অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মোচোকা খালে কি কৰিব :

মোচোকা খালে কি কৰিব :

 

আঘাতজনিত কাৰণত আপোনাৰ হাড়ৰ জোৰা খুলি যাব পাৰে বা স্থানচ্যুত হ’ব পাৰে। বহুক্ষেত্ৰত স্থানচ্যুত হোৱা জোৰাই ওচৰৰ সিৰা আৰু স্নায়ুবোৰ বিনষ্ট কৰে। মোচোকা খালে অৱজ্ঞা নকৰিব। মোচোকাৰ অৰ্থ হ’ল লিগামেন্টৰ আঘাত। লিগামেন্ট হৈছে দুডাল হাড়ক জোৰা লগাই ৰখা এবিধ টান ইলাষ্টিক গুণসম্পন্ন আঁহযুক্ত কলা। কেতিয়াবা লিগামেন্টৰ আঘাতজনিত সমস্যা দূৰ কৰিবলৈ প্লাষ্টাৰ বা মেৰামতি কৰিবলগা হ’ব পাৰে।

আঘাতজনিত কাৰণত আপোনাৰ হাড়ৰ জোৰা খুলি যাব পাৰে বা স্থানচ্যুত হ’ব পাৰে। বহুক্ষেত্ৰত স্থানচ্যুত হোৱা জোৰাই ওচৰৰ সিৰা আৰু স্নায়ুবোৰ বিনষ্ট কৰে। স্থানচ্যুত হোৱাৰ ফলত তেজ চলাচল বন্ধ হৈ জোৰাটো নষ্ট কৰি পেলাব পাৰে। শৰীৰৰ যিকোনো হাড়ৰ জোৰা খুলি যোৱা ঘটনাক চিকিৎসা বিজ্ঞানে জৰুৰী চিকিৎসাৰ বিধান দিছে। এনেক্ষেত্ৰত পাৰ্যমানে দুৰ্ঘটনাৰ পৰৱৰ্তী আঠ ঘন্টাৰ ভিতৰত চিকিৎসা গ্ৰহণ কৰিব লাগে।

সাধাৰণ আঘাততে হাতৰ সৰু গাঁঠিৰ ফ্ৰেকচাৰ হ’ব পাৰে। সেয়ে সৰু-সুৰা আঘাতক অৱজ্ঞা নকৰি পৰীক্ষা কৰিব লাগে। অন্যথা পিছলৈ জোৰাৰ সমস্যা হ’ব পাৰে।

ভগা হাড় জোৰা লগাৰ সময় হ’ল তিনিৰ পৰা ছমাহ, কিন্তু হাত বা বুকুৰ জোৰা লাগোতে ভিন্ন সময়ৰ প্ৰয়োজন। অৰ্থাৎ শৰীৰৰ প্ৰতিডাল হাড়ৰ জোৰা লগাৰ নিজস্ব সময় আছে।

হাড়ৰ লগতে শৰীৰৰ আন অংগ আঘাতপ্ৰাপ্ত হ’লে তাক পলিট্ৰমা বুলি কোৱা হয়। ই এক গুৰুতৰ সমস্যা। ৰোগীক আই চি ইউ চিকিৎসাৰ প্ৰয়োজন।

হাড় জোৰা লাগোতে দীৰ্ঘ সময় লাগিলেও আধুনিক চিকিৎসাই হাড় জোৰা লগাৰ পূৰ্বেই ৰোগীক খোজ কঢ়া বা দৈনন্দিন কাম-কাজ কৰাৰ সুবিধা কৰি দিব পাৰে।

কামিহাড় ভাগিলে অস্ত্ৰোপচাৰ কৰা নহয়। কিয়নো তিনি সপ্তাহত ই নিজে নিজেই জোৰা লাগিব। কলাৰ ব’ন, অৰ্থাৎ বিউটী ব’নৰ ক্ষেত্ৰতো একেই কথা প্ৰযোজ্য।

শিশুৰ হাড় ভাগিলে বেছিভাগ ক্ষেত্ৰতে অস্ত্ৰোপচাৰ কৰা নহয়। শিশুৰ হাড়ৰ স্থিতিস্থাপকতা গুণ আৰু ৰক্ত চলাচল ব্যৱস্থা উন্নতমানৰ বাবে সাধাৰণ প্লাষ্টাৰ চিকিৎসাত হাড় জোৰা লাগে।

উৎস: নিয়মীয়া বাৰ্তা

শেহতীয়া উন্নীতকৰণ: : 1/21/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate