অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শীতকালৰ সৌন্দৰ্য চৰ্চাৰ পাঁচটি টিপচ্‌

শীতকালৰ সৌন্দৰ্য চৰ্চাৰ পাঁচটি টিপচ্‌

টিপছ-১

গাখীৰ তেলৰ ফেচ ক্লিনজাৰ

এচামুচ ঠাণ্ডা গাখীৰত দুটোপাল অলিভ অয়ল বা তিল তেল দি ভালদৰে মিহলাই লওক। এই মিশ্ৰণত অকণমান কপাহ তিয়াই ক্লিনজাৰ ৰুপে মুখত সানক। শুকান ছালৰ বাবে এই ক্লিনজাৰ বিশেষভাৱে উপকাৰী। মিশ্ৰণটো বেছি পৰিমাণত বনাই ফ্ৰিজত থৈ দুই-তিনিদিনলৈ ব্যৱহাৰ কৰিব পাৰে।

টিপছ-২

বন্ধাকবি-গাজৰৰ ফেচৱাশ্ব

এটা সৰু আকাৰৰ বন্ধাকবি কাটি এক লিটাৰ পানীত উতলাওক। ঠাণ্ডা কৰি পানীখিনি চেকি লওক আৰু এই পানী ফেচৱাশ্ব হিচাপে ব্যৱহাৰ কৰিব। এটা মজলীয়া জোখৰ গাজৰ ভালদৰে ধুই মি৯হিকৈ বটি পেষ্ট বনাই মুখত সানি ২০ মিনিত সময় লগাই থওক। পিছত ঠাণ্ডা পানীৰে ধুই পেলাওক। মুখৰ উজ্জ্বলতা বাঢ়িব বন্ধাকবি আৰু গাজৰত যথেষ্ট পৰিমাণে ভিটামিন আৰু খনিজ (মিনাৰেল)থাকে। টিপছ-৩

আমণ্ড-মৌ-গোলাপজলৰ ময়শ্বাৰাইজাৰ

সমপৰিমাণৰ আমণ্ড অয়ল, মৌ মিহলাই, হাত, আঙুলি, নখ আৰু কিলাকূটিত ঘঁহক। ১৫ মিনিট সময় ৰাখি থৈ ভিজা তাৱেলেৰে মুচি পেলাওক। হাত ভৰিৰ ছাল কোমল, মিহি আৰু উজ্জ্বল হৈ উঠিব।

টিপছ-৪

চুলিৰ বাবে গৰম তাৱেল

বিশুদ্ধ নাৰিকল তেল বা তিল তেল বা অলিভ অয়ল আধা কাপ গৰম কৰি লওক। গৰম হৈ থাকোতেই চুলি আৰু চুলিৰ গুৰিত ঘঁহি ঘঁহি ভালদৰে সানি লওক। এতিয়া তাৱেল এখন গৰম পানীত তিয়াঈ লওক। পানীখিনি চেপি পেলাই তাৱেলখনৰে মূৰটো পাগুৰি এটাৰ দৰে মেৰিয়াই দিয়ক। পাঁচ মিনিট ৰাখক। পুনৰ তাৱেলখন গৰম পানীত ডুবাই পানী চেপি মূৰত মেৰিয়াওক। এনেদৰে ৩-৪ বাৰ কৰক। এনে কৰিলে চুলিয়ে বেছিকৈ তেল শুহিব আৰু চুলি ক’লা হৈ থাকিব। নসৰেও। টিপছ-৫

মৌ-তেলৰ হেয়াৰ কণ্ডিচনাৰ

শুকান, নিস্প্ৰাণ আৰু অনুজ্জ্বল চুলিকোচা উজ্জ্বল, সজীৱ আৰু ফিৰফিৰিয়া কৰি তুলিবলৈ ঠাণ্ডাৰ দিনত এই ব্যৱস্থা লওক। একাপ মৌ, আধা কাপ অলিভ বা তিল তেল ডাঙৰ দুচামুচ নেমুৰ ৰস একেলge লৈ ভালদৰে ঘুটি মিহ্যলি কৰি লওক। এৰাতি এনেকৈ থৈ, পিছত এটা বটলত ভৰাই থওক। প্ৰতিবাৰ মূৰ ধোৱাৰ আগতে এই মিশ্ৰণৰ অকণমান চুলিৰ গুৰিলৈকে ঘঁহি ঘঁহি লগাওক। এঘণ্টামানৰ পিছত ভাল শ্বেম্পুৰে মূৰটো ধুই পেলাওক। চুলিৰ উজ্জ্বলতা আৰু সজীৱতা কেনেদৰে ঘুৰি আহিছে লক্ষ্য কৰক।

ত্বকৰ বাবে তেল

(১) বাদাম তেল সাধাৰণতে খোৱা তেল ৰুপেই ব্যৱহাৰ কৰা হয়। এই তেলত বাৰ্ধক্য প্ৰতিৰোধী Q-10 নামৰ এণ্টি-অক্সিডেণ্ট কো-এনজাইম এবিধ থাকে। ইয়াত যথেষ্ট পৰিমাণে প্ৰয়োজনীয় আৰু উপকাৰী ফেটি এচিড থাকে। এই ফেটি এচিডবিধ হৈছে ছালখন উজ্জ্বল আৰু কমনীয় কৰি ৰখাৰ বাবে উতকৃষ্ট পুষ্টি উপাদান। বাদাম তেল খাওক আৰু ছালত সানক।

(২) আমণ্ড(ৰোগন বাদাম) ছাল আৰু চুলি উজ্জ্বল কৰি ৰখাৰ বাবে অতি উতকৃষ্ট দ্ৰব্য। আমণ্ড তেলে ছালখন কোমল আৰু মিহি কৰি ৰখাত সহায় কৰে। ছালৰ বাবে অতি উপকাৰী এইবিধ তেল আমাৰ ছালে সহজতে শুহি লয় আৰু সনাৰ পিছত ছলখনত তেলেতীয়া ভবো নাথাকে। সেয়ে ঠাণ্ডাদিনত গা-ধুই উঠাৰ পিছত হাত আৰু ভৰিত অকণমান আমণ্ড তেল সানি চাওকচোন। পোন্ধৰদিন মান সানিলেই আপুনি পৰিৱৰ্তনবোৰ লক্ষ্য কৰিব পাৰিব।

স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate