অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মোবাইল ফোন আৰু স্বাস্থ্য

মোবাইল ফোন আৰু স্বাস্থ্য

গতিকে এতিয়া নিদ্ৰামগ্ন হৈ থকা অৱস্থাৰ বাদে অন্য যিকোনো কাম কৰি থকা সময়তে মোবাইল ফোনৰ জৰিয়তে কথোপকথনত লিপ্ত হ’ব পৰা সম্ভৱপৰ হৈছে| পৰিস্থিতিৰ বৈপৰীত্য দেখিলে সচাকৈয়েই বিস্ময়ত হতবাক হ’বলগীয়া অৱস্থা হৈছে বুলিব লাগিব| কাৰণ ২০০১ চনত মই ডিব্ৰুগড়ত চাকৰি থকা অৱস্থাত মোৰ পৰিয়ালৰ অতি প্ৰয়োজনীয় খবৰো নিশা এক নিৰ্দিষ্ট সময়ৰ পাছতে পোৱাৰ কোনো উপায়েই নাছিল| মোবাইল ফোন অবিহনে আধুনিক জীৱন যাত্ৰা যেন অচল| শেহতীয়া তথ্য অনুযায়ী পৃথিৱীৰ ৪০০ কোটি মানুহে মোবাইল ফোন ব্যৱহাৰ কৰে| তদুপৰি আমাৰ দেশতেই হেনো বিশ্বৰ ভিতৰত সৰ্বাধিকসংখ্যক মোবাইল ফোন আছে| আন এক সমীক্ষালব্ধ তথ্য অনুযায়ী ভাৰতৰ মেট্ৰো মহানগৰী বোৰৰ বাসিন্দাসকলে গড় হিচাপে প্ৰতি সপ্তাহত ৭ ঘণ্টাকৈ মোবাইল ফোনৰ জৰিয়তে কথা পাতে আৰু ৫৬ টাকৈ মেছেজ আদান-প্ৰদান কৰে| গতিকে অৱধাৰিত ভাৱেই আমাৰ দেশখন বিভিন্ন সৰু-বৰ মোবাইল কোম্পানীৰ বাবে ‘কামধেনু গাইৰ’ লেখীয়া হৈছেগৈ| এতিয়া কথাষাৰ হৈছে যে বিজ্ঞানৰ অন্যান্য অৱদানবোৰৰ দৰে ইয়াৰো নানা অপকাৰিতা আছে আৰু মানৱ স্বাস্থ্যৰ ওপৰত এনে কু-প্ৰভাৱ পৰিব পাৰে| এনে ধৰণৰ কু-প্ৰভাৱ ঘাইকৈ তিনিটা দিশৰ পৰা বিবেচনা কৰিব পাৰি:-

১) মোবাইল ফোনৰ পৰা নিৰ্গত ৰেডিয়েচন|

২) মানুহৰ কোষীয় পৰ্যায়ত ইয়াৰ কু-প্ৰভাৱ হেতুকে ডি এন এৰ ক্ষতি| আৰু

৩) কৰ্কট ৰোগ সৃষ্টিৰ শংকাগ্ৰস্থতা|

অত্যাধুনিক বিশ্বৰ প্ৰতিজন নাগৰিকেই মোবাইল ফোন ব্যৱহাৰ কৰক বা নকৰক এখন ৰেডিয়েচনৰ সাগৰত যেন সাঁতুৰিহে আছে| এইখিনিতে এষাৰ কথা উল্লেখ কৰা নিতান্তই প্ৰাসংগিক হ’ব যে কৰ্কট ৰোগ সৃষ্টিকাৰী উচ্চ কম্পনাংকযুক্ত ৰঞ্জন ৰশ্মি নিৰ্গমণকাৰী এক্স-ৰে’, গামা ৰে’ আদিৰ তুলনাত মোবাইল ফোনৰ ৰেডিয়েচনৰ মাত্ৰা নিচেই নগণ্য| আনকি এচাম বিশেষজ্ঞৰ মতানুযায়ী মোবাইল ফোনৰ পৰা নিৰ্গমণ ঘটা ৰেডিয়েচনৰ জৰিয়তে কৰ্কট ৰোগ সৃষ্টিৰ কোনো শংকা নাই| গতিকে এই ক্ষেত্ৰত বিতৰ্কৰ অৱকাশ আছে| দীৰ্ঘকালীন সমীক্ষাৰ জৰিয়তেহে এই সন্দৰ্ভত থিৰাংকৈ জানিব পৰা যাব| এই শেষৰ বাক্যশাৰী চিকিৎসা বিজ্ঞানৰ দিশৰ পৰা এইবাবেই গুৰুত্বপুৰ্ণ যে স্বাস্থ্যৰ ওপৰত মোবাইল ফোনৰ কু-প্ৰভাৱ বোৰৰ বিষয়ে কৰা সমীক্ষা বোৰ ৩-৫ বছৰ লৈকে চলোৱা হৈছে যদিও অন্তত: ১০-১৫ বছৰ সময়জোৰা সমীক্ষাৰ নানা কাৰণবশত: বাৰুকৈয়েই আৱশ্যক| পিছে মোবাইল ফোনৰ এক অন্যতম অপকাৰিতা পৰিলক্ষিত হয় যৌন শক্তি তথা যৌন জীৱনৰ ক্ষেত্ৰত| পুৰুষ আৰু নাৰী উভয়ৰে ক্ষেত্ৰত এই কু-প্ৰভাৱ দেখা দিয়ে| পুৰুষৰ ক্ষেত্ৰত উৰ্বৰতা কমিব পাৰে| আনহাতে গৰ্ভৱতী নাৰী আৰু শিশুৰ বিকাশত বাধাগ্ৰস্ততা দেখা দিব পাৰে| মাত্ৰাধিক ভাৱে মোবাইল ফোন ব্যৱহাৰ কৰিলে নাৰী আৰু শিশুৰ ক্ষেত্ৰত আচৰণজনিত পৰিৱৰ্তন দেখা দিব পাৰে| অন্যান্য কু-প্ৰভাৱ বোৰৰ ভিতৰত উল্লেখনীয় হৈছে- মনোযোগহীনতা, স্মৃতিশক্তি হ্ৰাস, উদ্বিগ্নতা আৰু শিক্ষা লাভৰ ক্ষেত্ৰত অসামৰ্থ্য| গতিকে যিকোনো সাধাৰণ জ্ঞান সম্পন্ন মানুহেই এইষাৰ কথা অনুধাৱন কৰিবলৈ সক্ষম হ’ব যে মৰম-চেনেহৰ বানত উটি-বুৰি গৈ অভিভাৱকসকলে দিয়া মোবাইল ফোনে শিশুটিৰ স্বাস্থ্যৰ ক্ষতি সাধিব পাৰে| মোৰ এগৰাকী অন্তৰংগ বন্ধু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অস্থি শল্য চিকিৎসা বিভাগৰ সহযোগী অধ্যাপকৰুপে কাম কৰিছিল| এদিনাখন কথা প্ৰসংগত তেওঁ মোক এনে এটা ঘটনাৰ বিষয়ে ক’লে যিয়ে মোৰ মনত বাৰুকৈয়েই প্ৰভাৱ পেলালে| এই চিকিৎসক গৰাকীৰ কন্যা বৰ্তমানেও গুৱাহাটীৰ এখন অভিজাত স্কুলৰ ছাত্ৰী য’ত নেকি শ্ৰেণীত পাঠদানৰ সময়ছোৱাত মোবাইল ব্যৱহাৰ নিষিদ্ধ| পিছে সেই নিষেধাজ্ঞা উলংঘা কৰা হেতুকে এগৰাকী ছাত্ৰীক শাস্তি বিহা হ’ল আৰু অভিভাৱকক সতৰ্ক কৰা হ’ল| কিন্তু অভিভাৱকে সেয়া আওকাণ কৰি শিক্ষয়িত্ৰী গৰাকীক ক’লে যে তেওঁৰ ‘আলাসৰ লাডুৰ’ মোবাইলটো কাঢ়ি নিলেও অন্য এটা মোবাইল কিনি দিবই| এতিয়া পঢ়ুৱৈ সকলে ধৰিব পাৰিছেই কেনেদৰে সেই আঢ্যবন্ত লোকজনে সন্তানৰ স্নেহত অন্ধ হৈ নিজৰ সন্তানৰ স্বাস্থ্যৰ ক্ষতি কৰিব খুজিছে| পিছে এইখিনিতে প্ৰাসংগিক ভাৱে উত্থাপিত বিষয়টো হৈছে যে- মোবাইল অবিহনে আধুনিক মানুহৰ জীৱনযাত্ৰাও অচল| অৰ্থাৎ ক’বলৈ গ’লে ই মানুহৰ জীৱনৰ অপৰিহাৰ্য তথা অত্যাৱশ্যকীয় অংশস্বৰুপ হৈ পৰিছে যাক নেকি ইংৰাজীত কোৱা হয় Necessary Evil| গতিকে আমি এনেধৰণৰ মোবাইল ‘হেণ্ডছেট’ ব্যৱহাৰ কৰিব লাগিব যিবোৰৰ নেকি স্বাস্থ্যৰ ওপৰত থকা নেতিবাচক প্ৰভাৱৰ মাত্ৰা তুলনামুলকভাৱে কম| চিকিৎসা বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা এটা ভ্ৰাম্যভাষ (মোবাইল) হেণ্ডছেটৰ পৰা নিৰ্গত যিখিনি ৰেডিয়েচন শৰীৰে গ্ৰহণ কৰিবলৈ সক্ষম হয়| তাক ‘সুনিৰ্দ্দিষ্ট শোষণ নিৰিষ’ বোলে| বিভিন্ন দেশৰ চৰকাৰী স্বাস্থ্য বিভাগ সমুহে এই নিৰিষৰ সৰ্ব্বোচ্চ সীমা বান্ধি দিছে আৰু এইক্ষেত্ৰত তাৰতম্য নিশ্চয়কৈ আছে| যিকোনো ‘ব্ৰেণ্ডেড্‌’ ভ্ৰাম্যভাষ হেণ্ডছেটত এই নিৰিষৰ বিষয়ে উল্লেখ থাকে যদিও অন্যান্য কিছুমান ছেটত এই বিষয়ে কোনো তথ্য সন্নিবিষ্ট নাথাকিবও পাৰে| চিন্তাৰ বিষয়টো এইখিনিতেই উত্থাপিত হয়| কাৰণ আমাৰ দেশত এনে বিষয়ত বাধ্যবাধকতামূলক ভাৱে কোনো নীতি-নিয়ম প্ৰয়োগ হোৱা নাই| এই অচিলাতে চীনদেশৰ পৰা আমদানিকৃত এনে কেতবোৰ ‘নন ব্ৰেণ্ডেড্‌’ ভ্ৰাম্যভাষ হেণ্ডছেট ভাৰতীয় বজাৰ বোৰত ভৰি পৰিছে যিবোৰৰ নেকি মানৱ দেহত দেখা দিব পৰা স্বাস্থ্যজনিত প্ৰভাৱৰ বিষয়ে সন্দেহৰ অৱকাশ আছে| হেণ্ডছেটৰ ব্যৱহাৰ বিধি সম্বন্ধেও পঢ়ুৱৈ সকলক অৱগত কৰাৰ উদ্দেশ্যে নিম্নোক্ত দিশ কেইটাৰ ওপৰত আলোকপাত কৰিলো-

১) এবাৰত ১-২ মিনিটতকৈ বেছি সময় বাৰ্তালাপ কৰিব নালাগে|

২) নেটৱৰ্কবিহীন অৱস্থাত আমাৰ মাজৰ বহুতে নানা কৌশলেৰে (স্থিতি বা স্থান পৰিৱৰ্তন কৰি) ফোন কৰাৰ প্ৰয়াস কৰে যদিও এনে প্ৰয়াসৰ পৰা নিজকে বাৰণ কৰাই যুগুত| ইয়াৰ কাৰণ হৈছে যে এনে সময়ত ভ্ৰাম্যভাষৰ ছেটৰ পৰা তুলনামুলক ভাৱে বেছিকৈ ৰেডিয়েচন নিৰ্গত হয়|

৩) ফোনত কমকৈ কথা পাতি এছ এম এছ প্ৰেৰণৰ অভ্যাস কৰিব লাগে| তদুপৰি হেণ্ডছ ফ্ৰি কিটৰ ব্যৱহাৰ স্বাস্থ্যৰ পক্ষে বেছি নিৰাপদ|

৪) নিশাৰ ভাগত নিদ্ৰামগ্ন অৱস্থাত কেতিয়াও ভ্ৰাম্যভাষ শৰীৰৰ ওচৰে-পাঁজৰে ৰাখিব নালাগে|

ডা: মিহিৰ কুমাৰ গোস্বামী

শেহতীয়া উন্নীতকৰণ: : 6/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate