অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মেদবহুলতা আৰু ইয়াৰ ঘৰুৱা প্ৰতিকাৰ

মেদবহুলতা আৰু ইয়াৰ ঘৰুৱা প্ৰতিকাৰ

মেদবহুলতা -

আয়ুৰ্বেদ মতে, কফৰ বিকৃতিৰ বাবেই শৰীৰত অতিৰিক্ত ওজন বৃদ্ধি হৈ মেদবহুলতা হয়। কফ সন্তুলিত কৰি ৰাখিবলৈ নিয়মিত ভাৱে গুড়, তিল, চীনাবাদাম, শুকান আদা( ই আদাতকৈ প্ৰায় ১০০ গুণ বেছি ফলদায়ী) আদি খোৱা উচিত।

শৰীৰত যেতিয়া চৰ্বীৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰে আৰু ই শৰীৰত জমা হবলৈ ধৰে, ইয়াৰ পৰাই শৰীৰত মেদবহুলতা সৃষ্টি হয়। জমা হোৱা এই চৰ্বীবোৰেই মেদবহুলতা। সাধাৰণ মেদ হোৱাতো একো অনিয়মীয়া নহয়। ই শৰীৰৰ বাবে লাভদায়কহে। কিন্তু, যেতিয়া ই অতিৰিক্ত হৈ যায়, তেতিয়া ই ভৱিষ্যতে সুস্বাস্থ্যৰ প্ৰতি ভাবুকি হৈ পৰে। মেদবহুলতাৰ ফলত বিভিন্ন ৰোগ হব পাৰে। ইয়াৰ ভিতৰত ডায়েবেটিচ, কলেষ্টৰেল বৃদ্ধি, হৃদয়ৰোগ,উচ্চৰক্তচাপ আদিয়েই প্ৰধান। অত্যধিক খাদ্য খোৱা, ফাষ্ট ফুড, অসময়ত খাদ্য খোৱা, ৰাতি দেৰিকৈ খোৱা আৰু শোৱা, শাৰীৰিক পৰিশ্ৰম নকৰা ইত্যাদি কাৰণৰ বাবে শৰীৰত অতি সোনকালে মেদবহুলতাৰ সৃষ্টি হয়। আমাৰ ভাৰতীয়সকলৰ সাধাৰণতে পেট আৰু ককালৰ অংশতেই বেছি চৰ্বী জমা হোৱা দেখা যায়।

মেদবহুলতা কমোৱাৰ উপায় -

  • প্ৰথমতে, চেনি বা চেনিৰে বনোৱা বস্তু খোৱা যিমান সম্ভৱ কমাব লাগিব। মেদ হ্ৰাস কৰাত চেনিয়ে বাধা দিয়ে। চেনিৰ সলনি গুড় খোৱাৰ অভ্যাস কৰক। ই কফনাশক। মেদবহুলতা হ্ৰাস কৰাত সহায়ক।
  • ঊষাপান নিতৌ কৰক। আয়ুৰ্বেদত ঊষাকালে অৰ্থাৎ, সূৰ্যোদয়ৰ পূৰ্বে পানী খোৱাকে ঊষাপান বুলি কোৱা হয়। খালী পেটত কুহুমীয়া গৰম পানী এক লিটাৰ চিপ্ চিপ্ কৈ লাহে লাহে খাব লাগে। যিমানে সৰু চিপ্ লব সিমানেই ফলপ্ৰসূ। কমেও ২০ মিনিট সময় লব। পানী সদায় চিপ্ চিপ্ কৈ আৰু বহি খাব । বেছি ঠাণ্ডা পানী খোৱা যিদৰে ক্ষতিকৰ, ঠিক তেনেদৰে বিনা কাৰণত বেছি গৰম পানী খোৱাটোও ক্ষতিকৰ।
  • ৰাতিপুৱা খালী পেটত এক গিলাচ কুহুমীয়া গৰম পানীত চাৰি চামুচ নেমুৰ ৰস( কাগজি নেমু বা গোল নেমু) আৰু দুই চামুচ মৌ মিহলি কৰি একেৰাহে তিনি-চাৰিমাহ খালে যথেষ্ট উপকাৰ পোৱা যায়। ই পেটৰ সমস্যা দূৰ কৰাৰ লগতে জঠৰাগ্নি তীব্ৰ কৰি ৰখাতো সহায়ক। এইখিনি ঊষাপানৰ এক ঘন্টা পাছতহে খাব আৰু এইখিনি খোৱাৰ এক ঘন্টা পাছতহে আহাৰ খাব। ই পেটৰ চৰ্বী কমোৱাত বিশেষ ফলপ্ৰসূ।মৌ মিহলি নকৰাকৈ খালী পেটত কেৱল নেমু পানী খালে ওলোটা ফলহে পাব।
  • মেদবহুলতা হ্ৰাস কৰাত ত্ৰিফলা খোৱাটো ফলপ্ৰসূ। নিতৌ এক চামুচ ত্ৰিফলা চূৰ্ণ আধা চামুচ মৌ বা সামান্য গুড়ৰ লগত ভালদৰে মিহলাই খাব লাগে।
  • নিয়মিত ১০/২০ গ্ৰাম তিচি খোৱাটো উপকাৰী। তিচিত অধিক পৰিমাণত ফাইবাৰ থাকে। এই কাৰণে তিচি সেৱনৰ ফলত দীঘলীয়া সময়লৈ পেট ভৰি থাকে আৰু সহজে ভোক নালাগে। ফলত BMR (Basal Metabolic Rate) বৃদ্ধি হয়, শৰীৰৰ চৰ্বী কম হয় আৰু আমাৰ বেছিকৈ কেলৰি খৰচ হয়।
  • মাজে মাজে উপবাস ৰাখিব লাগে। উপবাসে দেহৰ অতিৰিক্ত ওজন কমোৱাত সহায় কৰে। উপবাসৰ সময়ত সঞ্চিত খাদ্যই শ্বসন ক্ৰিয়াত ব্যৱহাৰ হোৱা প্ৰয়োজনীয় শক্তিৰ যোগান অব্যাহত ৰাখে। কিন্তু, সঞ্চিত খাদ্যৰ পৰিমাণ লাহে লাহে হ্ৰাস হৈ থাকে আৰু ফলত এই সময়ত দেহৰ বৃদ্ধিও বন্ধ থাকে।
  • মেদবহুলতা হ্ৰাস কৰিবলৈ ক্ষাৰীয় বস্তু যেনে- গাজৰ, জাতিলাউ, অমিতা, সেউজীয়া শাক-পাচলি আদি বেছিকৈ খাব লাগে।
  • নিয়মিত যোগ, প্ৰাণায়ামৰ অভ্যাসে মেদবহুলতা হ্ৰাস কৰে। বিশেষকৈ আঠটা মূল প্ৰাণায়ম অভ্যাস কৰক। এইকেইটা ক্ৰমান্বয়ে হল--ভষ্ট্ৰিকা প্ৰাণায়াম, কপালভাটি, বাহ্য প্ৰাণায়াম, উজ্জায়ি, অনুলোম বিলোম, ভ্ৰামৰী, উদগ্ৰীথ্ আৰু প্ৰণব প্ৰাণায়াম। যোগাসনৰ ভিতৰত "সূৰ্য নমস্কাৰ" কৰাটো অত্যন্ত লাভদায়ক।
  • দিনত বেছি সময়(ডেৰ ঘন্টাতকৈ বেছি) শোৱা অভ্যাস ত্যাগ কৰা উচিত। নিয়মিত শাৰীৰিক পৰিশ্ৰম কৰিব লাগে। ৰাতিৰ আহাৰ সোনকালে আৰু নামমাত্ৰহে খোৱা উচিত।।

লেখক :-হেমন্ত গোস্বামী

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

শেহতীয়া উন্নীতকৰণ: : 6/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate