অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শীতকালত দুভৰিৰ যতন

শীতকালত দুভৰিৰ যতন

শীতকালত অধিকাংশ লোকৰ ক্ষেত্ৰতে এটা সমস্যাই দেখা দিয়ে। সেয়া হৈছে ভৰি ফটা। এই শীতৰ সময়ছোৱাত অনেকৰে ভৰি ফটাৰ লগতে গোৰোহা অতি খহটা হয়। শীতৰ আগমনৰ আৰম্ভণিতে এনেবোৰ কাৰণে সাৱধান হ’লে এনে সমস্যা নাইকিয়া হ’ব। প্ৰতিদিনে গা ধোৱাৰ পিচত ভৰি শুকুৱাই তেলেৰে ভৰিৰ পতা দুখন মালিচ কৰিব। নিশা শোৱাৰ আগতে চাবোনেৰে ভৰি ঘঁহি ঘঁহি পৰিষ্কাৰ কৰি সামান্য হেণ্ড এণ্ড বডি লোচন সানিব। ইয়াৰ বাদেও শীতকালি দুভৰি সুন্দৰ কৰি ৰাখিবলৈ আপুনি নিজেও কিছু যতন ঘৰতে লৈ চাওকচোন-

  • স্নান কৰাৰ আগতে সমগ্ৰ দেহ তেলেৰে মালিচ কৰোতে দুই ভৰিও মালিচ কৰিব। এনেদৰে মালিচ কৰিলে শৰীৰৰ ত্বক কোমল হৈ উঠিব। তেলৰ ক্ষেত্ৰত তিল তেল, অলিভ অইল, আলমণ্ড অইল নতুবা নাৰিকলৰ তেলেৰে মালিচ কৰিব পাৰে।  শীতৰ সময়ত শৰীৰৰ ত্বক কোমল কৰি তোলাত এনে তেলৰ মালিচে যথেষ্ট সহায় কৰে। এনে তেলেৰে আপোনাৰ দুভৰি নিতৌ মালিচ কৰিলে ভৰিৰ গোৰোহা কোমল হৈ পৰিব। তেল মালিচৰ দহ মিনিটৰ পিচত স্নান কৰিব।
  • কাৰ্য্যালয় বন্ধ থকাৰ দিনা নতুবা যিদিনা আপুনি অলপ সময় পায়, সেইদিনা আপুনি দুভৰিৰ কিছু যতন লওক। বেচনৰ লগত অলপ দৈ, মৌ আৰু হালধি একেলগে মিহলাই এটা মিশ্ৰণ প্ৰস্তুত কৰি এই পেষ্ট ভৰিৰ গোৰোহাত লগাই ৰাখিব। ২০ মিনিট মানৰ পিছত ধুই পেলাব। স্নান কৰাৰ সময়ত লাহে লাহে ঘূৰাই ঘূৰাই মোহাৰি দুভৰি ধুব। বেচনৰ এই মিশ্ৰণে ভাল ক্লিনজাৰ হিচাপে কাম কৰে। আনহাতে হালধি এন্টিচেপ্টিক গুণসম্পন্ন। এই মিশ্ৰণৰ দ্বাৰা ভৰিৰ গোৰোহাত হোৱা ইনফেকচনৰ পৰা উপশম পোৱা যায়।
  • গা ধোৱাৰ সময়ত কোমল গ্লিচাৰিনযুক্ত চাবোন বা শ্বাৱাৰ জেল ব্যৱহাৰ কৰিব। ভৰিৰ গোৰোহা পিউমিছ ষ্ট’নেৰে ঘঁহি পৰিষ্কাৰ কৰিব।
  • নিশা শুবলৈ যোৱাৰ আগতে কুহুমীয়া গৰম পানীত ১৫-২০ মিনিট ধৰি ভৰি ডুবাই ৰাখিব। পানীৰ গৰম ভাপত ভৰিৰ গোৰোহাত জমা হৈ থকা লেতেৰা ধূলি-বালি আঁতৰি যাব। ইয়াৰ পিছত শুকান কাপোৰেৰে ভৰি দুখন মোহাৰি ভিটামিন ‘ই’ সমৃদ্ধ ফুট লোচন বা ময়শ্বাৰাইজাৰ ক্ৰীমেৰে কিছু সময় মালিচ কৰিব। যিসকলৰ ভৰি অত্যাধিক ফাটে, তেওঁলোকে ক্ৰীমৰ সলনি পেট্ৰ’লিয়াম জেলিৰ লগত নেমুৰ ৰস মিহলাই সেই মিশ্ৰণ ভৰিৰ ফটা ঠাইত লগালে সুফল পাব।
  • তদুপৰি দুভৰি সুন্দৰ কৰি ৰাখিবলৈ তথা গোৰোহা ফটা সমস্যাৰ পৰা উপশম পাবলৈ হ’লে সপ্তাহত এদিন পেডিকিঅ’ৰ কৰা দৰকাৰ। পাৰ্লাৰত গৈও কৰিব পাৰে নতুবা নিজেও ঘৰতে কৰিব পাৰে। ঘৰতে নিজে পেডিকিঅ’ৰ কৰিবলৈ আপোনাক প্ৰয়োজন হ’ব মাঁথো ২০ মিনিট। প্ৰথমে কুহুমীয়া গৰম পানীত সামান্য শ্বেম্পু মিহলাই ল’ব। এই পানীত ১০ মিনিট ধৰি ভৰি দুটা ডুবাই ৰাখিব। ইয়াৰ পিছত স্ক্ৰাব বা পিউমিছ ষ্ট’নেৰে গোৰোহা ভালদৰে ঘঁহিব। ভৰিৰ ত্বকৰ মৃত কোষসমূহ দূৰ হ’ব। ভালদৰে দুভৰি ধুই কাপোৰেৰে মোহাৰি ল’ব। ইয়াৰ পিচত ফুট ক্ৰীম লগাই কিছু সময় মালিচ কৰিব।

উৎস: সম্ভাৰ, অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 6/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate