অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ব্যৱহাৰ কৰোতে সাৱধান ম’বাইল ফোনে ক্ষতি কৰে মস্তিস্ক-শ্ৰৱণ শক্তিৰ

ব্যৱহাৰ কৰোতে সাৱধান ম’বাইল ফোনে ক্ষতি কৰে মস্তিস্ক-শ্ৰৱণ শক্তিৰ

বিৱৰণ

সমগ্ৰ বিশ্বতে এতিয়া ম’বাইল ফোন ব্যৱহাৰকাৰীৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰিছে। শিশুৰ পৰা আৰম্ভ কৰি বয়স্কলৈকে এই যন্ত্ৰটো ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ বিগত এটা দশকত ম’বাইল ফোন ব্যৱহাৰকাৰীৰ সংখ্যা এশ শতাংশই বৃদ্ধি পাইছে। ১৯৪০ চনত বাণিজ্যিকভাৱে তাঁৰবিহীন টেলিফোন প্ৰবৰ্তন হোৱাৰ পাচত পৃথিৱীখন আৰু অধিক সংকুচিত হৈ পৰিল। ডা: মাৰ্টিন কুপাৰে ১৯৭৩ ৰ ১৭ অক্টোৱৰত ৰেডিঅ’ টেলিফোন চিষ্টেমৰ পেটেন্টৰ বাবে আবেদন কৰাৰ পাছত চেলফোনৰ গতি আৰম্ভ হয়। পৰৱৰ্তী সময়ত বিশ্বৰ বিভিন্ন ঠাইত আৰম্ভ হ’ল গৱেষণা। বিভিন্ন কোম্পানীয়ে প্ৰস্তুত কৰি উলিয়ালে উন্নত ম’বাইল ফোনৰ। ম’বাইল ফোন আধুনিক জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰিলেও ইয়াৰ অপব্যৱহাৰে বিভিন্ন সমস্যাৰ সৃষ্টি কৰাৰ বিষয়ে শেহতীয়াভাৱে গৱেষকসকলে কিছু তথ্য লাভ কৰিছে। আমি সকলোৱে ম’বাইল ব্যৱহাৰ কৰো যদিও ইয়াক উপযুক্তভাৱে প্ৰয়োগ কৰা হৈছে নে নাই সেই বিষয়ে জ্ঞাত নহয়।

বিভিন্ন তথ্য

আমেৰিকাৰ একাডেমী অব্‌ এট’লেৰিছোল’জিৰ এখন সন্মিলনত ভাৰতীয় বিজ্ঞানী নৰেশ পান্তাই এই প্ৰতিবেদন পাঠ কৰোত এই বিষয়ে কিছু তথ্য লাভ কৰে। পান্তাই উল্লেখ কৰা মতে, যিসকলে চাৰি বছৰ ধৰি দিনটোৰ ভিতৰত কমেও এঘন্টাকৈ ম’বাইলত কথোপকথন কৰিছে তেওঁলোকৰ শ্ৰৱণ সমস্যাই গা কৰি উঠিছে। বহুত কাণৰ বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ পাচতো বিষয়টো সন্দৰ্ভত গুৰুত্ব প্ৰদান নকৰে।

কিছুমান বৰ্ণ শুনাত সমস্যাৰ সৃষ্টি হয়। অৱশ্যে কাণৰ কোণটো অংশত ম’বাইলৰ পৰা নিৰ্গত ৰেডিঅ’ তৰংগই ক্ষতিসাধন কৰে, সেই সম্পৰ্কে আৰু অধিক গৱেষণাৰ প্ৰয়োজন আছে বুলি ডা: পান্তাই কয়। ব্ৰিটেইনৰ আন এক তথ্যই সকলোকে চিন্তান্বিত কৰিছে। কাৰণ ম’বাইল ব্যৱহাৰকাৰী সাত কোটিৰ ভিতৰত প্ৰায়ভাগ লোকৰে বাওঁকাণৰ সমস্যাই গা কৰি উঠিছে। বাওঁ কাণৰ ভিতৰৰ অংশত প্ৰভাৱ পৰাৰ ফলত বহুতে কথাবোৰ স্পষ্টভাৱে শুনিবলৈ নাপায়। আনকি প্ৰায়ভাগ লোকৰে কথা-বতৰাত অসংলগ্নতা প্ৰকাশ পাবলৈ ধৰিছে বুলি গৱেষকসকলে মন্তব্য কৰিছে।

যেতিয়া কোনো এগৰাকী ব্যক্তিৰ ম’বাইলটো অনবৰতে বাজি থাকে, তেতিয়া এসময়ত মনত বিৰক্তিভাব জন্মে। ফোনটো বাজিলেই মনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। তদুপৰি কেতিয়াবা অপ্ৰয়োজনীয় ফোনৰ বাবে গুৰুত্বপূৰ্ণ কামত ব্যাঘ্যাত জন্মিলে পৰৱৰ্তী সময়ত সেই কথাটোক লৈয়ে মনত অশান্তিৰ সৃষ্টি হয়। পুৱাই এনে হ’ল সুস্থ মানসিকতাৰে কাৰ্য সম্পাদন কৰাটো অসম্ভৱ হৈ পৰে। এসময়ত এজন ব্যক্তি মানসিকভাৱে ভাৰসাম্যহীন হোৱাৰো আশংকা নুই কৰিব নোৱাৰি। এনেবোৰ বিষয়ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ গৱেষকসকলে অধ্যয়ন চলাই আছে।

অত্যাধিক ম’বাইল ফোনৰ ব্যৱহাৰৰ ফলত ইয়াৰ প্ৰভাৱ মস্তিস্কৰ ওপৰতো পৰাৰ আশংকা নুই কৰিব নোৱাৰি। ইতিমধ্যে ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ গৱেষক ড° হেনৰী ফাই আৰু তেওঁৰ সহযোগীসকলে মস্তিস্কৰ ওপৰত পৰিব পৰাৰ আশংকা সম্পৰ্কে মত পোষণ কৰিছে। ম’বাইলৰ যন্ত্ৰটোৰ পৰা নিৰ্গত তড়িৎ চুম্বকীয় বিকিৰণে মস্তিস্কৰ যিকোনো অংশত প্ৰভাৱ পেলাব পাৰে বুলি ড° ফাই মন্তব্য কৰাৰ পাচত বিষয়টো আন দেশৰ গৱেষকেও গুৰুত্ব সহকাৰে লৈছে। এই বিকিৰণে মস্তিস্কৰ ভিতৰত থকা কোষ ধ্বংস কৰে। উল্লেখ্য যে, মস্তিস্কৰ কোষ এবাৰ ধংস হ’লে ইয়াৰ পুনৰ জন্ম নহয়। জাৰ্মানীৰ নুৰেমবাৰ্গৰ আৰ্লানজেন বিশ্ববিদ্যালয়ৰ স্নায়ু ৰোগ হাস্পতালৰ গৱেষকসকলেও একেধৰণৰ মন্তব্য আগবঢ়াইছে।

ইপিনে, বিশ্ব স্বাস্থ্য সংস্থাৰ গৱেষকেও ম’বাইল ফোনৰ অত্যাধিক আৰু অপ্ৰয়োজনীয় ব্যৱহাৰৰ ফলত সৃষ্টি হ’ব পৰা আশংকা সম্পৰ্কে বিশ্ববাসীক সতৰ্ক কৰি দিছে। সংস্থাটোৰ গৱেষকসকলে কৰা মন্তব্য অনুসৰি ম’বাইল ফোনৰ যন্ত্ৰটোৰ পৰা নিৰ্গত ৰেডিঅ’ তৰংগই শৰীৰৰ উত্তাপ বৃদ্ধি কৰে। যিসকল শিশুৱে অত্যাধিক ম’বাইল ব্যৱহাৰ কৰে, তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায় বুলি মন্তব্য আগবঢ়াইছে।

শিশুৰ মস্তিস্কৰ আৱৰণ বয়স্কৰ তুলনাত পাতল হোৱা বাবে এই বিকিৰণ সহজেই মস্তিস্কত প্ৰৱেশ কৰিব পাৰে। আনকি গৱেষকসকলে ইয়াৰ ফলত টিউমাৰ হোৱাৰ আশংকাই প্ৰকাশ কৰিছে। ব্ৰিটেইনৰ কঞ্জিউমাৰ চ’ছিয়েছনৰ মতে, ম’বাইলত কথোপকথন হোৱাৰ সময়ত মস্তিস্কত অতিৰিক্ত পৰিমাণৰ বিকিৰণৰ সৃষ্টি হয় বাবে ক্ষতিৰ আশংকাও বেছি।

জাৰ্মানীৰ এদল গৱেষকে প্ৰকাশ কৰা মতে, ম’বাইল টাৱাৰত সংযোগ কৰা এন্টেনাৰ পৰা নিৰ্গত তৰংগই তেজৰ মেলাটোমিন হৰম’নৰ সংখ্যা হ্ৰাস কৰে। ইয়াৰ পৰিমাণ ২৫-৩০ শতাংশই হ্ৰাস কৰাৰ ফলত গৰ্ভস্থ শিশুৰ জিনগত বিকৃতি হোৱাৰ আশংকা থাকে। এনে বেঁতাৰ বিকিৰণ মৃগী আৰু স্নায়ু ৰোগীৰ পক্ষেও ক্ষতিকাৰক বুলি গৱেষকসকলে মন্তব্য কৰিছে।

ম’বাইলৰ অত্যাধিক ব্যৱহাৰৰ ফলত পেৰোটিভ গ্ৰন্থিৰ ক্ষতি হোৱাৰ আশংকা থাকে। বিশেষকৈ যুৱক-যুৱতীসকলৰ এনে সমস্যাই সহজে গা কৰি উঠিব পাৰে। আনহাতে, গোনাড্ৰ’ট্ৰপিক হৰ’মন নি:সৰণৰ তাৰতম্যৰ ফলত যৌন জীৱনতো প্ৰভাৱ পৰে বুলি গৱেষকসকলে মন্তব্য আগবঢ়াইছে।

কেনে ধৰণৰ সতৰ্কতা অৱলম্বন কৰিব

ম’বাইল ফোন ব্যৱহাৰ কৰোতে সকলোৱে সতৰ্কতা অৱলম্বন কৰা উচিত। কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিব-

  • যিবোৰ ম’বাইল ফোনৰ Specific Abdarption Rate (SAR) ৰ সীমা দুই ৱাট/কেজিৰ বেছি, তেনে হেণ্ডছেট ব্যৱহাৰ নকৰাটোৱে মংগলজনক। বিভিন্ন ধৰণৰ ম’বাইলৰ SAR ভিন্ন ধৰণৰ হয়।
  • যিসকল লোকৰ পেচমেকাৰ স্থাপন কৰা হৈছে, তেওঁলোকে সৰ্তক হ’ব লাগিব। এনে লোকে পেচমেকাৰৰ পৰা কমেও আঠ ইঞ্চি দূৰত্বত ৰাখিব লাগে। এনে লোকে যিমান সম্ভৱ সিমান কমকৈ ম’বাইল ব্যৱহাৰ কৰিব লাগে।
  • হাস্পতাল বা ক্লিনিকত প্ৰৱেশ কৰাৰ পূৰ্বে ম’বাইলৰ চুইচ বন্ধ কৰিব লাগে। হাস্পতালত থকা বিভিন্ন যন্ত্ৰৰ পৰা ৰশ্মি বিকিৰিত হয়। তদুপৰি কেতিয়াবা ভেন্টিলেটৰৰ যন্ত্ৰই কাৰ্য সঠিকভাৱে সম্পাদন কৰিব নোৱাৰে।
  • কেতিয়াও ম’বাইল ফোনত এলাৰ্ম দিব নালাগে।
  • দিনটোৰ ভিতৰত অধিক সময় ম’বাইলত কথোপকথন হৈ থাকিলে উচ্চ ৰক্তচাপ বৃদ্ধিৰ আশংকা থাকে।
  • ছিগনেল কম থাকিলে ম’বাইল ব্যৱহাৰ কৰা অনুচিত। দীৰ্ঘ সময় বিশেষকৈ আবেলিৰ পৰা ম’বাইল বেছি ব্যৱহাৰ কৰিলে টোপনিত ব্যাঘ্যাত জন্মে। পৰাপক্ষত নিশা কমকৈ ব্যৱহাৰ কৰা উচিত।

লিখক: ডা: প্ৰবীৰ কুমাৰ বৰদলৈ,

উৎস: সাদিন।

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate