অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মহিলাৰ স্তন কেঞ্চাৰ কিছু জানিবলগীয়া কথা :

ফাইব্রো এডেনোমা আৰু চিস্ট -


মহিলাসকলৰ স্তনৰ গুটি হোৱা অথবা গুটিভাব অনুভূত হোৱা খুবেই সাধাৰণ ঘটনা। এই গুটিবোৰ বেছিভাগেই কোনো ক্ষতিকাৰক নহয় অর্থাৎ ই কেঞ্চাৰ নহয়।

সাধাৰণতে মহিলা সকলৰ মাহেকীয়া ঋতুস্ৰাৱৰ আগে আগে স্তনৰ কিছুমান পৰিবর্তন হয়। স্তনৰ কোষবোৰ নানা হৰমোনৰ দ্বাৰা প্রভাবিত হয় ফলস্বৰূপে স্তনৰ ভিতৰত চকা অথবা গুটি ভাব বা বিষ অনুভব কৰিব পাৰে । নিজেই নিজৰ স্তনৰ স্বাভাবিক পৰিবৰ্তন বোৰ সকলো মহিলাই জনা প্রয়োজন। তেতিয়াহে কিবা অস্বাভাবিক হলে সহজে গম পোৱা যায়। মাহেকীয়া ঋতুস্ৰাৱৰ পূর্বে স্তনত সাধাৰণ বিষ তথা গুটি হোৱা যেন লাগিব পাৰে। এনেকুৱা অবস্থাত দুশ্চিন্তা নকৰি চিকিৎসকৰ পৰামৰ্শ লোৱাই শ্রেয়। চিকিৎসকে পৰীক্ষা কৰি প্রয়োজন হলে কিছুমান টেস্টে কৰে । সাধাৰণতে যিবিলাক টেস্ট কৰা হয় সেইবিলাক হ'ল-

মেমোগ্রাম
মেমোগ্রাম হ'ল স্তনৰ এক্স-ৰে। ৩১ বছৰৰ বেছি বয়সত মেমোগ্রাম সকলোতকৈ বেছি কাৰ্যকৰী হয়। কাৰণ এই বয়সত স্তনৰ টিস্যুত কম গ্লান্ডুলাৰ থাকে আৰু ছবি ভাল আহে ।

ফাইন নিড'ল অ্যাসপিৰেশন চাইটোলজি -


এটি সূক্ষ্ম বেজীৰ দ্বাৰা স্তনৰ ভিতৰৰ পৰা কিছু কোষ লৈ, তাক অণুবীক্ষণ যন্ত্রৰ দ্বাৰা পৰীক্ষা কৰা হয়। এই পৰীক্ষা কৰিবলৈ সাধাৰণতে কষ্ট নহয় ।

আলট্ৰাচাউণ্ড
শব্দ তৰঙ্গ ব্যবহাৰ কৰি এই পৰীক্ষা কৰা হয়। সুক্ষ্ম মাইক্রোফোন জাতীয় যন্ত্র স্তনৰ ওপৰত ধৰা হয়। স্তনৰ গুটি বা গুটি গুটি ভাব এই পৰীক্ষাত ধৰা পৰে । সকলো বয়সৰ মহিলাসকলৰ বাবে এই পৰীক্ষা অত্যন্ত কাৰ্যকৰী । এই টেস্টবিলাকৰ দ্বাৰা ৰোগীক পৰীক্ষা কৰি চিকিৎসক নিশ্চিত হয় যে স্তনত গুটি বা গোটা হৈছে নে হোৱা নাই । এই পাৰ্থক্যটো বুজাটো খুবেই গুৰুত্বপূর্ণ। ফাইব্রোঅ্যাডেনোমা আৰু চিস্ট এই দুটি সকলোতকৈ কম ক্ষতিকাৰক গোটা।

ফাইব্রোঅ্যাডেনোমা -

১৫-৪০ বছৰেৰ মাজতেই সাধাৰণতে ফাইব্রোঅ্যাডেনোমা হয়। স্তনত এটা ডাঠ গুটি যি চাপ দিলে সহজে লৰচৰ কৰে । আকৃতিত ডাঙৰ অথবা সৰু হব পাৰে , সময়ত গোটাতো মিলিও যাব পাৰে । পৰীক্ষা কৰি যদি ফাইব্রোঅ্যাডেনোমা নিশ্চিত হোৱা যায় তেতিয়াহলে অপাৰেচন নকৰিলেও হয়।

তথাপি ৰোগী যদি ৩০ বছৰৰ বেছি বয়সীয়া হয় তেতিয়াহলে ফাইব্রোঅ্যাডেনোমা অপাৰেচন কৰি আতৰাই দিয়াৰ পৰামৰ্শ দিয়া হয়। জেনেৰেল এনাস্থেচিয়া দি সৰু অপাৰেচন কৰি গুটিটো আতৰাই পেলোৱা হয়। এনেকুৱা অস্ত্ৰোপচাৰত এটা সৰু কটা দাগ থাকে যদিও পাছলৈ ই ছালৰ লগত মিলি যায়। বহুসময়ত স্তনৰ অন্য ঠাইত ফাইব্রোএডেনোমা নতুনকৈ পুনৰ হব পাৰে ।

চিস্ট -

স্তনৰ চিস্ট এটি তৰল পদার্থৰে ভৰা থলি। হঠাতে চিস্ট হলে বিষ হব পাৰে । ৩০-৫০ বছৰ বয়সত সাধাৰণতে এইধৰণৰ চিস্ট হয়। চিস্টৰ চিকিৎসাও খুব সহজ। এটি সুক্ষ্ম নিডলেৰে গোটাটোৰ পৰা পানী বা তৰল পদার্থখিনি বাহিৰ কৰি পেলোৱা হয়। কোনো জটিলতা নাথাকিলে গুটিটো সম্পূৰ্ণৰূপে নাইকিয়া হৈ যায়। যিবিলাক মহিলাৰ চিস্ট হয় তেওঁৰ পিছলৈকেও স্তনৰ বিভিন্ন ঠাইত চিস্ট হব পাৰে । বহুসময়ত এইবোৰ চিস্ট অপাৰেচন কৰি আতৰাই দিয়া হয়। ঔষধৰ দ্বাৰা বিশেষকৈ আয়ুৰ্বেদিক ঔষধ এইক্ষেত্ৰত বিশেষ ফলপ্ৰসূ হয় । ফাইব্রোএডেনোমা আৰু চিস্ট কেঞ্চাৰ নহয় আৰু এই ৰোগ হলে কেঞ্চাৰৰ সম্ভাবনা নাথাকে ।
মহিলাসকল নিজেই নিজৰ স্তন সম্পর্কে সচেতন থকা দৰকাৰ । প্রতি বছৰ বিশ্বৰ ৫ লাখ নাৰী স্তন কেঞ্চাৰৰ বাবে মৃত্যু হয় ।

চিকিৎসকৰ মতে সচেতনতাৰ মাধ্যমেৰে ৯০% স্তন কৰ্কট ৰোগ ৰোধ কৰা সম্ভব। এই ৰোগৰ সুস্পষ্ট কাৰণ এতিয়াও জনা হোৱা নাই তথাপিও পাৰিবাৰিক ইতিহাস থাকিলে , মেদবহুলতা হলে, ২০ বছৰ বয়সৰ আগতে বিয়া হলে, ৩০ বছৰ বয়সৰ পিছত প্রথম সন্তান জন্ম হলে, সন্তানক বুকুৰ গাখীৰ নুখুৱালে, নিঃসন্তান থাকিলে , বিড়ি-চিগাৰেট, ধপাত সেৱন , কম শাৰিৰীক পৰিশ্ৰম , দীর্ঘদিন উচ্চৰক্তচাপ হৈ থকা , বহুমূত্র ৰোগী আদিৰ ক্ষেত্ৰত এই ৰোগ হোৱাৰ সম্ভাৱনা অধিক হয় । গতিকে প্ৰতিগৰাকী নাৰী সচেতন কুসংস্কাৰ মুক্ত হোৱা তথা সুখী জীবনৰ মূলমন্ত্র সকলোৱে জনা দৰকাৰ ।

ম্যাস্টালজিয়া -

প্ৰায় সকলো নাৰীৰেই কেতিয়াবা নহয় কেতিয়াবা স্তনৰ বিষ অনুভব কৰে । চিকিৎসাবিজ্ঞানে এই অবস্থাকে ম্যাস্টালজিয়া বলে। হৰমোন পৰিবৰ্তন ইয়াৰ মুখ্য কাৰণ । বুকু বিষৰ লগতে বুকুত গোটা বন্ধা যেন অনুভব হয়। এই কাৰণে মহিলাজনীয়ে বিষত কষ্ট পায় আৰু বহুতো দুশ্চিন্তা কৰা দেখা যায় । আচলতে ই খুব মাৰাত্মক একো নহয় । কিন্তু দুশ্চিন্তাৰ কাৰণ হব পাৰে হৰমোন নিৰ্ভৰশীল পৰিবৰ্তন । সাধাৰণতে ৫৫ বছৰ বয়সৰ তলৰ যিবিলাক মহিলাৰ মাহেকীয়া ঋতুস্ৰাৱৰ আগে আগে বিষ আৰু গুটিৰ সমস্যা বাঢ়ি যায়, মাহেকীয়া ঋতুস্ৰাৱৰ পিছত কমি যায়। শৰীৰৰ নানা হৰমোন লেভেল স্তনৰ কোষবোৰক প্রভাবিত কৰে । কোনো কোনো সময়ত বিষ খুব তীব্র হয় । এই বিষ হাতলৈও আহিব পাৰে । বহুতে ই কেঞ্চাৰৰ সম্ভাবনা বুলি ভয় খায় । আচলতে ই কেঞ্চাৰ নহয় । জানি থোৱা ভাল কেঞ্চাৰ আৰু ম্যাস্টালজিয়া একে নহয় । স্তনৰ গুটি বা ম্যাস্টালজিয়া হলে অবশ্যেই এজন বিশেষজ্ঞ ডাক্তৰৰ পৰামৰ্শ লোৱা উচিত। তেওঁ পৰীক্ষা কৰি অন্য কোনো কাৰণে অসুবিধা হৈছে নে কি কব পাৰে । অন্য কোনো কাৰণে গুটি বা বিষ হৈছে নেকি সেইটো পৰিস্কাৰ কৰা খুবেই গুৰুত্বপূৰ্ণ ।

চিকিৎসা -

এবাৰ যেতিয়া ৰোগ ধৰা পৰে, আৰু ৰোগীৰ যদি উপসর্গ খুব বেছি নাথাকে তেন্তে কোনো ঔষধ পত্রৰ প্রয়োজন নহয়। বেছিভাগ মহিলাৰ বাবে এইটো প্রযোজ্য।

এই ৰোগ নিজে নিজে ভাল হৈ যায় কিন্তু কেইমাহমানৰ সময় লাগে। যদি উপসৰ্গবোৰৰ বাবে বেছি কষ্ট পাই থাকে তেতিয়াহলে নিজেই সাৱধান হোৱা উচিত কিছুমান নিয়ম কৰি চাব পাৰে । যেনে -

ইভিনিং প্রিমৰোজ অইল কেপচুল
দেখা গৈছে যে ইভিনিং প্রিমৰোজ অইল কেপচুল খালে স্তনৰ বিষ তথা গোটা আৰু টানভাব কমি যায়। বিশেষকৈ ঋতুস্ৰাৱৰ পূর্বে যেতিয়া এইবোৰ উপসর্গ বাঢ়ে । সকলো মহিলাৰ ক্ষেত্ৰত ই কাম নকৰিবও পাৰে তথা ই কাম কৰিবলৈ কেবাসপ্তাহো লাগে।

কেফেইন

চাহ অথবা কফি বেছি খালে স্তনৰ ৰোগ বাঢ়িব পাৰে । চাহ বা কফি (যিবিলাকত কেফেইন থাকে) খোৱা কমাই দিলে স্তনৰ ৰোগ ভাল হ'ব ধৰে।

দু:শ্চিন্তা

দু:শ্চিন্তা মূৰৰ বিষ , টোপনি কম হোৱা , বিৰক্ত হোৱা তথা ক্লান্ত হৈ পৰাৰ লগে লগে ম্যাস্টালজিয়া বাঢ়িব পাৰে । এই কাৰণে স্ট্রেচ টেনচন কমোৱা প্রয়োজন।

শাৰীৰিক পৰিশ্ৰম কৰক:

শাৰীৰিক পৰিশ্ৰম কৰিলে স্তন কেন্সাৰৰ পৰা বাচি থাকিব পৰা যায়। শাৰীৰিক পৰিশ্ৰমে দেহৰ চৰ্বিকোষৰ সংখ্যা কমায়। চৰ্বিকোষবিলাকে টিউমাৰ হোৱাত সহায় কৰে । গতিকে স্তন কেঞ্চাৰ প্ৰতিৰোধ কৰাৰ বাবে শাৰীৰিক পৰিশ্ৰমৰ বিকল্প নাই । প্ৰতিদিনে ৩০ মিনিট শাৰীৰিক পৰিশ্ৰম স্তন কেঞ্চাৰ হোৱাৰ সম্ভাৱনা ২০% পৰ্যন্ত কমায়।

মদ্যপান ত্যাগ কৰক:

এলকহলে দেহত কেঞ্চাৰৰ কোষৰ জন্ম আৰু বৃদ্ধি ত্বৰান্বিত কৰে। যি মহিলাই নিয়মিত মদ্যপান কৰে তেওঁৰ স্তন কেঞ্চাৰ হোৱাৰ সম্ভাবনা বহুত বাঢ়ি যায়। গতিকে মদ্যপান টা টা বাই বাই দিয়ক। স্তন কেঞ্চাৰৰ পৰা দূৰত থাকিব পাৰিব ।

দেহৰ কলেষ্টেৰলৰ মাত্রা কমাওক :

দেহৰ বেয়া কলেষ্টেৰল স্তন কেঞ্চাৰৰ বাবে দায়ী। বিশেষকৈ শকত আৱত নাৰী এই সমস্যাত বেছি আক্রান্ত হয়। কলেষ্টেৰলৰ মাত্রা বাঢ়ি গ'লে দেহে ইনভেভাচ ড্যাকটাল কাৰচিনোমিয়াৰ উৎপত্তি হয় যি স্তন কেঞ্চাৰৰ বাবে দায়ী।গতিকে কলেষ্টেৰলৰ মাত্রা কমোৱাৰ চেষ্টা কৰক আৰু কলেষ্টেৰল যুক্ত খাদ্যৰ পৰা দূৰৈত থাকক।

সূৰ্য্যৰ পোহৰ লওক:

প্রাকৃতিক উপাদান সকলো সময়েতেই আমাৰ দেহৰ বাবে উপকাৰী । ব্যতিক্রম নহয় সূৰ্য্যৰ পোহৰো। প্ৰভাতী সূৰ্য্যৰ পোহৰ আমাৰ দেহত ভিটামিন ডি ৰ অভাৱ পূৰণ কৰিবলৈ সহায় কৰে।
ইয়াৰ ফলত স্তন কেঞ্চাৰৰ সম্ভাৱনা একেবাৰে কমি যায়। গবেষণাত পোৱা গৈছে যে ভিটামিন ডি স্তনৰ কোষত এক ধৰণৰ কেঞ্চাৰ প্ৰতিৰোধী হৰমোনৰ সৃষ্টি কৰে যি কেঞ্চাৰ কোষ গঠনত প্ৰতিৰোধ কৰে । কিন্তু অবশ্যেই ৰাতিপুৱা ৯ টাৰ পৰা আবেলি ৪ টা পৰ্যন্ত সূৰ্য্যৰ পোহৰৰ পৰা দূৰৈত থকা চেষ্টা কৰা ভাল ।

স্তন কেন্সাৰ কিদৰে প্ৰতিৰোধ কৰিব ?


মাহে অন্ততঃ এবাৰ সুক্ষ্ম পৰ্যবেক্ষণৰ দ্বাৰা স্তনৰ যি কোনো পৰিবৰ্তন লক্ষ্য বা অনুভব কৰা যায়। স্তনৰ আকাৰ বা গঠনৰ পৰিবৰ্তনৰ বহু কাৰণ থাকিব পাৰে , যাৰ বেছিভাগেই ক্ষতিকাৰক নহয়, কিন্তু কিছুমান ক্ষেত্ৰত স্তনৰ এই পৰিবৰ্তনেই মূলতঃ স্তন কেন্সাৰৰ প্রথম আৰু প্রাথমিক চিহ্ন হিচাবে কাম কৰে ।

স্তনৰ সাধাৰণ পৰিবৰ্তন

সাধাৰণতে নাৰীৰ মেনোপজৰ আগে আগে স্তনৰ গাখীৰ উৎপাদন কৰা কোষবিলাক ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ আগে আগে কাৰ্যক্ষম হৈ উঠে । কোনো কোনো মহিলাৰ ক্ষেত্ৰত স্তন হয় নৰম অথবা কাষলতিৰ ওচৰত স্তনত গোটা বান্ধি উঠিব পাৰে । সাধাৰণতে মহিলাসকলৰ ঋতুস্ৰাৱ বন্ধ হোৱাৰ এবছৰমান আগত স্তনৰ এই ধৰণৰ পৰিৱৰ্তন স্বাভাবিক। আকৌ মৃগীৰোগ বা হিস্টিৰিয়াত আক্রান্ত মহিলাসকলৰ স্তনৰ এইবাৰ পৰিবৰ্তন মাহে মাহে দেখা দিব পাৰে আৰু ঋতুচক্র শেষ হলেই স্তন পুনৰ স্বাভাবিক হৈ পৰে । গতিকে স্তন পৰ্যবেক্ষণৰ সকলোতকৈ ভাল আৰু উপযুক্ত সময় হৈছে প্রতি মাহে ঋতুচক্র শেষ হোৱাৰ ঠিক পিছত । আনকি মহিলাসকলৰ মেনোপজৰ পিছতো প্রতি মাহৰ সেই একেই তাৰিখে স্তন পর্যবেক্ষণ কৰা উচিত। কিন্তু মনত কৰিব লগীয়া যে এই পর্যবেক্ষণ মাহত এবাৰৰ বেছি কৰা উচিত নহয় ।

কিদৰে পর্যবেক্ষণ কৰিব -

প্ৰথমতে শৰীৰৰ ওপৰৰ অংশ অনাবৃত কৰি আইনাৰ সন্মুখত থিয় হব লাগে । যি কোনো এটি স্তন এটাতকৈ আনতো আকাৰত ডাঙৰ বা সৰু হব পাৰে । এইটো একেবাৰে স্বাভাবিক।ইয়াৰ পিছত সন্মুখৰ ফালে হালি লক্ষ্য কৰিব লাগে স্তন দুটিয়ে এটা আনটোতকৈ বেলেগ ধৰণে লৰচৰ কৰে নেকি । ইয়াৰ পিছত দুইটা স্তনেই ধৰি ওপৰৰ ফালে তুলি ধৰিব লাগে । এইক্ষেত্ৰত লক্ষ্য কৰিব লাগে স্তনৰ শীৰ্ষৰ চালত কোনো গাত বা খাঁজ সৃষ্টি হয় নেকি ।তাৰপাছত স্তন ধৰি চাপ দি এৰি দি কেইচেকেন্ডমান পিছত পুনৰাই চাপ দিব লাগে আৰু এইক্ষেত্ৰত লক্ষ্য কৰিব লাগিব স্তনৰ গোটেই অংগটোত কোনোফালে কৰবাত গাত, খাঁজ বা সমতল কিছু সৃষ্টি হৈছে নেকি ।লগে লগে অৱশ্যেই লক্ষ্য কৰিব লাগিব স্তনবৃন্ত দুটি ভিন্ন দুইমুখী নেকি অথবা এটি আনটোৰ তুলনাত ভিতৰলৈ সোমাই থকা নেকি।দুই হাত মুৰৰ সমানকৈ উঠাই লৈ লক্ষ্য কৰিব লাগে এনেকুৱা অবস্থাত স্তন দুটাৰ যিকোনো এটাৰ আকাৰৰ পৰিবৰ্তন হৈছে নেকি ।পৰ্যবেক্ষণৰ পিছত যদি সকলোক্ষেত্রতে উত্তৰ Yes হয় তেন্তে অবশ্যেই ডাক্তৰৰ শৰণাপন্ন হব লাগিব ।

স্তন সমস্যা লৈ কেতিয়া চিকিৎসকৰ ওচৰলৈ যাব -

অনুভূতি

স্তনত যদি কোনো অস্বস্তিকৰ বিষ বিশেষ কৈ যে কোনো এটি স্তনত বিষ হয় আৰু বিষৰ ধৰণ যদি নতুন বা ক্রমাগত হয়।

স্তনবৃন্তৰ পৰিবৰ্তন

স্তনৰ পৰা যদি কোনো ধৰনৰ তৰলজাতীয় পদার্থ নির্গত হয়, যি গাখীৰ নহয় অথবা যদি স্তনবৃন্তৰ পৰা ৰক্তক্ষৰণ হয় বা সেই ঠাইত নীলা আর্দ্র বৰণৰ সৃষ্টি হয় যা সহজে আৰোগ্য নহয়।

দুটি স্তনৰ আকাৰৰ যদি পৰিবৰ্তন লক্ষণীয় হয়, বিশেষকৈ বাহু লৰচৰ কৰাৰ ফলত আৰু স্তনৰ কোনো এটি অংশ যদি আনটো স্তনৰ একেই ঠাইতকৈ বেলেগ হয় অথবা স্তনত যদি কোনো গোটা বা ডাঠ মোটা স্থান সৃষ্টি হয় বা স্তনত যদি কোনো থলথলীয়া স্থান সৃষ্টি হয় আৰু সেয়া যদি নতুন হয়।সৰুসুৰা পৰিবৰ্তনৰ ক্ষেত্ৰত সতর্ক থকা উচিত। সৰুসুৰা এইবোৰ পৰিবৰ্তন হয়তো অলপমাত্রাৰ কেন্সাৰ নির্দেশ কৰিব পাৰে । এইক্ষেত্ৰত সময়মতে চিকিৎসা কৰিলে খুব ভাল ফলাফল পোৱা যায় ।

চিকিৎসকক সকলো খুলি কোৱা উচিত। কাৰণ তেওঁ স্তনৰ পর্যবেক্ষণ সর্বোৎকৃষ্ট উপায়ে কৰিবলৈ সক্ষম। মেমোগ্রাম নামৰ স্তনৰ বাবে বিশেষ ধৰণৰ এক্সৰে ৰ মাধ্যমেৰে কেঞ্চাৰ ৰ একেবাৰে প্রাথমিক পৰ্যায়তে চিনাক্ত কৰা সম্ভব। মনত ৰাখিব লাগে চিকিৎসকৰ ওচৰলৈ গৈ সময় লৈ সকলো খুলি কোৱা মানে কাৰো সময় নষ্ট কৰা নহয়। সতর্ক আৰু আন্তৰিক হলে ইয়াৰ প্ৰতিৰোধ আৰু আৰোগ্য সম্ভব।

লেখক: ডা: মনোজ কুমাৰ গোস্বামী , ফোন নং- 9864242002

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

শেহতীয়া উন্নীতকৰণ: : 2/28/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate