লিখনিটো আজিৰ সংখ্যাৰ 'নিয়মীয়া বার্তা'ত প্ৰকাশ হৈছে। আমাৰ পাকঘৰত ব্যৱহাৰ হোৱা এবিধ আৱশ্যকীয় খাদ্য সামগ্ৰী হৈছে ময়দা। ময়দাৰ পৰা বনোৱা পৰঠা, পুৰি, নান, ৰুমালি ৰুটি, ব্ৰেড, পিজ্জা, বাৰ্গাৰ, নিমকি, কেক, কুকিজ আদি আমাৰ সকলোৰে পছন্দৰ খাদ্য।
কবলৈ গ'লে ময়দা অবিহনে আমাৰ বহুতো ব্যঞ্জন আধৰুৱা হৈ ৰ'ব। বাৰ্থ দে'ৰ দিনাখন যদি কেক এটা নহয় আজিৰ দিনৰ তথাকথিত আধুনিক বাৰ্থদে পাৰ্টিটোৱেই অসম্পূৰ্ণ হৈ ৰ'ব কাৰণ কেক বনাওঁতে প্ৰধানকৈ ময়দাৰ ব্যৱহাৰ হয়।
ঠিক তেনেকৈ ময়দা নহ'লে দেখোন চিংৰা, পৰঠা, মম' আদি বেচা হোটেল বোৰৰ ৰমৰমিয়া ব্যৱসায়েই বন্ধ হৈ যাব। আজিৰ উঠি অহা প্ৰজন্মই পিজ্জা, বাৰ্গাৰ আদি খাবলৈ নাপালে হুলস্থুল লগাব। কাৰণ ময়দাৰ পৰা বনোৱা এই ফাষ্ট ফুড বোৰেই সিহঁতৰ পছন্দৰ খাদ্য।
ব্ৰেকফাষ্টত ময়দাৰ পৰা তৈয়াৰী খাদ্য যেনে পুৰি, পৰঠা, ব্ৰেড বাতাৰ, ব্ৰেড ট'ষ্ট আদি খাই বহুলোকে ভাল পায়। মুঠতে দেশী, বিদেশী বহু ব্যঞ্জনত ময়দা এক অন্যতম মুখ্য উপকৰণ। কিন্তু অপ্ৰিয় হলেও সত্য যে এই ময়দাৰ পৰা তৈয়াৰী খাদ্যবোৰ আমাৰ শৰীৰৰ বাবে অপকাৰী।
মাজে সময়ে কেতিয়াবা খোৱাটো বাৰু একো নাই, কিন্তু এইবোৰ বস্তু নিয়মীয়াকৈ খোৱাতো আমাৰ শৰীৰৰ বাবে হানিকাৰক। আমি কিমানে বাৰু এই ময়দাৰ বিষয়ে ভালকৈ জানো? ময়দাৰ পৰা বনোৱা খাদ্যৰ জুতি লৈ থাকোতে ময়দাৰ বিষয়ে আমাৰ জানিবলৈ মন নাযায় নে বাৰু?
আচলতে আমি দেখা চকচকীয়া বগা ময়দাবিধ হৈছে ঘেঁহুৰ পৰিশোধিত ৰূপ (Refined) যাক ৰিফাইণ্ড ফ্লৰ বুলি কোৱা হয়। ইয়াক তৈয়াৰ কৰোঁতে নানা তৰহৰ কৃত্ৰিম সামগ্ৰীৰ প্ৰয়োগ কৰা হয়। গৱেষণাৰ পৰা দেখা গৈছে যে ইয়াত ব্যৱহাৰ কৰা বেনজয়েল পেৰ'ক্সাইড (benzoyl peroxide) নামৰ বিৰঞ্জক (bleaching agent) পদাৰ্থ বিধ শৰীৰৰ বাবে অতি বিষাক্ত।
ঠিক তেনেকৈ ইয়াত ব্যৱহাৰ কৰা এল'ক্সান (alloxan) নামৰ পদাৰ্থ বিধে আমাৰ অগ্নাশয়ৰ (pancreas) বিতা কোষৰ ক্ষতি সাধন কৰে। ডায়েবেটিচ ৰোগ হোৱাতো এইবিধ পদাৰ্থই ইন্ধনৰ কাম কৰে।
বাৰে বাৰে সংশোধিত কৰি বনোৱা হয় বাবে ইয়াত থকা আঁহ, আৱশ্যকীয় ভিটামিন, খনিজ আৰু অন্যান্য পুষ্টিকৰ গুণ নষ্টও হৈ পৰে।
বৰ্তমান সময়ত-
সেয়েহে কিছুমান দেশত ময়দা উৎপাদনত ব্যৱহৃত এইবোৰ ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ বন্ধ কৰা হৈছে। আমাৰ জীৱনশৈলীৰ পৰিৱৰ্তন হৈছে, খাদ্যাভ্যাসৰ সলনি হৈছে, একপ্ৰকাৰ কৰ্মহীন বিলাসী জীৱন কটাইছো আৰু থলুৱা খাদ্য এৰি বিদেশী খাদ্য পিজ্জা, বাৰ্গাৰ আদি আদৰি লৈছো।
ইয়াৰ ফলশ্ৰুতিত আমি বিভিন্ন ৰোগৰ কৱলত পৰিছো। স্বাস্থ্যসচেতন বহুলোকে অৱশ্যে আজিকালি প্ৰায়েই এইবোৰ খাদ্য ত্যাগ কৰিছে। ডায়েট প্লেন কৰাসকলেও এইবোৰ খাদ্য পৰিহাৰ কৰি চলে। সৰ্বসাধাৰণ লোকে হয়তো ইমানখিনি কথা নাজানে।
সেয়েহে তেওঁলোকেও ইয়াৰ বিষয়ে অলপ জনাটো দৰকাৰ। আৰু এটা কথা মন কৰিছেনে যে ফেতি লিভাৰ, কলেষ্টৰল সমস্যা, হাৰ্টৰ ৰোগ আদি বহু ৰোগত ডাক্তৰে ৰোগীক কিছুমান বস্তু খাবলৈ মানা কৰে যেনে ধৰক ফাষ্ট ফুড, মিঠাই, ময়দাৰ পৰা বনোৱা সামগ্ৰী আদি।
জিমত যোৱা সকলকো জিম ইনস্ট্রাক্টৰে এইবোৰ খাদ্য খাবলৈ মানা কৰে। কিয় মানা কৰে বাৰু? নিশ্চয় ইয়াৰ যুক্তিসংগত কাৰণ আছে। এই কাৰণসমূহ আৰু আমাৰ শৰীৰত ময়দাৰ হব পৰা সাম্ভাব্য অপকাৰীতাসমূহ কি কি অলপ জানোচোন আহক:-
ময়দাৰ পৰা তৈয়াৰী খাদ্য খোৱাৰ পিছত অতি সোনকালে তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি (sugar spike) হয় কাৰণ ময়দাৰ গ্লাইছেমিক ইণ্ডেক্স বেছি। এই শৰ্কৰাৰ ভাৰসাম্য ৰক্ষা কৰিবৰ বাবে আমাৰ অগ্নাশয়ে বেছিকৈ ইনচুলিন হৰম'ন নিঃসৰণ কৰিব লগা হয়।
অৰ্থাৎ অগ্নাশয় বা পেনক্ৰিয়াজৰ ওপৰত অত্যাধিক বোজা আহি পৰে। নিয়মীয়াকৈ ময়দাৰ পৰা বনোৱা বস্তু খাবলৈ ললে অগ্নাশয় বা পেনক্ৰিয়াজে অত্যাধিক কাৰ্য্য কৰিব লগা হয়।
যাৰ বাবে এটা সময়ত হয়তো ইনচুলিনৰ ক্ষৰণত বিজুটি (insulin resistence) হ'ব পাৰে নাইবা ইয়াৰ ক্ষৰণ কমি গৈ ভৱিষ্যতে ডায়েবেটিচ ৰোগ হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে নিয়মীয়াকৈ ময়দাৰ পৰা বনোৱা খাদ্য পৰিহাৰ কৰা উচিত।
ময়দা বনোৱা পদ্ধতিত ইয়াৰ অত্যৱশ্যকীয় উপাদান, ভিটামিন, আঁহ (fiber) আদি কমি যায়। সেয়েহে ময়দাৰ পৰা তৈয়াৰী খাদ্য সঘনাই খালে-
১)গেছ,
২)এচিডিটি,
৩)কৌষ্ঠকাঠিন্য,
৪)কলাইটিছ,
৫)IBS আদি সমস্যাই দেখা দিব পাৰে।
তদুপৰি কেতিয়াবা পেপতিক আলচাৰ, কিডনী ষ্টোন, গল ব্লাডাৰৰ সমস্যাও হ'ব পাৰে।
ময়দাৰ পৰা তৈয়াৰী খাদ্য সামগ্ৰী সঘনাই খালে ই আমাৰ পাচন ক্ৰিয়াত বাধা প্ৰদান কৰে যাৰ বাবে শৰীৰৰ বিপাকীয় ক্ৰিয়া(sluggish metabolism) মন্থৰ হৈ পৰে।
অৰ্থাৎ বিপাকীয় ক্ৰিয়াত বিজুটি ঘটে যাৰ বাবে মেদবহুলতা, ষ্ট্ৰেছ, মাইগ্ৰেইন আদি সমস্যা বৃদ্ধি হব পাৰে।
ময়দাৰ পৰা বনোৱা খাদ্য খালে এইবোৰৰ প্ৰতি মানুহৰ আসক্তিও বাঢ়ি যায় যাৰ বাবে বাৰে বাৰে এইবোৰ খাদ্য খাই থাকিবলৈ মন যায়। ফলত সমস্যা দুগুণে বাঢ়ি যায়।
*তেলত ফ্ৰাই কৰা ময়দাৰ খাদ্যবস্তু বেছিকৈ খালে শৰীৰত শৰ্কৰা আৰু স্নেহৰ অত্যাধিক বোজা পৰে যাৰ বাবে আমাৰ শৰীৰৰ বিপাকীয় কাৰ্য্যতো (metabolism) বাধা আহি পৰে। ইয়াৰ বাবে-
১)শৰীৰৰ অপকাৰী LDL কলেষ্টৰল,
২)ট্ৰাইগ্লিচাৰাইড বৃদ্ধি হয়,
৩)উচ্চ ৰক্তচাপ,
৪)হাৰ্টৰ এটেক,
৫)স্ট্রোক,
৬)এলজেইমাৰ,
৭)আৰথ্ৰাইটিছ আদি হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়।
ময়দাৰ পৰা তৈয়াৰী খাদ্য আম্লিক ধৰ্মী (acidic) হোৱাৰ বাবে ই শৰীৰৰ পি এইচ (PH)ভাৰসাম্যত কেতিয়াবা ব্যাঘাত সৃষ্টি কৰিব পাৰে।
এই আম্লিকতাৰ বাবে সন্ধিৰ প্ৰদাহ (inflammation) হ'ব পাৰে আৰু আৰথ্ৰাইটিছৰ দৰে সমস্যাই দেখা দিব পাৰে। লগতে আমাৰ হাড়ৰ ঘনত্ব (bone density) কমি গৈ হাড় ঠুনুকা হ'ব পাৰে।
ময়দাৰ পৰা তৈয়াৰী খাদ্যই বহুলোকৰ শৰীৰত ফুড এলাৰ্জিৰ সমস্যাৰ সৃষ্টিও কৰে। ইয়াত থকা গ্লুটেন নামৰ প্ৰটিন যৌগবিধে কিছুমান লোকৰ শৰীৰত এলাৰ্জিৰ সমস্যা সৃষ্টি কৰে।
তদুপৰি পলিচিষ্টিক অভেৰিয়ান সমস্যাত ভোগা মহিলাৰ বাবে ময়দাৰ পৰা তৈয়াৰী খাদ্য অপকাৰী। ঠিক তেনেকৈ শ্বেতকুষ্ঠ বা লিউক'দাৰমাত ভোগা ৰোগীৰ বাবেও ময়দাৰ পৰা তৈয়াৰী খাদ্য অপকাৰী। সেয়েহে এইবোৰ সমস্যা থকা লোকে এনেকুৱা খাদ্য পৰিহাৰ কৰা উচিত।
এইখিনি কথা জনাৰ পিছত সকলোৰে মনত কেতবোৰ প্ৰশ্নৰ উদয় হ'ব পাৰে। যেনে আমেৰিকা, ইউৰোপ আদি বহুতো দেশত ময়দাৰ পৰা বনোৱা পিজ্জা, বাৰ্গাৰ আদি জনপ্ৰিয়। তেন্তে তেওঁলোক কি ৰোগীয়া নেকি?
আচলতে তেওঁলোকে এইবোৰ খায় যদিও লগত প্ৰচুৰ পৰিমাণে কেঁচা চালাড, ফলমূল, অলিভ অইলত বনোৱা খাদ্য, অৰ্গেনিক উপায়েৰে উৎপাদিত সেউজীয়া আৰু ৰঙীন পাচলি খায়। পাচলি খাওঁতে আমাৰ দৰে তেলত ভাজি নাখায়, বৰঞ্চ আধা সিজোৱা বা বইল পাচলি খায় যাৰ বাবে খাদ্যৰ পুষ্টিগুন নষ্ট নহয়।
মাছ, মাংস বনাওঁতেও তেলৰ ব্যৱহাৰ প্ৰায় নকৰেই বা নূন্যতম পৰিমাণে কৰে। মুঠৰ ওপৰত কবলৈ গ'লে আমাৰ খাদ্যভ্যাস আৰু পশ্চিমীয়া দেশৰ খাদ্যাভ্যাসৰ আকাশ পাতাল পাৰ্থক্য আছে।
ইয়াৰ উপৰিও তেওঁলোকে ৰাতিপুৱা বা সন্ধিয়া খোজকঢ়া, জগিং, সাঁতোৰ, ব্যায়াম, চাইকেল চলোৱা আদি বিভিন্ন প্ৰকাৰৰ শাৰীৰিক শ্ৰম নিয়মীয়াকৈ কৰে যাৰ বাবে শৰীৰৰ অতিৰিক্ত কেলৰিখিনি ক্ষয় হয়।
আমাৰ দেশৰ দুখীয়া বা নিম্ন মধ্যবিত্ত শ্ৰেণীক বাদ দি বাকী সকলোৱে শাৰীৰিক পৰিশ্ৰমৰ পিনে পিঠি দিয়াৰ দৰেই হৈছে।
এতিয়া কথা হৈছে আমি কি একেবাৰেই ময়দা নাখাম নেকি? ময়দাৰ বিকল্প কি? ইয়াৰ উত্তৰত ক'ব লাগিব যে কাতচিত খাব পাৰে কিন্তু নিয়মিত ভাৱে নাখাব। ময়দাৰ সলনি ঘেঁহুৰ আতা বা মাল্টিগ্ৰেইন আতাৰ ব্যৱহাৰ কৰিব পাৰে।
যেনে ধৰক হোৱাইট ব্ৰেডৰ সলনি ব্ৰাউন ব্ৰেড খাব পাৰে। ময়দাৰ মম', নুদলছ, পিজ্জা, পৰঠা, কেকৰ সলনি আতাৰ মম', পিজ্জা, পৰঠা, কেক বনাই খাব পাৰে তাকো স্বাস্থ্য সন্মত ভাবে ঘৰতে বনাই।
আতাৰ পৰা বনালেও এইবোৰ ব্যঞ্জনৰ সোৱাদ কমি নাযায় বৰঞ্চ বাঢ়েহে। ইয়াৰ উপৰিও জোৱাৰ, বাজ্ৰা, মাকৈ আদিৰ পৰা আতাৰ ব্যৱহাৰো কৰিব পাৰে। এইবোৰ আতা পুষ্টিকৰ আৰু এইবোৰে স্বাস্থ্য ৰক্ষা আৰু ৰোগ প্ৰতিৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
দক্ষিণ আমেৰিকাৰ বহুতো দেশত কিন'ৱা ফ্লৰ (Quinoa flour) নামৰ প্ৰটিন , আঁহ যুক্ত এবিধ বিশেষ ধৰণৰ আতাৰ ব্যৱহাৰ হয়।
ময়দা বা আটাত থকা গ্লুটেনৰ পৰা এলাৰ্জি হোৱা ব্যক্তিৰ বাবে গ্লুটেনবিহীন এইবিধ আতা উপকাৰী। এই আতা মেদবহুলতা সমস্যা, পলিচিষ্টিক অভেৰিয়ান চিন্দ্ৰম, থাইৰয়ড সমস্যাতো উপকাৰী।
কেক, কুকিজ, ক্রেপ আদি বিভিন্ন ব্যঞ্জনত ময়দাৰ সলনি এইবিধ ব্যৱহাৰ হয়। বহু স্বাস্থ্য সচেতন লোকে ময়দাৰ সলনি এইবোৰ বিকল্পৰ ব্যৱহাৰ কৰে। আমাৰ দেশতো পাঞ্জাৱ, হাৰিয়ানা আদিত মাকৈৰ আতা, ৰাজস্থানত জোৱাৰ, বাজ্ৰাৰ আতাৰ ব্যৱহাৰ বেছিকৈ হয়।
এইবোৰ আতা ময়দাতকৈ বহুগুণে পুষ্টিকৰ। আমি প্ৰত্যেকেই অলপ সজাগ হলেই নিজকে বহু ৰোগৰ পৰা বচাই ৰাখিব পাৰো।
সুষম, সন্তুলিত আহাৰ গ্ৰহণ কৰি নিৰোগী হৈ থকাৰ চেষ্টা কৰাটো আমাৰ প্ৰধান লক্ষ্য হোৱা উচিত।
ডাঃ ৰেইনী দেৱী
উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ
ফোন নং: 7399114617
শেহতীয়া উন্নীতকৰণ: : 3/3/2020