অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভিটামিন ‘ডি’ৰ অভাৱত হোৱা বেমাৰ আৰু ইয়াৰ চিকিৎসা

ভিটামিন ‘ডি’ৰ অভাৱত হোৱা বেমাৰ আৰু ইয়াৰ চিকিৎসা

ভিটামিন ‘ডি’’য়ে আমাৰ শৰীৰৰ স্বাস্থ্য ৰক্ষাত বহুত প্ৰকাৰে সহায় কৰে। ভিটামিন ‘ডি’য়ে অষ্টিঅ’পৰোচিছ, মানসিক স্ংঘাত, প্ৰোষ্টেট কেন্সাৰ, ডায়েবেটিচ আৰু মেদবহুলতা ৰোগত বিশেষভাৱে বাধা প্ৰদান কৰে। ভিটামিন ‘ডি’ সম্ভৱ বিশ্বৰ আটাইতকৈ পুষ্টিসাধক উপাদান, কিয়নো আমাৰ শৰীৰত সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱত স্বাস্থ্য সবল কৰি ৰোগ প্ৰতিৰোধ কৰাত ই বিশেষভাৱে সহায় কৰে। আমেৰিকা, কেলিফৰ্ণিয়াৰ কৰ্কট ৰোগ বিশেষজ্ঞ ডা: বৰিক ডিয়াৰ্গৰ মতে “Vitamin ‘D’ is perhaps the singlemost underrated nutrient in the world of nutrition. That probably because it’s free, your body makes it when sunlight touches your skin.’

ৰাতিপুৱা সূৰ্যৰ ৰশ্মি শৰীৰত পৰিলে যিবিলাক বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি, সেইবিলাকৰ বিষয়ে কিছু আলোচনা আগবঢ়াবলৈ ৱি নিবন্ধটিৰ যোগেদি চেষ্টা কৰা হৈছে।

  • প্ৰকৃতিৰ দান সূৰ্যৰ অতি বেঙুণীয়া ৰশ্মিৰ পৰা পাব পৰা ভিটামিন ‘ডি’ আমাৰ ছালৰ বাবে অতি দৰকাৰী। সেয়ে ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ সময়ৰ পৰা অন্তত: আঠ-ন বজাৰ ভিতৰত সূৰ্যৰ পোহৰ খালী গাত পৰাৰ ব্যৱস্থা কৰা উত্তম পদ্ধতি।
  • আমি সাধাৰণতে খোৱা খাদ্যৰ যোগেদি ভিটামিন ;ডি; সহজতে পাব নোৱাৰো। আমাৰ শৰীৰত ভিটামিন ‘ডি’ গ্ৰহণ কৰা সূৰ্যৰ পোহৰৰ বাহিৰে গত্যন্তৰ নাই।
  • এজন লোকে তেওঁৰ আহাৰত ভিটামিন ‘ডি’ পাবলৈ অন্তত: দৈনিক দহ গিলাচমান ভিটামিন ‘ডি’যুক্ত গাখীৰ খোৱা উচিত।
  • কানাডা, ইংলেণ্ড আৰু আমেৰিকাৰ বহুতো দেশ বিষুৱ ৰেখাৰ পৰা বহু আঁতৰত হোৱা বাবে সেইবোৰ ঠাইত বহুলোক ভিটামিন ‘ডি’ৰ অভাৱত ভোগা দেখা যায়। যিবিলাক লোকৰ ছাল ক’লা বৰণৰ, তেওঁলোকক ২০ ৰ পৰা ৩০ মিনিট সময় সূৰ্যৰ ৰশ্মিৰ প্ৰয়োজন হয়। সেইবাবে গৱেষণাৰ পৰা দেখা গৈছে যে, ক’লা ছালৰ মানুহক সাধাৰণতে প্ৰোষ্টেট গ্লেণ্ডৰ কেন্সাৰ ৰোগে আক্ৰমণ কৰে। ভিটামিন ‘ডি’ৰ অভাৱৰ বাবেই এনে ৰোগৰ প্ৰাদুৰ্ভাৱ হয়। ভিটামিন ‘ডি’ৰ অভাৱত আমাৰ অন্ত্ৰত প্ৰয়োজনীয় ভিটামিন ‘ডি’ হ্ৰাস পায়। ফলত কেলচিয়ামৰ পৰিমাণো কমি যাব পাৰে।
  • ক্ৰণিক বা পুৰণি ভিটামিন ‘ডি’ৰ অভাৱ ঘটিলে মানুহৰ শৰীৰৰ হাড়, মজ্জা, স্নায়ু দুৰ্বল হয়। অতি কম সময়ৰ ভিতৰতে ভিটামিন ‘ডি’ শৰীৰত পোপৱা নাযায়। যিবিলাক মানুহে ছানগ্লাছ সঘনাই পিন্ধে, তেওঁলোকৰ শৰীৰত ভিটামিন ‘ডি’ৰ অভাৱ ঘটে, সেইবাবে অতি প্ৰয়োজনতহে ছানগ্লাছ পিন্ধা ভাল।

ইংলেণ্ডৰ বিখ্যাত চিকিৎসক নেফ্ৰল’জিষ্ট ডা: গৰ্ণিয়ে ভিটামিন ‘ডি’ৰ ওপৰত এটা অধ্যয়ণৰ যোগেদি জানিব পাৰিলে যে ‘Vitamin ‘D’ is activated in yours body by your kidneys and liver before it can be used. Having kidney disease or liver damage can great impair your body’s ability to activate circulating vitamin ‘D’.

ভিটাইন ‘ডি’ আমাৰ শৰীৰে যথেষ্ট পৰিমাণে পালে অন্য কোনো অসুখে সহজতে আক্ৰমণ কৰিবন্ব নোৱাৰে। সূৰ্যৰ ৰশ্মি আমাৰ শৰীৰে নিয়মিত আহৰণ কৰি থাকিলে ই এণ্টিঅক্সিডেণ্ট হিচাপে শৰীৰত শক্তি যোগান ধৰি থাকে। এণতিঅক্সিডেণ্ট সমৃদ্ধ ফল-মূলৰ ভিতৰত ডালিম, জামু আৰু গাজৰত শৰীৰে বিচৰা প্ৰায়বোৰ উপাদান পাব পাৰো।

ভিটামিন ‘ডি’ৰ অভাৱত হোৱা কেইটামান বেমাৰ

ভিটামিন ‘ডি’ৰ অভাৱত হোৱা আটাইতকৈ ডাঙৰ অসুখটো হৈছে অষ্টিঅ’পৰোচিচ। ইয়াৰ অভাৱত কেলচিয়ামৰ পৰিমান হ্ৰাস পায়। যথেষ্ট পৰিমাণৰ ভিটামিন ‘ডি’ৰ অভাৱত হোৱা অন্য এটা অসুখ হ’ল প্ৰোষ্টেট কেন্সাৰ। শৰীৰে প্ৰয়োজন অনুসৰি ভিটামিন ‘ডি’ আহৰণ কৰিব পাৰিলে এই অসুখ সহজতে বাধা দিব পাৰি। হাড় ক্ষয় যোৱা বা ৰিকেট্‌চ ভিটামিন ‘ডি’ৰ অভাৱত হয়। তাৰোপৰি ভিটামিন ‘ডি’ৰ অভাৱত স্তন কেন্সাৰ, ওভাৰিয়ান কেন্সাৰ, মানসিক স্ংঘাত, ক’লন কেন্সাৰ, ডায়েবেটিচ টাইপ-২ আদি অসুখত আক্ৰান্ত হ’ব পাৰে।

ভিটামিন ‘ডি’ৰ অভাৱে শৰীৰত মেদবহুলতা হোৱাত অৰিহনা যোগায়। এনে অসুখত ভোগা লোকে যথেষ্ট পৰিমাণে ভিটামিন ‘ডি’ গ্ৰহণ কৰিব পাৰে। দৈনিক ৰাতিপুৱা ২৫-৪০ মিনিট খালী গাত সূৰ্যৰ পোহৰ পৰিবলৈ দিব লাগে। পেট, বুকু, পিঠিত উন্নত ধৰণৰ মিঠাতেল ঘঁহি ৰ’দত বহি থকাৰ অভ্যাস কৰা ভাল। চৰিওচিচ বেঅমাৰত ভিটামিন ‘ডি’ অতি প্ৰয়োজনীয়। ভিটামিন ‘ডি’ৰ অভাৱত চিজোফ্ৰেনিয়াতোপ আক্ৰান্ত হ’ব পাৰে।

ক্ৰণিক ভিটামিন ‘ডি’ৰ অভাৱত কেতিয়াবা চিকিৎসকৰ চকুত ভুল লক্ষণে দেখা দিব পাৰে। ইয়াক ফাইব্ৰ’মায়েলজিয়া বুলি ভাবি চিকিৎসা কৰা দেখা যায়। কিয়নো ইয়াৰ লক্ষণবিলাকৰ ইমান মিল আছে যে কেতিয়াবা ভিটামিন ‘ডি’ৰ লক্ষণ, যেনে- মাংসপেশীৰ দুৰ্বলতা, বিষ আৰু শৰীৰৰ দুৰ্বলতাই দেখা দিব পাৰে।

দৈনিক বিছ মিনিট সময় সূৰ্যৰ ৰশ্মি (ৰাতিপুৱা) শৰীৰৰ বিভিন্ন্ অংগত লগাওক। নিয়মিত তিনি চাৰিমাহ ধৰি এনে অভ্যাস কৰক। দেখিব, কিছুমান ৰোগ যেনে-ডায়েবেটিচ, কেন্সাৰ আদি ৰোগ ৫০-৮০ শতাংশ কমি যাব। প্ৰতিদিনে নোৱাৰিলেও সপ্তাহত পাঁচ-ছয় দিন এনে অভ্যাস কৰক।

জুভেনাল ডায়েবেটিচ হ’লে শিশুবিলাক আক্ৰান্ত হয়। তেওঁলোকে ভিটামিন ‘ডি’ চাপ্লিমেণ্ট(২০০০)নিতৌ পালে ৰোগৰ প্ৰাবল্য শতকৰা ৮০ শতাংশ হ্ৰাস পায়। তেওঁলোকৰ টাইপ ২ ডায়েবেটিচো কমি যাব।

ভিটামিন ‘ডি’ৰ এটি পৰিস্ংখ্যা

  • ৩২ শতাংশ চিকিৎসক আৰু বিদ্যালয়ৰ শ্ৰেণীত সোমাই থকা ছাত্ৰ-ছাত্ৰীৰ ভিটামিন ‘ডি’ৰ অভাৱ ঘটে।
  • আমেৰিকাৰ মুঠ জনস্ংখ্যাৰ ৪০ শতাংশই ভিটামিন ‘ডি’ৰ অভাৱত ভোগে।
  • আফ্ৰিকান জনস্ংখ্যাৰ ৪২ শতাংশই ভিটামিন্ ‘ডি’ৰ অভাৱত ভোগে। সন্তান প্ৰসৱ কৰা মহিলায়ো ভিটামিন ‘ডি’ৰ অভাৱত ভোগে।
  • ৪৮ শতাংশ সৰু ল’ৰা-ছোৱালীৰ(৯-১১ বছৰ বয়সৰ) ভিটামিন ‘ডি’ৰ অভাৱ ঘটে।
  • ৬০ শতাংশ চিকিৎসালয়ত থকা ৰোগীৰ্ ভিটামিন ‘ডি’ৰ অভাৱ ঘটে। এওঁলোকে সূৰ্যৰ ৰশ্মি লাভ কৰাৰ পৰা বঞ্চিত হৈ থাকিব লগাত পৰে।

ভিটামিন ‘ডি’ৰ অন্য কেইটিমান উৎস হ’ল-মাছৰ তেল, ঘিউ, কণী, মাখন, কডলিভাৰ অয়ল, চাৰ্ক লিভাৰ অয়ল ইত্যাদি।

লেখক: ডা: উপেন দত্ত, স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 9/13/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate