অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ম’বাইল বিকিৰণৰ বিৰূপ প্ৰভাৱ :

ম’বাইল বিকিৰণৰ বিৰূপ প্ৰভাৱ :

 

পুৰুষৰ প্ৰজনন ক্ষমতাৰ ওপৰত ম’বাইল বিকিৰণৰ বিৰূপ প্ৰভাৱৰ কথা ইতিমধ্যে একাধিক পৃথক অধ্যয়নত প্ৰকাশ পাইছে। ম’বাইল ব্যৱহাৰৰ ফলত পুৰুষৰ বীৰ্যত শুক্ৰাণুৰ পৰিমাণ হ্ৰাসৰ লগতে শুক্ৰাণুৰ গুণ নিম্নগামী হোৱা বুলি এইসফমূহ গৱেষণাত প্ৰতিফলিত হৈছে।

শেহতীয়াভাৱে ২০১৭ চনত জৰ্দানত ১৫৯ গৰাকী প্ৰজননক্ষম পুৰুষৰ ওপৰত চলোৱা এক অধ্যয়নতো ম’বাইল ফোন ব্যৱহাৰৰ ফলত বীৰ্যৰ গুণগত দিশত ঋণাত্মক প্ৰ্ভাৱৰ সম্ভাৱনীয়তাৰ কৰা প্ৰকাশ পাইছে। ম’বাইলৰ স্তম্ভ থকা ঠাইএ আশে-পাশে নাৰিকল, তামোল গছ আদিৰ উৎপাদন কমি যোৱাৰ তথ্যয়ো প্ৰজনন ক্ষমতাৰ ওপৰত থকা ইয়াৰ বিৰূপে ক্ৰিয়াৰ কথাকে সমৰ্থন কৰে।

ম’বাইলৰ বিকিৰণে নিশ্চিতকৈ আমাৰ চকুত বিৰূপ প্ৰভাৱ পেলায়, যাৰ ফলস্বৰূপে চকুৰ লেন্স ক্ষতিগ্ৰস্ত হৈ আগতীয়া ছানি পৰা ৰোগ(Cataract) হোৱাৰ উপৰি ৰেটিনা, কৰ্নিয়া আদি চকুৰ অন্য অংশৰো ক্ষতিসাধন কৰি দৃষ্টিশক্তি কমাব বা নোহোৱা কৰিব পাৰে। স্মাৰ্টফোনৰ পৰ্দাৰ পৰা ওলোৱা পোহৰত নীলা-বেঙুনীয়া ৰশ্মি অধিক থকাৰ বাবে ই নিশ্চিতভাৱে চকুৰ অনিষ্ট সাধন কৰে।

 

গৰ্ভপাতৰ কাৰক হ’ব পাৰে ম’বাইল ফোন -

ম’বাইল ফোন অবিহনে বৰ্তমান সময়ত যেন এক মুহূৰ্তৰ কথাও আমাৰ বহুতেই কল্পনা কৰিব নোৱাৰে। ম’বাইলৰ আসক্তি ক্ৰমাৎ এইদৰে বৃদ্ধি পাইছে যে পুৱা শুই উঠাৰ পৰা দোভাগনিশা টোপনি নহা পৰ্যন্ত আমি ইয়াক এৰি চলিব নোৱাৰোঁ। কিন্তু ম’বাইল ফোনৰ বিৰূপ প্ৰভাৱৰ বিষয়ে আমি বহুতেই অৱগত নহয়। ম’বাইলৰ পৰা নিৰ্গত ৰেডিয়েচনৰ প্ৰভাৱত শৰীৰৰ মাৰাত্মক ক্ষতি হ’ব পাৰে। অত্যধিক ম’বাইল ফোন ব্যৱহাৰ কৰা গৰ্ভৱতী মহিলাৰ গৰ্ভপাতৰ কাৰকো হ’ব পাৰে ম’বাইল ফোন। সেয়ে গৰ্ভাৱস্থাত ম’বাইল ফোনৰ পৰা যিমান পাৰি আঁতৰত থকাৰ পৰামৰ্শ দিয়ে চিকিৎসকসকলে। ম’বাইল ফোনৰ ব্যৱহাৰৰ ফলত কেৱল যে গৰ্ভস্থ শিশুৰেই ক্ষতি হয়, তেনে নহয়। কৰ্কটৰ নিচিনা ভয়াৱহ ৰোগত আক্ৰান্তও হ’ব পাৰে এগৰাকী গৰ্ভৱতী মহিলা। ম’বাইল ফোনৰ ৰশ্মিয়ে শৰীৰত মেলাটনিন নামৰ হৰম’নৰ ক্ষৰণ হ্ৰাস কৰে। ফলত সহজে টোপনি নধৰে।

মেলাটনিন হৰম’নৰ ক্ষৰণৰ ওপৰতেই টোপনি কিমান ভাল হয় সেয়া নিৰ্ভৰ কৰে। সেয়ে অনিদ্ৰাৰ সমস্যাৰ পৰা মুক্তি পাবলৈও ম’বাইল ফোনৰ পৰা যিমান পাৰি আঁতৰত থকাটোৱেই শ্ৰেয়। বহু গৱেষণাত দেখা গৈছে যে মাত্ৰাধিক ফোন ব্যৱহাৰ কৰাৰ ফলত শুক্ৰাণুৰ সংখ্যা হ্ৰাস পাবলৈ আৰম্ভ কৰে। ম’বাইলৰ ৰেডিয়েচনৰ কাৰণে বীৰ্য উৎপাদনকাৰী কোষবিলাক এইধৰণে ক্ষতিগ্ৰস্ত হয় যে শুক্ৰাণুৰ সংখ্যা কমিবলৈ আৰম্ভ কৰে। গৱেষকসকলে চলোৱা এক পৰীক্ষাত ম’বাইল ফোনৰ মাত্ৰাধিক ব্যৱহাৰৰ পিছত শুক্ৰাণুৰ গুণাগুণ বহু পৰিমাণে কমি যোৱাৰ তথ্য উপলব্ধ হৈছে। মাৰ্কিন ব্ৰেষ্টলিংক সংস্থাই চলোৱা এক গৱেষণাত দেখা গৈছে যে স্তন কৰ্কটৰ সৈতেও ম’বাইল ফোনৰ সম্পৰ্ক আছে। গৱেষকসকলৰ মতে অন্তৰ্বাসৰ ওচৰত ম’বাইল ফোন ৰাখিলে শৰীৰৰ বিশেষ কিছু অংশত বিশেষকৈ স্তনত মাৰাত্মক প্ৰভাৱ পৰে। এই অভ্যাস দীৰ্ঘদিন থাকিলে স্তন কৰ্কটত আক্ৰান্ত হোৱাৰ শংকাও বৃদ্ধি পায়। ইয়াৰ উপৰি অন্ধকাৰত ম’বাইল ফোন ব্যৱহাৰ কৰাৰ ফলত ম’বাইলৰ নীলা ৰশ্মিয়ে ৰেটিনাৰ কাৰ্যক্ষমতা হ্ৰাস কৰিবলৈ আৰম্ভ কৰে। দীৰ্ঘদিন ধৰি এই অভ্যাস অব্যাহত থাকিলে দৃষ্টিশক্তি লোপ পোৱাৰ আশংকা বৃদ্ধি পায়।

উৎস: নিয়মীয়া বাৰ্তা

শেহতীয়া উন্নীতকৰণ: : 1/20/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate