অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাত বহি গ’লে কি কৰিব :

মাত বহি গ’লে কি কৰিব :

 

‘মাত’ বুলিলে হাওঁফাওঁৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ বতাহ ডিঙিৰ স্বৰযন্ত্ৰৰ মাজেদি নিয়ন্ত্ৰিতভাৱে সুনিৰ্দিষ্ট বিশেষ উপায়েৰ কৰা শব্দৰ সমষ্টিকে বুজিব পাৰোঁ। আমাৰ মাতটো স্বাভাৱিক নহয় বুলি তেতিয়াই বুজিব লাগিব ,যেতিয়া মাতটো অস্বাভাৱিকভাৱে গলগলীয়া হয়, গান গাওঁতে বা কথা কওঁতে কিছুমান উচ্চ মাত্ৰা চুবলৈ অসুবিধা হয়, হঠাতে মাতটো গভীৰ হয়, ডিঙিৰ ভিতৰভাগ বিষোৱা বা খৰখৰীয়া অনুভৱ হয় অথবা কথা কওঁতে কষ্ট অনুভৱ হয়। শীতকাল পৰাৰ লগে লগে আমাৰ বহুতৰে এনে অভিজ্ঞতা হয়, কেতিয়াবা মাতটো বহি যায়- মানে আমি ভালদৰে কথা ক’ব নোৱাৰা হওঁ। বহুত জোৰ দি ক’বলগীয়া হয়- হিচহিচনিৰ স’তে আগতকৈ গলগলীয়া অথচ অনুচ্চ মাত ওলায়। আমাৰ ডিঙিত থকা স্বৰযন্ত্ৰ (Vocal cord or Voice box)ৰ প্ৰদাহৰ বাবে এনে অৱস্থা হয়। চিকিৎসাবিজ্ঞানৰ ভাষাত ইয়াক লেৰিংজাইটিচ (Laryngitis) নামকৰণ কৰা হৈছে।

স্বৰযন্ত্ৰৰ প্ৰদাহৰ মুখ্য কাৰণ ভাইৰাছজনিত সংক্ৰমণ। ৰাইন’, এডিন’, ইনফ্লুৱেঞ্জা, কোৰোনা আদি ভাইৰাছৰ বাদেও সময়ত হাৰ্পিছ, এইচ আই ভি আদি ভাইৰাছেও স্বৰযন্ত্ৰ আক্ৰমণ কৰিব পাৰে। ভাইৰাছৰ উপৰি কিছুমান বেক্টেৰিয়া, যেনে- ষ্ট্ৰেপ্ট’কক্কাছ, ডিপথেৰী, হিম’ফিলাছ ইনফ্লুৱেঞ্জী, পাৰটছিছ, এনথ্ৰাকছ, মাইক’বেক্টেৰিয়াম টিউবাৰকুলোছিছ আদিয়েও স্বৰযন্ত্ৰ আক্ৰমণ কৰিব পাৰে। কেতিয়াবা একেসময়তে ভাইৰাছ আৰু বেক্টেৰিয়াই একেলগে আক্ৰমণ কৰে। প্ৰায় দহ শতাংশ ক্ষেত্ৰত সংক্ৰমণ কোনো ভেঁকুৰৰ পৰা হয়। প্ৰতিজৈৱিক ঔষধ বা ষ্টেৰয়ড জাতীয় ঔষধ ব্যৱহাৰ কৰা বা কৰি থাকিব লগা হোৱা লোকৰ ভেঁকুৰজনিত সংক্ৰমণ  অধিক হোৱা দেখা যায়। হিষ্ট’প্লাজমা, ব্লাষ্টমাইছিছ, কেণ্ডিডা, ক্ৰিপ্ট’ক’ক্কাছ আদি শ্ৰেণীৰ ভেঁকুৰ এনেধৰণৰ সংক্ৰমণৰ বাবে জগৰীয়া। সংক্ৰমণৰ বাদেও চিঞৰা, গান গোৱা আদি ধৰণৰ স্বৰযন্ত্ৰৰ অতিমাত্ৰা বা অস্বাভাৱিক ব্যৱহাৰৰ বাবেও প্ৰদাহ হৈ মাত বহিব পাৰে। এলাৰ্জী, পাকস্থলীৰ আম্লিক ৰসৰ খাদ্যনলীৰে ঊৰ্ধ্বমুখী পৰিচলন, স্বপ্ৰতিৰোধী অস্বাভাৱিকতা আদি কাৰণতো স্বৰযন্ত্ৰৰ প্ৰদাহ আৰু তাৰ পৰা মাত বহি যোৱা দেখা যায়। এনে প্ৰদাহ আৰু ভঙা মাতৰ সমস্যা সচৰাচৰ দীৰ্ঘম্যাদী হয়। চিকিৎসা সম্পৰ্কীয় কাৰণ যেনে তেজষ্ক্ৰিয় বিকিৰণ, এণ্ডোক্ৰেনিয়েল নলী ভৰোৱা আদিৰ পৰা বা স্বৰযন্ত্ৰত থিতাপি লোৱা কোনো বাহিৰা পদাৰ্থ, স্বৰযন্ত্ৰৰ কৰ্কট ৰোগ আদিৰ বাবেও মাত অস্বাভাৱিকভাৱে বহি যাব পাৰে। কিছুমান ঔষধেও (যেনে কাহৰ উপশমৰ বাবে ব্যৱহাৰ কৰা কিছুমান দৰব)মাত বহাব পাৰে।

মাত বহি যোৱা সমস্যাৰ চিকিৎসা মুলত: সহায়কাৰী (Supportive)চৰিত্ৰৰ। এনে অৱস্থাত স্বৰযন্ত্ৰক জিৰণিৰ অতীব প্ৰয়োজন। জিৰণিৰ বাবে কথা কোৱা যথাসম্ভৱ কমাব লাগে। নকলে নোহোৱা ক্ষেত্ৰতহে কথা ক’ব লাগে আৰু সেয়াও লাহে লাহে স্বৰযন্ত্ৰত অধিক হেঁচা নপৰাকৈ। গান গোৱা, নাটক কৰা, আবৃত্তি কৰা আদি স্বৰযন্ত্ৰত হেঁচা পৰা কাৰ্য কিছুদিনলৈ পৰিহাৰ কৰা প্ৰয়োজন। পানী যথোচিত পৰিমাণত খাই থাকিব লাগে, যাতে স্বৰযন্ত্ৰৰ আৰ্দ্ৰতা সুৰক্ষিত থাকে। চেঁচা পানীতকৈ কুহুমীয়া গৰম পানীয়ে আৰাম দিয়ে। ফলৰ ৰস আদিও গ্ৰহণ কৰিব পাৰি। চাহ, কফী বা কেফেইনযুক্ত অইন জুলীয়া পদাৰ্থ পৰিহাৰ কৰা উচিত। মাদকদ্ৰব্য আৰু ধুম্ৰপানে জটিলতা অধিক বঢ়ায় বাবে সমুলি বাদ দিব লাগে। কপাহী কাপোৰ এখনেৰে ডিঙিটো অনবৰতে মেৰিয়াই থ’ব লাগে যাতে ডিঙি আৰু স্বৰযন্ত্ৰৰ চাৰিওফালৰ উষ্ণতা ৰক্ষা হয়। এনেবোৰ সহায়কাৰী ব্যৱস্থাৰ লগতে নিৰ্দিষ্ট চিকিৎসা যেনে বেক্টেৰিয়াজনিত সংক্ৰমণৰ বাবে প্ৰতি জৈৱিক বা ভেঁকুৰজনিত  সংক্ৰমণৰ বাবে ভেঁকুৰনাশক ঔষধৰ প্ৰয়োজন হ’ব পাৰে। ইয়াৰ বাবে চিকিৎসকৰ স’তে পৰামৰ্শ কৰা উচিত। কেতিয়াবা মাত বহি যোৱাৰ স’তে নাক বন্ধ হোৱাও একেলগে দেখা যায়, এনেক্ষেত্ৰত বন্ধ নাক খুলিবলৈ ঔষধ (Decongestant) ব্যৱহাৰ কৰিব নালাগে।

সহজে উপলব্ধ ঘৰুৱা প্ৰকৰণ কিছুমানৰ দ্বাৰা বহি যোৱা মাত স্বাভাৱিক কৰাৰ প্ৰক্ৰিয়া ত্বাৰান্বিত কৰিব পৰা যায়। এক কাপ কুহুমীয়া গৰম পানীত আধা চামুচ নিমখ গুলি লৈ সেই মিশ্ৰণেৰে কুলকুলি কৰিলে সকাহ পোৱা যায়। চাৰি কাপ পানীত চাৰিটা পিয়াঁজ কাটি লৈ গৰম কৰি থুপথুপীয়া জুলীয়া মিশ্ৰণ এটা কৰি তাত অলপ মৌজোল মিহলাই মিশ্ৰণটো লাহে লাহে অলপ অলপকৈ সেৱন কৰিলে সকাহ পোৱা যায় বুলি কোৱা হৈছে। আদা চোবাই বা মিশ্ৰণ তৈয়াৰ কৰি সেৱন কৰিলেও বহা মাত স্বাভাৱিক হোৱাত সহায়ক হয়। নেমুৰ ৰসে তাৰ ভাইৰাছ আৰু বেক্টেৰিয়া প্ৰতিৰোধী কাৰ্যৰ দ্বাৰা প্ৰদাহ নিয়ন্ত্ৰণ কৰাত সহায় কৰি স্বৰযন্ত্ৰ আৰু মাত স্বাভাৱিক হোৱা প্ৰক্ৰিয়া ত্বৰান্বিত কৰে। নহৰুৱেও সহায় কৰে বুলি চৰ্চিত।

এনেধৰণৰ চিকিৎসাৰ দ্বাৰা বহি যোৱা মাতটো সৰ্বাধিক দুসপ্তাহমানৰ ভিতৰত স্বাভাৱিক নহ’লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত। খুব কমসংখ্যক ব্যক্তিৰ ক্ষেত্ৰত মাত বহি যোৱাটো স্বৰযন্ত্ৰৰ কৰ্কট ৰোগৰ দৰে গুৰুতৰ ৰোগৰ বাবেও হ’ব পাৰে।

লেখক: ডা: ৰমেন কুমাৰ কাকতি (নিয়মীয়া বাৰ্তা)

 

শেহতীয়া উন্নীতকৰণ: : 2/19/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate