে।তেজ চলাচল হলে বিষ নাশ হয়।পিঠিৰ সোমাজতঁ বিষ হলে তলমুৱাকৈ শুৱাৱ লাগে।পুনৰ বাওঁ হাত আৰু সোভৰিতঁ ধৰি একে নিয়মে দাঙিব লাগে।পুনৰ বাওঁ হাত আৰু সোঁভৰিত ধৰি সামান্য ওপৰলৈ দাঙিব লাগে।পুনৰ বাওঁ হাত আৰু সোঁভৰিত ধৰি একে নিয়মে দাঙিব লাগে।এনে কৰিলে সিৰা টান খাই স্বাভাৱিকতে তেজ চলাচল কৰিলেই বিষ নাইকীয়া হয়।হাতৰ গাঠিঁ বা হাতৰ বিষত লৰ চৰ কৰিব নোৱাৰিলে পানী তোলাৰ দৰে চকৰিত ৰচি বান্ধি প্ৰথমে কম ওজনৰ বস্ত টানি দাঙিব লাগে।পাচলৈ ওজন বঢ়াই গৈ থাকিব লাগে।পাচলৈ ওজন বঢ়াই গৈ থাকিব লাগে।পুন:পুন এনে ব্যায়ম কৰিলে হাতৰ স্নায়ু সব্ল হয়।বিষো নাইকীয়া হয়।তেজ চলাচলত বাধাপ্ৰাপ্ত হলে বা স্নায়ুসমূহ শিথিল হৈ পৰিলে কেতিয়াবা কেতিয়াবা সাংঘাটিক মূৰৰ বিষ হয়।এনে বিষত ব্যায়ম কৰিলে ত্ৎক্ষনাত নিৰাময় হয়।আঠু পোন কৰি থিয় হৈ ওপৰলৈ হাত পোন কৰি দাঙি উশাহ বন্ধ কৰি লাহে লাহে আগলৈ হাউলি পুন:পুন ব্যায়ম কৰিলে মূৰৰ সিৰাসমূহ সক্ৰিয় হৈ পৰিলে তেজ চলাচল স্বভাৱিক হয়।মূৰৰ বিষো নাইকীয়া হয়।আঠুৰ বিষত পদ্মাসন,গুহ্য আসন,দৌৰা,খোজকঢ়া,উঠা-বহা ব্যায়ম আদি উপকাৰী।ব্যায়ম দীৰ্ঘদীন ধৰি কৰি থাকিলে কচকা খোৱা,আঠুৰ বিষ আদি নিৰাময় হয়।মুৰৰ বিষৰ বাবে শীৰ্ষাসন,ককালঁ বিষৰ কাৰনে ধনুৰাসন উপকাৰী।বয়সীয়ালসকলে ককাঁলৰ বিষত আন ব্যায়ম কৰাৰ উপৰিও আগলৈ হাউলি কৰা ব্যায়ম পাচলৈ হাউলি কৰা ব্যায়ম অৱশ্যেই কৰিবই লাগে।ধনুৰাসন কৰাৰ অসুবিধা হলে বা অভ্যাস নাথাকিলে বিচনাত গাৰু দি গাৰুৰ ওপৰত ককাঁল থৈ ওপৰ মুৱাকৈ শুই ভৰিৰ অংশ তললৈ হাউলাই দি যিমান সময় পাৰি ব্যায়ম কৰা উচিত।মনত ৰখা উচিত ব্যায়ম কৰাৰ সময়ত মুখ মেলি শ্বাস-প্ৰ্শ্বাস লব লাগে।এৰিব লাগে।হাতৰ বাউসীত পাছফালে পিঠিত তীব্ৰ বিষ হলে হাত দুখন দুয়োফালে ঘুৰাৱ লাগে।হাত-উঠা নমা কৰি ব্যায়ম কৰিব লাগে।ওপৰত ধৰি ওলমিবলৈ যত্ন কৰিব লাগে।সচাঁ কথা হঠাতে দুখ পাই শৰীৰত বিষ হলে ব্যায়ম নিয়মিত কিছুদিন কৰিলে বিষ নিৰাময় নোহোৱাকৈ নাথাকে।অৱশ্যে দীৰ্ঘদীনিয়া বিষ বা পুৰন বিষ নিৰাময় কৰিবলৈ কেতিয়াবা দুই তিনি বছৰ প্ৰয়োজন হয়।কিয়নো সিৰা গাঠিৰঁ দৰে লাগিলে ব্যায়মো লাহে লাহে প্ৰতিদিনে অলপ সময়ৰ বাবে কৰিব লাগে।অৱশ্যে ব্যায়ম কৰাৰ সময় ক্ৰমাৎ বঢ়াই যাব লাগে।ধৈৰ্যসহ এনে ব্যায়ম কৰিলে বিষত নিশ্চয় সুফল লাভ কৰিব পাৰি।কঠিন বিষত জোৰ কৰি ব্যায়ম কৰি সোনকালে আৰোগ্য হোৱা কামনা নকৰাই মংগল।এনে ব্যায়মৰ দ্বাৰা হিতে বিপৰীত হোৱাৰ সম্ভাৱনাহে থাকে।সচাঁ কথা আগতে ব্যায়ম নকৰিলে প্ৰথমে ব্যায়ম কৰিব লগা হলে কষ্ট হয় ব্যায়ম কৰা সহজো নহয়-ই অভ্যাসৰ  ওপৰত সম্পূৰ্ন নিৰ্ভৰ কৰে।সেয়েহে বয়সীয়ালসকলে বাধাত পৰি ব্যায়ম যোগ অভ্যাস কৰিব লগা হলে লাহে লাহে শিকি বুজিহে ব্যায়ম যোগাভ্যাস কৰিব লাগে।অধিক কঠোৰ পৰিশ্ৰম কৰা অধিক ওজনৰ বস্ত তোলা অধিক ব্যায়ম কৰা লোকৰ বয়স বাঢ়ি আহিলে তৰুন অস্থি আদি দুৰ্বল হৈ বিষ হয়।অৱশ্যে বয়স বেছি হলে মাংস পেশী শুকাই যোৱা স্নায়ু দুৰ্বল হোৱা আদি কাৰনেও বিষ হয়।মেদবহুলতাত ভুগিলে হাড় দুৰ্বল হৈ বিষ হয়।বয়সীয়াল লোক সাধাৰনতে সন্ধিবাত ৰোগত ভুগিব পাৰে।

বয়সস্থ লোকৰো খাদ্যৰ দোষত প্ৰস্ৰাৱত প্ৰোটিন পৰে যিটো নিজেও গম নাপায় এনে কাৰনতো গাৰ বিষত ভুগিব লাগে।পাতল ব্যায়ম পৰিশ্ৰম আৰু লৌহ পদাৰ্থ,পুষ্টিগুন থকা খাদ্যই মানুহক বাত বিষৰ পৰা সকাহ দিব পাৰে।জনা গৈছে কম তেল দি ৰন্ধা বা তেল নিদিয়াকৈ সিজোৱা পুষ্টিকৰ শাক-পাচলি বন শাক আদিয়ে শৰীৰ সবল হৈ থকাত সহায় কৰে। অৱশ্যে পৰিৱেশ জনিত কাৰনত বিভিন্ন ৰোগৰ বিভিন্ন ৰোগৰ বাবে পুৰনা আঘাতজনিত কাৰনত মানসিক দুশ্চিন্তাতো শৰীৰত অনেক বিষ হয়।জ্বৰ নিউমোনীয়া গলব্লাডাৰ,গেষ্ট্ৰিক গেছ বৃদ্ধি এপেণ্ডিচাইটিছ,ঋতুকাল,অম্লশূল বিহফোঁহা আদিতো বিষ হয়।নিউমোনোয়াত কঠনা গছৰ বাকলি চিকামৰ্লীয়া গছৰ কৰমগছ বাকলি লেটাগুটিৰ সাহ,জালুক,লং দি বাটি খালে নিউমোনিয়া,গলব্লাডাৰ,গেষ্ট্ৰিক গেছ বৃদ্ধি এপেণ্ডিচাইটিচ,ঋতুশূল,অম্লশূল,বিহফোহাঁ আদিতো বিষ হয়।নিউমোনিয়াত কঠনা গছৰ বাকলি,চিকাৰমলীয়া গছৰ(কৰমগছ)বাকলি,লেটাগুটিৰ সাহ,জালুক,লং দি বটি খালে নিউমোনিয়াত হোৱা গাৰ বিষ মুৰৰ বিষ বুকুৰ বিষ নিৰাময় হয়।কঠনা গছৰ বাকলিত জ্বৰ নিৰাময় কৰিব পৰা আৰু চিকাৰমৰলীয়াৰ বাকলিত কফ নাশ কৰিব পৰা ঔষধি গুন আছে।গ্ৰহনী ঋতুকাল আদিত পেট বিষৰ কাৰনে ধপাত তিতা কুমুলিয়া পাত জালুকৰ লগত বটি ৰস খাব লাগে।মাটি কঠলুৱা গছৰ শিপাৰ বাকলি কলা বাওকচুৰ টেপু বৰাহুৰ আলুৰ লগত জালুক দি ঔষধ খালেও ঋতুশূলৰ বেদনা নাশ হয়।গ্ৰহনীত ধপাততিতা পাত,ফুটকলা পাত,কেহঁৰাজবন,মধুৰী আমৰ কোহঁ,ডালিমৰ পাত বটি ৰস খালে সকলো ধৰনৰ গ্ৰহনী নিৰাময় হয়।অম্লশূলত ওভটাবনৰ শিপাৰ বাকলি জালুকৰ লগত পুৱাবেলা আৰু বৰাহুগছৰ আলু জালুকৰ লগত খুন্দি পাচবেলা নিয়মিত খাব লাগে।জনা গৈছে বৰাহুৰ আলু তীব্ৰ যন্ত্ৰনা দিয়া গেছ বৃদ্ধি পেট বিষত জালুকৰ সৈতে খালে নিৰাময় হয়।ই গেষ্ট্ৰিক ৰোগো নিৰাময় কৰে।

গছ বন জালুক গছৰ শিপা বা জাৰ্মানী গছৰ শিপা জালুকৰ লগত খুন্দি পানীৰ লগত ৰস কৰি নিয়মিত খালে গেষ্ট্ৰিক ৰোগ নিৰাময় খালে গেষ্ট্ৰিক ৰোগত কেচাঁ তেজপাত জালুকৰ লগত বটি নিয়মিত খালে সকাহ পোৱা যায়।কেচাঁ কনজলকীয়া আদা,পিয়াজ,গেষ্ট্ৰকৰ উত্তম পথ্য।গলব্লডাৰ আৰু এপেণ্ডিচাইটিছ ৰোগ ডাক্টৰী চিকিৎসা কৰাই উত্তম।এপেণ্ডিচাইটিছ ৰোগ কম হৈ থাকিলে বিহলঙনিৰ শিপা শুকলতিৰ শিপা জালুকৰ লগত খুন্দি ৰস দিনে দুবাৰকৈ(পুৱা খালী পেটত)এমাহমান খালে আৰোগ্য হয়।ভাতঘিলা গছৰ বাকলি ৰোগ হোৱ ঠাইত বান্ধিলে আৰু ভাতঘিলা গছৰ বাকলি ৰস জালুক দি ন নিয়মিত খালে সাধাৰন এপেণ্ডিচাইটিছ কমে।কনী চৰ্বিযুক্ত খাদ্য,মাংস,কলডিল,পূৰাকল গাখীৰ আদিয়ে এপেণ্ডিচাইটিচ ৰোগ বৃদ্ধি কৰে।কোষ্ঠবদ্ধতা(শৌচ টান,খোলোচা নোহোৱা)অধিক প্ৰোটিনযুক্ত খাদ্য,গেষ্ট্ৰিক,গ্ৰহনী গেছ,বৃদ্ধি আদিৰ বাবেও গলব্লডাৰ পাথৰি ৰোগ হব পাৰে।কনী চৰ্বিযুক্ত খাদ্য কল চৰ্বিযুক্ত মাংস চেনী গাখীৰ আদিয়ে(যিবোৰ গেছ বৃদ্ধি কৰে)গলব্লাডাৰ বিষ বৃদ্ধি কৰে।

চকুকূটা দাতঁশূলৰ বিষ বেছি বুলি কোৱা হয় যদিও কোনোটো বিষেই অসহনীয় নহয়।গলব্লাডাৰৰ বিষ হলে পেট কাটি পেলাবলৈ মন যায়।দাতঁৰ বিষ হলে একেদিনাই দাতঁবোৰ সৰুৱাই পেলাবলৈ মন যায়।চকুৰ বিষো কম জানো।অপৰিস্কাৰ কৈ ৰখা দাতঁ,ব্ৰাছেৰে বেচিকৈ নিয়মিত ধোৱা দাতঁ নিয়মিয়াকৈ চেনী খোৱা টান বস্ত চোবোৱা আদিৰ কাৰনেও দাঁতৰ বিষ হয়।অতি তপত বস্ত গৰমে গৰমে নিয়মিত খালে বা অতি চেচাঁ বস্ত(বৰফ শীতল পানী,ফ্ৰীজত থোৱা চেচাঁ বস্ত)নিয়মিত খালে দাতৰঁ গুৰিবোৰ লৰি বা দাতঁ ঢিলা হৈ বিষ হয়।অকালতে দাতঁ সৰা ইয়ো অন্যতম কাৰন।পেপাঁ বাহীঁ আদি জোৰেৰে ফুঁ দি বজোৱা বাদ্য যন্ত্ৰ নিয়মিত বজালেও অকালতে দাঁত সৰে বুলি কয়।অৱশ্যে বহুতৰ বংশগত বা আঘাতজনিত কাৰনতো।দাঁত অকালতে সৰে।অকালতে দাতঁ ঢিলা হলে বিষ হলে গৰম পানীত ফিটকিৰি মোহাৰী পানীখিনী কেহাঁ টেঙা কৰি দিনে দুই তিনি বাৰকৈ কুল-কুলি কৰিলে(ৰাতি খোৱাৰ পিছত নিয়মিত ফিটকিৰি মিহলোৱা পানীয়ে কুল কুল কৰিব লাগে)দাতৰঁ বিষৰ উপশম হয়।চেনী,গুৰ আদি মিঠা বস্ত খালে বিষ তীব্ৰ হয়।গতিকে মিঠা বস্ত খাব নালাগে।সোনবৰনীয়া গছৰ শিপাৰ বাকলি(দুয়োবিধ)গাখীৰতি বনৰ পাত,দোৰন বনৰ পাত একেলগে বটি দাতৰঁ গুৰিত লগালেও পোক নাশ হয় বুলি বিশ্বাস কৰে।দাতঁ কঠিন ব্ৰাছেৰে ব্ৰাছ কৰিলে দাতৰঁ আলু ক্ষয়প্ৰাপ্ত হয়,দাতঁ সেৰেঙা হয়,দাতৰঁ গুৰিত চেনী বা মিঠা বস্ত লাগি তীব্ৰ বিষ হয়।এনে হলে ব্ৰাছৰ ব্যৱহাৰ কমাই দিব লাগে।ভেৰেনা,কৰচৰ,ঠাৰি সৌৰা গছৰ ঠাৰিৰে দাতঁ মাজিলে দাতৰঁ ৰোগ নাশ হয়,দাতঁ সবল হয়।এঙাৰ মিহি কৰি দাঁত ধুলেও চাফা হয়।নিম ঠাৰিৰে দাতঁ মাজিলেও দাতঁৰ ৰোগ নহয়।দাঁতৰ বিষৰ পৰা পৰিত্ৰান পাবলৈ হলে আগতীয়াকৈ দাতৰঁ যাতন লোৱা দৰকাৰ।অসহ্য দাতৰঁ বিষত ছটফটাই থাকিব লাগে।

ডিঙিৰ ফেৰিনজাইটিছ টনচিল আলজিভা বঢ়া আদিতো বিষ তীব্ৰ হয়।কেচাঁ কনজলকীয়া খুন্দি ব্যৱহাৰ কৰিলে সকাহ পোৱা যায়।টনচিলত মনিছাল গুটিৰ ওপৰত থকা বাকলি অকন অকনকৈ ৰাতি শোৱাৰ সময়ত চোবাই ৰস চুহিলে টনচিল নিৰাময় হয়।আলজিভা বঢ়াত কেচাঁ হালধিৰ ৰস,দোৰনবনৰ পাতৰ ৰস,কেচাঁ কনজলকীয়াৰ লগত লগালে উপকাৰ পোৱা যায়।পুৰনা গুৰৰ লগত বহুবছৰীয়া তেতেলী মিহলী কৰি খালেও ডিঙিৰ বিষ কমে।মুখৰ ভিতৰৰ ঘা জিভাৰ ঘাত কেচাঁ কনজলকীয়া বটি ৰাতি শোৱাৰ সময়ত নিয়মিত লগাব লাগে।দিনতো খোৱাৰ পাছত ঔষধ ব্যৱহাৰ কৰিব পাৰি।

ভৰিৰ তলুৱাত মাংস বাঢ়ি বিষ হলে শিল গৰম কৰি আকন পাত দি তাৰ ওপৰত ভৰি থৈ নিয়মিত সেক দিলে ৰোগ নিৰাময় হয়।কচকাত বিষ হলে জনা লোকৰ দ্বাৰা মালিচ কৰাৰ লগতে হাড় জোৰা ঔষধ বান্ধিলে বিষ নাশ হয়।নখচুকীয়াত বিষ বেছি হলে কনী বিহৰ গুটি পানীৰ লগত মিহলি কৰি লগালে এদিনতে পকাই গেলা পুজঁ,পানী বাহিৰ কৰি ৰোগ নিৰাময় কৰে।অৱশ্যে দৰৱ লগোৱাৰ পাছত পকাবলৈ যি যন্ত্ৰনা দিয়ে সহ্য কৰাই কঠিন।হাতৰ নখ পোকে খালেও এই ঔষধ ব্যৱহাৰ কৰি ভাল কৰিব পাৰি।অথচ সহ্য কৰা টান।নখত পোকে খালে দুবৰি বনৰ আগ এশ এটা দোৰন বনৰ শিপা সৰু সোনবৰনীয়া গছৰ শিপা একেলগে কৰি নখত পুন:পুন বহুবাৰ বিৰতি নোহোৱাকৈ ঘহিঁ থাকিলে পোক বাহিৰ হয়।

কুজাঁ হৈ কাম কৰিলে ৰাজহাড় বেকাঁ হৈ বিষ হয়।পাচি,খৰাহী,ঢৰা আদি কুজাঁ হৈ সজাৰ কাৰনে ৰাজহাড় বেকা হৈ বিষ অনুভৱ হয়।চকুৰ অসুখ হলে আঘাত পালে চকুৰ বিষ হয়।ৰাতি শোৱাৰ সময়ত নেমুৰ ৰস দুটোপালমান চকুৰ কোনত দি পিৰিকিয়াই দি শুই থাকিলে চকুৰ ৰোগ কমে।বিষ নাশ হয়।নেমুৰ ৰস উলিয়াওতে কটাৰি ব্যৱহাৰ নকৰাই ভাল।হাতেৰে নেমুৰ ফোটা উলিয়াব পাৰি।

অৰ্শ বা কেচুঁমূৰিয়া ৰোগতো বিষে যন্ত্ৰনা দিয়ে।ফুটকলা গছৰ পাত দহখনমান জালুকৰ লগত বটি নিয়মিত খাব লাগে।বিকল্প বিহলঙনীৰ শিপা এমুঠি খুন্দি ৰস গৰৈ মাছৰ লগত জালুক দি সজাই নিয়মিত খাব লাগে।ৰঙালতা ঢেকীয়া বা কপৌ লতাৰ শিপা বটি ৰস খালে অৰ্শ ৰোগ নিৰাময় হয়।হাতৰ আঙুলিত হোৱা পবাত বগা ওভটাবনৰ শিপাৰ বাকলি খুন্দি গৰু গাখীৰ আৰু ঘিউৰ লগত মিশ্ৰন কৰি জুইত সেক দি আঙুলিত বান্ধি থলে ফোহাঁ বহি যায়।আঙুলি পবাৰ প্ৰথম অৱস্থাত তেলেৰে(ঘনাই কৰিব লাগে)আঙুলি মালিচ কৰিলে মুঠিয়াই মুঠিয়াই ঘনাই আঙুলিৰ ব্যায়ম কৰিলেও পৰা নষ্ট হয়।জনা গৈছে তেজ চলাচল দোষতে আঙুলিত পবা হয়।সচাঁ কথা শৰীৰৰ কিছুমান বিষ আমি নিজেই নিৰাময় কৰিব পাৰোঁ লাগে মাত্ৰ চেষ্ঠা।

বিশ্বেশ্বৰ চুতীয়া

শেহতীয়া উন্নীতকৰণ: : 6/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate