অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মুখৰ অবাঞ্চিত নোম কেনেদৰে গুচাব

মুখৰ অবাঞ্চিত নোম কেনেদৰে গুচাব

 

সকলোৰে মুখত নোম থাকে আৰু শৰীৰৰ আন অংশৰ নোমতকৈ মুখৰ নোম পাতল ৰঙৰ হয়।কিন্তু কিছুমান মহিলাৰ মুখমণ্ডলত অত্যধিক নোম থাকে।এণ্ড্ৰগেনছ নামৰ হৰমনৰ তাৰতম্যৰ বাবেই এনে হয়।এই সমস্যাক হিৰচ্যুতিজম বুলি কোৱা হয়।শৰীৰৰ গুৰুতৰ বাবেও এনে হ’ব পাৰে।চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি দৰকাৰী।অৱশ্যে ঘৰুৱাভাৱেও মুখৰ নোম গুচাব পাৰি।

১/কণীৰ বগা অংশ:কণীৰ বগা অংশও মুখত লগাই নোম আঁতৰাব পাৰি।এই সামগ্ৰীবিধ শুকাই যোৱাৰ পিছত ছালক পৰিপুষ্টিও যোগায়।কণীত প্ৰচুৰ পৰিমাণে প্ৰ’টিন থাকে।এটা বাটিত কণী বগা অংশ লৈ চেনিৰ সৈতে ভালদৰে মিহলাব লাগে।আৰু পোন্ধৰ বিশ মিনিটৰ বাবে মুখত লগাই থ’ব লাগে।মিশ্ৰণটো শুকালে ঠাণ্ডা পানীৰে ঘহি ঘহি ধুব লাগে।ভাল ফলাফলৰ বাবে সপ্তাহত দুবাৰ এই মিশ্ৰণ লগাব।

২/চেনি মাৰু নেমুৰ ৰসৰ মিশ্ৰণ:চেনিয়ে ছালত কোনো অপকাৰ নকৰাকৈ অবাঞ্চিত নোম আঁতৰাই দিয়ে আৰু নেমুৱে প্ৰাকৃতিক ব্লিছিঙৰ কাম কৰে।দুচামুচ চেনিৰ লগত দুচামুচ নেমুৰ ৰস আৰু দহ চামুচ পানী মিহলাই কিছু সময় গৰম কৰিব আৰু ঠাণ্ডা হোৱাৰ পিছত লগাব।শুকালে ঠাণ্ডাপানীৰে ধুই দিব।সপ্তাহত দুবাৰ এই পদ্ধতি অৱলম্বন কৰিব।

৩/নেমু আৰু মৌ:এটা বাটিত দুচামুচ নেমু আৰু এচামুচ মৌ আৰু দুচামুচ চেনি মিহলাই ডাঠ হোৱা লৈকে গৰমাব।ইচ্ছা কৰিলে পানীও মিহলাব পাৰে বেছি নোম থকা ঠাইত এই মিশ্ৰণ লগাই শুকোৱাৰ পিছত এডাল ওৱেক্সিং ষ্ট্ৰিপ দি বিপৰীত দিশে টানি আনিব।ৰাসায়নিক ব্লিছিঙতকৈ ই যথেষ্ট উপকাৰী।

৪/আলু আৰু মচুৰ ডাইল:অবাঞ্চিত নোম আঁতৰাবলৈ গোটেই ৰাতি মচুৰ দাইল তিয়াই থ’ব।এটা বাটিত কেঁচা আলুৰ ৰস আৰু অকণমান নেমুৰ ৰস আৰু এচামুচ মৌ মিহলাব।মচুৰ দাইল পিচি নেমুৰ মিশ্ৰণৰ সৈতে মিহলাব।আক্ৰান্ত অংশত এই মিশ্ৰণ লগাই ১৫-২০ মিনিট সময় শুকাব দিব।এতিয়া আঙুলিৰে লাহে লাহে ঘহি মিশ্ৰণটো মুখৰ পৰা আঁতৰাব।

৫/অমিতা আৰু হালধি:পকা অমিতা সৰু সৰু কাটিব আৰু ফেটিব।এতিয়া এচামু হালধি অমিতাৰ সৈতে মিলাব।হাতেৰে অত্যধিক নোম থকা ঠাইসমুহত এই মিশ্ৰণ সানিব।ঠাণ্ডা পানীৰে লাহে লাহে ২০ মিনিটৰ পাছত ধুব।এনেদৰেই ঘৰুৱা যতন লৈ নিজৰ ছালখন মসৃণ কৰি ৰাখিব পাৰি

উৎস:দেওবৰীয়া সুকন্যা

 

শেহতীয়া উন্নীতকৰণ: : 2/29/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate