অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিস্ফোৰক বা বিহ ফোঁহা বৰ যন্ত্ৰণাদায়ক

বিস্ফোৰক বা বিহ ফোঁহা বৰ যন্ত্ৰণাদায়ক

ৰোগৰ বৰ্ণনা দিবলৈ হ’লে এইদৰে ক’ব লাগিব যে শৰীৰৰ যি কোনো অংশতে প্ৰথমে এটা সাধাৰণ ব্ৰণ ফুলি উঠে। মুখতে অকণমান পুঁজ থাকে কিন্তু অতি শীঘ্ৰে নীলা ৰঙা বৰণ ধাৰণ কৰি বেছ এটা অঞ্চল টান হৈ পৰে। বহুতৰ ধাৰণা ৰক্ত বিষাক্ত হোৱাৰ বাবে এইৰোগ হয়। মুখখনত থকা পুঁজ দুদিনমানৰ পিছত ফাটি ওলাই যায়।

সাধাৰণতে হোমিঅ’পেথিক চিকিৎসাত লক্ষণেই মূল বস্তু। বিষায় নে? বিষ কেনে ধৰণৰ? চিৰিঙতি পৰা নে তপ্‌ তপ্‌কৈ বিষায়? এনেবিলাক লক্ষণৰ ভিত্তিতেই ঔষধৰ নিৰ্বাচন হয়। আন আন চিকিৎসা পদ্ধতিত আন ধৰণে চায়। ফোঁহা হ’লে সাধাৰণতে লিৰিকি বিদাৰি চাই তাৰ প্ৰকৃতি নিৰ্ধাৰণ কৰা হয় আৰু তাত ব্যৱহাৰ হ’ব লগা ঔষধকে প্ৰথমে দিয়ে। হেপাৰ ছালফ,  চাইলিচিয়া আদি ঔষধ বেছিকৈ ব্যৱহাৰ হয়।

পিচে সকলো ধৰণৰ ফোহা বিহ ফোঁহাত হেপাৰ ছালফ চাইলিচিয়া দিয়াটো উচিত নহয়। হেপাৰ ছালফ ঔষধে পুঁজ উৎপন্ন কৰি ফোঁহাটো ফুটাই দিব পাৰে। চাইলিচিয়াই কলডিলৰ এঠাৰ দৰে পুঁজ ওলাই থাকিলে ওলোৱাটো বন্ধ কৰি ঘাডোখৰ শুকুৱাই দিব পাৰে। আনহাতে মাখনৰ দৰে ডাঠ পুঁজ থাকিলে, পুঁজখিনি পনীয়া কৰি আৰোগ্যও কৰিব পাৰে।

কথা হ’ল, বিহ ফোঁহাত পূঁজ নাম মাত্ৰহে থাকে। বাকীখিনি গেঠেলা মৰা মাংসপেশী। গেঠেলা মৰা ঠাইখিনি বেঙুনীয়া, নীলা ধৰণৰ। এনেয়ে বিষ নেথাকে, চুই দিলে, হাত লাগিলে বিষায়। ঠাই ডোখৰ দেখিলে ভয় লাগে। বিহ ফোঁহা ওলোৱাৰ কোনো নিৰ্দিষ্ট সময় নাই। বাৰ মাহে দেখা দিয়ে। পিচে এতিয়া যি বতৰ, এই বতৰতো বহুতৰে বিহ ফোঁহা ওলায়। কাৰোবাৰ এটা-দুটা বা কাৰোবাৰ কেবাটাও ওলায়। নোম থকা অঞ্চলত ওলালে তিনি চাৰিটা চকু বা মুখ থাকে। তেতিয়া ই কষ্ট দিয়ে। এই টান কঠুৱা বিহ ফোঁহা ভালদৰে চিকিৎসা কৰিলে অতি কম সময়তে আৰোগ্য হয়।

কাষলতিৰ তলতো এক প্ৰকাৰৰ কঠুৱা বিহ ফোঁহা হোৱা দেখা যায়। এটাৰ পিছত এটাকৈ ওলায়ো থাকে। বিশেষকৈ মহিলাৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায়। বেছি শকত আৱত মহিলাৰ কাষলতিৰ তলত এনেধৰণৰ বিহ ফোঁহা বেছিকৈ হব পাৰে। ডায়েবেটিছ ৰোগত ভুগি থকা পুৰুষ মহিলাৰ কাষলতিৰ তলত এনেধৰণৰ বিহ ফোঁহা প্ৰায়ে ওলায়। ডায়েবেটিছ ৰোগীৰ বিহ ফোঁহা হ’লে ৰোগীয়ে বৰ কষ্ট পায় আৰু এনে ফোঁহাৰ ঘাও সোনকালে নুশুকায়। কোনো কোনো পুৰুষৰ ডিঙি বা গলধনৰ কাষতো নোম থকা অঞ্চলত এনেধৰণৰ ফোঁহা হোৱা দেখা যায়। ক’লাফুল বা কৰঙণৰ চুকতো ওলায়। দুই তিনিটা চকু থকা বিহফোঁহাও হয়। এনে ধৰণৰ ফোঁহাই বৰ কষ্ট দিয়ে।

এই ধৰণৰ ফোঁহাৰ প্ৰকৃত চিকিৎসাৰ বাবে টেৰেণ্টুলা কিউবেন-৩০ আৰু মাইৰিছটিকা ছেভ-৩০ ভাল ঔষধ। দুয়োটা ঔষধ ইটো সিটোকৈ খালে, বিষৰ প্ৰকোপ কমি আহে। গেঠেলা বা কঠুলা হোৱা অংশ কোমল হৈ আহে। বিষ বেছিকৈ থাকিলে মাজে মাজে বেলেডনা, একোনাইট এক/দুই পালি দিব লাগে। বিষ ভাল পায়।

ফোঁহা, ঘামগাৰ, বিহফোঁহা, ব্ৰণ, মোটা শালমইনা বা বেচু যিয়েই নহওক কিয়, উপযুক্ত চিকিৎসা পালে সকলো ৰোগেই ভাললৈ আহে। কোনো ৰোগেই সহজ নহয় বা টান নহয়। আৰম্ভণিতে সু-চিকিৎসা পালে, সহজতে ভাল হৈ যায়।

লিখক: ডা: মদম্মদ ইউছুফ, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate