অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শল্য চিকিৎসাৰ ৰক্তক্ষৰণ বন্ধ কৰিব তৰল দ্ৰব্যই

শল্য চিকিৎসাৰ ৰক্তক্ষৰণ বন্ধ কৰিব তৰল দ্ৰব্যই

অস্ত্ৰোপচাৰৰ সময়ত ৰোগীৰ শৰীৰৰ পৰা হোৱা ৰক্ত ক্ষৰণ এক চিৰন্তন সমস্যা। এতিয়া বিজ্ঞানী সকলে এনে এবিধ অতি জটিল প্ৰযুক্তিগত তৰল দ্ৰব্য উদ্ভাৱন কৰিছে যি দ্ৰব্যই যিকোনো কটা-ছিঙা অংশৰ পৰা কেই ছেকেণ্ড মানৰ ভিতৰতে ৰক্ত ক্ষৰণ বন্ধ কৰিব পাৰে। এই নতুন তৰল দ্ৰব্য বিধ ব্যৱহাৰ কৰি অস্ত্ৰোপচাৰৰ সময়ো বহু খিনি কমাব পৰা যাব বুলি বিজ্ঞানী সকলে আশা কৰিছে। মাছাচুছেটছ ইনষ্টিটিউট অব্‌ তেকন’ল’জি আৰু হ্ংকং বিশ্ববিদ্যালয়ৰ যুতীয়া উদ্যোগত উদ্ভাৱন কৰা এইবিধ জৈৱ ক্ষয়িষ্ণু দ্ৰব্যত এক বিশেষ প্ৰকাৰৰ খণ্ডিত প্ৰোটিন থাকে আৰু এই দ্ৰব্যই কটা-ছিঙা অংশৰ পৰা হোৱা ৰক্তক্ষৰণ তৎক্ষণাত বন্ধ কৰে। এতিয়া লৈকে চিকিৎসা জগতত প্ৰত্যাহ্বান ৰুপে বৰ্তি থকা অস্ত্ৰোপচাৰ কালীন আহিলা ৰুপে পৰিগণিত হৈছে। এতিয়া অস্ত্ৰোপচাৰৰ সময় ৫০ শতাংশলৈ হ্ৰাস কৰিব পৰা হ’ব বুলি বিজ্ঞানী সকলে আশা প্ৰকাশ কৰিছে। এই বিষয়ত গৱেষণা কৰা বিজ্ঞানীৰ দলটোৰ মূৰব্বী ৰুটলেজ এলিচ বেংকে নতুনকৈ আৱিস্কৃত এই দ্ৰব্য বিধৰ কাৰ্যকাৰিতা সম্পৰ্কে ‘নেনোমেডিচিন, নামৰ জাৰ্নেল খনত সবিশেষ প্ৰকাশ কৰিছে। ‘পেপটাইড’ নামৰ প্ৰোটিন খণ্ডেৰে প্ৰস্ত্তত কৰা এই তৰল দ্ৰব্য বিধ মুকলি কটা-ছিঙা ঘাত প্ৰয়োগ কৰাৰ লগে লগে এই প্ৰোটিন বিধে কটা ঘাৰ মুখত এক প্ৰকাৰৰ প্ৰতিবন্ধক চামনিৰ সৃষ্টি কৰে আৰু ঘা ডোখৰ ঢাকি পেলাই ৰক্ত ক্ষৰণ বন্ধ কৰি দিয়ে। ঘা ডোখৰ শুকাই যোৱাৰ লগে লগে ৰক্তক্ষৰণ বন্ধ কৰা চামনিটো ক্ষুদ্ৰ ক্ষুদ্ৰ  অণুলৈ ভাগি পৰে আৰু শৰীৰৰ কোষে এই অণু বিলাকক কোষ মেৰামতিত কামত ব্যৱহাৰ কৰে। এতিয়া লৈকে এইবিধ দ্ৰব্য পৰীক্ষা মূলকভাৱে এন্দুৰ জাতীয় প্ৰাণীৰ দেহৰ বিভিন্ন অংগৰ অস্ত্ৰোপচাৰত ব্যৱহাৰ কৰিছে আৰু সেই পৰীক্ষাই আশানুৰুপ সফলতা লাভ কৰিছে। অদূৰ ভৱিষ্যতে এই বিধ দ্ৰব্য মানুহৰ শল্য চিকিৎসাত ব্যৱহাৰ কৰিব পৰাকৈ সাজু হৈ উঠিব বুলি আশা কাৰা হৈছে।

উৎস : স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 6/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate