অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মেলেৰিয়া নিয়ন্ত্ৰণৰ উপায় :

 

আপুনি নিশ্চয় জানে যে মহৰ পৰাই কেইবাবিধো ৰোগ বিয়পে। অসাৱধানতাৰ ফলত মহে কামুৰিলে যিবিলাক ৰোগ হয়, সেইবিলাক ৰোগ কিছুমান লোকৰ কাৰণে মৃত্যুৰ কাৰণ হ’ব পাৰে। মহে কামুৰিলে মেলেৰিয়া, ডেংগু, জাপানী এনকেফেলাইটিছৰ নিচিনা কেইবাবিধো ৰোগ বিয়পিব পাৰে।

যিহেতু বাৰিষাৰ বতৰ মহৰ প্ৰজননৰ কাৰণে অনুকুল সয়ম। সেয়ে বসন্ত ঋতুৰ আগমনৰ লগে লগে মহৰ উপদ্ৰৱৰ পৰা বাচিবৰ কাৰণে কিছু সতৰ্কতা বা প্ৰতিৰোধ ব্যৱস্থা আৰম্ভ কৰি দিয়া ভাল।

মহৰ দ্বাৰা বিয়পা এবিধ সাধাৰণ ৰোগ হৈছে মেলেৰিয়া। এই ৰোগটো ইমানেই পুৰণি যে ইয়াৰ বিষয়ে প্ৰায় প্ৰতিজন মানুহে কম বেছি পৰিমাণে জানে। আমাৰ দেশৰ প্ৰায় প্ৰতিখন ৰাজ্যতে এই ৰোগ এক অন্তহীন সমস্যাৰূপে গণ্য কৰা হৈ আহিছে। বিশেষভাৱে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় প্ৰতিখন ৰাজ্যতে মেলেৰিয়াই প্ৰতিবছৰে এক সমাধান কৰিব নোৱাৰা আতংক হৈ দেখা দি আহিছে। সমগ্ৰ দেশত প্ৰায় দুই নিযুততকৈ অধিক লোক প্ৰতিবছৰে মেলেৰিয়াত আক্ৰান্ত হয়। ভাৰত চৰকাৰে মেলেৰিয়া ৰোগ নিয়ন্ত্ৰণৰ কাৰণে প্ৰতিবছৰে এশ নিযুততকৈ অধিক ধন ব্যয় কৰি আহিছে। তথাপি এই ৰোগটো নিয়ন্ত্ৰণ হোৱা নাই আৰু যেতিয়াই তেতিয়াই এই ৰোগ য’তে ত’তে দেখা দিয়ে। ইয়াৰ প্ৰধান কাৰণ হ’ল- ঔষধ আৰু কীটনাশকৰ প্ৰতি প্ৰতিৰোধ ক্ষমতা সৃষ্টি কৰি লৈছে মহবিলাকে। এই ৰোগৰ পৰা বাচি থকাৰ একমাত্ৰ উপায় হ’ল- মহৰ বংশ একেবাৰে নিঃশেষ কৰা। কিন্তু এই কামটো জানো ইমান সহজে কৰিব পাৰ যাব? মহৰ বংশ একেবাৰে ধ্বংস কৰিব নোৱাৰিলেও মহৰ বংশবৃদ্ধি কিবা উপায়েৰে কিন্তু নিয়ন্ত্ৰণ কৰিব পাৰিলে, আমি এই ৰোগৰ সংক্ৰমণৰ পৰা কিছু পৰিমাণে হ’লেও ৰক্ষা পাব পাৰিম।

মেলেৰিয়া কেনেকৈ বিয়পে?

মেলেৰিয়া এবিধ তীব্ৰ জ্বৰ সৃষ্টি কৰা ৰোগ। এই ৰোগ এবিধ সূক্ষ্ম জীৱাণুকে মেলেৰিয়া পৰজীৱী বুলি কোৱা হয়। মেলেৰিয়া পৰজীৱী বুলি কোৱা হয়। মেলেৰিয়া পৰজীৱীৰ কেইটামান প্ৰজাতি মহৰ দ্বাৰা মেলেৰিয়াৰ ৰোগীৰ শৰীৰৰ পৰা সুস্থ ব্যক্তিৰ শৰীৰলৈ বিয়পে। সকলো প্ৰজাতিৰ মহে মেলেৰিয়া ৰোগ বিয়পাব নোৱাৰে। এনোফিলিচ মহৰ কেইটিমান প্ৰজাতিৰ মাইকী মহেৰে এটা ৰোগটো ৰোগীৰ শৰীৰলৈ বিয়পায়। এই প্ৰজাতিৰ মাইকী মহৰ লেলাউতি গ্ৰন্থিত আশ্ৰয় লৈ থাকে। এই মহে যেতিয়া কোনো সুস্থ ব্যক্তিক কামোৰে, তেতিয়া এই পৰজীৱী জীৱাণ্য সিহঁতৰ লেলাউতি গ্ৰন্থিৰ পৰা ওলাই সুস্থ লোকৰ দেহৰ ভিতৰলৈ ভিতৰলৈ প্ৰৱেশ কৰে। এনেদৰে প্ৰবেশ কৰা জীৱাণুয়ে সুস্থ ব্যক্তিজনৰ দেহত কেইদিনমানৰ ভিতৰতে মেলেৰিয়া ৰোগ সৃষ্টি কৰে।

মেলেৰিয়া পৰজীৱীৰ জীৱন চক্ৰৰ কিছু অংশ মানুহৰ তেজত আৰু বাকী অংশ মহৰ শৰীৰতে পাৰ হয়। যেতিয়া মাইকী এনোফিলিচ মহে ৰোগীৰ ৰক্ত খায়, তেতিয়া ৰক্তৰ লগতে মেলেৰিয়া পৰজীৱীও মহৰ পেটৰ ভিতৰলৈ প্ৰৱেশ কৰে। তাৰ পিছৰে পৰা এই মাইকী মহবিলাকে মেলেৰিয়াৰ সংক্ৰমণ বিয়পাবলৈ সক্ষম হৈ উঠে।

মানুহৰ শৰীৰলৈ মেলেৰিয়া পৰজীৱী প্ৰৱেশ কৰাৰ ১৪ৰ পৰা ২১ দিনৰ ভিতৰতে মানুহজনৰ জ্বৰ উঠিবলৈ আৰম্ভ কৰে। এই ধৰণেই এজন মেলৰিয়া ৰোগীৰ পৰা এই ৰোগ অন্য মানুহৰ গালৈ বিয়পাব পাৰে।

মেলেৰিয়াৰ লক্ষণ -

সাধাৰণতে পূৰ্বৰে পৰা মেলেৰিয়া অধ্যুষিত অঞ্চলত কাৰোবাৰ জ্বৰ হ’লেই চিকিৎসকে মেলেৰিয়া হোৱা বুলি সন্দেহ কৰে। মেলেৰিয়া ৰোগীৰ জ্বৰৰ এক বিশেষ লক্ষণ থাকে। মেলেৰিয়া জ্বৰ কঁপি কঁপি আৰম্ভ হয়, ৰোগীৰ প্ৰথম অৱস্থাত বৰকৈ ঠাণ্ডা লাগে আৰু তাৰ ফলত ৰোগীৰ কঁপনি উঠে। কিন্তু ঠাণ্ডা লাগিলে বুলিলেই যে সেয়া মেলেৰিয়াৰে লক্ষণ হ’ব , তেনে কোনো কথা নাই। সাধাৰাণতে বৃদ্ধি আৰু শিশুৰ অন্য কিবা কাৰণত ঠাণ্ডা লাগিলে এনে ধৰণৰ কঁপনি হৈ জ্বৰ উঠিব পাৰে।

সংক্ৰমণৰ পিছত মেলেৰিয়া ৰোগীৰ শৰীৰত তিনিটা ভিন ভিন অৱস্থাই দেখা দিয়ে। সেইকেটা হ’ল-

১)শীতল অৱস্থা

২)গৰম অৱস্থা আৰু

৩)ঘৰ্মাক্ত অৱস্থা।

শীতল অৱস্থা:

এই অৱস্থাত ৰোগীৰ বৰকৈ ঠাণ্ডা লাগে। তেওঁৰ কঁপনি উঠে আৰু তীব্ৰ মূৰৰ বিষ হয়। লেপ অথবা কম্বল মেৰিয়াই লৈও তেওঁৰ ঠাণ্ডা নপলায় আৰু কঁপনিও অন্ত নহয়। আঙুলি আৰু ওঁঠ নীলা পৰি যায় আৰু ছাল শুকাই যায়। শৰীৰৰ নোম থিয় হৈ যায়। এই অৱস্থাতো পোন্ধৰ মিনিটৰ পৰা একঘন্টা পৰ্যন্ত থাকিব পাৰে।

গৰম অৱস্থা:

ইয়াৰ পিছত জ্বৰ যথেষ্ট বেছি হৈ পৰে আৰু ৰোগীৰ বৰ বেছিকৈ গৰম লাগে। এই অৱস্থাত ৰোগীৰ তীব্ৰ মূৰৰ বিষ, বমিৰ ভাব বা বমি হয়। এই অৱস্থা ২ৰ পৰা ৬ ঘন্টালৈ পৰ্যন্ত থাকিব পাৰে। হৃদস্পন্দনৰ গতি যথেষ্ট খৰ হয় আৰু ৰোগীৰ বেছিকৈ পিয়াহ লাগে।

ঘৰ্মাক্ত অৱস্থা:

এই অৱস্থাত অত্যধিক ঘাম ওলোৱাৰ পিছত জ্বৰ কমিবলৈ ধৰে। ৰোগীৰ এই অৱস্থাৰ পিছতে সাধাৰণতে গভীৰ টোপনি আহে। টোপনি ভাগিলে তেওঁ যথেষ্ট দুৰ্বল অনুভৱ ওকৰে। এই অৱস্থা দুই পৰা চাৰি ঘন্টালৈকে থাকে।

ইয়াৰ লক্ষণ সদায় স্পষ্টকৈ প্ৰকাশ নেপায়। এই লক্ষণবিলাকৰ পৰিচয় ভুল কৰি ৰোগটো ভুলকৈ নিৰ্ণয় কৰা হয়। এনেকুৱাও কেতিয়বা কোনো ৰোগীৰ ক্ষেত্ৰত হোৱা দেখা যায় যে, ৰোগীৰ ফ্লু(ইনফ্লুয়েঞ্জা) হৈছে বুলিও সাধাৰণ যদি এই লক্ষণবিলাকৰ লগতে পেটৰ বিষ, বমি বা ডায়েৰিয়া আদিও থাকে, তেনেহ’লে ইয়াক বাবে ঔষধৰো দিহা দিয়া হয়।

মেলেৰিয়াৰ শ্ৰেণী বিভাগ -

সমগ্ৰ বিশ্বতে পৰজীৱীৰ চাৰিটা প্ৰজাতিৰ সংক্ৰমণৰ ফলতে মানুহৰ মাজত মেলেৰিয়া বিয়পে। এইবিলাকৰ ভিতৰত আটাইতকৈ বিপজ্জনক প্ৰজাতিটোব হৈছে ‘প্লাজমোডিয়াম ফেলচিপেৰাম’। এইবিধ পৰজীৱীৰ সংক্ৰমণৰ ফলত মস্তিষ্কৰ মেলেৰিয়াও(চেৰিব্ৰেল মেলেৰিয়া) হ’ব পাৰে। এইবিধ মেলেৰিয়াৰ চিকিৎসা যদি তৎক্ষণাত কৰা নহয়, তেনেহ’লে দুই তিনিদিনৰ ভিতৰতে ৰোগীৰ মৃত্যু হ’ব পাৰে। মেলেৰিয়াৰ আনকেইটা প্ৰজাতি হ’ল-

১)প্লাজমোডিয়াম ভাইভেক্স,

২)প্লাজমোডিয়াম মেলেৰিয়া,

৩)প্লাজমোডিয়াম ওভেল।

আমাৰ দেশত তিনি ধৰণৰ মেলেৰিয়া হয়। এই তিনি প্ৰকাৰৰ ভিতৰতে দুবিধ মেলেৰিয়া আমাৰ কাৰণে চিন্তাৰ প্ৰধান বিষয় হৈ পৰে। এইকেইবিধ হৈছে ‘ভাইভেক্স’ মেলেৰিয়া(সাধাৰণতে হোৱা মেলেৰিয়া) আৰু ‘ফেলচিপেৰাম’ মেলেৰিয়া(তীব্ৰ ধৰণৰ মেলেৰিয়া)।

প্লাজমোডিয়াম ফেলচিপেৰাম মেলেৰিয়াৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ শৰীৰত আন কিছুমান লক্ষণেও দেখা দিয়ে। বিশেষভাৱে জণ্ডিচ, গাৰ বিষ আদি হয়। কেতিয়াবা গেষ্ট্ৰোএন্টাৰাইটিছ, হেপাটাইটিছ, মেনিঞ্জাইটিছ বা ভাইৰেল এনকেফেলাইটিছ হোৱা বুলি ভ্ৰান্ত ধাৰণা হ’ব পাৰে।

মেলেৰিয়াৰ পৰা হ’ব পৰা ক্ষয়-ক্ষতি -

*ওপৰত উল্লেখ কৰা আটাইকেইবিধ পৰজীৱীয়ে ৰোগীৰ কাৰণে মৃত্যুৰ কাৰক হৈ উঠিব নোৱাৰে। কিন্তু এই পৰজীৱীৰ সংক্ৰমণৰ ফলত জ্বৰ আৰু কঁপি কঁপি জ্বৰ উঠা আদি লক্ষণে সঘনাই দেখা দি থাকিলে শৰীৰ দুৰ্বল হ’বই।

*ৰোগীৰ শৰীৰৰ ওজন কমি যায়।

*গৰ্ভাৱস্থাত মেলেৰিয়াৰ সংক্ৰমণ হ’লে মহিলাৰ গৰ্ভপাতো হ’ব পাৰে।

*শিশুসকলৰ মেলেৰিয়াৰ সংক্ৰমণ হ’লে প্লীহা বৃদ্ধি হ’ব পাৰে। শিশুৰ ক্ষেত্ৰত মেলেৰিয়া সংক্ৰমণত এইটো এটা অন্যতম প্ৰধান সমস্যা।

*মেলেৰিয়াৰ সংক্ৰমণ হ’লে শিশুৰ তেজ কমি যাব পাৰে। মেলেৰিয়াজনিত ৰক্তল্পতাত ভোগা শিশু দীৰ্ঘদিন ধৰি দুৰ্বল হৈ থাকে।

*প্লাজমোডিয়াম ফেলচিপেৰাম পৰজীৱীৰ সংক্ৰমণৰ কাৰণে শৰীৰত কেইবাপ্ৰকাৰৰো জটিলতাই দেখা দিব পাৰে।

*প্ৰচণ্ড জ্বৰ হয়।

*বেছি পৰিমাণে তেজ কমি যোৱাৰ ফলত কাম কৰিবলৈ উৎসাহ্ব নাইকিয়া হয়। সামান্য কাম কৰিলেই ভাগৰ লাগে।

*চেৰিব্ৰেল মেলেৰিয়া বা মগজুৰ জ্বৰ অৰ্থাৎ ৰোগী অচেতন হৈ পৰে।

*হাওঁফাওঁ ফুলি উঠে অৰ্থাৎ হাওঁফাওঁত পানী জমা হয়।

*ৰোগীৰ জণ্ডিচো হ’ব পাৰে(চকু আৰু গাৰ ছাল হালধীয়া হ’ব)।

*কিডনিয়ে ভালদৰে কাম নকৰিব।

*মেলেৰিয়াৰ প্ৰকোপ বেছি হ’লে প্ৰস্ৰাৱত তেজ যাব পাৰে।

মেলেৰিয়াৰ সংক্ৰমণ ক’ৰ পৰা হয়:

মানুহ মেলেৰিয়াৰ জীৱন চক্ৰৰ এটা অংশ। আফ্ৰিকাৰ ক্ৰান্তীয় অঞ্চলৰ বান্দৰৰ প্ৰজাতি কেইটামানক মেলেৰিয়া সংক্ৰমণৰ প্ৰাকৃতিক সোঁতৰ অংশ বুলি মানি লোৱা হৈছে।

বিভিন্ন মানৱ কাৰক:

মেলেৰিয়াৰ সংক্ৰমণৰ ক্ষেত্ৰত মানুহৰ বয়সৰ কোনো সীমা নাথাকে। নৱজাত শিশুৰ মাজত ফেলচিপেৰাম মেলেৰিয়াৰ প্ৰতিৰোধ ক্ষমতা অধিক বুলি জনা যায়। ভাৰতত মহিলাতকৈ পুৰুষৰ মাজত মেলেৰিয়াৰ সংক্ৰমণৰ আংশকা বেছি। ইয়াৰ কাৰণ হ’ল- মহিলাতকৈ পুৰুষসকলে বাহিৰত থাকি কাম কৰিব লগা হয় আৰু মহিলাসকলৰ দেহৰ অধিকাংশই কাপোৰৰ আবৃত থাকে।

মেলেৰিয়াৰ ব্যাপক সম্প্ৰসাৰণৰ ক্ষেত্ৰত বাসগৃহবিলাকৰো অধিক ভূমিকা আছে। কম বতাহ আৰু পোহৰ সোমাব পৰা ঘৰত মহে আশ্ৰয় ল’বলৈ ভাল পায়। ঘৰৰ নিৰ্মাণ পদ্ধতি আৰু বেৰবিলাকৰ মসৃণতায়ো মহৰ আশ্ৰয়ৰ ওপৰত প্ৰভাৱ পেলায়।

আজিকালি জীৱীকাৰ তাড়নাত মানুহ ইঠাইৰ পৰা সিঠাইলৈ প্ৰব্ৰজন কৰি থাকিবলগা হয়। এই ব্যৱস্থাৰ ফলত কিছুসংখ্যক লোক মেলেৰিয়া অধ্যুষিত ঠাইতো থাকিব লগা হ’ব পাৰে আৰু তেনে লোকে মেলেৰিয়াৰ জীৱাণু শৰীৰত বহন কৰি আনিব পাৰে। এনে ব্যৱস্থাৰেও মেলেৰিয়া মুক্ত অঞ্চললৈ মেলেৰিয়া বিয়পিব পাৰে।

পৰিবেশ সম্পৰ্কীয় কাৰক:

আমাৰ দেশৰ ভৌগলিক স্থিতি আৰু জলবায়ু সম্পৰ্কীয় পৰিস্থিতি মেলেৰিয়াৰ প্ৰসাৰৰ কাৰণে যথেষ্ট অনুকূল। ভাৰতৰ অধিকাংশ অঞ্চলতে মেলেৰিয়াৰ সংক্ৰমণ আৰম্ভ হয় জুলাইৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত। অত্যধিক ঠাণ্ডা আৰু গৰমত মহ জীয়াই থাকিব নোৱৰে। কিন্তু মধ্যমীয়া গৰম আৰু শীতত মহৰ উপদ্ৰৱ বৃদ্ধি পায়। লগতে বৰষুণৰ বতৰত গৰম দিনতো পৰিৱেশ সহনশীল হয় বাবে মহৰ বংশবৃদ্ধিৰ বাবে অনুকূল হয়।

মেলেৰিয়া বিয়পোৱা মহ:

ভাৰতীয় প্ৰধানকৈ তিনিটা প্ৰজাতিৰ মহৰ প্ৰাদুৰ্ভাব দেখা পোৱা যায়। এইবিলাক হ’ল- এনোফিলিচ, কিউল্ক্স আৰু এডিছ। আগতেই কোৱা হৈছে যে, কেৱল এনোফিলিচ মহেহে মেলেৰিয়া বিয়পায়। এই প্ৰজাতিৰ ভিতৰেৰে মেলেৰিয়া কেৱল মাইকী মহেহে মেলেৰিয়াৰ জীৱাণু কঢ়িয়ায় আৰু সুস্থ লোকৰ দেহলৈ বিয়পাব পাৰে। এইবিধ মহে য’তে ত’তে জমা হৈ থকা পানীত কণী পাৰে। এই কণীবিলাক চাৰিটা অৱস্থা পাৰ হৈহে পূৰ্ণ বয়স্ক মহৰ ৰূপ পায়। সেইকেইটা হ’ল- কণী, লাৰ্ভা, পিউপা আৰু বয়স্ক। কণী পৰাৰ কেইদিনমানৰ পিছতে তাৰ পৰা ‘লাৰ্ভা’ বোৰ ওলায়। এসপ্তাহৰ পিছত সেইবোৰ ‘পিউপা’লৈ ৰূপান্তৰিত হয়গৈ আৰু তাৰ পৰাই পূৰ্ণাংগ মহলৈ বিকশিত হয়গৈ। ভাৰতত মুঠ ৫৩ টা প্ৰজাতিৰ মহ আৰু আছে সেইবিলাকৰ ভিতৰত মাত্ৰ এটা প্ৰজাতিৰ মাইকী মহহে মেলেৰিয়া ৰোগ বিয়পাব পাৰে।

মেলেৰিয়াৰ চিকিৎসা -

মেলেৰিয়া ৰোগত আক্ৰান্ত হ’লে প্ৰথম অৱস্থাতে কেইটিমান লক্ষণ প্ৰকাশ পায়। তেনে ধৰণৰ লক্ষণ আছে নেকি প্ৰথমৰে পৰা ৰোগীৰ অৱস্থাবোৰ সূক্ষ্মভাৱে লক্ষ্য কৰক। যদি ৰোগীৰ বৰকৈ ঠাণ্ডা লাগি জ্বৰ আৰম্ভ হৈছে, তেনেহ’লে মেলেৰিয়া হোৱা বুলি সন্দেহ কৰি আৰম্ভণিতে তেওঁৰ তেজ পৰীক্ষা কৰিবলৈ দিয়ক। যদি এই পৰীক্ষাত মেলেৰিয়া হৈছে বুলি প্ৰমাণিত হয়, তেনেহ’লে ৰোগীক একেৰাহে পাঁচ দিনৰ কাৰণে ঔষধ খুৱাই থাকক, যাতে মেলেৰিয়া ৰোগৰ বীজাণু একেবাৰে ধ্বংস হয়। এই চিকিৎসাক ‘মেলেৰিয়া ৰেডিকেল ট্ৰিটমেন্ট’ বুলিও কয়। মেলেৰিয়া প্ৰতিষেধক ছিটা(ভেক্সিন) এতিয়াও বজাৰত ওলোৱা নাই। এনে ধৰণৰ প্ৰতিষেধকৰ কাৰ্যকাৰিতাৰ ওপৰত আজিও নানা পৰীক্ষা চলি আছে।

মেলেৰিয়া নিয়ন্ত্ৰণৰ বাবে কিছুমান ঔষধৰ কাম পৰীক্ষা কৰি থকা হৈছে আৰু সেইবিলাক ফলপ্ৰসূ ৰূপে প্ৰমাণিত হৈছে। ক্ল’ৰ’কুইনৰ লগত আন এবিধ প্ৰাইমাকুইন দিলৱে মেলেৰিয়া নিৰাময় হয় বুলি জনা গৈছে। মাত্ৰ ঔষধ কিমান পৰিমাণত দিব লাগিব, এই কথা ৰোগীৰ চিকিৎসকে ঠিক কৰি দিব। এই ৰোগ হ’লে কোনো ঔসধ চিকিৎসকৰ পৰামৰ্শ অবিহনে খাব নেলাগে। প্ৰাইমাকুইন এবছৰতে অবিহনে খাব নেলাগে। প্ৰাইমাকুইন এবছৰতকৈ কম বয়সৰ শিশু আৰু গৰ্ভৱতী মহিলাক কেতিয়াও দিব নেলাগে।

মেলেৰিয়া ৰোগ চিকিৎসকৰ কাৰণে সমগ্ৰ দেশৰ স্বাস্থ্যকেন্দ্ৰ আৰু উপকেন্দ্ৰবিলাকত চৰকাৰে বিনামূলীয়া ঔষধ যোগানৰ ব্যৱস্থা কৰিছে। ক্ল’ৰ’কুইন পিল গ্ৰামাঞ্চলৰ স্বাস্থ্য কৰ্মীৰ হাততো ৰখা হৈছে। স্বাস্থ্য কৰ্মীসকলক ৰক্ত পৰীক্ষা কৰিব পৰাকৈ প্ৰশিক্ষণ দিয়া হৈছে আৰু আৰু ৰোগ ধৰা পৰিলে ৰোগীক যাতে ঔষধ দিব পাৰে, তাৰো ব্যৱস্থা কৰা হৈছে আৰু ৰোগ ধৰা পৰিলে ৰোগীক যাতে ঔষধ দিব পাৰে, তাৰো ব্যৱস্থা কৰা হৈছে। ক্ল’ৰ’কুইন পিল স্থানীয় ফাৰ্মাচিষ্টবিলাকতো কিনিবলৈ পোৱা যায়।

ৰোগীৰ পৰা কেনে হ’ব লাগে -

*জ্বৰ কমেই হওক বা বেছিয়েই হওক, ৰোগীৰ ভোক কমি যায়। মেলেৰিয়া হ’লে এনেয়েও খালী পেটত ঔষধ খাব নেলাগে বুলি চিকিৎসকে পৰামৰ্শ দিয়ে। সেইকাৰণে মেলেৰিয়া ৰোগীয়ে কম পৰিমাণে হ’লেও আহাৰ খাই থাকিব লাগে।

*মেলেৰিয়া ৰোগীৰ সঘনাই বমি বমি লাগিয়েই থাকে আৰু বমি হৈয়ো থাকে। লগতে পেটো ভালে নেথাকে। সেইকাৰণে ৰোগীক পাতল আৰু সহজে হজম হ’ব পৰা আহাৰহে দিব লাগে। পাতল আহাৰ খালে খিচিৰি, চুজিৰে বনোৱা পায়স, গাখীৰ, ফলৰ ৰস আৰু গাখীৰৰ সৈতে কৰ্ণফ্লেক্স আদি দিব পাৰে।

ঘৰুৱা চিকিৎসা:

*মেলেৰিয়া ৰোগীৰ কাৰণে এগিলাছ পানীত এচামুচ সৰু সৰুকৈ ভাঙি লোৱা দালচেনি, এচিকুট জালুকৰ গুড়ি আৰু মৌ মিহলাই উতলাই লওক। এই মিশ্ৰণ সামান্য গৰমে গৰমে চাহৰ দৰে ৰোগীক খাবলৈ দিয়ক। এই মিশ্ৰণ খুৱাই থাকিলে ৰোগীৰ যন্ত্ৰণা কমে।

*প্ৰতিদিনে তুলসীৰ আঠ-দহটা পাত খাই থাকিলেও মেলেৰিয়াৰ পৰা বাচি থাকিব পাৰি।

মেলেৰিয়া অধ্যুষিত অঞ্চললৈ গ’লে -

যদি আপুনি নিজৰ দায়িত্বৰ খাতিৰত অনিবাৰ্যভাৱে কোনো মেলেৰিয়া অধ্যুষিত অঞ্চললৈ যাব লগা হয়, তেনেহ’লে যোৱাৰ আগতে আপোনাৰ চিকিৎসকৰ লগত আলোচনা কৰি আপুনি এই ঔষধকেইটা লগত লৈ যাব। ঔষধকেইটা হ’ল- ক্ল’ৰ’কুইন, মেফল’কুইন আৰু ডক্সিচাইক্লিন। এইবিলাক ঔষধে মেলেৰিয়াৰ সংক্ৰমণ প্ৰতিৰোধ কৰিব পাৰে।

অধ্যুষিত অঞ্চলৰ মেলেৰিয়া পৰজীৱীৰ ক্ল’ৰ’কুইন ঔষধৰ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিহে কোনবিধ ঔষধ ব্যৱহাৰ কৰিব, সেই কথা আপোনাক স্থানীয় চিকিৎসকে জনাব।

ক্ল’ৰ’কুইন:

যিবিলাক অঞ্চলত মেলেৰিয়া পৰজীৱীয়ে এইবিধ ঔষধৰ প্ৰতি প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলা নাই, তেনে ঠাইতহে চিকিৎসকে এইবিধ ঔষধ সেৱনৰ পৰামৰ্শ দিয়ে।

মেফল’কুইন:

মেলেৰিয়া ৰোগ সৃষ্টি কেইবিধমান পৰজীৱীৰ ওপৰত যেতিয়া ক্ল’ৰ’কুইন একো কাম কৰিব নোৱাৰা হয়, তেতিয়া ব্যাপকভাৱে মেফল’কুইন নামৰ ঔষধটি ব্যৱহাৰ কৰা হয়।

ডক্সিচাইক্লিন:

মেলেৰিয়া পৰজীৱী ধ্বংস কৰিবৰ কাৰণে এইবিধ ঔষধ ব্যৱহাৰ কৰা হয়। এইবিধ ঔষধ ব্যৱহাৰ কৰাৰ পিছতো বহুতো ৰোগীয়ে সূৰ্যৰ ৰশ্মি সহ্য কৰিব নোৱাৰা হয়। তেনে ৰোগীৰ মূৰত টুপী আৰু ছালত ছানস্ক্ৰীণ ব্যৱহাৰ কৰিবলৈ দিয়া হয়।

*মেলেৰিয়া প্ৰতিৰোধ কৰি ৰাখিবৰ কাৰণে কেৱল ঔষধৰ ওপৰত নিৰ্ভৰ কৰি থাকিব নেলাগে। মাত্ৰ এটা কথাৰ প্ৰতি সাৱধান হ’ব লাগে। আপোনাৰ যাতে মহে কামুৰিব নোৱাৰে, তাৰ প্ৰতি যথেষ্ট সতৰ্ক হ’ব। তাৰ কাৰণে আপুনি এনেকুৱা অঞ্চললৈ গ’লে লগত মহ খেদাব পৰা কিছু সামগ্ৰী, যেনে- ক্ৰীম, স্প্ৰে, তেল, লোচন, মেট বা কয়ল অথবা তৰল মহ খেদা সামগ্ৰী বা মহ খেদোৱা ধূপ লৈ যাব। সম্ভৱ হ’লে লগত আঁঠুৱাও লৈ যাব আৰু ৰাতি বা দিনত শুওঁতে ব্যৱহাৰ কৰিব।

জটিল মেলেৰিয়াৰ চিকিৎসা কেনেকৈ কৰিব?

সাধাৰণতে চেৰিব্ৰেল মেলেৰিয়া বা ফেলচিপেৰাম মেলেৰিয়া হ’লে ৰোগীৰ ক্ষেত্ৰত জটিলতাই দেখা দিব পাৰে। যদি ৰোগীৰ অৱস্থাৰ কোনো ধৰণৰ উন্নতি নহয়, বৰং অৱনতিহে ঘটিছে, তেনেহ’লে অকণো পলম নকৰি, তৎক্ষণাত ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ ৰোগীক লৈ যোৱাৰ ব্যৱস্থা কৰক। আৱশ্যক হ’লে ৰোগীক হস্পিতালত ৰাখিবলগীয়াও হ’ব পাৰে।

বহুক্ষেত্ৰত দেখা যায় যে, ৰোগীৰ যেতিয়ালৈকে জ্বৰ বা অন্য লক্ষণবিলাক থাকে, তেতিয়ালৈকে ঔষধবোৰ খুৱাই থকা হয়। কিন্তু ঘৰত থকা ৰোগীৰ সম্পূৰ্ণ চিকিৎসাৰ বাবে ঔষধৰ কোৰ্চ চিকিৎসকে ঠিক কৰি দিয়াৰ দৰে সম্পূৰ্ণ কৰি খাব লাগে।

মেলেৰিয়াৰ বিপদ কেনেকৈ কম কৰিব?

ঘৰৰ আশে-পাশে একে ঠাইতে পানী জমা হ’বলৈ নিদিব। য’ত ত’ত ডোঙা বান্ধি জমা হোৱা পানীতে মাইকী এনোফিলিচ মহে কণী পাৰিবলৈ সুচল পায়। সেয়ে মহৰ বংশবৃদ্ধি প্ৰতিৰোধ কৰিবৰ কাৰণে, তলত দিয়া দিহাবিলাক মানি চলক।

*পানীৰ টেংকীৰ ঢাকোন টানকৈ আৰু কাষত ফাক নথকাকৈ লগাওক।

*ঘৰৰ আশে-পাশে গাঁত বা নলাত পানী জমা হ’বলৈ নিদিব।

*নলা-নৰ্দমা, খাল আদি পৰিষ্কাৰ কৰি ৰাখিব।

*পানী ধৰি ৰখা পাত্ৰ বা টাব আদি সপ্তাহত অন্ততঃ এবাৰ চফা কৰক।

*ঘৰৰ ভিতৰতো পানী ৰখা বাচন-বৰ্তন ঢাকি ৰাখক।

*পুৰণি টায়াৰত পানী জমা হ’বলৈ নিদিব। পৰা পক্ষত অব্যৱহৃত টায়াৰ বাহিৰত অবাবতে পেলাই নেৰাখিব।

*দমকলৰ আশে-পাশে একোখন প্লাষ্টিকৰ কাৰ্পেট পাৰি ৰাখক যাতে তলত জমা হৈ থকা পানী মুকলি হৈ নেথাকে।

*ছাদত ৰখা টেংকীৰ চৌকাষ সময়ে সময়ে চফা কৰি ৰাখক।

*ঘৰৰ খিৰিকী আৰু দুৱাৰত প্লাষ্টিকৰ জালি লগাওক, যাতে মহ অবাধে সেইফালেদি সোমাব নোৱাৰে।

*মহ খেদোৱা মেট, ধূপ, ধোঁৱা দিয়া সামগ্ৰী বা তৰল মহ খেদোৱা দ্ৰব্য আদি গধূলিতে ব্যৱহাৰ কৰক।

*মহ খেদোৱা ক্ৰীম, তেল বা লোচন আদিও প্ৰয়োজন ব্যৱহাৰ কৰক।

মহৰ পৰা আঁতৰত কেনেকৈ থাকিব?

*ৰাতি পৰাপক্ষত বাহিৰত ঘূৰি নুফুৰিব।

*ডাঠ ৰঙৰ পোছাক নিপিন্ধিব। ডাঠ ৰঙৰ কাপোৰে মহ আকৰ্ষণ কৰে।

*কিছুমান বিশেষ ধৰণৰ পাৰফিউম, আফটাৰ শ্বেভ লোচন বা বডি স্প্ৰে আদিয়ে ব্যৱহাৰ কৰোতাজনৰ ওচৰলৈ মহক আকৰ্ষণ কৰে। এনেবিলাক দ্ৰব্য পৰাপক্ষত ব্যৱহাৰ নকৰিব।

*যিমান দূৰ সঞ্চয় হয় নিজৰ শৰীৰটো কাপোৰেৰে ঢাকি ৰাখক। বিশেষভাৱে সন্ধিয়া সময়ত নিজৰ হাত দুখন(বাহুৰ পৰা আঙুলিলৈকে) আৰু ভৰি দুটাও ঢাকি ৰাখক। মহে শৰীৰৰ এই অংশবিলাকত বেছিকৈ আক্ৰমণ কৰে।

*শীত-তাপ-নিয়ন্ত্ৰিত কোঠাত বা অফিচত বেছি সময় কটাওক। কাৰণ এনেকুৱা ঠাইত মহৰ উপদ্ৰৱ কম হয়।

*ৰাতি শুওঁতে আঁঠুৱা ব্যৱহাৰ কৰক।

*মহৰ পৰা হাত সাৰি থাকিবলৈ ঘৰৰ কোঠাবোৰ, বস্তু ৰখা কোঠা আৰু পাকঘৰ তথা খোৱা কোঠাবোৰ তীব্ৰ অকটা গন্ধযুক্ত মহ খেদা সামগ্ৰী জ্বলাই থওক।

*ঘৰৰ চৌপাশ সপ্তাহত এবাৰকৈ হ’লেও পৰিষ্কাৰ কৰক। ক’তো বৰষুণৰ পানী ডোঙা বান্ধিবলৈ নিদিব।

*মহ ভিতৰলৈ সোমাব নোৱাৰাকৈ খিৰিকিত ঘন জালি(নেট) লগাওক।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate