অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মনিং ৱাক: জোৰেৰে খোজ কাঢ়ক :

মনিং ৱাক: জোৰেৰে খোজ কাঢ়ক :

 

বৰ্তমান মনিং ৱাক স্বাস্থ্য সচেতন লোকসকলৰ বাবে অৱশ্যে পালনীয় কৰ্তব্য হৈ পৰিছে। সময় অতিবাহিত হোৱাৰ লগে লগে মনিং ৱাক কৰা মানুহৰ সংখ্যা বাঢ়িছে। গাঁৱতকৈ চহৰৰ মানুহক বেছি মৰ্নিং ৱাক সচেতন বুলিব পাৰি। অৱশ্যে গাঁৱৰ লোকসকলে শাৰীৰিক পৰিশ্ৰম থকা কাম-কাজ বাবে মৰ্নিং ৱাকৰ প্ৰয়োজনীয়তা সিমান নাথাকে। কিন্তু শাৰীৰিক পৰিশ্ৰম নথকা উপায় নাই। কিছুদিনৰ আগলৈকে মৰ্নিং ৱাক অভ্যাসৰ প্ৰয়োজনীয়তা পুৰুষেহে অনুভৱ কৰিছিল। পুৱাৰ বাত-পথত মৰ্নিং ৱাক কৰি থকা পুৰুষকহে বেছিকৈ দেখিবলৈ পোৱা গৈছিল।

আজিকালি দিন-কল সলনি হ’ল। সকলোতে নাৰীৰে স্থান। বৰ্তমান মৰ্নিং ৱাক কৰা পুৰুষ যিদৰে দেখিবলৈ পোৱা যায় সেইদৰে বয়সিয়াল যুৱক-মহিলাসকলকো অতি সচেতনভাৱে মৰ্নিং ৱাক কৰা দেখা যায়। এতিয়া আহো মৰ্নিং ৱাকৰ নিয়মলৈ। মৰ্নিং ৱাক কৰা বেছিসংখ্যকেই গুৰুত্ব দিয়ে পথৰ দৈৰ্ঘ্যক। অৰ্থাৎ প্ৰতিদিনে খোজ কিমান পথ অতিক্ৰম কৰিছে তিনি-চাৰি নে পাঁচ কিলোমিটাৰ। বৰ্তমান বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে যে দৈৰ্ঘ্যৰ ধাৰণাতো ভুল।

খোজ কঢ়াৰ দূৰত্ব নহয়, গুৰুত্বপূৰ্ণ হ’ল খোজ কঢ়াৰ স্পীড বা গতি। আমেৰিকাৰ লৰেণ্ডা বাৰ্কালে নেচনেল লেবৰেটৰীৰ গৱেষকসকলে ৮,০০০ এথলেটিক অৰ্থাৎ খেলুৱৈৰ ওপৰত এই গৱেষণা কৰি এই সিদ্ধান্তলৈ আহিছে। গৱেষকসকলে দেখা পাইছিল যিসকল খেলুৱৈৰ ভৰি দ্ৰুততৰ তেওঁলোকৰ হাৰ্ট সিমানেই শক্তিশালী। যিসকল লোকে ধীৰে ধীৰে খোজ কাঢ়ে কিন্তু অতিক্ৰম কৰে বেছি পথ সেইসকলৰো ভাল দিশ নাই তেনে নহয়?

গৱেষকসকলে দেখিছে সেইসকলৰ শৰীৰৰ ঘন লিপ’প্ৰোটিনৰ পৰিমাণ বেছি। লিপ’প্ৰোটিন উপকাৰী ক’লেষ্টেৰল। এই দিশটো ভাল হ’লেও অন্য এটা দিশৰ অপকাৰ থাকি যায়। কি সেইটো? যিসকলে লাহে লাহে খোজ কাঢ়ে তেওঁলোকৰ ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰিত হৈ থকাৰ ক্ষেত্ৰত সিমান উপকাৰ নাপাব।

শৰীৰ চৰ্চাকাৰীসকলে কয়- জোৰেৰে খোজ কাঢ়ক। অকলে খোজ কাঢ়ক। লগে-ভাগে কথা পাতি খোজ নাকাঢ়িব। তেতিয়া খোজৰ গতি ধীৰ হ’ব। খোজ কাঢ়োতে মুখ বন্ধ ৰাখিব। উশাহৰ গতি নিজৰ নিয়ন্ত্ৰণত ৰাখিব। উদ্বেগ-হতাশা খং ভাব লৈ খোজ কঢ়াৰ পৰা উপকাৰ নাপাব। সম্পূৰ্ণ এটা সুস্থ মন লৈহে মৰ্নিং ৱাক কৰক।

উৎস: অসম বাণী(অংশুমা শইকীয়া)

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate