আমাৰ ছালত সূৰ্যৰ পোহৰৰ সহায়ত ভিটামিন ‘ডি’ প্ৰস্তুত হয়। কিছুমান খাদ্যতো ভিটামিন ‘ডি’ যথেষ্ট পৰিমাণে পোৱা যায়। কিছুমান মাছ, মাছৰ যকৃতৰ তেল (ফিছ লিভাৰ অইল), কণীৰ কুহুম আদিত ইয়াৰ পৰিমাণ বেছি। পৰম্পৰা মতে শৰীৰত ভিটামিন ‘ডি’ৰ অভাৱ হ’লে পয়ালগা ৰোগ (ৰিকেট) হয়, য’ত হাড়বোৰ কোমল আৰু দুৰ্বল হৈ নানা বিকৃতি ঘটায়। কিন্তু লাহে লাহে বিভিন্ন গৱেষণাত ভিটামিন ‘ডি’য়ে বহুত ৰোগ প্ৰতিৰোধ কৰে বুলি প্ৰমাণ হৈছে।
(১) ভিটামিন ‘ডি’য়ে অন্ত্ৰৰ পৰা কেলচিয়াম শোষণ কৰাত সহায় কৰে। কেলচিয়ামে হাড় বৃদ্ধি আৰু হাড় সবল কৰি ৰাখে। ভিটামিন ‘ডি’ৰ অভাৱত হাড় পাতল আৰু ঠুনুকা হৈ পৰে। দাঁতৰ স্বাস্থ্যৰ বাবেও ইয়াৰ আৱশ্যক।
(২) ভিটামিন ‘ডি’য়ে হৃদযন্ত্ৰ আৰু হাঁওফাঁওৰ স্বাস্থ্য সুৰক্ষা কৰে।
(৩) ই দেহত ইনছুলিনৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে।
(৪) ভিটামিন ‘ডি’য়ে বৃহত্ অন্ত্ৰ (ক’ল’ন) প্ৰষ্ট্ৰেট আৰু স্তনৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।
(৫) বয়োজ্যেষ্ঠ লোকৰ প্ৰায় ৮০ শতাংশ নিতম্বৰ হাড় ভগা ক্ষেত্ৰত ভিটামিন ‘ডি’ৰ অভাৱ পৰিলক্ষিত হৈছে।
(৬) ৰক্তত ভিটামিন ‘ডি’ৰ পৰিমাণ কমিলে বোধ অৰ্জন কৰা প্ৰক্ৰিয়া (কগনিচন)ত ব্যাঘাত জন্মে আৰু এলঝেইমাৰ ৰোগৰ আশংকা বৃদ্ধি কৰে।
(৭) ইয়াৰ অভাৱত ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা ৰোগ যেনে- ইনফ্লুয়েঞ্জা, এইডছ আদিৰ আশংকা বৃদ্ধি হয় বুলি যোগসূত্ৰ পোৱা গৈছে।
(৮) শৰীৰত কম মাত্ৰাৰ ভিটামিন ‘ডি’ আৰু মনৰ বিষণ্ণতা (ডিপ্ৰেচন)-ৰ মাজত সম্বন্ধ পোৱা গৈছে। তদুপৰি ই হাপানী আৰু মাল্টিপল স্কেল’ৰছিছ প্ৰতিৰোধ কৰে বুলি বিভিন্ন সমীক্ষাত পোৱা গৈছে।
ভিটামিন ‘ডি’ৰ অভাৱ হোৱাৰ সম্ভাৱনা কাৰ বেছি-
(১) বৰ্তমান যুগত খুব কম মানুহেই সূৰ্য্যৰ পোহৰ শৰীৰত লাগিবলৈ সুবিধা পায়। কোনো মানুহেই ৰ’দত ওলাবলৈ ভাল নাপায়। ৰ’দত ওলাব লগা হ’লেও বিভিন্ন আৱৰণেৰে শৰীৰ ঢাকি ৰাখে আৰু ছাতি বা টুপী ব্যৱহাৰ কৰে। ফলত শৰীৰত ভিটামিন ‘ডি’ প্ৰস্তুত নহয়।
(২) ক’লা ছালৰ ব্যক্তিৰ শৰীৰত সূৰ্য্যৰ পোহৰত ভিটামিন ‘ডি’ প্ৰস্তুত নহয়।
(৩) বহুতে বাহিৰলৈ ওলাবৰ সময়ত ছানস্ক্ৰীন ক্ৰীম বা লোচন ব্যৱহাৰ কৰে। এনেধৰণৰ প্ৰসাধন সামগ্ৰীয়ে ছালত এইবিধ ভিটামিন প্ৰস্তুত কৰাত বাধা জন্মায়।
(৪) নিৰামিষভোজী ব্যক্তিসকলে যিহেতু মাছ, কণী আদি নাখায়, সেইবাবে তেনে ব্যক্তিৰ ইয়াৰ অভাৱ হোৱাৰ সম্ভাৱনা বেছি।
(৫) মেদবহুলতা- যি ব্যক্তিৰ বি এম আই ৩০-তকৈ বেছি, তেনে ব্যক্তিৰ এই ভিটামিনৰ অভাৱ ঘটে।
(৬) বয়োজ্যেষ্ঠ লোকৰ শৰীৰত যথেষ্ট পৰিমাণে ভিটামিন ‘ডি’ প্ৰস্তুত নহয়, যাৰ ফলত ইয়াৰ অভাৱ ঘটে।
(৭) কিছুমান হজম প্ৰক্ৰিয়াৰ ৰোগ আৰু বৃক্ক ৰোগত আক্ৰান্ত ব্যক্তিৰ শৰীৰত ভিটামিন ‘ডি’ প্ৰস্তুত নহয়।
(৮) গৰ্ভৱতী আৰু স্তনপান কৰোৱা মহিলাৰ শৰীৰত ভিটামিন ‘ডি’ৰ অভাৱ ঘটে। ছমহীয়া কেঁচুৱাৰ পৰা পাঁচবছৰীয়া শিশুৰ মাজত ইয়াৰ অভাৱ দেখা যায়।
শিশুৰ ক্ষেত্ৰত পয়ালগা বা ৰিকেট আৰু প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত অষ্টিঅ’মেলাছিয়া নামৰ হাড়ৰ ৰোগ ইয়াৰ অভাৱত দেখা দিয়ে। কিন্তু এটা মন কৰিবলগীয়া বিষয় যে শৰীৰত ভিটামিন ‘ডি’ৰ মাত্ৰা যথেষ্ট কমি গ’লেও কোনো লক্ষণ দেখা নিদিব পাৰে বা খুব সূক্ষ্মভাৱে দেখা দিব পাৰে। আন কিছুমান লক্ষণ হ’ল- ভাগৰ লাগি থকা, মাংসপেশীৰ বিষ আৰু দুৰ্বলতা, মাংসপেশী সিৰামুৰি ধৰা, গাঁঠিৰ বিষ, ভালকৈ টোপনি নহা, কামত মনোযোগ দিব নোৱাৰা আদি।
একমাত্ৰ ৰক্তৰ পৰীক্ষাৰ দ্বাৰা শৰীৰত ভিটামিন ‘ডি’ৰ মাত্ৰা কিমান আছে জানিব পাৰি। আজিকালি সকলো পৰীক্ষাগাৰতে এই পৰীক্ষা কৰাব পাৰি।
(১) সূৰ্য্যৰ পোহৰ সপ্তাহত ২-ৰ পৰা ৩ দিন, হাত-ভৰি আৰু মুখত ২০ মিনিটৰ বাবে ৰ’দ পৰিবলৈ দিলে শৰীৰত যথেষ্ট ভিটামিন ‘ডি’ প্ৰস্তুত হয়। কিন্তু বেছি সময় ৰ’দত থকা ছালৰ বাবে ক্ষতিকাৰক। ৰ’দ লওঁতে কোনো ছানস্ক্ৰীন ক্ৰীম ব্যৱহাৰ কৰিব নালাগে।
(২) ভিটামিন ‘ডি’ৰ আন এটা প্ৰধান উত্স হ’ল খাদ্য। ভিটামিন ‘ডি’ বেছি পৰিমাণে থকা খাদ্যসমূহ হ’ল- চৰ্বিযুক্ত মাছ, যেনে- চাৰদিনচ, মেকেৰেল, টুনা, কড লিভাৰ অইল, কণীৰ কুহুম, ভিটামিন ‘ডি’ মিহলাই শক্তি বৃদ্ধি কৰা (ফৰটিফাইড) গাখীৰ বা ৰাতিপুৱাৰ জলপান বা ফলৰ ৰস আৰু মাছৰুম ইত্যাদি। এনেধৰণৰ খাদ্য নিয়মীয়াকৈ গ্ৰহণ কৰক।
(৩) ভিটামিন ‘ডি’ৰ কেপছুল বা ছিৰাপ বিভিন্ন মাত্ৰাত ঔষধৰ দোকানত পোৱা যায়। ৰক্তৰ পৰীক্ষাত ভিটামিন ‘ডি’ৰ অভাৱ হৈছে বুলি ফলাফল পোৱাৰ পাছত এনে কেপছুল চিকিত্সকৰ পৰামৰ্শ অনুসৰি ব্যৱহাৰ কৰা উচিত। কেঁচুৱা আৰু শিশুৰ ক্ষেত্ৰত ছিৰাপ ব্যৱহাৰ কৰিব পাৰি। সাৱধান, অত্যধিক মাত্ৰাত ভিটামিন ‘ডি’ সেৱন কৰিলে স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। সেইবাবে চিকিত্সকৰ পৰামৰ্শ অনুসৰিহে ভিটামিন ‘ডি’ৰ ঔষধ সেৱন কৰা একান্ত প্ৰয়োজন।
ভাৰতবৰ্ষৰ জনসাধাৰণৰ প্ৰায় ৭০ শতাংশতকৈ অধিক লোক ভিটামিন ‘ডি’ৰ অভাৱত ভোগে। যিহেতু ভিটামিন ‘ডি’য়ে বিভিন্ন ৰোগ প্ৰতিৰোধ কৰি শৰীৰ খুব স্বাস্থ্যৱান কৰি ৰাখে, সেইবাবে প্ৰত্যেক ব্যক্তিয়ে ৰক্তৰ পৰীক্ষাৰ দ্বাৰা নিজৰ শৰীৰত ভিটামিন ‘ডি’ৰ মাত্ৰা কিমান আছে তাক জনা আৱশ্যক। ভিটামিন ‘ডি’ৰ অভাৱ পৰিলক্ষিত হ’লে চিকিত্সকৰ দ্বাৰা উপযুক্ত চিকিত্সা কৰি নিজকে সুস্থ, সবল আৰু নিৰোগী কৰি ৰাখক।
লেখকঃ ডাঃ চন্দন বৰুৱা
উৎস:নিয়মীয়া বাৰ্তা।
শেহতীয়া উন্নীতকৰণ: : 9/13/2018