অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

লিভাৰ আৰু গলব্লাডাৰৰ কথা জানে নে?

লিভাৰ আৰু গলব্লাডাৰৰ কথা জানে নে?

আপোনাৰ, আমাৰ দেহৰ অন্তৰ্ভাগত থকা অংগ দুটা হ’ল লিভাৰ আৰু গলব্লাডাৰ। দুয়োটাই পৃথক অংগ যদিও একক হিচাপে কাম কৰি থাকে। প্ৰকৃততে লিভাৰ আৰু গলব্লাডাৰ এটা কিটচেন(Kitchen) আৰু প্ৰছেছৰ(processor)।

লিভাৰ কোমল, গোঁজ আকৃতি(wedge-shaped)ৰ আৰু গাঢ় মুগা বৰণৰ। ওজন ১,৪০০-১,৮০০ গ্ৰাম আৰু সোঁফালৰ পেটৰ ওপৰ অংশত অৱস্থিত। লিভাৰৰ দুটা অংশ- সোঁ আৰু বাওঁফাল। সোঁফালৰ অংশ ডাঙৰ আৰু পেটৰ সোঁফালে থাকে আৰু বাওঁ অংশটো ক্ষুদ্ৰ আৰু মধ্যাংশত অৱস্থিত। গলব্লাডাৰ লিভাৰৰ তলতে থাকে আৰু দুটা অংশ আছে। এটা দেহ আৰু আনটো ঠেক ডিঙি।

লিভাৰে বহু কাম সম্পন্ন কৰে। খাদ্য হজমৰ ফলত উৎপাদিত পদাৰ্থবোৰ ৰাসায়নিক প্ৰক্ৰিয়াৰে সমাধা কৰে। লিভাৰে গ্লুক’জ নিঃসৰণ কৰে যাৰ ফলত ৰক্তৰ ভাৰসাম্য ৰক্ষা কৰে। লিভাৰে প্ৰ’টিন আৰু কলেষ্টেৰল গঠন কৰে। তদুপৰি উৎপাদিত পদাৰ্থবোৰ পৰিশ্ৰুত কৰে আৰু বিষাক্ত পদাৰ্থবোৰ ধ্বংস কৰে। আন এটা প্ৰধান কাম হ’ল পিত্ত(bile) যি চৰ্বীৰে ভৰা। পিত্তত বহু ধৰণৰ পদাৰ্থ থাকে। তাৰ ভিতৰত পিত্ত নিমখ আৰু পিত্তবৰ্ণক(bile pigment)। ৰঙা ৰঙৰ কোষৰ বৰ্জিত পদাৰ্থৰ দ্বাৰা পিত্তবৰ্ণক গঠিত হয়।

গলব্লাডাৰ সাধাৰণতে সঞ্চয় অংগ। লিভাৰত পিত্ত সুৰক্ষা কৰি ৰাখে আৰু পানী শোষণ কৰি অধিক পিত্ত গঠন কৰে। প্ৰকৃততে ৩০-৬০ মিলিলিটাৰ পিত্ত সঞ্চয় কৰে। সেইদৰে লিভাৰে নিতৌ ৫০০ মিলিলিটাৰ পিত্ত উৎপাদন কৰি জমা কৰি ৰাখে। আৰম্ভণিতে কৈ অহা হৈছে যে লিভাৰ আৰু গলব্লাডাৰে একক হিচাপে কৰ্মত ব্যস্ত। লিভাৰৰ কোষে পিত্ত নিঃসৰণ কৰেফ পিত্তবাহিনীত(bile duct) আৰু নিগৰি পৰে ডিঅ’ডেনাম(duodenum)ত। খাদ্য গ্ৰহণৰ মাজত পিত্তবাহিনী বন্ধ থাকে আৰু তেতিয়া গলব্লাডাৰলৈ গুছি যায়। মুখত আহাৰ লোৱাৰ কিছু সময় পাছত ডিঅ’ডেনামত প্ৰৱেশ কৰে, তেতিয়া গলব্লাডাৰ সংকুচিত হয় আৰু পিত্ত ডিঅ’ডেনামলৈ যায় আৰু তাতে চৰ্বী হজম হোৱাত সহায় কৰে।

যেতিয়া মানুহৰ নিতৌ মদ বেছি খায়, তেতিয়া লিভাৰে কাম কৰিবলৈ অসমৰ্থ হয়। চিকিৎসকৰ মতে এয়া লিভাৰ ছিৰ’ছিছ আৰু হেপটাইটিছ বুলি কোৱা হয়। কেতিয়াবা আকৌ কিবা কাৰণত লিভাৰ কেন্সাৰতো ভুগিবলগীয়া হয়। আনহাতে গলব্লাডাৰত বিষ আৰম্ভ হয় আৰু পাথৰ গঠিত হয়। ইয়াকেই গলব্লাদাৰ ষ্টোন বোলে।

আপোনাৰ যদি পেটৰ ওপৰ অংশত বিষ অনুভৱ কৰে অথবা আহাৰ হজমৰ সমস্যাই দেখা দিয়ে অথবা ভোক নোহোৱা হয় চিকিৎসকৰ ওচৰলৈ গৈ আপোনাৰ বেমাৰ জানি লওক আৰু সুস্থ হৈ থাকিবলৈ যত্ন কৰক।

লেখক: ডঃ পবিত্ৰ কুমাৰ পাটোৱাৰী(অসম বাণী)

 

শেহতীয়া উন্নীতকৰণ: : 3/1/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate