অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বেছি ঠাণ্ডা পানী খোৱাটো বিপজ্জনক :

বেছি ঠাণ্ডা পানী খোৱাটো বিপজ্জনক :

 

বাহিৰত গৰমত লৰা-ঢপৰা কৰি আহি ফ্ৰিজৰ শীতল পানী ঢকঢককৈ পান কৰাটো আপোনাৰ অভ্যাস নেকি? যদিহে অধিক শীতল পানী খোৱাৰ অভ্যাস গঢ়ি তুলিছে, তেতিয়াহ’লে ইয়ে আপোনাৰ শৰীৰৰ মাৰাত্মক ক্ষতি কৰিব পাৰে। শেহতীয়াভাৱে চলোৱা এক গৱেষণাত উপলব্ধ তথ্য অনুসৰি বেছি ঠাণ্ডা পানী খোৱাৰ ফলত দাঁতৰ ভেগাছ স্নায়ুত বেয়া প্ৰভাৱ পৰে। এই ভেগাছ স্নায়ু হৈছে আমাৰ স্নায়ুতন্ত্ৰৰ অতি গুৰুত্বপুৰ্ণ এটি অংশ। বেছি ঠাণ্ডা পানী খোৱাৰ ফলত ভেগাছ স্নায়ু উদ্দীপিত হৈ উঠে, যাৰ ফলত হৃদযন্ত্ৰৰ গতি বহু পৰিমাণে কমি যাব পাৰে। শৰীৰ চৰ্চা বা কাম কৰাৰ পিছতো অধিক শীতল পানী খোৱা উচিত নহয়। কাৰণ শৰীৰ চৰ্চাৰ পিছত দেহৰ তাপমাত্ৰা স্বাভাৱিক অৱস্থাতকৈ বেছি পৰিমাণে বৃদ্ধি পায়। এই সময়ত ঠাণ্ডা পানী খোৱাৰ ফলত ইয়ে দেহৰ তাপমাত্ৰাৰ লগত বাহিৰৰ পৰিৱেশৰ তাপমাত্ৰাৰ সামঞ্জস্য ৰখাত ব্যৰ্থ হয়। ফলত হজমৰ সমস্যাই দেখা দিয়ে। বিশেষজ্ঞসকলৰ মতে পৰিশ্ৰমৰ পিছত যদি অলপ গৰম পানী খোৱা যায়, তেতিয়াহ’লে সুফল লাভ কৰিব পাৰি। অতিৰিক্ত ঠাণ্ডা পানী খোৱাৰ ফলত ৰক্তনলী সংকুচিত হৈ পৰে। কেৱল সেয়ে নহয়, হজমৰ সময়ত যিবোৰ পুষ্টি গুণ আমাৰ শৰীৰে শোষণ কৰে সেয়া বাধা প্ৰাপ্ত হয়। ফলত হজমৰ ক্ষেত্ৰত মাৰাত্মক সমস্যাই দেখা দিব পাৰে। বিশেষজ্ঞসকলৰ মতে আহাৰ খোৱাৰ পিছত ঠাণ্ডা পানী খোৱাটো একেবাৰে পৰিহাৰ কৰা উচিত। কাৰণ ইয়াৰ ফলত শ্বাসনলীত শ্লেষ্মাৰ অতিৰিক্ত আৱৰণ সৃষ্টি হয়। যিয়ে সংক্ৰমণৰ সম্ভাৱনা অধিক বৃদ্ধি কৰে।

উৎস: নিয়মীয়া বাৰ্তা

 

শেহতীয়া উন্নীতকৰণ: : 2/29/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate