অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যিকোনো বয়সত উচ্চতা বৃদ্ধি কৰক মাত্ৰ ৭ দিনত

যিকোনো বয়সত উচ্চতা বৃদ্ধি কৰক মাত্ৰ ৭ দিনত

 

যিসকল ব্যক্তি সাধাৰণ লোকৰ তুলনাত ওখ, তেওঁলোকৰ দৈনন্দিন কৰিব লগা বহুতো কামত সুবিধা হয়। জনসমাগমৰ মাজত থাকিলেও তেওঁলোক সাধাৰণতে সকলোৰে আগতে চকুত পৰে আৰু এনে লোকে যিকোনো কামতে আগস্থান লাভ কৰে। ওখ হ’লে সুবিধা যিমান বেছি, তেওঁলোকে সন্মুখীন হোৱা অসুবিধাও বৰ কম নহয়। বাৰু সেইবোৰ যিয়েই নহওক লাগে এনে ওখ ব্যক্তিসকলৰ লগত থাকিলে তুলনামূলকভাৱে চাপৰ মানুহে প্ৰায়ে হীনমন্যতাত ভোগে। সৰু কালছোৱাত পৰ্যাপ্ত পুষ্টিৰ অভাৱ, ল’ৰাবিলাকত ভোগা কিছুমান অসুখ আৰু খেলা-ধূলা নকৰাকৈ ঘৰতে সোমাই থকা শিশুসকলেই সাধাৰণতে পিছলৈ এনে ধৰণৰ শ্ৰীবৃদ্ধিজনিত বিকাৰত ভোগে। অৱশ্যে বংশগত কাৰণতো বহুলোক বেছি ওখ নোহোৱাকৈ থাকি যায়। স্বাস্থ্য বিজ্ঞানীসকলৰ মতে মানুহৰ উচ্চতা বৃদ্ধিৰ এটা বয়সৰ সীমাবদ্ধতা থাকে। সাধাৰণতে ১৫-১৬ বছৰৰ পৰা ১৮ বছৰ বয়সলৈ কিশোৰ-কিশোৰীসকলৰ উচ্চতা বৃদ্ধি নেপায় বুলি ভবা হয় যদিও আজিকালি কিছুমান ব্যায়াম আৰু পুষ্টিকাৰক দ্ৰব্যৰ প্ৰয়োজনীয় যোগানৰ ফলত এই বয়সৰ পিছতো তেওঁলোকে ইচ্ছা কৰিলে ওখ হ’ব পাৰে বুলি প্ৰমাণ পোৱা গৈছে।

আজিকালি ল’ৰা-ছোৱালীবিলাকে নিজৰ শাৰীৰিক উচ্চতা বৃদ্ধিৰ প্ৰতি যথেষ্ট সচেতন হোৱা দেখা গৈছে। লগতে অভিভাৱকসকলেও তেওঁলোকৰ সন্তানসকলৰ উচ্চতা বৃদ্ধিৰ প্ৰতি মনোযোগ দিয়া দেখা গৈছে। উচ্চতাই মানুহৰ ব্যক্তিত্বৰ ওপৰতো যথেষ্ট প্ৰভাৱ পেলায়। যিকোনো বয়সতে উচ্চতা বৃদ্ধি কৰাটো সম্ভৱ যদিও, তাৰ বাবে নিজে কিছু সাৱধানতা আৰু একাগ্ৰতা অৱলম্বন কৰিব লাগিব।

তলত উচ্চতা বৃদ্ধিৰ কাৰণে কেইটিমান দিহা দিয়া হৈছে। এই দিহাবিলাক মনোযোগেৰে মানি চলিবলৈ চেষ্টা কৰকচোন। নিশ্চয় সুফল পাব আৰু অলপ দিনৰ ভিতৰতে উচ্চতা বৃদ্ধি পোৱাটো চকুত পৰিব।

আকুপ্ৰেছাৰ -

আমাৰ শৰীৰত বহুতো আকুপ্ৰেছাৰ বিন্দু আছে। এই পইন্টবিলাকৰ ভিতৰত কেইটিমান পইন্ট আছে, যিবিলাকত নিয়মীয়াকৈ চাপ দি থাকিলে শৰীৰৰ উচ্চতা বঢ়াব পাৰি। ইয়াৰ ভিতৰত এটা অতি গুৰুত্বপূৰ্ণ পইন্ট হাত আৰু ভৰিৰ বুঢ়া আঙুলিৰ একেবাৰে মূৰত আছে। এই পইন্ট চাৰিটাত নিয়মীয়াকৈ চাপ দি থাকিলে মানুহৰ শৰীৰৰ বৃদ্ধিৰ হৰমোন নিঃসৰণ হয় আৰু উচ্চতা বৃদ্ধিত সহায় কৰে।

সুষম আহাৰ -

আহাৰ সদায় পুষ্টিকৰ খাব লাগে। কাৰণ খাদ্যই শৰীৰৰ শ্ৰীবৃদ্ধিৰ অৰিহণা যোগায়। পুষ্টিদায়ক আহাৰ খাই থাকিলে আপোনাৰ উচ্চতা বৃদ্ধিত সহায়ক হ’ব। যদি আপুনি নিয়মীয়াকৈ পুষ্টিযুক্ত আহাৰ খাই থাকে, তেনেহ’লে আপোনাৰ উচ্চতা বৃদ্ধিত কোনেও বাধা দিব নোৱাৰে। উচ্চতা বৃদ্ধিৰ কাৰণে আপুনি পৰ্যাপ্ত মাত্ৰাত প্ৰোটিনযুক্ত আহাৰ বা প্ৰোটিন ছাপ্লিমেন্ট খাবই লাগিব। প্ৰোটিনৰ যোগান সঠিক মাত্ৰাত পাবৰ কাৰণে কিশোৰ-কিশোৰীসকলৰ আহাৰত গাখীৰ, কণী, মাছ আৰু মাংস থকা উচিত। নিৰামিষহাৰীসকলৰ কাৰণে চয়াবিনৰ লগতে কল আৰু অন্যান্য ফল থাকিব লাগে। লগতে আপুনি নিজৰ সন্তানকেইটিৰ কাৰণে বতৰৰ পাচলি আৰু বতৰৰ ফল নিশ্চয় ৰাখিবই লাগে।

শোৱাৰ অভ্যাস -

এজন সুস্থ ব্যক্তিয়ে দিনটোত অতি কমেও আঠ ঘন্টা সময় শুবই লাগে। যদি আপোনাৰ শৰীৰৰ উচ্চতা কম হয় তেনেহ’লে আপুনি সম্পূৰ্ণ পোন হৈ শুব লাগে। এই অভ্যাস কৰি শুলে আপোনাৰ শৰীৰত চাপ পৰিব আৰু তাৰ ফলত আপোনাৰ উচ্চতা বৃদ্ধি পাব।

পোন হৈ খোজকাঢ়ক:

খোজ কাঢ়োতে বহুতে লোকে সামান্য কুঁজা হৈ যোৱা দেখা যায়। কিন্তু এনেদৰে মূৰটো আগলৈ সামান্য হাউলাই বা পিঠিটো কুঁজা কৰি খোজকঢ়াৰ অভ্যাসে ব্যক্তিজনক ওখ হ’লেও ওখ যেন নেদেখায় আৰু তেনেদৰে কুঁজা হৈ খোজকঢ়া লোকৰ কেতিয়াও উচ্চতা নেবাঢ়ে। সেয়ে সকলো লোকেই, সৰুৰে পৰা সম্পূৰ্ণ পোন হৈ খোজকঢ়াৰ অভ্যাস কৰিব লাগে। মূৰ তুলি পোন হৈ খোজ কাঢ়িলে মেৰুদণ্ডত টান পৰে আৰু তেতিয়া লাহে লাহে উচ্চতা বৃদ্ধি হোৱাত সহায়ক হয়।

ব্যায়াম কৰক -

কিশোৰ অৱস্থাৰ পৰাই সকলোৱে ব্যায়াম অনুশীলন কৰা উচিত। বিশেষভাৱে উঠা-বহা কৰা, হাত দুখন নিহতকৈ প্ৰায় ডেৰ-দুগুণ ওখ পথালি মাৰি এডালত ওলমি কৰিব পৰা কিছুমান ব্যায়াম কৰিবলৈ অভ্যাস কৰিব লাগে। এনে ধৰণৰ ব্যায়াম কৰিলে শৰীৰৰ পেশীবিলাকত টান পৰে আৰু পেশীবোৰ লাহে লাহে দীঘল হ’বলৈ আৰম্ভ কৰে।

ওপৰত উল্লেখ কৰা পৰামৰ্শবিলাক মানি চলিবলৈ চেষ্টা কৰিলে, যিকোনো বয়সতে মানুহৰ উচ্চতা বৃদ্ধি পাব পাৰে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 1/18/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate