অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মহৰ কামোৰ

মহৰ কামোৰ

গৰমৰ দিন বাঢ়ি অহাৰ লগে লগে মহৰ প্ৰকোপো বৃদ্ধি পায়। গেলা গৰমত মহৰ কামোৰে অসহ্যকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। ৰক্তপিপাসু মহে কিন্তু সকলোকে সমান ধৰণে আক্ৰমণ নকৰে। বহু ক্ষেত্ৰত দেখা যায় কোনো এক নিৰ্দ্দিষ্ট ব্যক্তিকে মহে বেছি আক্ৰমণ কৰিছে।

ইয়াৰ কাৰণ কি?

বিশেষজ্ঞসকলে অধ্যয়ন কৰি জানিব পাৰিছে যে যিসকল লোকৰ তেজৰ গ্ৰুপ ‘অ’ সেইসকল লোকৰ তেজ মহৰ বাবে প্ৰিয় খাদ্য। ইয়াৰ বিপৰীতে A(এ) গ্ৰুপৰ তেজৰ লোকক ইহঁতে প্ৰায় আক্ৰমণ নকৰে বুলিয়েই ক’ব পাৰি। B(বি) গ্ৰুপৰ তেজৰ লোককো অলপ কম পৰিমাণে মহে কামোৰে। এতিয়া কথা হ’ল মহে কি মানুহৰ তেজৰ গ্ৰুপ চিনি পায়, বিশেষজ্ঞসকলৰ মতে, মানুহে নিজৰ তেজৰ ওপৰত ভিত্তি কৰি যি ৰাসায়নিক পদাৰ্থ নি:সৰণ কৰে, মহে এই পদাৰ্থবিধ ভালকৈ চিনাক্ত কৰিব পাৰে। সেয়ে ইহঁতে নিজৰ প্ৰিয় তেজৰ গৰাকীসকলক চিকাৰ হিচাপে বাছি ল’ব পাৰে। আমাৰ শ্বাস-প্ৰশ্বাসো আমাক মহে কামোৰাৰ কাৰণ হ’ব পাৰে। আমি নিশাহত যি কাৰ্বন-ডাই-অক্সাইড এৰি দিওঁ তাক সন্ধান কৰিয়ে মহ আহে। সেয়ে যিসকল লোকৰ শ্বাস-প্ৰশ্বাস ঘন, তেওঁলোক মহৰ অধিক চিকাৰ হয়। শুনিলে হয়তো আপুনি আচৰিত হ’ব যে মহবোৰে ১৬৪ ফুট দূৰৈৰপৰাই কাৰ্বন-ডাই-অক্সাইডৰ সন্ধান পায়। আপুনি হয়তো লক্ষ্য কৰিছে যে জ্বৰৰ প্ৰকোপত আপোনাৰ শ্বাস-প্ৰশ্বাস ঘন হোৱাৰ সময়ত মহৰ গুণগুণনিও অধিক আছিল। আনহাতে, ব্যায়াম কৰাৰ সময়তো একে কাৰণতে ইহঁতে অধিক আক্ৰমণ কৰে। ইফালে আমাৰ ছালত একাধিক প্ৰজাতিৰ বেক্টেৰিয়া থাকে। এই বেক্টেৰিয়াৰ আকৰ্ষণত মহ আহে। মানুহৰ ভৰিৰ ফালে বেছি বেক্টেৰিয়া থাকে। সেই কাৰণে ইহঁতে ভৰিতে বেছি কামোৰে। সেয়ে মহৰ কামোৰৰপৰা ৰক্ষা পোৱাৰ বাবে হাত-ভৰি পৰিষ্কাৰকৈ ৰাখিব লাগে। যিসকল লোকে মদ্যপান কৰে, তেওঁলোকৰ শৰীৰত ঘাম অধিক হয়। ইয়াৰ ফলত তেওঁলোকৰ শৰীৰত বেক্টেৰিয়াই অধিক বাহ লয়। সেয়ে তেওঁলোকক মহে বেছিকৈ আক্ৰমণ কৰে। আনহাতে, গৰ্ভৱতী মহিলাসকলৰ শ্বাস-প্ৰশ্বাস ঘন হোৱা বাবে তেওঁলোকক মহে বেছিকৈ আক্ৰমণ কৰে বুলি বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে। ৰঙা, ঈলা আৰু ক’লা পোছাক পিন্ধা লোকক মহে বেছিকৈ আক্ৰমণ কৰে। সেয়ে ‘মোকহে মহে বেছিকৈ কামোৰে’ বুলি আপত্তি কৰাৰ পূৰ্বে ওপৰৰ কথাবোৰলৈ লক্ষ্য কৰক। যদি কাৰণটো প্ৰাকৃতিক নহয়, সাৱধান হওক আৰু নিজকে মহৰ কামোৰৰপৰা ৰক্ষা কৰক।

লিখক: আব্দুৰ ৰছিদ চৌধুৰী, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate