অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভজা তেলৰ পুনৰ ব্যৱহাৰ আৰু আমাৰ স্বাস্থ্য :

ভজা তেলৰ পুনৰ ব্যৱহাৰ আৰু আমাৰ স্বাস্থ্য :

 

গৰম গৰম পকৰি, চিংৰা, পিয়াঁজী, জেলেপী, ফ্ৰেন্স ফ্ৰাই খাই বেয়া পোৱা লোক নোলাব কিজানি। হোটেল বা ৰাস্তাৰ কাষৰ সৰু সৰু ফুডষ্টল বোৰৰ পৰা গৰম চিংৰা, পকৰি, পিয়াঁজী কিনি আনি সন্ধিয়া চাহৰ জুতি লৈ সঁচাই মজা লাগে নহয়নে?

বেকাৰী বিস্কুট, পেটিছ আৰু তেলত ডুবাই বনোৱা নিমকি আদি আমাৰ বহুতৰে পছন্দৰ খাদ্য। ঠিক তেনেকৈ সপ্তাহত এদিন বা মাহেকত এদিন গৈ ৰেষ্টুৰেণ্টত এসাজ খাই অহাৰ ফেশ্যন টোও গঢ়ি উঠিছে আমাৰ মাজত।

কিন্তু এবাৰ ভাবি চাইছেনে সেইবোৰ হোটেল বা ৰেস্তোৰাঁত কি তেল ব্যৱহাৰ হয়? আচলতে প্ৰায়বোৰ হোটেল, ৰেস্তোৰাঁত বিশেষকৈ ৰাস্তাৰ কাষৰ ফুডষ্টল বোৰত বনোৱা ব্যঞ্জন সমূহত আগতে ব্যৱহাৰ কৰি ৰৈ যোৱা একেখিনি ভজা তেলকে বাৰম্বাৰ ব্যৱহাৰ কৰা হয়। ই আমাৰ স্বাস্থ্যত কিদৰে প্ৰভাৱ পেলাব পাৰে এবাৰ ভাবি চাইছেনে? গৰম গৰম চিংৰা, কচৰিৰ জুতি লৈ থাকোতে এইবোৰ কথা মনলৈয়ে নাহে আমাৰ।

মনতে ভাবো এদিন খালেনো কি হ'ব, একো নাই। কিন্তু জিভাখনে নামানে যে, এবাৰ জুতি লোৱাৰ পিছত সেয়া লাহে লাহে অভ্যাসত পৰিণত হয়গৈ। হোষ্টেলত থকা ল'ৰা ছোৱালীবোৰে সন্ধিয়া পৰৰ আড্ডাৰ সময়ত হোটেলৰ চিংৰা, কচৰি, গজা আদি খায়। সেয়েহে তেওঁলোক সঘনে গেছ, এচিডিটি, বদহজম, ডিচেণ্ট্ৰি আদি সমস্যাত ভোগে।

আমাৰ গৃহিনীসকলৰ বহুতেই তেওঁলোকৰ পাকঘৰতো সৰহকৈ তেল দি লুচি পুৰি, মাছ ফ্ৰাই, বেঙেনা ফ্ৰাই, পতল ফ্ৰাই আদি কৰে। তাৰ পিছত ৰৈ যোৱা তেলখিনি পিছদিনা আকৌ ব্যৱহাৰ কৰে অন্য ব্যঞ্জন বনোৱাত। নাইবা নষ্ট কৰিবলৈ বেয়া লাগে বাবে বটলত ভৰাই থৈ দিয়ে পুনৰ ব্যৱহাৰ কৰিবলৈ। এবাৰ ভজা তেল পুনৰ ব্যৱহাৰ কৰিলে ই বিষাক্ত হৈ পৰে আৰু আমাৰ স্বাস্থ্যৰ বাবে অতি হানিকাৰক হৈ পৰে।

কলেষ্টৰল, হৃদৰোগ, ডায়েবেটিচ, মেদবহুলতা আনকি কেন্সাৰৰ দৰে ভয়াবহ ৰোগ হোৱাত ই ইন্ধনৰ দৰে কাম কৰে। জিম, ডায়েট প্লেন কৰাতকৈ সৰু যেন লগা অথচ অতি গুৰুত্বপূৰ্ণ এইবোৰ কথাহে ভালকৈ গুৰুত্ব দিয়া উচিত। অৱশ্যে স্বাস্থ্য সচেতন সকলো লোক নিশ্চয় এই বিষয়ে অৱগত। এবাৰ ভজা তেল পুনৰব্যৱহাৰ কৰিলে কি কি হয় আৰু আমাৰ শৰীৰত কেনে প্ৰভাৱ পৰে জানোচোন আহক।

এবাৰ ব্যৱহাৰ কৰা ভজা তেল পুনৰ ব্যৱহাৰ কৰিলে সেই তেলত ট্ৰান্স ফেত (trans fat) আৰু ফ্ৰী ৰেদিকেল (free radicals) জমা হয় যি আমাৰ শৰীৰৰ বাবে হানিকাৰক। এই ট্ৰান্স ফেতে শৰীৰৰ উপকাৰী HDL কলেষ্টৰল হ্ৰাস কৰে আৰু অপকাৰী LDL কলেষ্টৰল আৰু ট্ৰাইগ্লিচাৰাইড (Triglyceride) বৃদ্ধি কৰে।

বাৰে বাৰে ভজা তেল ব্যৱহাৰ কৰা তেলত জমা হোৱা ট্ৰান্স ফেত আমাৰ শৰীৰৰ ধমনীত জমা হবলৈ ধৰে আৰু এটা সময়ত ক'ৰ'নাৰী ধমনী ৰোগৰ (coronary artery disease) সৃষ্টি কৰে। বৰ্তমান সময়ত বৃদ্ধি হোৱা উচ্চ ৰক্তচাপ, হাৰ্ট এটেক, স্ট্রোক, লিভাৰৰ বিভিন্ন ৰোগ, মেদবহুলতাৰ কাৰণৰ ভিতৰত এই ট্ৰান্স ফেটো অন্যতম।

অন্যহাতেদি ফ্ৰী ৰেদিকেলে আমাৰ শৰীৰৰ স্বাস্থ্যৱান কোষবোৰৰ (healthy cell) ক্ষতি সাধন কৰে। এনেদৰে ক্ষতিগ্ৰস্ত হোৱা কোষবোৰৰ পৰা ভৱিষ্যতে কেন্সাৰৰ দৰে ভয়াবহ ৰোগৰ সৃষ্টি হ'বও পাৰে। এই ফ্ৰী ৰেদিকেলে আমাৰ শ্বেত ৰক্তকণিকাৰো ক্ষতিসাধন কৰিব পাৰে।

অৰ্থাৎ আমাৰ শৰীৰৰ বাবে অতি হানিকাৰক। আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যোৱাৰ কাৰণ এই ট্ৰান্স ফেট।

প্ৰত্যেক বিধ তেল উচ্চ তাপত গৰম কৰিলে এক নির্দিষ্ট উষ্ণতাত একপ্ৰকাৰৰ ধোঁৱা এৰিবলৈ ধৰে যাক স্মক পইণ্ট (smoke point) বুলি কোৱা হয়। এই বিশেষ উষ্ণতাত তেল বিভাজিত হৈ ওপৰত উল্লেখ কৰা বিষাক্ত পদাৰ্থ সমূহ উৎপন্ন হয়।

প্ৰত্যেক বিধ তেলৰ স্মক পইণ্ট বেলেগ বেলেগ। কিছুমান গৱেষণাৰ পৰা দেখা পোৱা গৈছে যে ১৯০ ডিগ্ৰীতকৈ বেছি উষ্ণতাত গৰম কৰিলে প্ৰায়বোৰ তেলতে কিছুমান বিষাক্ত পদাৰ্থ উৎপন্ন হয়। সেয়েহে অত্যাধিক তাপত তেল গৰম কৰোতে অলপ সাৱধান হোৱা উচিত। এবাৰ ধোঁৱা ওলাবলৈ ধৰাৰ পিছত সেই তেল দ্বিতীয় বাৰ ব্যৱহাৰৰ অনুপযোগী হৈ পৰে। তেলৰ ৰং যদি সলনি হয়, তেলখিনি আঠা আঠা হৈ পৰে তেন্তে সেই তেল দুবাৰ ব্যৱহাৰ নকৰাই ভাল। অন্যথা শৰীৰটো ৰোগীয়া কৰাত আমি নিজেই জগৰীয়া হ'ম।

এবাৰ ভজা তেল পুনৰব্যৱহাৰ কৰিলে আমাৰ যকৃত বা লিভাৰো বেয়াকৈ ক্ষতিগ্ৰস্ত হ'ব পাৰে যাৰ বাবে আভোক, অৰুচি, ফেটি লিভাৰ আৰু অন্যান্য ৰোগ হ'ব পাৰে। স্ট্রোক, হাৰ্ট এটেক, কলেষ্টৰলৰ সমস্যা, ডায়েবেটিচ বৃদ্ধিৰ অন্যতম মুখ্য কাৰণ এই ভজা তেলৰ পুনৰব্যৱহাৰ। শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে এলজাইমাৰ (Alzheimer's disease) নামৰ ৰোগৰ বৃদ্ধি পোৱাৰ অন্যতম কাৰণ সমূহৰ ভিতৰত এই ভজা তেলৰ ব্যৱহাৰো এটা। মহিলা সকলৰ ক্ৰমান্বয়ে বৃদ্ধি হৈ অহা ব্ৰেষ্ট কেন্সাৰৰ কাৰণবোৰৰ ভিতৰতো আছে এই ট্ৰান্স ফেট। ঠিক তেনেকৈ পুৰুষৰ প্ৰষ্টেট গ্ৰন্থিৰ কেন্সাৰৰ সম্ভাৱনাও বৃদ্ধি হয় এই ট্ৰান্স ফেটৰ বাবে।

কেইটামান মনকৰিবলগীয়া কথা আৰু আছে। প্ৰথম বাৰ কেৰাহীত তেল গৰম কৰোতেও যদি ধোঁৱা আৰু জ্বলি যোৱাৰ দৰে গোন্ধ ওলায় সেই তেল পেলাই দিয়া উচিত। ঠিক তেনেদৰে বনস্পতি বা ডালদা জাতীয় সস্তীয়া তেলত বনোৱা খাদ্য সামগ্ৰী নোখোৱাই ভাল।

কাৰণ এই বনস্পতি বোৰত সংপৃক্ত স্নেহ থাকে (saturated fat) যি আমাৰ দেহৰ বাবে অপকাৰী। এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলে তাত অত্যাধিক পৰিমাণে ট্ৰেন্স ফেত জমা হয় যি অতি মাৰাত্মক।

ৰাস্তাৰ কাষৰ অস্থায়ী হোটেল বোৰত জেলেপী, পৰঠা, গজা আদি বনাওঁতে তেওঁলোকে কম দামী বনস্পতি ব্যৱহাৰ কৰে। বনস্পতিত বনোৱা খাদ্য সামগ্ৰী বোৰ দেখাত লোভনীয়, সুগন্ধিযুক্ত আৰু বহুদিন নষ্ট নোহোৱাকৈ থাকে।

কিন্তু এই বনস্পতি বোৰো বাৰে বাৰে ব্যৱহাৰ কৰাৰ ফলত তাত ইমানেই বেছি ট্ৰান্স ফেট জমা হৈ পৰে যি আমাৰ শৰীৰৰ বাবে বৰবিহ স্বৰূপ। সেয়েহে ফুটপাথৰ জেলেপী,পৰঠা খোৱাৰ পৰা বিৰত থকাই শ্ৰেয়।

দেখাত সৰু যেন লগা অথচ অতি গুৰুত্বপূৰ্ণ এইবোৰ কথা সকলো স্বাস্থ্যসচেতন ব্যক্তিয়ে যেন এবাৰ ভালকৈ চালি জাৰি চায়। বাহিৰৰ হোটেলৰ মুখৰোচক কিন্তু মিঠাবিহ সদৃশ খাদ্যসমূহ যিমান পাৰে কমাই খাওক। নাইবা খাই ভাল পোৱা ব্যঞ্জনবোৰ ঘৰতে স্বাস্থ্যসন্মত উপায়েৰে বনাই খাবলৈ চেষ্টা কৰক। তেল যিমান পাৰে কমাই খাওক।

কাৰণ কোনো তেলেই আচলতে শৰীৰৰ বাবে ভাল নহয়। আমাৰ ভাৰততহে তেল, মচলাৰ ব্যৱহাৰ বেছি, আন দেশত খুব কমেইহে তেলৰ ব্যৱহাৰ হয়।

সেয়েহে আমাৰ দেশত বহু ৰোগৰ প্ৰভাৱো বেছি। পৰম সম্পদ হৈছে স্বাস্থ্য। ইয়াক ধৰি ৰখাৰ দায়িত্বও আমাৰেই।

লেখক: ডাঃ ৰেইনী দেৱী(আয়ুৰ্বেদিক চিকিৎসক)

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: 7399114617

 

শেহতীয়া উন্নীতকৰণ: : 3/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate