‘মদাৰ’ৰ বিষয়ে লিখিবলৈ লওঁতে সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ ‘মদাৰৰ ফুল হেনো পূজাতো নালাগে’ গীতৰ পংক্তিসমূহে মনক বৰকৈ দোলা দিয়ে। ই কিন্তু স্বাভাৱিক। মদাৰ গছ চিনি নোপোৱা লোক নাই। মদাৰ গছ কাঁইটীয়া, আঁহযুক্ত। মদাৰ ফুলা ৰঙা মদাৰে প্ৰাকৃতিক দৃশ্য মনোৰম কৰি তোলে। শাস্ত্ৰ মতে, মদাৰক ‘কণ্টকী পলাশ’, ‘নিম্ব তৰু’, ‘পাৰিজাত’ আৰু উদ্ভিদ বিজ্ঞানত ‘ইৰিথ্ৰিনা ইণ্ডিকা’ বোলা হয়। মদাৰ কাঠ আৰু খৰিৰূপে ব্যৱহাৰ নহয়।
মদাৰৰ পাত, ছাল আৰু শিপাৰ ৰসৰ গুণাগুণ অলেখ। ছাল, শিপা শুকুৱাই থৈ বিহু দিনলৈ ব্যৱহাৰ কৰি পাৰি। শিশু, ল’ৰা-ছোৱালী, বয়সস্থ লোকৰ বাবেও মদাৰৰ পাত, ছাল আৰু শিপাৰ ৰস কৃমিৰ মহৌষধ। শিশুৰ বাবে চাহ চামুচেৰে ১০ চামুচ, ল’ৰা-ছোৱালীৰ বাবে ২০ চামুচ, বয়সীয়ালৰ বাবে ৩০ চামুচ একেৰাহে তিনি দিন সেৱন কৰিলে উপকাৰ পোৱা যায়। ই প্ৰামাণিক। সপ্তাহত বা এমাহত এনে ৰস পানে নানা প্ৰকাৰে হিত সাধন কৰিব। মদাৰৰ ৰস বলবৰ্ধক, শক্তিবৰ্ধক আৰু অভোক দূৰীকাৰক। ৰসৰ পৰিমান সৰহ হ’লেও পাৰ্শ্ব প্ৰতিক্ৰিয়াহীন। জ্বৰ হৈ হঠাৎ মূৰ্চ্ছা যোৱা বমি, গ্ৰহণীত মদাৰৰ ৰসে উপকাৰ সাধে। বুকু জ্বলা, অম্লপিত্ত, উগাৰ অহাত মদাৰৰ ৰসে সুফল দিয়ে। ল’ৰা-ছোৱালী কু-গ্ৰহণ দৃষ্টিত শুকাই-খীনাই গ’লে মদাৰৰ ৰস গাত সানি গা ধুৱাই দিলে ভাল ফল পোৱা যায়। বাতবিষ ঘাঁ-খহু-খৰ-খজুৱতি আদিত পাত, বাকলি বা শিপা থেতালি প্ৰলেপ দিলে উপকৃত হ’ব। মধুমেহ বা ডাইবেটিছ ৰোগত দৈনিক আধা কাপ মদাৰৰ ৰস সেৱনে ঔষধ, ইনচুলিন নোলোৱাকৈ ৰোগ নিৰাময় কৰিব পাৰিব। ৰস চেকি লোৱাটো বাঞ্ছনীয়।
লেখক: ডঃ কৃপাসিন্ধু অধিকাৰী(অসম বাণী)
শেহতীয়া উন্নীতকৰণ: : 1/18/2023