অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মিউজিক থেৰাপী :

মিউজিক থেৰাপী :

 

আমাৰ শৰীৰৰ বিভিন্ন ৰোগ আৰোগ্যৰ বাবে বিভিন্ন চিকিৎসা পদ্ধতি আছে।ইয়াৰ ভিতৰত থেৰাপী চিকিৎসা সেই তাহানি কালৰ পৰাই প্ৰচলিত হৈ আহিছে।এই থেৰাপীবোৰ হৈছে-১)ফিজিঅ’থেৰাপী,২)কেম’ থেৰাপী,৩)অংকুপ্ৰেচাৰ,৪)আৰু মিউজিক থেৰাপী।আজি আমি মিউজিক থেৰাপীৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো।তাহানি কালৰ পৰাই মিউজিক থেৰাপী চিকিৎসা প্ৰচলিত হৈ আহিছে।

আমি যদি মিউজিক থেৰাপীৰ ইতিহাস চাওঁ তেতিয়াহ’লে দেখিবলৈ পাম যে সুৰ সম্ৰাট তানসেনৰ গুৰু হৰিদাসে সম্ৰাট আকবৰৰ এগৰাকী ৰাণীৰ ৰোগ হোৱাত এটা বিশেষ মৃদুমধুৰ ৰাগ পৰিৱেশন কৰি ৰোগীৰ ৰোগ নিৰাময় কৰিছিল বুলি জনা যায়।ইয়াৰ উপৰি সুৰ সম্ৰাট বিলাস খানে তেওঁৰ পিতৃক ‘বিলাখ খনী’এটা ৰাগৰ সহায়ত তেওঁক আৰোগ্য কৰি তুলিছিল।

সংগীতৰ বিভিন্ন ৰাগ,তাল,লয় আৰু সুৰ আছে।ৰাগসমুহৰ ভিতৰত ১)ভৈৰৱী,২)অহিৰ ভৈৰৱী,৩)শিৱৰঞ্জনী,৪)মালকোচ,৫)চন্দ্ৰকোচ আদি ৰাগ আছে।এই ৰোগবোৰ সুমধুৰভাৱে ৰোগীৰ সন্মুখত পৰিৱেশন কৰিলে ৰোগীৰ দুখ-যাতনা,কষ্ট আদি দুৰ হয়।মনৰ উদ্বেগ আৰু হতাশা দুৰ হয় বুলি কোৱা হয়।ইপিনে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অসংখ্য লোক আঘাতপ্ৰাপ্ত হৈ যন্ত্ৰণাত আৰ্তনাদ কৰি আছিল।সেই সময়ত তেওঁলোকৰ আগত মৃদু স্বৰত সংগীত পৰিৱেশন কৰিছিল।সেই যন্ত্ৰণাকাতৰ আৰ্তনাদ-চিঞৰৰ ৰোগবোৰ নাইকিয়া হৈছিল এই সংগীতৰ সুৰ শুনি শুনি।ইয়াৰ উপৰি ১৯৪৪ চনত আমেৰিকাত ছিগাল ষ্টেট ইউনিভাৰছিটীত মিউজিক থেৰাপী পাঠ্যক্ৰম আৰম্ভ কৰি ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰত অধিক গুৰুত্ব দিছিল বুলি জনা যায়।এনেদৰে বিভিন্ন ঠাইত এই মিউজিক থেৰাপীৰ জৰিয়তে বিভিন্ন ৰোগীৰ চিকিৎসা কৰি আৰোগ্য লাভ কৰিছিল থেৰাপী ব্যায়াম নহয়,ইয়াত সাধাৰণতে পেৰালাইছিছ,কঁকালৰ বিষ,গাঁঠিৰ বিষ,পিঠিৰ বিষ,হাত-ভৰিৰ বিষ আদিত ইলেকট্ৰিক শ্বক দি চিকিৎসা কৰা হয়।ইয়াৰ উপৰি ১৯৪৮ চনত আমেৰিকাত সংগীত থেৰাপী এছ’চিয়েচন গঠন কৰি ইয়াৰ দ্বাৰা ৰোগৰ চিকিৎসা কৰা হৈছিল।

ইয়াৰ পিছত ভাৰতবৰ্ষৰ বাংগালুৰু ইনষ্টিটিউট অৱ মেণ্টেল হেলথ কেন্দ্ৰত মিউজিক থেৰাপীৰ দ্বাৰা চিকিৎসা কৰা হৈছিল।অৱশ্যে আমাৰ স্বাস্থ্যবিজ্ঞানীসকলে কৈছে যে সুস্থ জীৱন-যাত্ৰা,সুষম আহাৰ,চিকিৎসকৰ পৰামৰ্শ,নিজৰ জীৱনবোধ আদিৰ অতি আৱশ্যক।ভাৰতবৰ্ষৰ কে’বাখনো চিকিৎসালয়ত মিউজিক থেৰাপীৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হৈছে।বিশেষকৈ ভাৰতবৰ্ষত সংগীতৰ ৭২ টা মুল ৰাগ আছে আৰু এই ৰাগসমুহে ৭২ ডাল সিৰাক (Nerve)দমন কৰি সুস্থ কৰি তুলিব পাৰে বুলি কোৱা হয়।

মিউজিক থেৰাপীত ব্যৱহাৰ কৰা এই সংগীতৰ মুৰ্ছনা পৰিৱেশনৰ সময়,সংগীতৰ দীৰ্ঘতম তাল-মান-লয় ব্যৱস্থাপনা আদি সুমধুৰ হোৱা উচিত।

এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে মানুহৰ স্বাস্থ্যৰ মহৌষধ হৈছে সুনিদ্ৰা।ৰোগীয়ে হওক বা অন্য মানুহেই হওক-৭/৮ ঘণ্টা সুনিন্দ্ৰা হোৱা অতি প্ৰয়োজন।নিদ্ৰা নাহিলে টোপনিৰ সময়ত ম’বাইল বা ৰেডিঅ’ত নিম্নস্বৰত সুমধুৰ ৰাগৰ গীত শুনিলে মানুহৰ টোপনি আহে।সংগীতৰ ৰাগৰ মুৰ্ছনাত টোপনিৰ কোলাত শুই পৰে।

ইয়াৰ উপৰি ৰোগী বা অন্য লোকৰ ভাল সুনিদ্ৰা নহ’লে ডায়েবেটিছ ৰোগ বৃদ্ধি হ’ব পাৰে।প্ৰেছাৰ,অৰ্থাৎ ৰক্তচাপ বৃদ্ধি হয়।স্মৃতিশক্তি লোপ পায়,দেহ-মন অৱশ অৱশ লাগে।হাওঁফাওঁৰ বেমাৰ হ’ব পাৰে আৰু ৰোগীসকলৰ ৰোগটো বৃদ্ধি হ’ব পাৰে।সেই কাৰণে প্ৰত্যেক ৭/৮ ঘণ্টা ভাল টোপনি যোৱা উচিত।যেতিয়া নিম্নস্বৰত ভক্তিমুলক গীত শুনিব মনটো ভাল লাগিব আৰু টোপনিৰ কোলাত শুই পৰিব।গতিকে এই মিউজিক থেৰাপীয়ে সুফল দিব পাৰে আমাৰ ৰোগীসকলক।

ৰোগীসকলে নিৰ্দিষ্ট দিনত থেৰাপী কৰে,ইয়াৰ উপৰি মিউজিক থেৰাপীৰ উপৰি ফিজিঅ’থেৰাপী কৰিবলগীয়া ৰোগসমুহ হৈছে-পেৰালাইছিছ,গাঁঠিৰ বিষ,ফজেন ছ’লডাৰ ইত্যাদি।

আগতে উল্লেখ কৰা হৈছে যে অনিদ্ৰাৰ পৰা মানুহৰ উচ্চ ৰক্তচাপ হয়,উচ্চ ৰক্তচাপ হ’লে বৃক্কৰ ৰোগ হয়।মধুমেহ,ব্ৰেইন ষ্ট্ৰ’ক,পেৰালাইছিছ আদি হ’ব পাৰে বুলি কোৱা হয়।

দিনত মিউজিক থেৰাপীৰ বাবে উপযুক্ত ৰাগ হৈছে আহিৰ ভৈৰৱ,নিশা পুৰীয়া ৰাগ,ৰাতিপুৱা ভক্তিমুলক ৰাগৰ গীত-

‘উঠৰে বাপু

পৰভাত নিন্দ’

তোড়ী ৰাগ আকৌ উচ্চ ৰক্তচাপৰ ৰোগীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।চৰ্দি,কাহ,ছাইনাছ,দাঁতৰ বিষ,গাৰ বিষ হ’লে ভৈৰৱী ৰাগ ব্যৱহাৰ কৰা দেখা যায়।স্মৃতিশক্তি বৃদ্ধিৰ বাবে আকৌ শিৱৰঞ্জনী ৰাগ ব্যৱহাৰ কৰা হয়।হৃদৰোগ আৰু ডায়েবেটিছ হোৱা ৰোগীৰ বাবে চন্দ্ৰকোষ,মালকোষ আদি ৰাগ ব্যৱহাৰ কৰা হয়।

এচিডিটী হ’লে বমি হ’লে তেতিয়া কলাৱতী ৰাগৰ ব্যৱহাৰ কৰা দেখা যায়।ভোজপুৰী ৰাগে মানুহৰ কোষ্ঠকাঠিন্যৰ দুৰ কৰিব পাৰে।এনেদৰে বিভিন্ন ৰোগত বিভিন্ন ৰাগৰ মধুৰ সংগীতে আৰোগ্য কৰিব পাৰে বুলি কোৱা হয়।

লেখক: ধনেশ্বৰ হুজুৰী(জি এনআৰ চি স্বাস্থ্য)

শেহতীয়া উন্নীতকৰণ: : 2/8/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate