অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শীত ঋতু, ঋতুচৰ্যা আৰু মানৱ স্বাস্থ্য

 

ঋতুচর্যাৰ অৰ্থ হৈছে ঋতু অনুসৰি আহাৰ-বিহাৰ পালন কৰা। আয়ুৰ্বেদ নিৰ্দেশিত আহাৰ-বিহাৰ মানি চলাটো স্বাস্থ্যসন্মত জীৱনৰ মূল আধাৰ। প্রাচীন ভাৰতৰ ঋষি-মুনিসকলে এই ঋতুচৰ্যা মানি চলিছিল আৰু উপলব্ধি কৰিছিল যে, ঋতুচক্ৰৰ প্ৰভাৱ পৃথিৱীৰ সমস্ত প্ৰাণীকুলৰ ওপৰত পৰে।  হেমকোষৰ মতে ঋতুচৰ্যা মানে হৈছে বিভিন্ন ঋতু অনুসৰি আহাৰ-বিহাৰ পালন কৰা। ঋতু অনুসৰি আহাৰ-বিহাৰ পালন কৰি বল, বীৰ্য আৰু আয়ু লাভ কৰাই ঋতুচৰ্যা উদ্দেশ্য।

আয়ুৰ্বেদ হৈছে জীৱনৰ বিজ্ঞান। ইয়াৰ মুখ্য উদ্দেশ্য হৈছে আৰোগ্য প্ৰদান। আয়ুৰ্বেদৰ সকলো নিৰ্দেশনাই বিজ্ঞানসন্মত, আৰোগ্যবৰ্দ্ধক আৰু জনকল্যাণকামী। ঋতুচর্যাৰ বিষয়টিও ইয়াৰ ব্যতিক্ৰম নহয়। আমাৰ শৰীৰতত্ত্বৰ সৈতে প্ৰকৃতিৰ এক ওতঃপ্ৰোত সম্পর্ক আছে। ঋতু পৰিবৰ্তনৰ সময়ছোৱাত প্রকৃতিয়ে ভিন্ন ৰূপ লয়। এই ঋতু পৰিবর্তনৰ বাবে মানৱদেহত বিভিন্ন বেমাৰে আক্ৰমণ কৰে। সেয়ে প্ৰকৃতি অনকলে ঋতু অনুযায়ী খাদ্য, জীৱনশৈলী, আচাৰ ৰসায়ন পালন কৰি এক স্বাস্থ্যৱান জীৱন-যাপনৰ মহান উদ্দেশ্য আগত ৰাখিয়েই আয়ুৰ্বেদ শাস্ত্ৰত ঋতুচৰ্যাৰ বিধান দিয়া হৈছে। শীত ঋতুত পালনীয় আহাৰ-বিহাৰৰ কথা মহান আয়ুৰ্বেদ গ্ৰন্থ ‘অষ্টাংগ হৃদয়ম্‌’ত বিস্তৃতভাৱে দিয়া হৈছে।

শীত ঋতুত পথ্য আহাৰ— টেঙা, নিমখীয়া, ৰসযুক্ত খাদ্য, বেঙেনা, বিলাহী,গাজৰ, সেউজীয়া শাক, আমলখি, কুঁহিয়াৰৰ ৰস, দৈ, ঘি আদি।

শীত ঋতুত পথ্য বিহাৰ— বাস্প স্নান, হালধি বা সৰিয়হৰ তেলেৰে সম্পূর্ণ দেহ মাচাজ, বস্তিক্রিয়া, ঠাণ্ডা বতাহৰ পৰা আঁতৰি থকা, মূৰত তেল লগোৱা, ব্ৰহ্মমূৰ্হুৰ্তত শোৱা পাটী এৰা আদি।

শীত ঋতুত অপথ্য আহাৰ-শুকান বস্তু, আইচ ক্ৰীম, তেঁতেলি টেঙা, অধিক জ্বলা, তিতা, ঠাণ্ডা অন্ন, অল্পভোজন, বাতবৰ্দ্ধক খাদ্য, লঘু আহাৰ বৰ্জনীয়।

শীত ঋতুত অপথ্য আহাৰ— পুৱা শোৱাপাটী দেৰিকৈ এৰা, ঠাণ্ডা পৰিৱেশত থকা, দিনত শোৱা, উপবাসে থকা আদি। শীত ঋতুত আমাৰ জঠৰাগ্নি তীব্ৰ হৈ থাকে, সেয়ে এই ঋতুত উপবাস, অল্পভোজন আদি বৰ্জনীয়।

শাৰিৰীক বল আৰু উন্নত পাচন অগ্নিৰ দিশৰ পৰা শীত ঋতু উত্তম আৰু আদৰ্শ ঋতু। কিন্তু শীতৰ প্ৰভাৱত প্ৰকৃতি আৰু মানৱ দেহত নানা পৰিৱৰ্তন ঘটে, এনে পৰিবৰ্তনৰ নেতিবাচক প্রভাৱে ব্যাধিৰ ৰূপ লয়। শীতকালত হোৱা কিছুমান দৈহিক মানসিক সমস্যা আৰু ইয়াৰ আয়ুৰ্বেদিক উপাচাৰ সন্দৰ্ভত তলত চমুকৈ উল্লেখ কৰা হ’ল—

  • ছাল শুকান হোৱা: বাতবৰ্দ্ধক পৰিবেশ আৰু দেহত বাতৰ প্ৰকোপ বৃদ্ধিৰ বাবে শীত ঋতুত আমাৰ চালত শুষ্কতা বৃদ্ধি পায়, অর্থাৎ চাল শুকান হয়। দৈনিক দেহত তেল মর্দন (স্নান কৰাৰ প্ৰায় এঘণ্টা আগতে কৰিব লাগে), পর্যাপ্ত পৰিমাণে বিশুদ্ধ কুহুমীয়া গৰম পানী পান (এই ঋতুত ঠাণ্ডা পানী খাব নালাগে), দেশী গৰুৰ ঘী সেৱন, পাদ অভ্যংগ, বিলাহী গাজৰৰ চুপ সেৱন আদি আহাৰ-বিহাৰৰ জৰিয়তে শুকান চালৰ সমস্যা সমাধান কৰিব পাৰো। শীত ঋতুত বাতবৰ্দ্ধক খাদ্য পৰিহাৰ কৰা উচিত। বাতবৰ্দ্ধক খাদ্য সেৱনে আমাৰ চাল অধিক শুষ্ক কৰি তোলে। এই সুস্থ সবল জীৱন-যাপনৰ (Body Constitution) বাবে আমাৰ শৰীৰৰ প্ৰকৃতি জনাটো নিতান্তই প্রয়োজনীয় বিষয়। প্রকৃতি পৰীক্ষণৰ জৰিয়তে আমাৰ দেহ বাত, পিত্ত,  কফ কোন প্ৰকৃতিৰ আমি জানিব পাৰোঁ। প্ৰকৃতি অনুকূলে আহাৰ-বিহাৰ পালন কৰি আমি বিভিন্ন মানসিক দৈহিক বিকাৰৰ পৰা বাছি থাকিব পাৰো।

পাঠকৰ সুবিধাৰ বাবে বাতবৰ্দ্ধক আৰু বাতসন্তুলিত কেইবিধমান খাদ্যৰ উদাহৰণ দিয়া হ’ল-

বাত সন্তুলিত খাদ্য

বাতবৰ্দ্ধক খাদ্য

ঘেঁহু

ময়দা

ঘি

চেনি

অন্ন

বন্ধাকবি

আদা

ফুলকবি

গুড়

কাঠফুলা

জলফাই

ডালিম

বীট

জাংক ফুড

গাজৰ

কৃত্ৰিমভাৱে প্ৰস্তুত মাখন

সুমথিৰা

ব্ৰ’কলী

দীঘলীয়া ভেণ্ডি

শীতল পানীয়

মূলা

কফি

মিঠা আলু

কেঁচা কল

নাৰিকল

লেচু

আম

মধুৰিআম

 

ভিটামিন ডিৰ অভাৱজনিত সমস্যা

ভিটামিন ডিৰ মুখ্য উৎস হৈছে সূৰ্যৰ পোহৰ। ঠাণ্ডাৰ দিনত দিন চুটি হয় বাবে সূর্যৰ কিৰণ বেছি সময়লৈ নথকা, কুঁৱলীয়ে আৱৰি থকা বাবে ঘৰত সোমাই থকাৰ প্ৰৱণতা আদি বিভিন্ন কাৰণত শীত ঋতুত ভিটামিন ডিৰ হোৱা দেখা যায়। ভিটামিন ডিৰ অভাৱৰ বাবে হাড়ৰ দুৰ্বলতা,  কঁকালৰ বিষ, ৰোগ প্ৰতিৰোধ ক্ষমতাৰ হ্রাস আদি নানা বিকাৰে দেখা দিয়ে। ভিটামিন ডিৰ অভাৱ ৰোধ কৰি এক সুস্থ জীৱন-যাপনৰ বাবে নিয়মিত সূর্য স্নান (ৰাতিপুৱা ৯ বজাৰ আগতে ২০-৩০ মিনিট), দৈনিক সূর্য নমস্কাৰৰ অভ্যাস, দুগ্ধজাত সামগ্ৰী সেৱন আদি আহাৰ-বিহাৰ পালন কৰা উচিত।

কাহ-চর্দি

শীতৰ আগমনত বহুসংখ্যক ব্যক্তিয়ে কাহ-চৰ্দিত ভোগে। আদাৰ ৰস আৰু মৌ মিশ্ৰিত হাৰ্বেল টি কাহ-চর্দি প্রতিৰোধৰ বাবে খুবেই উপযোগী। শ্লেষ্মাযুক্ত কাঁহ দূৰ কৰিবলৈ ঔষধি গুণযুক্ত ধূমপান (Herbal Smoking)  খুবেই প্ৰভাৱশালী। কিন্তু শুকান কাঁহত ধূমপান কৰিব নালাগে। নিয়মিত আসন-প্ৰাণায়াম কৰিও শ্বাসতন্ত্ৰৰ বিভিন্ন বিকাৰ তথা দৈহিক-মানসিক বিভিন্ন সমস্যাৰ পৰা আতঁৰি থাকিব পাৰো।

শীতকালীন বিষণ্ণতা

আয়ুৰ্বেদ অনুসৰি বাত প্ৰধান ব্যক্তিসকলে সাধাৰণতে শীতকালীন বিষণ্ণতাৰ বাবে সমগ্ৰ বিশ্বতে প্ৰতি বছৰে সহস্ৰাধিক ব্যক্তিয়ে আত্মহত্যা কৰে।

  • শীতকালীন বিষণ্ণতাৰ কাৰণ: শীতকালীন বিষণ্ণতাৰ বিভিন্ন কাৰণ আছে। শীতকালত সূৰ্যৰ কিৰণ কম হোৱ বাবে মগজুত হোৱা জৈৱ ৰাসায়নিক দ্ৰব্যৰ অসন্তুলন, দেহত বাত দোষৰ আধিক্য হোৱা আদি কাৰণৰ বাবে শীতকালীন বিষণ্ণতা হোৱা দেখা যায়।
  • শীতকালীন বিষণ্ণতাৰ লক্ষণ: প্ৰধানত: ২০-৩০ বয়সৰ ব্যক্তি এই ৰোগত বেছিকৈ আক্ৰান্ত হয়।

এই ৰোগত আক্ৰান্ত ব্যক্তিয়ে জীৱন-যাপন উৎসাহ-উদ্দীপনা হেৰুৱাই পেলায়। শীতকালীন বিষণ্ণতাৰ লক্ষণ হৈছে-

  • অকলশৰীয়া অনুভৱ হৈ থকা আৰু অনবৰত নিৰাশজনক কথা মনলৈ অহা।
  • বেছিকৈ শুই থাকিবলৈ মন যোৱা।
  • সঘনাই ভাবৰ পৰিৱৰ্তন।
  • সামাজিক কামৰ প্ৰতি অনীহা।
  • নিজকে অকৰ্মণ্য, অপদাৰ্থ বুলি ভবা।
  • মানসিক অস্থিৰতা বৃদ্ধি।
  • মিঠা বস্তু খাবলৈ তীব্ৰ ইচ্ছা ইত্যাদি।

উপচাৰ

আয়ুৰ্বেদ আৰু যোগ জীৱনশৈলী পালন কৰি আমি শীতকালীন বিষণ্ণতা দূৰ কৰিব পাৰো। অভ্যংগ (আৰ্যুবেদিক বডি মাচাজ), নিয়মিত সূৰ্য নমস্কাৰ, দৈনিক অনুলোম-বিলোম প্ৰাণায়মৰ অভ্যাস, শিৰোধাৰা, লঘু সংগীত শ্ৰৱণ আদি অভ্যাসৰ দ্বাৰা আমি শীতকালীন বিষণ্ণতাক দূৰ কৰিব পাৰো। তুলসী, অশ্বগন্ধা, ব্রাহ্মী আদি বনৌষধি বিষন্নতা ৰোধৰ বাবে খুবেই উপকাৰী।

ডিহাইড্ৰেশ্বন

সৰল অৰ্থত মানুহৰ শৰীৰত পানীৰ মাত্রা কম হোৱা অৱস্থাটোক ডিহাইড্ৰেশ্বন বুলি কোৱা হয়। গৰমৰ দিনৰ তুলনাত কমকৈ তৃষ্ণা অনুভৱ হোৱা বাবে পানী কমকৈ পান কৰা, অত্যধিক শাৰীৰিক ব্যায়াম, আহাৰৰ বিসংগতি আদি বিভিন্ন কাৰণত শীত ঋতুতো ডিহাইড্রেশ্বনৰ দৰে সমস্যা হোৱা দেখা যায়। অৱশ্যে গৰমৰ দিনত ইয়াৰ আশংকা বেছি। প্ৰচুৰ পৰিমাণে পানী খোৱা, ৰসাল ফল-মূল খোৱা, বিলাহী-গাজৰৰ চুপ খোৱা আদিৰ জৰিয়তে আমি ডিহাইড্রেশ্বন প্ৰতিৰোধ কৰিব পাৰো। শীত ঋতুত কুহুমীয়া গৰম পানী খোৱা উচিত। কিন্তু শীতল পানীয়, বিয়েৰ এইবিলাক বৰ্জনীয়। আৰ্যুৰ্বেদত Prevention is better than cure এই বাক্যটিত যথেষ্ট গুৰুত্ব দিয়া হয়। গতিকে আমি বেমাৰ ব্যাধিৰ দ্বাৰা আক্ৰান্ত হোৱাৰ আগতে আয়ুৰ্বেদ নিৰ্দেশিত আহাৰ-বিহাৰ পালন কৰি এক স্বাস্থ্যসন্মত জীৱন-যাপন কৰা উচিত। আয়ুৰ্বেদ নিৰ্দেশিত আহাৰ-বিহাৰ তথ্য প্ৰকৃতি অনুকূল জীৱনশৈলীৰ প্ৰ্তি পাঠকক অনুপ্ৰাণিত কৰিবৰ বাবে এই প্ৰবন্ধটি লিখা হৈছে। সঘন আৰু গুৰুতৰ দৈহিক মানসিক সমস্যাৰ ক্ষেত্ৰত অভিজ্ঞ চিকিৎসকৰ পৰামর্শ গ্ৰহণ কৰে যেন।

লিখক: ভাৰ্গৱ কলিতা, সাদিন।

শেহতীয়া উন্নীতকৰণ: : 2/19/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate