অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভেজাল গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী

ভেজাল গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী

সুস্বাস্থ্য সকলোৰে কাম্য। আনন্দ আৰু উন্নত মানেৰে জীয়াই থাকিবলৈ হ’লে, মানুহ সুস্বাস্থ্যৰ গৰাকী হ’বই লাগিব। মানৱ শৰীৰ আৰু মন নিৰোগীকৈ ৰাখি সু-স্বাস্থ্যৰ গৰাকী হ’বলৈ উপযুক্ত, নিৰ্ভেজাল আৰু পুষ্টিকৰ খাদ্য খোৱাটো অত্যন্ত জৰুৰী। গাখীৰ এনে এবিধ খাদ্য য’ত মানৱ শৰীৰৰ বাবে প্ৰয়োজনীয় সকলোবিধ উপাদান পোৱা যায়। কিন্তু সম্প্ৰতি ভাৰতবৰ্ষত আটাইতকৈ ভেজাল হোৱা সামগ্ৰীবিধেই হ’ল গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী। গাখীৰ আৰু তাৰপৰা প্ৰস্তুত কৰা খাদ্যসামগ্ৰীবোৰ উত্পাদন, স্ংগ্ৰহ স্থান, পেকেজিং, স্ংৰক্ষণ, বিতৰণ আৰু বিক্ৰীকেন্দ্ৰ আদি সকলো স্তৰতে ভেজালকাৰীৰ হাতত ভেজাল হৈছে আৰু সমাজখনত গভীৰভাৱে সোমাই জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। ভেজালকাৰীসকলে গাখীৰৰ পৰিমাণ বৃদ্ধি, গাখীৰৰ স্ংৰক্ষণৰ সময় বৃদ্ধি, গাখীৰৰ পৰা মূল মাখনখিনি কাঢ়ি কৃত্ৰিমভাৱে চৰ্বিৰ পৰিমাণ বৃদ্ধি তথা দুগ্ধজাত খাদ্যসামগ্ৰী পনীৰ, বাটাৰ, ঘিউ, দৈ, মিঠাই আদি প্ৰস্তুত কৰিবলৈ আৰু আকৰ্ষণীয় কৰিবলৈ বিভিন্ন উপায় অৱলম্বন কৰি বিভিন্ন ৰাসায়নিক আৰু আন পদাৰ্থ মিহলাই অমৃতৰুপি গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী ভেজাল কৰি সমাজত অখাদ্য বিতৰণ কৰে। ২০১২ চনত ভাৰতৰ ৩৩খন ৰাজ্য  আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কৰা এক অধ্যয়ণ মতে ভাৰতবৰ্ষত জনস্ংখ্যা অনুপাতে গাখীৰৰ উত্পাদন আৰু চাহিদাৰ মাজত এক বৃহৎ পাৰ্থক্য আছে আৰু ভাৰতৰ প্ৰায় ৭০ শতাংশ গাখীৰেই নিম্ন মানৰ। এনে ভেজাল গাখীৰ আৰু দুগ্ধ জাত খাদ্য-সামগ্ৰীবোৰ অধিক মূল্য ভৰি কিনি আনি খোৱাৰ ফলত মানুহৰ স্বাস্থ্যৰ ক্ষতি হয় আৰু জটিল দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ মুখতো পৰে।

সাধাৰণতে গাখীৰত তিনি শতাংশ বিশুদ্ধ পানী গ্ৰহনযোগ্য। কিন্তু গুৰি গাখীৰ, নৈ বিলৰ পানী, ষ্টাৰ্চ, বনস্পতি, গ্লুক’জ, চেনি, ইউৰিয়া, আলু পিটিকা, মেলামিন আদি মিহলাই গাখীৰৰ ভেজাল কৰে। চৰ্বিৰ পৰিমাণ বৃদ্ধি কৰিবলৈ ইউৰিয়া, চেনি মেলামিন আদি মিহলায়। গাখীৰত সহজতে অণুজীৱ বৃদ্ধি হয় অৰু গাখীৰ ফাটি যায়। ইয়াক ৰোধ কৰিবলৈ গাখীৰত ফৰমেলিন, ব’ৰিক এচিড, কষ্টিক চ’ডা, ছডিয়াম বাই কাৰ্বনেট, হাইড্ৰ্জেন পেৰ’ক্সাইড, কেলচিয়াম কাৰ্বনেট আদি প্ৰয়োগ কৰে। চাবোনৰ গুৰি মিহলাই গাখীৰত ফেনৰ পৰিমাণ বৃদ্ধি কৰা হয়।গাই গৰু অথবা গাখীৰ দিব পৰ ম’হ অদি নোহোৱাকৈয়ে ইউৰিয়া, কষ্টিক চ’ডা, নিম্নমানৰ বনস্পতি আৰু চাবোনৰ গুৰি মিহলাই তৈয়াৰ কৰা চিন্থেতিক গাখীৰে বজাৰ ছানি ধৰিছে। সস্তীয়া হয় বাবে জনসাধাৰণেও এই গাখীৰ বহুলভাৱে প্ৰয়োগ কৰে।

ভেজাল গাখীৰ খোৱাৰ ফলত মানুহে নানা ধৰণৰ স্বাস্থ্যজনিত সমস্যাত ভুগিব লগা হৈছে। ইউৰিয়াৰ বাবে বৃক্কৰ সমস্যা, কষ্টিক চ’ডাৰ বাবে উচ্চৰক্তচাপ আৰু হৃদপিণ্ডৰ সমস্যাত ভোগা দেখা যায়। চিনথেটিক গাখীৰ খোৱাৰ বাবে সৰু ল’ৰা ছোৱালীবোৰে ‘লাইচিন’ নামৰ এবিধ এমাইনো এচিডহীনতাত ভোগে, গৰ্ভৱতী মহিলাৰ গৰ্ভস্থ শিশুৰ বাঢ়নত বাধা আদি দেখা যায়। আনকি গৰ্ভপাতো হ’ব পাৰে। জেনেটিক মডিফাইড ছয়া মিল্কত থকা ফাইটোষ্ট্ৰেজেন নামৰ স্ত্ৰী হ’ৰমন বিধ এষ্ট্ৰোজেন সমগোত্ৰৰ এক ৰাসায়নিক পদাৰ্থ। ই পুৰুষৰ সন্তান জন্ম দিব পৰা ক্ষমতা হ্ৰাস কৰে। তদুপৰি ই মহিলাৰ স্তন, জৰায়ু, যোনী আদিৰ কৰ্কট ৰোগ কৰাৰ উপৰি শিশুৰ স্বাস্থ্যৰ ক্ষতি কৰে। লেতেৰা অপৰিস্কাৰ পৰিৱেশত উত্পাদন কৰা বাবে আৰু দূষিত পানী মিহলোৱাৰ বাবেও গাখীৰ দূষিত হয়। বীজাণুযুক্ত গাখীৰ খোৱাৰ ফলত টিউবাৰকুলোছিছ, ব্ৰুচেলোছিছ, ডায়েৰীয়া, ডিচেন্ট্ৰী, জণ্ডিচ, হেপাটাইঅটিছ, কিউফিভাৰ, ডিপথেৰিয়া, টাইফয়ড, কাও প’ক্স, এনথ্ৰাক্স আদি ৰোগ হ’ব পাৰে।

সস্তীয়া ভেজাল গাখীৰৰ প্ৰচলনৰ বাবে প্ৰকৃত দুগ্ধ উত্পাদকসকল অৰ্থনৈতিভাৱে ক্ষতিগ্ৰস্থ হৈছে। তদুপৰি পশু খাদ্যত অত্যধিক কীটনাশক দ্ৰব্য, এণ্টিবায়’টিকৰ প্ৰয়োগ, পশুপালন ক্ষেত্ৰত অত্যধিক এণ্টিবায়’টিক আৰু গ্ৰোথ প্ৰোমোটাৰৰ প্ৰয়োগ কৰাৰ ফলত গাখীৰত এইবোৰ নিৰ্গত হয় আৰু ভেজালকৰণ হয়। এনে গাখীৰ খোৱাৰ ফলত মানৱ শৰীৰত প্ৰৱেশ কৰা অৱশিষ্টভাৱে ৰৈ যোৱা এণ্টিবায়’টিকবোৰে পিছলৈ মানৱ শৰীৰত এণ্টিবায়’টিক ৰেজিষ্টেন্ট কৰাৰ উপৰিও গ্ৰোথ প্ৰোমোটাৰবোৰে কৰ্কট ৰোগো সৃষ্টি কৰিব পাৰে। ভেজাল গাখীৰৰ পৰা ভেজাল পনীৰ, মিঠাই, বাটাৰ আদি তৈয়াৰ হৈছে। তদুপৰি দুগ্ধ জাত সামগ্ৰী

(১) বাটাৰত ষ্টাৰ্চ, বনস্পতি, মাৰ্গেৰিণ, আলু পিটিকা, অলিওমৰ্গেৰিনৰ দৰে জন্তুৰ চৰ্বি(অলিঅ’মৰ্গেৰিন এবিধ গৰুৰ পৰা তৈয়াৰ কৰা চৰ্বি)মিহলোৱা হয়।

(২)  মিঠা দৈত বনস্পতি মিহলোৱা হয়।

(৩) আইচক্ৰীমত চেলুল’জ, ষ্টাৰ্চ, ক্ষতিকাৰক কৃত্ৰিম ৰাসায়নিক ৰং, কীটনাশক Pepperonil, Ethyl acetate, Nitrate, Washing powder আদি মিহলোৱা হয়। Ethyl acetateৰ পৰা হাওঁফাওঁ, বৃক্ক, হৃদপিণ্ড আদিৰ ৰোগ হ’ব পাৰে। যিহেতু আইচক্ৰীম খুব থাণ্ডা চেম্বাৰত প্ৰস্তুত কৰা হয়, সেয়েহে  তাত আঠাজাতীয় আৰু কমকৈ গলা এবিধ গাম দিয়া হ’ব পাৰে। এই গামবিধ জন্তুৰ নেজ, নাক, পাকস্থলী আদি সিজাই তৈয়াৰ কৰা হয়।

(৪) মিঠাইত ক্ষতিকাৰক কৃত্ৰিম ৰাসায়নিক ৰ্ং মিহলোৱা হয়। এই ক্ষতিকাৰক কৃত্ৰিম ৰাসায়নিক ৰঙবোৰে কৰ্কট ৰোগ কৰিব পাৰে।

(৫) খৈৱা, পনীৰ, Condensed milk আদিত মিহলোৱা ষ্টাৰ্চে খাদ্যবিধৰ খাদ্যমূল্য কমোৱাৰ উপৰি পেটৰ ৰোগ কৰে।

(৬)  ঘিউত বনস্পতি, অলিঅ’মৰ্গেৰিণ, আলু পিটিকা আদি মিহলাই ভেজাল কৰা দেখা যায়।

(৭) ক্ৰীমত জিলেটিন, ফ’ৰমেল ডিহাইড আদি মিহলোৱা হয়।

জনসচেতনতাৰ অভাৱত আমি এনেদৰে ভেজাল গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী গ্ৰহণ কৰিব লগা হৈছে। ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদে উদ্ভাৱন কৰা সহজ ব্যৱস্থাৰে গাখীৰৰ গুণাগুণ আমি ঘৰতে প্ৰমাণ কৰি চাব পাৰো। Tableত ইয়াক পৃথককৈ উল্লেখ কৰা হৈছে। খাদ্যসামগ্ৰীৰ ভেজালকৰণ ৰোধ কৰি জনসাধাৰনক সুৰক্ষিত খাদ্য সামগ্ৰী যোগান ধৰা আৰু খাদ্যৰ ভেজালকাৰীক শাস্তি দিয়াৰ বাবে ১৯৫৪ চনৰ ২৯ চেপ্টেম্বৰত জাৰি কৰি ১৯৫৫ চনৰ পহিলা জুনৰ পৰা সমগ্ৰ ভৰতবৰ্ষতে বলবত কৰা ‘প্ৰিভেনচন অব ফুড এডাল্টেৰেচন এক্ট, ১৯৫৪’ নামৰ আইনখনে অন্যান্য খাদ্যসামগ্ৰীৰ লগতে গাখীৰ আৰু দুগ্ধজাত খাদ্যসামগ্ৰীৰ ভেজালকৰণকো সামৰি লয়। এই আইন অনুযায়ী ভেজালকৰণ প্ৰমাণ হ’লে অতি কমেও এহেজাৰ টকা জৰিমনা আৰু ছমাহ জেল দিয়াৰো ব্যৱস্থা আছে। শাস্তি ইয়াতকৈ অধিকো হ’ব পাৰে। যদি ভেজাল খাদ্য খাই মানুহৰ মৃত্যু হয় তেন্তে IPC 320 ধাৰাত বিচাৰ হৈ যাৱজ্জীৱন কাৰাদণ্ড আৰু অতি কমেও পাঁচ হাজাৰ টকা জৰিমনা হ’ব পাৰে। উচ্চতম ন্যায়ালয়ে গাখীৰৰ ভেজালকৰণ বন্ধ কৰিবলৈ ২০১৩ চনত সকলো ৰাজ্যকে বিহিত ব্যৱস্থা ল’বলৈ নিৰ্দেশ জাৰি কৰিছে। ভেজালকাৰীক যাৱজ্জীৱন কাৰাবাস দিয়াৰো পোষকতা কৰিছে।

গাখীৰ ভেজালকৰণ ধৰা পেলোৱাৰ সহজ উপায়

 

খাদ্যসামগ্ৰী

মিহলোৱা দ্ৰ্ৱ্য

সৃষ্টি কৰা শাৰীৰিক সমস্যাবোৰ

ঘৰতে ভেজাল ধৰাৰ সহজ উপায়

 

গাখীৰ

পানী

দূষিত পানী মিহলালে টাইফয়েড, ডিচেন্ট্ৰী, ডায়েৰিয়া, জণ্ডিচ আদি

এঢলীয়া শিল এটুকুৰাত গাখীৰ ঢালি দিলে লাহে লাহে বগা দাগ এৰি বৈ গ’লে পানী নিমিহলোৱা আৰু খৰকৈ কোনো চিন নোহোৱাকৈ বৈ গ’লে পানী মিহলোৱা।

বনস্পতি

ডায়েবেটিছ, মেদবহুলতা

অলপ গাখীৰ, কেইড্ৰপমান HCL, এচামুচ চেনি মিহলালে ৰঙা ৰ্ং দেখা যাব।

কাপোৰ ধোৱা পাউদাৰ

পেটৰ অসুখ, ডায়েৰিয়া

হাতত লৈ ঘহি দিলে ফেন ওলাব

ষ্টাৰ্চ, আলু পিটিকা

ডায়েবেটিছ, মেদবহুলতা

আয়’ডিন মিহলালে গাখীৰখিনি নীলা হয়।

ইউৰীয়া

ইউৰিয়াৰ বাবে বৃক্কৰ সমস্যা, উচ্চ ৰক্তচাপ আৰু হৃদপিণ্ডৰ সমস্যা

অলপ গাখীৰত চয়াবিন মিহলাই ৰঙা লিটমাছ পেপাৰ ডুবালে নীলা হ’ব।

কৃত্ৰিম গাখীৰ,গুড়ি গাখীৰ

পেটৰ অসুখ

গাখীৰখিনি জিভাত দিলে তিতা লাগে।

ফৰ্মেলিন

কৰ্কট ৰোগ

এটা টেষ্ট টিউবত ১০ মি.লি. গাখীৰ লৈ টেষ্ট টিউবটোৰ ভিতৰৰ গাত ৫ মি.লি. Cone. Sulphuric acid  ঢালি দিলে নীলা ৰিং এটা হৈ দুয়োবিধ পৃথক হৈ থাকিব।

গ্লুক’জ

ডায়েবেটিছ, মেদবহুলতা

ইউৰিয়াজ ষ্ট্ৰিপত গ্লুক’জ দেখাব।

ঘি

বনস্পতি, অলিঅ’মাৰ্গেৰিণ

ডায়েবেটিছ, মেদবহুলতা

অলপ ঘি কেইটোপালমান HCL, এচামুচ চেনি মিহলালে ৰঙা ৰ্ং দেখা যাব।

 

আলু পিটিকা

ডায়েবেটিছ, মেদবহুলতা

আয়’ডিন মিহলালে ঘিখিনি নীলা হয়।

বাটাৰ

ৰ্ষ্টাৰ্চ

ডায়েবেটিছ, মেদবহুলতা

আয়’ডিন মিহলালে বাটাৰখিনি নীলা হয়।

 

বনস্পতি, অলিঅ’মাৰ্গেৰিণ

ডায়েবেটিছ, মেদবহুলতা

আলপ বাটাৰ কেইটোপালমান HCL,এচামুচ চেনি মিহলালে ৰঙা ৰ্ং দেখা যাব।

 

আলু পিটিকা

ডায়েবেটিছ, মেদবহুলতা

আয়’ডিন মিহলালে বাটাৰখিনি নীলা হয়।

মিঠা দৈ

চেনি, বনস্পতি

ডায়েবেটিছ, মেদবহুলতা

আলপ মিঠা দৈ  কেইটোপালমান HCL,এচামুচ চেনি মিহলালে ৰঙা ৰ্ং দেখা যাব।

আইচক্ৰীম

চেলুল’জ, ষ্টাৰ্চ, কৃত্ৰিম ৰ্ং, আঠাজাতীয় আৰু কমকৈ গলা এবিধ গাম।

ডায়েবেটিছ, মেদবহুলতা, কৰ্কট ৰোগ।

ষ্টাৰ্চ মিহলি আইচক্ৰীমত আয়’ডিন মিহলালে  নীলা হয়।

মিঠাই

চেনি, কৃত্ৰিম ৰাসায়নিক ৰ্ং

ডায়েবেটিছ, মেদবহুলতা, কৰ্কট ৰোগ।

কৃত্ৰিম ৰ্ং হাতত লাগি আহে।

পনীৰ,খৈৱা

ষ্টাৰ্চ

ডায়েবেটিছ, মেদবহুলতা

আয়’ডিন মিহলালে  নীলা হয়।

ডা0 ধৰ্মকান্ত কুম্ভকাৰ, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 4/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate