অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মেদ বহুলতাৰ সমস্যা সকলোৰে নহয় কিয়?

মেদ বহুলতাৰ সমস্যা সকলোৰে নহয় কিয়?

কিছু সংখ্যক লোক খুব কম সময়ৰ ভিতৰতে শকত হৈ পৰে আৰু আন কিছুমান শকত নহয় কিয়? বহু সংখ্যক শকত লোকে শৰীৰৰ ওজন কমাবলৈ চেষ্টা কৰিও বিফল হয় কিয়? তেওঁলোকে যিহকে নেখাওক বা শাৰীৰিক শ্ৰম-ব্যায়াম আদি নকৰকেই লাগিলে, কিছু সংখ্যক লোকৰ জীৱনত কেতিয়াও শৰীৰৰ ওজন বৃদ্ধি নহয়।

ইয়াত উল্লেখ কৰা প্ৰথম প্ৰশ্ন দুটাৰ সহজ উত্তৰ নাই। কিন্তু ‘চায়েন্স’ নামৰ আলোচনীখনত প্ৰকাশ পোৱা এক খবৰৰ মতে, ভাৰমন্ট(বাৰ্লিংটন) বিশ্ববিদ্যালয়ত চলোৱা এটা অধ্যয়নৰ ফলাফলৰ পৰা জানিব পৰা গ’ল যে- বেছি পৰিমাণে আহাৰ খাই থকা অথচ শৰীৰৰ ওজন বৃদ্ধি নোপোৱা, লোকসকল সুদক্ষ অংগসঞ্চালনকাৰী লোক।

তেওঁলোকে একেবাৰে লৰচৰ নকৰাকৈ বহি নেথাকে। তেওঁলোকে ভৰি দুখন লৰ-চৰ কৰি ইখনৰ ওপৰত আনখন দি কোচ খুৱাই বহিব। ক্ষন্তেক পিছতে বহাৰ ভংগী সলনি কৰিব।

গাটোও সমানে লৰচৰ কৰিব। কথা কওঁতে হাত দুখনো সমানে লৰচৰ কৰিব, বহাৰ পৰা থিয় দিব, শৰীৰটোৰ অংগ-প্ৰত্যংগবোৰ লৰচৰ কৰি থাকিব আৰু এনেদৰেই ছটফটাই থাকি শৰীৰৰ সঞ্চিত কেলৰি(শক্তি) ক্ষয় কৰিব। কিন্তু তেওঁলোকে সজ্ঞানে কেতিয়াও ব্যায়াম নকৰে।

এই বিষয়টোৰ ওপৰত সিমান বেছি অধ্যয়ন বা গৱেষণা হোৱা নাই। তথাপি শৰীৰৰ অস্থিৰতাই শক্তি ক্ষয় নিয়াব পাৰে বুলি বিজ্ঞানীসকলে ভাবিছে যদিও শাৰীৰিক অস্থিৰতাই শেষ উত্তৰ নহয়।

কিন্তু যদি সক্ৰিয় আহাৰ গ্ৰহণে আপোনাৰ স্নায়ুতন্ত্ৰক বেছি সক্ৰিয় বা উত্তেজিত কৰি তোলে আৰু আপোনাক জপিয়াই থাকিবলৈ উৎসাহিত কৰি থাকে, তেনেহ’লে আপুনি নিজকে ভাগ্যবান বুলি ধৰি লওক।

শৰীৰৰ ওজন বৃদ্ধি নকৰাকৈ স্বাস্থ্য সদায় অটুট ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ কাৰণে আপোনাৰ শক্তি(কেলৰি) গ্ৰহণৰ প্ৰক্ৰিয়া নিয়ন্ত্ৰণত ৰাখক অৰ্থাৎ যেতিয়াই যিহকে পাই তাকে নেখাব আৰু নিয়মীয়াকৈ ব্যায়াম কৰক।

এই দুটি ব্যৱস্থাই আপোনাক এটি সুস্থ, নমনীয় আকৰ্ষণীয় দেহৰ অধিকাৰী কৰি তুলিব।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 10/16/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate