অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ম’বলাই ফোন আমাৰ বাবে কিমান নিৰাপদ

ম’বলাই ফোন আমাৰ বাবে কিমান নিৰাপদ

 

তুলনামূলকভাৱে কম সময়ৰ ভিতৰতে ম’বাইল ফোন আধুনিক জীৱন প্ৰণালীৰ এক অপৰিহাৰ্য অংগস্বৰূপ হৈ পৰিছিল। হ্ৰস্বদৈৰ্ঘ্যৰ বিদ্যুৎ চুম্বকীয় বিকিৰণৰ মাধ্যমেদি কোনো তাঁৰৰ সংযোগ অবিহনে ম’বাইল ফোনে দূৰৱৰ্তী বাৰ্তালাপ সম্ভৱ কৰি তুলিছে। ম’বাইল ফোনৰ এই হ্ৰস্বদৈৰ্ঘ্যৰ বিদ্যুৎ চুম্বকীয় তৰংগই মানৱ শৰীৰ আৰু স্বাস্থ্যত কেনেনো প্ৰভাৱ পেলায়- সাময়িক কালত বিশ্বজুৰি এয়া চিন্তা আৰু অধ্যয়নৰ বিষয় হৈ পৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ এটা অংশ আন্তঃৰাষ্ট্ৰীয় কৰ্কট ৰোগ গৱেষণা এজেঞ্চী(IARC- International Agency for Research on Cancer) এ ২০১১ চনত প্ৰকাশ কৰা শ্ৰেণী বিভাজন অনুসৰি ম’বাইল ফোনৰ পৰা হোৱা বিকিৰণত কম সম্ভাৱনাযুক্ত কৰ্কটৰোগ কাৰক ২(খ) গোটত (Group 2B- Possibly Carcinogenic) অন্তৰ্ভুক্ত কৰিছে। পৃথিৱীৰ কিছুমান দেশৰ সংশ্লিষ্ট বিকিৰণ বিষয়ক পৰামৰ্শদাতা কৰ্তৃপক্ষই নাগৰিকসকলক সাৱধানমূলক ব্যৱস্থা হিচাপে যথাসম্ভৱ কমকৈ ম’বাইল ফোনৰ বিকিৰণৰ সংস্পৰ্শলৈ আহিবলৈ, অৰ্থাৎ যিমান সম্ভৱ কমকৈ ম’বাইল ফোন ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে।

ম’বাইল হেণ্ডছেটৰ পৰা ওলোৱা বেঁতাৰ তৰংগৰ কিছু অংশ আমাৰ শৰীৰে অৱশোষণ কৰি লয়। এই অৱশোষণক SAR(Specific Absoption Rate) এককেৰে জোখা হয়। জীৱিত কলাসমূহৰ দৰে দ্বৈত-বৈদ্যুতিক(Di-electric) পদাৰ্থসমূহ হ্ৰস্ব তৰংগৰ বিকিৰণৰ দ্বাৰা তপত হয়।

ম’বাইল ফোনৰ পৰা ওলোৱা হ্ৰস্ব-তৰংগ বিকিৰণে জীৱিত কলাসমূহ তপত কৰা তত্ত্বগতভাৱে সম্ভৱ যদিও কোষৰ জিনীয় গঠন(DNA) প্ৰভাৱিত বা ক্ষতিগ্ৰস্ত কৰিব পৰা পৰ্যায়ৰ শক্তি এনে বিকিৰণত থকাটো বেছিভাগ গৱেষণাত এতিয়ালৈকে প্ৰমাণিত হোৱা নাই। যদিহে ম’বাইল ফোনৰ বেঁতাৰ তৰংগীয় বিদ্যুৎ চুম্বকীয় বিকিৰণে DNA গঠন প্ৰভাৱিত কৰিব পৰা সক্ষমতা আছে, তেন্তে ই নিশ্চিতভাৱে কৰ্কটৰোগ কৰাব পাৰে।

টোপনিত ম’বাইল ফোনৰ ক্ৰিয়া সম্পৰ্কে যিবোৰ অধ্যয়ন এতিয়ালৈকে হৈছে, তাৰ তথ্য আৰু ফলাফলসমূহ পৰস্পৰৰ মাজত সম্পূৰ্ণ মিল থকা নহয়। ২০০৬ চনত জাৰ্মানীত চলোৱা এক গৱেষণাই(২) পৰা ৩০ শতাংশ ম’বাইল ফোন ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত গুৰুতৰ ধৰণৰ টোপনি প্ৰক্ৰিয়াৰ পৰিৱৰ্তন প্ৰমাণিত হোৱা বুলি তথ্য দাঙি ধৰিছে। স্মাৰ্টফোনৰ পৰাই তীব্ৰ উজ্জ্বল নীলা-বেঙুনীয়া ৰশ্মি বিকিৰণ কৰে। এনে ধৰণৰ ৰশ্মি সাধাৰণতে দুপৰীয়া সূৰ্যৰ তীব্ৰ পোহৰতহে থাকে। ইয়ে মেমাট’নিন নামৰ হৰম’ন নিঃসৰণ প্ৰভাৱিত কৰে- যাৰ ফলস্বৰূপে টোপনি বাধাগ্ৰস্ত হয়।

পুৰুষৰ প্ৰজনন ক্ষমতাৰ ওপৰত ম’বাইল অধ্যয়নতো ম’বাইল ফোন ব্যৱহাৰৰ ফলত বীৰ্যৰ গুণগত দিশত ঋণাত্মক প্ৰভাৱৰ সম্ভাৱনীয়তাৰ কথা প্ৰকাশ পাইছে। ম’বাইলৰ স্তম্ভ থকা ঠাইৰ আশে-পাশে নাৰিকল, তামোল গছ আদিৰ উৎপাদন কমি যোৱাৰ তথ্যয়ো প্ৰজনন ক্ষমতাৰ ওপৰত থকা ইয়াৰ বিৰূপ ক্ৰিয়াৰ কথাকে সমৰ্থন কৰে।

ম’বাইলৰ বিকিৰণে নিশ্চিতকৈ আমাৰ চকুত বিৰূপ প্ৰভাৱ পেলায়, যাৰ ফলস্বৰূপে চকুৰ লেন্স ক্ষতিগ্ৰস্ত হৈ আগতীয়া ছানিপৰা ৰোগ(Cataract) কৰাৰ উপৰি ৰেটিনা, কৰ্নিয়া আদি চকুৰ অন্য অংশতো ক্ষতিসাধন কৰি দৃষ্টিশক্তি কমাব বা নোহোৱা কৰিব পাৰে।

স্মাৰ্টফোনৰ পৰ্দাৰ পৰা ওলোৱা পোহৰত নীলা-বেঙুনীয়া ৰশ্মি অধিক থকাৰ বাবে ই নিশ্চিতভাৱে চকুৰ অনিষ্ট সাধন কৰে। ম’বাইল তৰংগই হৃদযন্ত্ৰৰ স্বাভাৱিক কম্পন বাধাগ্ৰস্ত কৰিব পাৰে বুলি বিভিন্ন গৱেষণাত প্ৰকাশ। ইতিমধ্যে হৃদৰোগত আক্ৰান্ত হৈ থকা ব্যক্তি বা পেচমেকাৰ ব্যৱহাৰ কৰি থকা লোকৰ ক্ষেত্ৰ্ত ম’বাইলে সময়ত গুৰুতৰ ক্ষতিসাধন কৰিব পাৰে।

শ্ৰৱণশক্তিতো ম’বাইলে বিৰূপ প্ৰভাৱ পেলায়, যিয়ে মানুহক কলা(একেবাৰে নুশুনা) পৰ্যন্ত কৰি পেলাব পাৰে। দৈনিক দুঘন্টা বা ততোধিক সময় ম’বাইলত সময় কথা সকলৰ বাবে এই আশংকা আৰু অধিক। ম’বাইল হেণ্ডছেটবোৰ বীজাণু সংক্ৰমণৰো অন্যতম বাহক। এই অধ্যয়ন মতে মানুহৰ বমি, পেটচলা ৰোগ আদি কৰা ই-ক’লাই বা ছালৰ বিভিন্ন ৰোগ কৰা ষ্টেফাইলোক’ক্কাছ অৰিয়াছ জাতীয় অনিষ্টকাৰী বীজাণু ম’বাইল হেণ্ডছেটসমূহত বাহৰ পাতি থাকে। কিয়নো হেণ্ডছেটবোৰ আমি ধুব বা নিৰ্বীজাণুকৰণ কৰিব নোৱাৰোঁ।

আধুনিক জীৱনৰ এৰাব নোৱৰা অংগ হৈ পৰা ম’বাইল বা স্মাৰ্টফোন ব্যৱহাৰৰ সময়ত ই আমালৈ আনিব পৰা সম্ভব্য অসুবিধাসমূহৰ কথা মনত ৰাখি প্ৰয়োজনীয় সাৱধানতা অৱলম্বনত আটায়ে গুৰুত্ব দিওঁ আহক।

লেখক: ডাঃ ৰমেন কুমাৰ কাকতি(নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 2/22/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate