অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শীত কালত ফটা গোৰোহাৰ যত্ন কিদৰে লব

শীত কালত আমাৰ বহুতৰে এটি সাধাৰণ সমস্যা হ'ল ভৰিৰ ফটা গোৰোহা। মহিলা সকল এই সমস্যাত বেছিকৈ ভোগা দেখা যায়।শীত কালত ঘৰৰ যাৱতীয় কাম কাজ কৰোতে অনবৰতে ঠাণ্ডা পানী চুই থকা, খালী ভৰিৰে থকা, ভৰিত মোজা নিপিন্ধা আদি কাৰণত মহিলা সকলৰ এই সমস্যাটো বেছিকৈ হোৱা দেখা যায়। কেৱল ভৰিৰ গোৰোহাই নহয়, বহুতৰে আকৌ হাতৰ তলুৱাও ফাটে। ফটা গোৰোহা আৰু ফটা হাত দেখিবলৈ বৰ বেয়া হয়, মানুহৰ আগত লাজত পৰিব লগীয়া হয়। তাৰোপৰি ই কষ্টকৰো হয়। অৱহেলা আৰু উপযুক্ত যত্নৰ অভাৱত ফটা ভৰি বা গোৰোহা অত্যন্ত বিষ যুক্ত হয়, ফটা অংশৰ পৰা তেজ ওলাব পাৰে, আৰু কেতিয়াবা সংক্ৰমণ হৈ গুৰুতৰ ৰূপ ধাৰণ কৰিব পাৰে।

বিভিন্ন কাৰণত ভৰিৰ গোৰোহা ফাটিব পাৰে। প্ৰথম অৱস্থাত গোৰোহাত কিছুমান কটা চিনৰ নিচিনা আঁচ দেখা যায়। কিন্তু উপযুক্ত যত্নৰ অভাৱত গোৰোহা ফাটি তেজ ওলাব পাৰে বা ইয়াৰ সংক্ৰমনো হব পাৰে। সাধাৰণতে পুৰুষতকৈ মহিলাৰ এই সমস্যা বেছিকৈ হোৱা দেখা যায়।

গোৰোহা ফটাৰ কাৰণসমূহ -

  • বহুদেৰী পকী বা কঠিন ঠাইত থিয় হৈ থকা ।
  • খালি ভৰিৰে খোজ কঢ়া ।
  • ওখৰা-মোখৰা, অসমান ঠাইত খোজ কঢ়া বা দৌৰা ।
  • আহাৰৰ তাৰতম্য হোৱা। যেনে শুকান, তিতা, কেঁহা বস্তু বেছিকৈ খোৱা আৰু পানী বা শাক পাচলি, ফল মূল আদি কমকৈ খোৱা ।
  • ৰাতি বেছি দেৰিলৈকে কাম কৰা ।
  • মধুমেহত ভুগি থকা ।

ফটা গোৰোহাৰ লক্ষণসমূহ -

  • ভৰিৰ গোৰোহা অতি শুকান হৈ যোৱা ।
  • গোৰোহাত কটা চিনৰ নিচিনা কিছুমান ফাট দেখা দিয়া ।
  • ফটা ঠাইত খজুৱতি অনুভৱ কৰা ।
  • গোৰোহাত বিষ অনুভৱ কৰা কেতিয়াবা ফটা অংশৰ পৰা তেজ ওলাব পাৰে ।
  • ফটা অংশত জ্বলা-পোৰা অনুভৱ কৰা ।
  • জটিল অৱস্থাত ফটা গোৰোহা বা ফটা হাতৰ সংক্ৰমণ হব পাৰে। তেতিয়া সেই অংশ ৰঙা পৰি উঠে, ফুলি যায় আৰু অতিপাত বিষ অনুভৱ হয়। পূঁজ আদিও ওলাব পাৰে।

ওপৰোক্ত একেবোৰ লক্ষণ হাত ফাটিলেও দেখা পোৱা যায়।

  • মধুমেহ ৰোগীৰ ক্ষেত্ৰত স্নায়ু নষ্ট হৈ ডায়েবেটিক ফুট আলচাৰ সৃষ্টি হব পাৰে ।
  • ভৰিৰ গোৰোহা ফাটিলে কি কি সাৱধানতা অৱলম্বন কৰিব-
  • বেছি পাতল চেণ্ডেল পৰিহাৰ কৰিব লাগে। আপুনি পিন্ধা চেন্ডেলজোৰ সদায় আৰামদায়ক হোৱা উচিত।
  • সদায় পিউমিছ স্টোনেৰে ভৰি দুখন পৰিষ্কাৰ কৰিব লাগে। ইয়াৰ ফলত ভৰিৰ মৃতকোষসমূহ আঁতৰি যায় আৰু ভৰি দুখন নিমজ হৈ পৰে। পিউমিছ স্টোন বজাৰত কিনিবলৈ পোৱা যায়।
  • সদায় ৰাতি শুবলৈ যোৱাৰ আগত ভৰিদুখন ভালদৰে ধুই শুকুৱাই লব লাগে। তাৰ পিছত মইচাৰাইজৰ লগাব লাগে। ভৰিত তৈলগ্ৰন্থি অতি কম পৰিমাণে থাকে। সেইবাবে ভৰিদুখন আৰ্দ্ৰ কৰি ৰখাটো খুবেই জৰুৰী। ইয়াৰ বাবে কিছুমান ঔষধযুক্ত ফুট ক্ৰীমো পোৱা যায়।
  • একেৰাহে বহু সময় থিয় হৈ থকাৰ পৰা বিৰত থাকক। যদি আপুনি বেছি সময় থিয় হৈ থাকিব লগাও হয়, তেন্তে ভৰিৰ চেন্ডেল বা জোতাযোৰ সদায় আৰামদায়ক পিন্ধক।
  • খালি ভৰিৰে কেতিয়াও খোজ নাকাঢ়িব।
  • শীত কালত মোজা পিন্ধি থাকিব
  • যদি ভৰিৰ আন কিবা ৰোগত আক্ৰান্ত হৈ আছে, চিকিৎসকৰ পৰামৰ্শ লব লাগে।
  • বেছি চৰ্বিযুক্ত ওজন থকা লোকে , ওজন কমাবলৈ চেষ্টা কৰক।
  • মধুমেহত ভুগি থকা লোক সকলে ভৰিৰ বিশেষ যত্ন লোৱা উচিত। তেওঁলোকে সদায় চিকিৎসকৰ লগত যোগাযোগ ৰখা উচিত।
  • ভৰিৰ গোৰোহা ফাটিলে বা নাফাটিবলৈ আপোনাৰ খাদ্য তালিকাত কি কি সংলগ্ন কৰা উচিত-
  • যথেষ্ঠ পৰিমাণৰ ফল মূল
  • তিয়ঁহ
  • ডাব নাৰিকলৰ পানী
  • ঘী
  • প্ৰচুৰ পৰিমাণে পানী

কি কি বস্তু খোৱা অনুচিত -

  • বেছি শুকানকৈ ভজা খাদ্য
  • বেছি তেল,মছলা যুক্ত খাদ্য
  • বেছি জ্বলা খাদ্য
  • বেছি তিতা, কেঁহা খাদ্য
  • ফাষ্ট ফুড ইত্যাদি।

আয়ুৰ্বেদত ফটা গোৰোহাৰ বর্ণনা -

হাজাৰ হাজাৰ বছৰ আগতে আয়ুৰ্বেদত এইবিধ ৰোগৰ বিষয়ে সুন্দৰ বৰ্ণনা কৰা হৈছে। আয়ুৰ্বেদত গোৰোহা ফটা ৰোগক পাদদাৰি বুলি কোৱা হৈছে। পাদ মানে ভৰি আৰু দাৰি মানে দাৰণ অৰ্থাৎ ফটা। আয়ুৰ্বেদত সুশ্ৰুত সংহিতাত মহৰ্ষি সুশ্ৰুতে ওঠৰবিধ ক্ষুদ্ৰ ৰোগৰ বিষয়ে বৰ্ণনা কৰিছে। পাদদাৰি ৰোগকো এই ক্ষুদ্ৰ ৰোগৰ অধীনত ৰখা হৈছে।আয়ুৰ্বেদৰ মতে বাত দোষৰ বৃদ্ধিৰ কাৰণে পাদদাৰি ৰোগ হয়।

ফটা গোৰোহাৰ আয়ুৰ্বেদিক চিকিৎসা -

 

  • এই ৰোগত ঘাইকৈ বাতদোষ নাশক চিকিৎসা কৰা হয়।
  • স্নেহন অৰ্থাৎ বিভিন্ন ঔষধি যুক্ত তেল প্ৰয়োগ কৰা হয় ।
  • স্বেদন অৰ্থাৎ বিভিন্ন বনৌষধিৰে গৰম সেক বা ভাপ দিয়া হয় ।
  • ঔষধি দ্রব্যৰে লেপ দিয়া হয় ।

ফটা গোৰোহাত চাৰিবাদ্যসৱ, চন্দনাসৱ আদি ঔষধি ব্যৱহাৰ কৰা হয়, আৰু স্থানিক প্রয়োগৰ বাবে পিণ্ড তেল, শতধৌত ঘৃত আদি ব্যৱহাৰ কৰা হয়। কিন্তু এইবোৰ ঔষধ চিকিৎসকৰ পৰামৰ্শ অবিহনে কেতিয়াও ব্যৱহাৰ কৰিব নালাগে।

ফটা গোৰোহাৰ প্ৰতিকাৰৰ বাবে কেইটামান ঘৰুৱা বিধান -

  • কেইটামান নীমপাত পিচি ভালদৰে পেষ্ট বনাই লব লাগে। তাৰ লগত 3 চামুচ হালধি পাউদাৰ মিহলাই লব লাগে। এই মিশ্ৰণটো ফটা ভৰি আৰু হাতত লগাই আধা ঘন্টা সময় থাকিব লাগে। তাৰ পিছত কুহুমীয়া গৰম পানীৰে ধুই হাত বা ভৰি ভালদৰে শুকুৱাই লব লাগে।
  • কিছু পৰিমাণে চাউল খুন্দি গুৰি বনাই লব লাগে। এতিয়া তাত অলপ মৌ আৰু অলপ আপেল চাইডাৰ ভিনেগাৰ(Apple cider vinegar) মিহলি কৰিব লাগে। যদি গোৰোহা বহুত বেছিকৈ ফাটে তেতিয়া মিশ্ৰণটোত এক চামুচ অলিভ অইল মিহলাই লব পাৰে। এতিয়া ভৰি দুখন প্ৰথমে 10 মিনিট কুহুমীয়া গৰম পানীত তিয়াই লৈ তাৰ পিছত উক্ত মিশ্ৰণটোৰেভৰি দুখন ঘঁহি ঘঁহি পৰিষ্কাৰ কৰিব লাগে। সুফল নোপোৱালৈকে এইদৰে সপ্তাহটোত কেইবাবাৰো কৰিব লাগে।
  • কুহুমীয়া গৰম পানী লৈ তাত অলপ নেমু টেঙাৰ ৰস দিব লাগে। এতিয়া ভৰি দুখন তাত 10ৰ পৰা 15 মিনিট ডুবাই থব লাগে। এতিয়া পিউমিছ ষ্টোনেৰে ফটা অংশ ঘঁহি ঘঁহি চাফা কৰিব লাগে আৰু পিছত ভালদৰে ধুই শুকুৱাই লব লাগে।
  • গোলাপ জল আৰু গ্লিচাৰিণ সমান পৰিমাণত মিহলাই লৈ ৰাতি শোৱাৰ আগতে ভৰি আৰু হাতত মালিচ কৰিব লাগে।

লেখক :-বন্দনা শৰ্মা

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate