অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যোগৰ দ্বাৰা স্মৃতি শক্তি বৃদ্ধি :

যোগৰ দ্বাৰা স্মৃতি শক্তি বৃদ্ধি :

 

যোগ কি? এই বিষয়ে আজিৰ যুগত প্ৰায় সকলো লোকেই কম-বেছি পৰিমাণে জ্ঞান আহৰণ কৰিব পাৰিছে। তথাপি এই বিষয়ে তাত্ত্বিকভাৱে জানিবলৈ হ’লে আমি ভাৰতবৰ্ষৰ পোৰাণিক যোগশাস্ত্ৰৰ ওপৰত দৃষ্টিপাত কৰিব লাগিব। যোগশাস্ত্ৰ আয়ুৰ্বেদৰ এটি অঙ্গ বুলিব পাৰি।

জীৱাত্মাক পৰম আত্মাৰ লগত যোগ কৰিলে এক অদ্বৈত পৰমাত্মা হয়, এয়ে যোগ। অন্য অৰ্থত যিয়ে জীৱাত্মাক মুক্তি প্ৰদান কৰি পৰমাত্মাৰ অমৃত সাগৰলৈ প্ৰস্থান কৰাব পাৰে সেয়ে যোগ।

কিন্তু ই হ’ল অন্তিম লক্ষ্য। তাৰ আগতে যোগৰ গতি পথত সাধকে নানা চমৎকাৰী ফল ভোগ কৰিবলৈ পায়। যোগ যাত্ৰাৰ পথত যিবিলাক ঐশ্বৰ্য্য-বিভূতি লাভ হয়, তাৰ ভিতৰত স্মৃতি বা মনত ৰখা শক্তি অন্যতম।

এই লিখনিত যোগৰ স্পষ্ট সিদ্ধিৰ বিষযে আলোচনা নকৰি মাত্ৰ স্মৃতিবৰ্দ্ধনৰ সহায়ৰ কেইটিমান যোগৰ বিষয়ে বৰ্ণনা কৰিবলৈ লৈছো।

এইবিলাক সাধনাৰ দ্বাৰা মস্তিষ্কৰ পৰিচালনা শক্তি বৃদ্ধি, ধৈৰ্য্য, মেধা, সহিষ্ণুতা আদি মানসিক শক্তি বৃদ্ধি কৰিব পাৰি।

যোগ সাধনাত আসন, প্ৰাণায়াম, মুদ্ৰাৰ দ্বাৰা প্ৰৱল ইচ্ছা শক্তিৰ অধিকাৰী হৈ অসাধাৰণ প্ৰতিভাৰ গৰাকী হ’ব পাৰে। প্ৰথমে ইয়াত আসনৰ বিষয়ে আলোচনা কৰো।

আসন দুই প্ৰকাৰৰ- স্বাস্থ্যাসন আৰু ধ্যানাসন। দুয়ো ধৰণৰ আসনেই শৰীৰ আৰু মনৰ ওপৰত প্ৰভাৱ পেলায় যদিও শৰীৰৰ যন্ত্ৰ বিলাকৰ ওপৰত অধিক ক্ৰিয়া প্ৰকাশ কৰে স্বাস্থ্যাসনে।

ধ্যানাসনে আমাৰ মনৰ ওপৰত অধিক ক্ৰিয়া প্ৰকাশ কৰি মানসিক স্বাস্থ্য সবল কৰে।

পদ্মাসন -

প্ৰণালী:

বাওঁ উৰুৰ ওপৰত সোঁ-পদ আৰু দক্ষিণ উৰুৰ ওপৰত বাওঁপদ স্থাপন কৰি বহিব। মেৰুদণ্ড পোন কৰি ৰাখিব। মনত ভাৱনা ৰাখিব যে মোৰ শৰীৰৰ ভাৰ বুকুৰ কামিহাড়ৰ ওপৰত ৰাখিছো।

দুয়ো হাত দুই আঁঠুৰ ওপৰত স্থাপন কৰি জিভাৰ আগ দন্তমূলত স্থাপন কৰি দুই ভ্ৰূৰ মাজত দৃষ্টি নিবন্ধ কৰিব। এনেকৈ যিমান সময় পাৰি বহিব।

কেইমিনিটমান বহাৰ পিছত ভৰিত বিষ অনুভৱ কৰিলে আসন ত্যাগ কৰিব। বেছি সময় বহিবলৈ হ’লে অনুৰূপভাৱে ভৰি বদলি কৰি বহিব।

সাধ্য অনুযায়ী যিমান সময় আৰামেৰে বহিব পাৰি, বহিব। অধিক জোৰ দি বেছি সময় এই আসন কৰা উচিত নহয়।

উপকাৰিতা -

ছাত্ৰ-ছাত্ৰীৰ বাবে ব্ৰাহ্মাচৰ্য্য পালন অতি প্ৰয়োজন আৰু ব্ৰাহ্মাচৰ্য্য পালনত এই আসনে বিশেষভাৱে সহায় কৰে। এই আসনত বহাৰ লগে লগে ভৰিৰ তেজ চলাচল কিছু কমি আহে, কিন্তু বস্তি প্ৰদেশত তেজ চলাচল বৃদ্ধি পায়।

ফলত স্বপ্নদোষ, কাম উত্তেজক চিন্তা আদিৰ পৰা মুক্তি পোৱা যায়। আত্মাশক্তি, জ্ঞান, ধাৰণা আদি মানসিক শক্তিসমূহৰ বিকাশ ক্ৰমে ক্ৰমে বৃদ্ধি হয়।

ৰস, ৰক্ত, বীৰ্য্য আদি ধাতুসমূহ সমূচিত ৰূপে বৃদ্ধি হয়। পেটত গেছ জমা হোৱা ৰোগ নষ্ট হয়। বাত-ব্যাধি নষ্ট কৰাত এই আসনে বিশেষ সহায় কৰে।

যিকোনো সাধনাত সিদ্ধি লাভৰ পক্ষে পদ্মাসন বিশেষ সহায়ক। সেইবাবেই হয়তো প্ৰায়বিলাক মহৎলোকৰ ছবি এই আসনতে প্ৰতিষ্ঠিত হোৱা দেখা যায়। আধ্যাত্মিক সাধনাৰ উপৰিও বিবিধ প্ৰাণায়াম, ধ্যান ধাৰণাৰ অভ্যাস পদ্মাসনত অনুষ্ঠিত হ’লে বিশেষ লাভৱান হ’ব পাৰি।

জ্ঞানৰ সাধনা এই পদ্মাসনত কৰিব পাৰিলে বিশেষ উপকৃত হ’ব পাৰি বুলি যোগ শাস্ত্ৰই ইয়াক শ্ৰেষ্ঠতম আসনৰ শাৰীত স্থান দিছে।

পঢ়াৰ সময়ত পদ্মাসনত বহি পঢ়িলে পঢ়াৰ বিষয়বোৰ বেছিকৈ মনত থাকে। কিয়নো এই আসনত কেইমিনিটমান বহাৰ লগে লগে মনৰ চঞ্চলতা নাইকিয়া হয়। দেহ-মন শান্ত হয়।

প্ৰতিদিনে ৩ ঘন্টা সময় এই আসন অভ্যাস কৰিব পাৰিলে কাম, ক্ৰোধ, লোভ আদি ৰিপুবিলাকক নিজৰ আয়ত্বত ৰাখিব পাৰি। স্নায়ুৰ দুৰ্বলতা নাইকিয়া হয়। উদৰ, বক্ষস্থল তথা মস্তিষ্কৰ ওপৰত এই আসনৰ প্ৰভাৱ যথেষ্ট বেছি।

শীৰ্যাসন -

শীৰ্যাসনৰ প্ৰশংসা অতীজৰে পৰা চলি আছে। আজিও এই আসন শীৰ্ষতম আসন হিচাবে প্ৰতিষ্ঠিত। ইয়াৰ বিধি দুই প্ৰকাৰৰ আছে। প্ৰথম বিধিত মূৰ তল কৰি মাটিত লগাই থ’ব লাগে। মূৰ পোন কৰি ৰাখিবলৈ দুই হাতৰ তলুৱা মূৰৰ দুয়োফালে লগাই লওক।

দ্বিতীয় বিধত ভৰি পোন কৰি ওপৰলৈ তুলি থ’ব লাগে। এই আসন অভ্যাস কৰোতে মূৰৰ তলত পাতল গাৰু ব্যৱহাৰ কৰাটো ভাল। গাৰুৰ ওপৰত হাতৰ দুই তলুৱা লগ লগাই ল’লে আৰাম পোৱাৰ উপৰিও মূৰ ইফাল-সিফাল নহ’বৰ বাবে ঠেকাৰ দৰে হয়।

প্ৰথমে কিছুদিন শৰীৰৰ ভৰ বক্ষতালুৰ আৰু বাহুৰ ওপৰত ৰাখি আঁঠু ভঙা অৱস্থাতে দুই ভৰি ওপৰলৈ তুলিব লাগে। সাধ্য অনুযায়ী কিছুসময় থকাৰ পিছত নামি আহিব।

এনেকৈ কেইমিনিটমান থকাৰ অভ্যাস হ’লে পিছলৈ ক্ৰমে ভৰি পোন কৰিবলৈ অভ্যাস কৰিব লাগে। কিছুদিন অভ্যাস হ’লে ভৰি পোন কৰিবলৈ অসুবিধা নহ’ব।

প্ৰথম অভ্যাসকাৰীৰ এই আসন কৰিবলৈ অসুবিধা হ’লে দেৱালত গাত ভৰি আওঁজাই ভৰি পোন কৰিবলৈ চেষ্টা কৰিব।

এই আসন প্ৰথমে এক বা আধামিনিট কৰি ক্ৰমশঃ সময়ৰ মাত্ৰা আধামিনিট বা ১০/২০ ছেকেণ্ডলৈ বঢ়াই যাব লাগে।

সাধাৰণ অৱস্থাত এই আসন ৮/১০ মিনিট ৩-৪ বাৰ ২-৩ মিনিটকৈ কৰি এক মিনিটকৈ জিৰণি লৈ কৰিব। একেৰাহে ১০/১২ মিনিট কৰাৰ অভ্যাস হ’লে আসন সিদ্ধ হৈছে বুলি ধৰিব লাগে।

উপকাৰিতা:

এই আসনৰ অশেষ গুণ শীৰ্যাসনক আসনৰ ৰজা বুলি কোৱা হয়। অন্য আসন অসমৰ্থ হ’লেও শীৰ্যাসনৰ দ্বাৰাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অটুট ৰাখিব পাৰি।

এই আসনত বল বীৰ্য্য বৃদ্ধি  হৈ শৰীৰ দৃঢ় হয়। মূত্ৰাশয়ৰ বিকাৰ নাশ হয়। মস্তিষ্কৰ বিকাশে তথা ইয়াৰ ক্ষমতা বঢ়াবলৈ এই আসনে বিশেষ সহায় কৰে।

স্নায়ু সংস্থান, ৰক্ত সঞ্চালন, পেশী সংস্থান, পাচন অংগ, জনন অংগৰ শক্তি তথা যৌৱন শক্তি বৃদ্ধি কৰে। ইয়াৰ দ্বাৰা চুলিৰ অকালপক্কতা, চুলি সৰা প্ৰতিৰোধ কৰে। দৃষ্টি শক্তি বৃদ্ধি হয়। শৰীৰত অকাল বাৰ্ধক্য অহিব নোৱাৰে।

মস্তিষ্কৰ পিটুইটাৰি আৰু পিনিয়েল নামৰ যি দুটা প্ৰধান গ্ৰন্থি আছে, সেই গ্ৰন্থিৰ কাৰ্য্যক্ষমতা বৃদ্ধি হয। বৃদ্ধ অৱস্থাতো শৰীৰত জড়তা নাহে।

এই আসন অভ্যাসৰ দ্বাৰা মূৰৰ সকলো ৰোগ যেনে- মূৰ ঘূৰোৱা, মূৰৰ বিষ, উন্মাদ প্ৰকৃতি, মূৰ্চ্ছা আদি ৰোগত উপকাৰ পোৱা যায়। এই আসনৰ অন্যতম লাভ হৈছে, ইয়াৰ দ্বাৰা স্মৰণ শক্তি বিশেষভাৱে বৃদ্ধি হয়। যিসকলে লোকে অধিক মানসিক পৰিশ্ৰম কৰিবলগীয়া হয়, তেওঁলোকৰ পক্ষে এই আসনে বিশেষ সহায় কৰে।

দেহৰ সকলো কাৰ্য্য মস্তিষ্কই নিয়ন্ত্ৰণ কৰে বাবে ইয়াক দেহৰ ৰাজধানী বুলি কোৱা হয়। দৃষ্টিশক্তি,শ্ৰৱণ শক্তি,চিন্তা শক্তি স্মৃতি শক্তি প্ৰভৃতি এই শীৰ্ষাসনৰ দ্বাৰা কাৰ্য্যক্ষম হৈ থাকে। মস্তিষ্কৰ কোনো অংশত যথোপযুক্ত ৰক্ত সঞ্চালনত কোনো প্ৰকাৰৰ বাধা প্ৰাপ্ত হ’লেই শৰীৰৰ ক্ৰিয়া বিকল হৈ পৰে। এই আসনৰ অভ্যাসত মস্তিষ্কত প্ৰচুৰ পৰিমাণে ৰক্ত চলাচল হৈ তেজৰ পৰা প্ৰয়োজনীয় পুষ্টি উপাদান সংগ্ৰহ কৰি মস্তিষ্কৰ স্নায়ু, গ্ৰন্থিসমূহ সতেজ কৰি তোলাত শীৰ্ষাসনৰ অৱদান অদ্বিতীয়।

নিতান্ত অসংযমী নহ’লে শীৰ্ষাসন অভ্যাসকাৰীৰ দেহ কেতিয়াও ৰোগাক্ৰান্ত নহয়। স্বামী শিৱানন্দ সৰস্বতী দেৱে স্পষ্টভাৱে বৰ্ণনা কৰিছে যে যিসকলৰ স্নায়ু দুৰ্বল, দৃষ্টিক্ষীণতা, দন্তৰোগ, মূৰ ঘূৰোৱা, হিষ্টিৰিয়া, ধাতুৰোগ, কোষ্ঠবদ্ধতা, অজীৰ্ণ, প্লীহা-যকৃতৰ দোষ আছে, তেওঁলোকে এই আসনৰ দ্বাৰা অতি কম সময়ৰ ভিতৰতে এই ৰোগ বিলাকৰ পৰা অব্যাহতি লাভ কৰিব পাৰিব। শৰীৰ সুস্থসবল হোৱাৰ ফলত বিদ্যা সাধনৰ সকলো বাধা-বিঘিনি দূৰ হয়।

প্ৰত্যক্ষ সাধনাৰ দ্বাৰাহে এই আসনৰ উপকাৰিতাৰ বিষয়ে অনুভৱ কৰিব পাৰি। যোগাচাৰ্য্যৰ উপদেশ অনুসৰি এই আসন কৰা উচিত।

লেখক: হৰেণ তেলী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

শেহতীয়া উন্নীতকৰণ: : 2/27/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate