অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শীতকালৰ সৌন্দৰ্য্য চৰ্চা

শৰতৰ মাদকতাৰ অন্তত আহে শীতৰ কোমল পৰশ। শৰীৰত ৰ’দৰ কোমল তাপ, জুইৰ তাপ আৰু সুন্দৰ কোমল আলসুৱা ঊণৰ গৰম কাপোৰে গোটেই পৰিৱেশটোকে কৰি তোলে মাদকতাপূৰ্ণ। কিন্তু ইয়াৰ লগতে শীতৰ বতাহে দেহ, ছাল, চুলি শুকান আৰু ৰুক্ষ কৰি তোলে। সূৰ্য্যৰ আল্ট্ৰাভায়োলেট ৰশ্মিয়ে ক’লা কৰে, ভৰি ফাটে। বেছিকৈ গৰম কাপোৰৰ সংস্পৰ্শত থকাৰ বাবে ছাল আৰ্দ্ৰতাহীন হৈ শালমন ওলায়, খজুৱায়। বহুতৰ চুলি সৰে আৰু চুলিৰ গুৰিত উফি হয়। যত্নৰ অভাৱ হ’লে ছাল আৰু চুলিৰ অৱস্থা বেয়া হয়। সেয়েহে আজি আমি আপোনালোকক এই সমস্যাৰ পৰা কেনেদৰে পৰিত্ৰাণ পাব পাৰি সেই বিষয়ে জনাবলৈ ওলাইছোঁ।

শুকান ৰুক্ষ ছাল

ছালত তেল আৰু আদ্ৰৰ্তাৰ অভাৱ হ’লে, ছালৰ মৃত চৰ্মকোষৰ তৰপ বেছি ডাঠ হ’লে ছালখন লেতেৰা যেন লাগে। সাধাৰণতে ৰক্ত সঞ্চালন ভাল ন’হলে, ছালত তেল পানীৰ অভাৱ হ’লে আৰু পুষ্টিহীনতাৰ অভাৱত ফাটিলে ছাল শুকান আৰু ৰুক্ষ হয়। বেছিকৈ গৰম পানী ব্যৱহাৰ কৰিলে, জুইৰ’ ৰ’দৰ তাপত অধিক সময় কটালেও এনে হয়।

এনেবোৰ সমস্যাৰ মাজতে আমি ছালখনৰ যত্ন ল’লে শীতকালতো ছালখন উজ্জ্বল, কোমল তথা মিহি কৰি ৰাখিব পাৰোঁ। প্ৰথমে ছালত বা অইলেৰে দুই মিনিট ভালদৰে মালিচ কৰিব। বিশেষকৈ বেছি ডাঠ অংশসমূহ। কুহুমীয়া পানীত বডি ৱাচ মিহলাই টাৱেল এখন তিয়াই গা মচিব। লা ফেয়াৰ এপেকেট, মৌ দুচামুচ, কণী সম্পূৰ্ণ এটা আৰু গাখীৰ মিহলাই ছালত পেক লগাব। দহ মিনিট ৰাখি কুহুমীয়া পানীৰে ধুই গামোচাৰে মচিব। পিছত লা ময়ষ্ট লগাব। শাৰীৰিক পৰিশ্ৰমৰ লগতে নিতৌ ব্যায়াম কৰিব। শাক-পাচলই, ফল-মূল, গাখীৰ তথা পানী যথেষ্ট পৰিমাণে খাব।

শুস্কতাৰ বাবে শালমন

ছাল বীজাণুৰ দ্বাৰা সংক্ৰমিত হ’লে বা ছালত আদ্ৰৰ্তাৰ অভাৱ হ’লে এনে হয়। অৱশ্যে তেজ অপৰিষ্কাৰ হ’লেও এনে হয়। এনে হ’লে শাক-পাচলি প্ৰচুৰ পৰিমাণে খোৱাৰ লগতে ভিটামিন চি যুক্ত খাদ্য অধিক পৰিমাণে খাব লাগে। টোপনি খতি নকৰিব। মুখত নিম চাবোন ব্যৱহাৰ কৰিব। কেঁচা হালধিৰ ৰস এচামুচ, মৌ এচামুচ, কণী এটা, লা নিম আৰু লাটনৰ লগত মিহলাই মুখৰ ছালত তথা অন্যান্য অংশত দহ মিনিট সময় লগাই ৰাখিব। কুহুমীয়া পানীৰে ধোৱাৰ আগতে ঘূৰাই ঘূৰাই মালিচ কৰিব। পৰিষ্কাৰ গামোচাৰে মচি লা ময়ষ্ট লগাব। ৰাতি মুখ ধুই শুব। গাৰুৱাৰ, গামোচা ভালদৰে ধুই পৰিষ্কাৰ কৰি ব্যৱহাৰ কৰিব। শৌচ-প্ৰস্ৰাৱ খোলোচাকৈ ৰাখিব। চুলিত উফি হ’বলৈ নিদিব।

ওঁঠ ফটা

সঘনাই ওঁঠ চেলেকিলে বা ৰাতি মুখ ঢাকি শোৱাৰ অভ্যাস কৰিলে ওঁঠ শুকায়। দৰাচলতে ওঁঠত নোমছিদ্ৰ নাথাকে। গতিকে আদ্ৰৰ্তা আৰু তেল নিজস্বভাৱে উৎপন্ন কৰাৰ ক্ষমতা নাই বুলিলেও ভুল নহয়। সেইবাবে সামান্য উদগণিতে ওঁঠযুৰি  আৰ্দ্ৰহীনতাৰ কবলত পৰাৰ ভয় থাকে। এনে বতৰত ওঁঠযুৰিক প্ৰয়োজনীয় আৰ্দ্ৰতা আৰু তেলৰ যোগান ধৰিব লাগে। গ্লিচাৰিণ নিয়ৰৰ লগত মিহলাই লগালে ওঁঠ নাফাটে। মহিলাসকলে লিপষ্টিক লগাই বাবে ওঁঠ ফটাৰ ভয় কমকৈ থাকে। ওঁঠত লা অইলেৰে মালিচ কৰিব। ওপৰৰ ওঁঠ তলৰ পৰা আৰু তলৰ ওঁঠ ওপৰৰ পৰা তললৈ মোহাৰিব। তেতিয়া আঁচ নপৰে। পানীৰে ধুই লা ময়ষ্ট লগাব। অত্যন্ত গৰম বা চেঁচা দ্ৰব্য ওঁঠত লগাই নাখাব।

ভৰিৰ গোৰোহা ফটা

ভৰিৰ গোৰোহা ফটা এক অবাঞ্চনীয় তথা লজ্জাজনক সমস্যা। কেলছিয়ামৰ অভাৱ, ৰক্ত সঞ্চালন বেয়া হ’লে শৰীৰৰ ওজন অনাৱশ্যকীয়ভাৱে বৃদ্ধি পালে ভৰিৰ গোৰোহা ফাটে। অযত্ন, অত্যন্ত শুস্কতা, ছাল বেছি ডাঠ হ’লে গোৰোহা ফাটে।

এনে ধৰণে গোৰোহা ফাটিলে এদিনতে যত্ন লৈ ভাল কৰিব নোৱাৰি। প্ৰথমে সহ্য কৰিব পৰা কুহুমীয়া পানীত নিমখ, লা অইল আৰু যিকোনো কোমল ছেম্পু মিহলাই ভৰি দুখন পৰিষ্কাৰ কৰিবলৈ ডুবাই ৰাখিব। পানীখিনি চেঁচা হোৱা যেন পালে গোৰোহা পৰিষ্কাৰ কৰিব। পাৰিলে ব্ৰাছেৰে পৰিষ্কাৰ কৰিব। পৰিষ্কাৰ কুহুমীয়া পানীৰে ধুব। গামোচাৰে মচি যিকোনো ক্ৰীমেৰে মালিচ কৰিব। গোৰোহা ঢকা জোতা বা চেণ্ডেল পিন্ধিব।

চুলিৰ উফি

শীতকালত মৃত চৰ্মকোষ অধিক পৰিমাণে উৎপন্ন হয় বাবে বেছিকৈ উফি হয়। সেয়েহে নিয়মিত তেল লগোৱা আৰু ছেম্পু নকৰিলে তৰপে তৰপে উফি জমা হয়। তেতিয়া উফি সমস্যা হিচাপে দেখা দিয়ে। এনে ক্ষেত্ৰত সহজতে ভেকুৰজাতীয় বা বেক্টেৰিয়া জাতীয় সংক্ৰমণ হয়। চুলি সৰাৰ ভয় থাকে। সেয়েহে সপ্তাহত কমেও তিনি ৰাতি লা কেৰাটিন লগাব। পুৱা লা বটানীৰে ছেম্পু কৰাব। এনেদৰে এমাহ কৰিলেও যদিহে সমস্যা দূৰ নহয়, তেন্তে কেশ বিশেষজ্ঞ বা সৌন্দৰ্য্য বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

চুলি শুকান আৰু খহটা হোৱা

শুকান বতাহত চুলি মেলি থাকিলে বা কোছাকৈ বান্ধিলে চুলি শুকান আৰু খহটা হয়। বেছিকৈ হেনা কৰিলেও এনে হয়। কালাৰিং, পাফিং ইত্যাদি কৰিলেও চুলি খহটা আৰু শুকান হয়।

বিশেষ উৎসৱ আদি নহ’লে চুলি পৰাপক্ষত বেণী গুঠি বা খোপা বান্ধি ৰাখিব। চুলি চুটি চুটি হ’লে কথা নাই। লগতে সপ্তাহত তিনিদিন তেল লগাই ছেম্পু কৰিব। এটা কণীত দুচামুচ মৌ মিহলাই চুলিৰ গুৰিত লগাই এঘন্টা ৰাখিব। পানীৰে ধুব। বেবী ছেম্পুৰে ছেম্পু কৰিব। খুব ধূলিময় পৰিৱেশত থাকিলে চুলি বেছিকৈ লেতেৰা হয়। তেনে ক্ষেত্ৰত সদায় উপৰোক্ত কাৰ্য্যখিনি কৰা উচিত। ইয়াৰ লগতে খাদ্যত ফল, শাক, গাখীৰ, ঘিউ, সৰু মাছ, প্ৰটিন, লো আৰু খাদ্যপ্ৰাণ অধিক মাত্ৰাত থকা খাদ্য খাব লাগে। পানী বেছিকৈ খাব।

আজি আমি সচৰাচৰ উৎপন্ন হোৱা কিছুমান সমস্যাৰ বিষয়েহে আলোচনা কৰিলোঁ। এই সমস্যসমূহ একেদিনাই সমাধান কৰিব নোৱাৰি।

লেখিকা: মধুমিতা শইকিয়া।

 

শেহতীয়া উন্নীতকৰণ: : 5/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate