অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মজবুত হাড়ৰ বাবে

 

এটা স্বাস্থ্যবান শৰীৰৰ বাবে এজন ব্যক্তিৰ শৰীৰৰ হাড় বোৰ মজবুত হোৱাটো অতি প্রয়োজনীয়।ইয়াৰ বাবে প্রয়োজন সঠিক আহাৰৰ। হাড় মজবুত হ’বলৈ আমি খাব লাগিব কিছুমান আমাৰ শৰীৰত মূলতঃ কেলছিয়ামৰ প্রয়োজন। হ’লেও আন আন ভিটামিনৰো সমানে প্রয়োজন হয়। আহাৰৰ দ্বাৰা আমি ভিটামিনৰ পৰিমাণ সম্পূৰ্ণৰূপে পূৰণ কৰিব নোৱাৰাৰ বাবে আমাক প্রয়োজন ঔষধৰ, কিন্তু কেৱল ঔষধৰ দ্বাৰাও আমাৰ এই প্রয়োজন সম্পূর্ণ নহ’ব পাৰে। কিন্তু কেনে খাদ্যৰ দ্বাৰা আমি কেলছিয়াম তথা আন ভিটামিনসমূহ পাব পাৰো ? কিয়নো প্রতিদিনে এজন ব্যক্তিৰ শৰীৰত ১,০০০ৰ পৰা ১,২০০ মিলিগ্রাম কেলছিয়ামৰ প্রয়োজন হয়।

সাধাৰণতে সেউজীয়া শাক-পাচলিত কেলছিয়াম পোৱা যায়। ইয়াৰ বাদেও মাছ, কল,  ব্ৰেড, পাস্তা, চয়াবিনৰ গাখীৰ, টফু আৰু বাদাম আদিত কেলছিয়াম পোৱা যায়।

আন আন ভিটামিনসমূহৰ ভিতৰত যেনে, ভিটামিন ডিৰ অভাৱত হাড় দুর্বল তথা কোমল হৈ পৰে। সূৰ্যৰ ৰশ্মিৰ দ্বাৰা আটাইতকৈ অধিক ডি ভিটামিন আহৰণ কৰিব পাৰি। তাৰোপৰি গাখীৰ, কণী, মুৰ্গীৰ মাংস, মাছ আদিতো ভিটামিন ডি পোৱা যায়।

পটাছিয়াম

যিসকল লোকে পর্যাপ্ত পৰিমাণে পটাছিয়াম সেৱন কৰে তেওঁলোকৰ হাড় সদায় মজবুত হৈ থাকে। মিঠা আলু, দৈ, কল আদিত প্ৰচুৰ পৰিমাণে পটাছিয়াম পোৱা যায়।

মেগনেছিয়াম

পালেং শাক, বিলাহী, মিঠা আলু, কিচ্‌মি্‌চ আদিত যথেষ্ট পৰিমাণে পোৱা যায়।

প্ৰ’টিন

এটা শৰীৰৰ নিৰ্মাণ প্রক্রিয়াত প্ৰ’টিনৰ ভূমিকা আটাইতকৈ অধিক। হাড় মজবুত কৰাৰ ক্ষেত্ৰতে নহয়, স্নায়ুৰ বাবেও দৰকাৰী। সাধাৰণতে মেনপ’জৰ পিছত মহিলাসকলৰ কম সেৱন কৰে তেওঁলোকৰ ক্ষেত্ৰত অষ্টিঅ'প'ৰ'ছিছৰ শংকা ত্রিশ শতাংশ অধিক হয়। ভিটামিন “চি” আৰু ‘কে’— হাড় মজবুতৰ ক্ষেত্ৰত খুবেই প্রয়োজন। কেঁচা আৰু পকা জলকীয়া, কমলা, আঙুৰ, ব্ৰ’কলি, ষ্ট্ৰ’বেৰী, অংকুৰিত বুটমাহ, অমিতা, আনাৰস আদিত এই ভিটামিন পোৱা যায়। চালগোম, পালেং, সৰিয়হ আৰু মেথী আদিত “কে’’ ভিটামিন যথেষ্ট পৰিমাণে পোৱা যায়।

উৎস: সাদিন।

শেহতীয়া উন্নীতকৰণ: : 2/29/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate