অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মোবাইল ফোন কেন্সাৰৰ কাৰক নহয়

মোবাইল ফোন কেন্সাৰৰ কাৰক নহয়

মোবাইল ফোন ব্যৱহাৰ কৰিলে মগজুৰ টিউমাৰ হয় বুলি কোনো কোনো গৱেষকে কেইবছৰ মানৰ আগতে প্ৰকাশ কৰাত সমগ্ৰ বিশ্বতে হৈ চৈৰ সৃষ্টি হৈছিল। কিন্ত বিস্তৃত আৰু বৃহৎ গৱেষণাৰ যোগেদি শেহতীয়াকৈ প্ৰমাণিত হৈছে যে মগজুৰ টিউমাৰৰ লগত মোবাইল বা চেল ফোনৰ কোনো সম্পৰ্ক নাই। এই নতুন গৱেষণাটোত প্ৰায় পাঁচ লাখ মানুহক জড়িত কৰা হৈছিল আৰু এই দীঘলীয়া ব্যয়বহুল গৱেষণাৰ জৰিয়তে প্ৰমাণ পোৱা গ’ল যে – মোবাইল ফোনৰ সৈতে ডিঙি আৰু মগজুৰ কেন্সাৰৰ কোনো ধৰণৰ সম্পৰ্ক নাই। মোবাইল ফোন কোম্পানী বিলাকৰ ৰেকৰ্ড ব্যৱহাৰ কৰি বিজ্ঞানী সকলে ১৯৮২ চনৰ পৰা ১৯৯৫ চন লৈকে মোবাইল ফোন ব্যৱহাৰ কৰা ৪২০,০৯৫ জন লোকৰ ওপৰত অধ্যয়ন চলাইছিল। তেওঁলোকৰ শৰীৰত কেন্সাৰ হৈছে নেকি সেই বিষয়ে ২০০২ চন লৈকে সূক্ষ্ম ভাৱে লক্ষ্য কৰি থকা হৈছিল। বিজ্ঞানী সকলে এই অধ্যয়নত টিউমাৰৰ আশংকা আৰু চেলফোন ব্যৱহাৰৰ মাজত কোনো ধৰণৰ সম্পৰ্ক দেখা নাপালে। কম সময় অথবা দীৰ্ঘদিনৰ কাৰণে চেল ফোন (মোবাইল ফোন) ব্যৱহাৰ কৰা কোনো লোকৰ শৰীৰতে কেন্সাৰ, টিউমাৰ হোৱা প্ৰমাণ পোৱা নগ’ল। প্ৰথম অৱস্থাত বজাৰত উলিওৱা মোবাইল হেণ্ডচেট বিলাকৰ আধুনিক হেণ্ড চেট বিলাকতকৈ অতি উচ্চ মাত্ৰাৰ বিকিৰণ আছিল। তথাপি এই বিলাকৰ ব্যৱহাৰ বিপদ জনক নাছিল। হেণ্ডচেট বিলাক ব্যৱহাৰ কৰিলে ‘ৰেডিও ফ্ৰিকুয়েন্সি ইলেক্ট্ৰ’মেগনেটিক ক্ষেত্ৰ’ একোটাৰ সৃষ্টি কৰে আৰু ইয়াৰ তৰংগ মানুহৰ দুই ইঞ্চি ভিতৰলৈ প্ৰবেশ কৰে। ২০০৪ চনত চুইডেনত চলোৱা এটা গৱেষণাৰ ফলাফলত কোৱা হৈছিল যে সুদীৰ্ঘ দহ বছৰ ধৰি মোবাইল ফোন ব্যৱহাৰ কৰিলে ‘এক’ষ্টিক নিউৰ’মা’ নামৰ এক প্ৰকাৰৰ মগজুৰ টিউমাৰ হোৱাৰ আশংকা বৃদ্ধি পাব পাৰে। কিন্ত অতি সম্প্ৰতি সামৰণি পৰা ডেনমাৰ্কৰ (কোপেনহেগেন) এই গৱেষণাটোত মোবাইল ফোন ব্যৱহাৰৰ লগত টিউমাৰ বা কেন্সাৰৰ কোনো সম্পৰ্ক থকাৰ প্ৰমাণ পোৱা নগল। একেৰাহে দহ বছৰ ধৰি চেল ফোন ব্যৱহাৰ কৰা লোকৰ মাজতো মস্তিষ্কৰ টিউমাৰ হোৱাৰ উদাহৰণ নাই।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 9/13/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate