অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ব্যায়াম, খাদ্যই আমাক ধুনীয়া কৰি ৰাখে

ব্যায়াম, খাদ্যই আমাক ধুনীয়া কৰি ৰাখে

শীতৰ দিনত আমাৰ ছাল আৰু চুলি স্বাস্থ্যৱান কৰি ৰখাৰ বাবে কেইটামান উপায় অৱলম্বন কৰিব লাগে। তেতিয়া আমি শীতৰ আমেজ লৈ ধুনীয়া হৈ থাকিব পাৰো।

শীতত ব্যায়াম কৰি ছালক সতেজ কৰি ৰাখিব পাৰো। আসন কৰিলেও আমাৰ স্বাস্থ্য ভালে থাকে। শৰীৰৰ পৰা ট’ষ্কিন আঁতৰি বিভিন্ন বেমাৰৰ পৰা মুক্ত কৰি ৰাখে। আমাৰ মাংসপেশী সবল কৰি ৰাখে। এলাহ ভাব নাথাকে। আসন কৰি ঘামৰ মাধ্যমেৰেও শৰীৰৰ ট'স্কিন আঁতৰাব পাৰি। আমাৰ হজম শক্তি সঠিক হয়। তেজ চলাচল সঠিক হয়। যি ব্যায়ামেই ভাল লাগে সেয়াই কৰিব লাগে। তাৰ ভিতৰত খোজ কঢ়া, নৃত্য কৰা, দৌৰা ইত্যাদি ব্যায়াম কৰি আনন্দ উপভোগ কৰিব লাগে। তেতিয়া আৰু বেছি আনন্দ লাভ কৰিব পাৰি। মনৰ শান্তি আনি দিয়ে। আনৰ কথাত আঘাত নালাগে। নিতৌ নতুন নতুন কাম কৰাৰ ইচ্ছা জাগে। ছালৰ বৰণ উজ্জ্বল হয়, চুলি সোনকালে দীঘল হয়। চুলি নসৰে।

আমি সদায় উশাহ-নিশাহখিনি সঠিকভাৱে ল’লে আমাৰ মানসিক হেঁচা দূৰ হয়। টোপনি ভাল হয়। বেমাৰ নহয়। উশাহ-নিশাহৰ ব্যায়ামৰ দ্বাৰা শাৰীৰিক, মানসিক হেঁচা, হতাশা, চিন্তা ইত্যাদি নাইকিয়া হয়। নিজকে খুব সবল অনুভৱ কৰা হয়। যাৰ ফলত আমাৰ ছাল আৰু চুলিৰ অসুবিধাসমূহ নাথাকে।

শীতকালি আমাৰ ছাল শুকান হৈ যায়। সেইবাবে ছালক সতেজ কৰি ৰখাৰ বাবে মইশ্ব’ৰাইজাৰ লগাব লাগে। মইশ্ব’ৰাইজাৰ ঘন হ’ব নালাগে, পাতল তেলমুক্ত হ’লে ভাল। শীতৰ দিনত ছালৰ মসৃণতা ধৰি ৰখাৰ বাবে হালধিৰ পাওদাৰ এচামুচ, মাকৈৰ গুৰি দুই চামুচ, কমলাৰ বাকলিৰ গুৰি এচামুচৰ লগত প্রয়োজন অনুসৰি দৈ বা গাখীৰ মিহলাই লগাব। প্রায় ১৫ মিনিটৰ পাছত ঘঁহি ঘঁহি ধুই দিব। হালধিয়ে ছালক বগা কৰিব। ই এণ্টিচেপিটকৰ দৰে কাম কৰে। মাকৈৰ গুৰিয়ো বগা আৰু মিহি কৰে। কমলাৰ বাকলিয়ে ছালৰ পৰা মৃত কোষসমূহ পৰিস্কাৰ কৰে। দৈয়েও বগা কৰে কাৰণ দৈত লেকটিক এচিদ থাকে। প্রলেপটো ধুই দিয়াৰ পাছতেই মইশ্ব’ৰাইজাৰ বা নাৰিকলৰ তেল লগাব।

শীতৰ দিনত আমি খাদ্যৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিব লাগে। যি খাদ্যই আমাক স্বাস্থ্যৱান কৰি ৰাখে। মাছ খাব পাৰিলে ভাল। য’ত ফেটি এচিদ থাকে। ই ছালক সতেজ কৰি ৰাখে। মাছ নাখালে শ’ন গছৰ (flax, seed) গুটি খালে ভাল। ই ছালক সতেজ আৰু স্বাস্থ্যৱান কৰি ৰাখে।

বাদাম খালেও ছালক সতেজ কৰি ৰ’দৰ পোহৰৰ পৰা ৰক্ষা কৰে। ইয়াত ভিটামিন-ই থাকে। ইয়াত ওমেগা ফেটি এচিদ থাকে। মিঠা আলুৱেও ছালক সতেজ কৰি ৰাখে। ভিটামিন ‘এ’ যুক্ত। বয়সৰ মাত্রাও কমাই ৰাখে।

আমি মিঠা তেলৰ ব্যৱহাৰৰ সলনি নিয়মিত অলিভ অইল ব্যৱহাৰ কৰিব পাৰো। ই আমাৰ ছালক ৰ’দৰ পৰা ৰক্ষা কৰে। ছালক শুকান হোৱাৰ পৰা ৰক্ষা কৰে।

তিয়হ, গাজৰ, সেউজীয়া শাক-পাচলি, কমলা, জলফাই, আমলখি আদি খাব লাগে।

শীতৰ এই দিনত চাবোনৰ ব্যৱহাৰ নকৰি প্রাকৃতিক সামগ্রী ব্যৱহাৰ কৰিব লাগে। চাবোন একজিমা হোৱাত সহায় কৰে। অলিভ অইল ক্লিনজাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰো।

কমলা এফাল কাটি মিহি চেনিৰ লগত ঘঁহি স্ক্ৰাব কৰিব পাৰে। ই বগা কৰে আৰু মৃত কোষ পৰিষ্কাৰ কৰে।

১৫ দিনৰ অন্তৰে অন্তৰে ছালক স্বাস্থ্যৱান কৰি ৰখাৰ বাবে ফেচিয়েল নতুবা মুখৰ ক্লিনজিং কৰাব। মালিচ থেৰাপি সপ্তাহত এবাৰকৈও কৰাব পাৰে।

এইদৰে দেহৰ যত্ন লৈ শীতক আকোৱালি ল’ব। শীতকালি খুব ভাল লাগিব আৰু আনন্দ উপভোগ কৰিব।

লেখিকা: ভানু শৰ্মা, অসম বাণী।

 

 

শেহতীয়া উন্নীতকৰণ: : 2/29/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate