অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শীতকালীন শৰীৰৰ যতন

শীতকালীন শৰীৰৰ যতন

 

শীতকালিৰ বতৰৰ মুখ্য হৈছে শীতল চেঁচা বতাহ আৰু শুকান বতাহ।চেঁচা বতাহৰ সংস্পৰ্শত শৰীৰ কঁপি উঠি শৰীৰৰ উত্তাপ বৃদ্ধি কৰিবলৈ চেষ্টা কৰে।আনহাতে শুকান বতাহৰ সংস্পৰ্শলৈ আহি নাক-মুখ শুকাই যায়।ছালৰ আৰ্দ্ৰতা কমি ছাল-ওঁঠ ফাটি যায়।হাত-ভৰি শুকান হৈ পৰে।চুলি ৰুক্ষ আৰু শুষ্ক হৈ পৰে।শৰীৰৰ ভিতৰতো শীতকালিৰ পৰিৱেশে কিছু হানি-বিঘিনি কৰিলেও মুলত:বতাহৰ সংস্পৰ্শলৈ অহা শৰীৰৰ ছাল,নাক,মুখ,কণ,চুলি,হাত-ভৰি আদি অংগবোৰ অধিক প্ৰভাৱান্বিত হয়।

*নাক:শীতকালি নাক শুকাই যায়।নাকৰ ভিতৰৰ শ্লেষ্মাজাতীয় পদাৰ্থবোৰ গোট মাৰে।নাক বন্ধ হয়।নাকৰ পৰা পানী ওলায়,হাঁচিৰ সমস্যা হয়।বিশেষকৈ শিশু আৰু বৃদ্ধ লোকৰ নাকৰ পৰা তেজ ওলাব পাৰে।ছাইনাছ কুঠৰীবোৰ বন্ধ হৈ ছাইন’ছাইটিছ হ’ব পাৰে।

*কাণ:শীতকালি কাণৰ বিভিন্ন ৰোগ হোৱা দেখা যায়।অতিপাত শীতত কাণৰ ছাল শুকাই যায় আৰু কেতিয়াবা ঘা লাগি যায়।কাণৰ কাৰ্টিলেজৰ প্ৰদাহ হৈ কাণৰ পতাত জুলীয়া ৰস জমা হোৱা দেখা যায়।কাণৰ পৰ্দাৰ পিছপিনে মধ্যকৰ্ণৰ প্ৰদাহ হৈ কাণ ফুলি যাব পাৰে।কোনো কোনো ক্ষেত্ৰত কাণৰ পৰ্দা ফাটি যাব পাৰে।শীতৰ প্ৰভাৱত নাকৰ পৰা কাণলৈ যোৱা ইউষ্টেচিয়ান নলীৰ প্ৰদাহ হৈ মধ্যকৰ্ণৰ ৰোগ হোৱা দেখা যায়।

*ডিঙি:শীতৰ প্ৰভাৱত ডিঙিত টনচিলাইটিছ,ফেৰিনজাইটিছ বা খাদ্যনলীৰ প্ৰদাহ,লেৰিনজাইটিছ বা কণ্ঠনলীৰ প্ৰদাহ,ট্ৰেকিঅ’ব্ৰ্ংকাইটিছ শ্বাসনলীৰ প্ৰদাহ আৰু নিউম’নিয়া বা হাওঁফাওঁৰ প্ৰদাহ হ’ব পাৰে।ফলত কাহ,কফ,ডিঙিৰ বিষ,শ্বাস-প্ৰশ্বাসৰ অসুবিধা,খাদ্য গিলিবলৈ অসুবিধা আদি বিভিন্ন লক্ষণে দেখা দিব পাৰে।লগতে জ্বৰ,বমি,স্নায়ুৰোগ আদি আন উপসৰ্গবোৰে দেখা দিব পাৰে।শীতকালি ফ্লু,ইনফ্লুৱেঞ্জা,ডিঙিৰ বিষ আদি বিভিন্ন ভাইৰাছজনিত ৰোগ হোৱা দেখা যায়।

*ছাল:শৰীৰৰ বৃহত্তম অংশ বুলি কোৱা ছালখনত শীতৰ প্ৰভাৱ অধিক পৰিমাণে পৰা দেখা যায়।শীতৰ শুকান বতাহত ছাল শুকাই যায়।ঠায়ে ঠায়ে ছাল ফাটি ফাটি যায়।কেতিয়াবা ছাল ফাটি ৰক্তক্ষৰণো হ’ব পাৰে।শীতকালি ছালৰ ৰক্ষণাবেক্ষণৰ বাবে উপযুক্ত উমাল কাপোৰ-কানি পৰিধান কৰিব লাগে।নহ’লে জাৰত ছাল কোঁচ খাই শোটোৰা-শোটোৰ হ’ব পাৰে।মুখ,হাত-ভৰিৰ ছাল অধিক পৰিমাণে ক্ষতিগ্ৰস্ত হ’ব পাৰে।হাতত হাতমোজা,ভৰিত মোজা-জোতা পৰিধান নকৰিলে হাত-ভৰিৰ ছালৰ ক্ষতি হ’ব পাৰে।ওঁঠৰ ছাল শীতৰ বতাহত শুকাই ফাটি যোৱা দেখা যায়।নাকৰ পাহিৰ ছালো ফাটি যোৱা দেখা যায়।জুই পুৱাই থকা বাবে হাত-ভৰি,মুখৰ ছাল শুকাই যায়।

*চুলি:শীতৰ শুকান বতাহৰ প্ৰভাৱত মুৰৰ চুলিৰ গুৰিবোৰ শুকাই যায় আৰু মুৰত উফি হয়।লগতে চুলি সৰিবলৈ ধৰে।আকৌ শীতত গৰম পানীৰে মুৰ ধোৱাৰ বাবে মুৰৰ ছাল শুকাই যায় আৰু চুলি সৰিবলৈ ধৰে।শীতকালি কেতিয়াবা হাত-ভৰিৰ ছাল আৰু মাংসপেশী টানি ধৰে।হাত-ভৰি সিৰামুৰি ধৰে।কাম-বন কৰাত অসুবিধা হয়।সেয়েহে অধিক ঠাণ্ডাৰ পৰা স্থানবোৰত হাতমোজা আৰু ভৰিত গৰম মোজা পিন্ধা উচিত।

*হাওঁফাওঁ আৰু হৃৎপিণ্ড:জাৰকালি বায়ু অত্যধিক শীতল আৰু শুকান হৈ পৰাত বহু লোক শ্বাস-প্ৰশ্বাসৰ ৰোগত ভোগা দেখা যায়।হাপানী বা এজমা ৰোগ অধিক পৰিমাণে হোৱা দেখা যায়।বহু লোকক অক্সিজেন দিব লগা হয় আৰু হাপানীৰ চিকিৎসা দিব লগা হয়।তেনেদৰে শীতকালি হৃৎপিণ্ডৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰা ৰোগীৰ সংখ্যাও অধিক হোৱা দেখা যায়।শীতৰ প্ৰভাৱত ৰক্ত চলাচল কৰা প্ৰক্ৰিয়াত ব্যাঘাত জন্মে বাবে এনেবোৰ ৰোগ বৃদ্ধি হয়।সেয়েহে শীতকালি শৰীৰ গৰম কৰি ৰাখিবলৈ পোছাক-পৰিচ্ছদ উপযুক্তভাৱে পৰিধান কৰিব লাগে।থকা স্থান গৰম কৰি ৰাখিবলৈ হিটাৰ বা হট ব্লোৱাৰ (Hot Air Blower)ব্যৱহাৰ কৰিলে ভাল।শীতকালি ভাইৰাছৰ আক্ৰমণো অধিক হোৱা দেখা যায়।ফলত ফ্লু,ইনফ্লুৱেঞ্জা আদি ৰোগ অধিক পৰিমাণে হোৱা দেখা যায়।

*পেটৰ ৰোগ:শীতকালি বহু লোক পেটৰ অসুখত ভোগা দেখা যায়।হজম শক্তি কমি যায়।ভোক নলগা হয়।অতিসাৰ বা হাগনি ৰোগত ভোগা দেখা যায়।বিশেষকৈ শিশুৰ ক্ষেত্ৰত ভাইৰাছজনিত ডায়েৰীয়া বা হাগনি ৰোগ হোৱা দেখা যায়।শীতকালি শৰীৰৰ আৰ্দ্ৰতা বজাই ৰাখিবলৈ যথেষ্ট পৰিমাণে কুহুমীয়া গৰম পানী পান কৰিব লাগে।শীতল পানীয় বা চাহ-কফি সৰহকৈ পান কৰিব নালাগে।কাৰণ কেফিন থকা পানীয়বোৰে শৰীৰৰ আৰ্দ্ৰতাৰ হানি কৰিব পাৰে (Dehydration)।তেনেদৰে সুৰা পান কৰিলেও শৰীৰত আৰ্দ্ৰতা কমি যায়।শীতকালি বয়সিয়াল লোকসকলে  কেনে পানীয় পান কৰে সেই বিষয়ে সচেতন হ’ব লাগে।

*মানসিক ৰোগ:শীতকালি বিষজাতীয় ৰোগসমুহ অধিক হোৱা দেখা যায়।গাঁথিৰ বিষ,হাত-ভৰিৰ বিষ,কঁকালৰ বিষ,মুৰৰ বিষ আদি অধিক পৰিমাণে হোৱা দেখা যায়।গতিকে শীতকালি শাৰীৰিক সতেজ কৰি ৰাখিবলৈ খোজ কঢ়া,দৌৰা,খেল-ধুলা কৰা,যোগাভ্যাস,প্ৰাণায়াম কৰা আদি বিভিন্ন অভ্যাসৰ প্ৰতি অধিক গুৰুত্ব আৰোপ কৰিব লাগে।শীতকালি মানসিক ৰোগৰ প্ৰতিও সজাগ হৈ থাকিব লাগে।শীতকালি মানসিক বিষণ্ণতা বা Depression ৰোগ অধিক হোৱা দেখা যায়।গতিকে বন্ধু-বান্ধৱ,পৰিয়ালৰ পৰা আঁতৰি অকলশৰীয়াকৈ অধিক সময় পাৰ কৰিব নালাগে।খেলা-ধুলা,খোজ-কঢ়া,ক্লাব,চিনেমা-থিয়েটাৰ আদি উপভোগ কৰি মানুহৰ সংস্পৰ্শত থাকিবলৈ চেষ্টা কৰিব লাগে।পৰিয়ালবৰ্গ আৰু বন্ধু-বান্ধৱৰ সৈতে মিলি ৰ্ং-ধেমালি কৰি মনটো সতেজ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে।বিষণ্ণতাই মনটো ছানি ধৰিলে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।এইক্ষেত্ৰত পৰিয়ালবৰ্গ আৰু বন্ধু-বান্ধৱৰ ভুমিকা অতি গুৰুত্বপুৰ্ণ।

এনেদৰে সকলোৱে শীতকালিৰ উম উপভোগ কৰিবলৈ শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত হ’ব লাগে।প্ৰচুৰ কুহুমীয়া পানী পান কৰি,খোজ কঢ়া,খেলা-ধুলা কৰি শৰীৰৰ সতেজ ৰাখি,বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ লোকৰ সৈতে ৰং মনেৰে কটাই শীতকালি পাৰ কৰিলে বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।এইখিনিতে এণ্টন চেখভৰ এষাৰি কথা মনত পৰিছে-

‘people don’t notice whether it’s summer or winter when they are happy’.

কাৰণ শীত অহাৰ পিছত জানো ৰং-আনন্দৰ বসন্ত কাল নহাকৈ থাকিব পাৰে।

লেখক:ডা: বিশ্বনাথ শৰ্মা (জি এন আৰচি স্বাস্থ্য)

শেহতীয়া উন্নীতকৰণ: : 2/28/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate